ৰাষ্ট্ৰপতিৰ ভাষণে ১৪০ কোটি ভাৰতীয়ৰ আত্মবিশ্বাস আৰু আকাংক্ষাক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে যুৱক-যুৱতী, কৃষক আৰু উৎপাদনকাৰীসকলৰ বাবে ব্যাপক সুযোগ মুকলি কৰিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে সংস্কাৰ, প্ৰদৰ্শন, ৰূপান্তৰত বিশ্বাস কৰে; ৰিফৰ্ম এক্সপ্ৰেছত ৰাষ্ট্ৰ দ্ৰুতগতিত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ গণতন্ত্ৰ আৰু জনগাঁথনি বিশ্বৰ বাবে আশাৰ আলোকস্তম্ভঃ প্ৰধানমন্ত্ৰী
এই সময়ছোৱা হৈছে সমাধান, সিদ্ধান্তসমূহ শক্তিশালী কৰা আৰু সংস্কাৰ ত্বৰান্বিত কৰাৰঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৬ চনৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাষ্ট্ৰপতিৰ ভাষণ ১৪০ কোটি নাগৰিকৰ আস্থাৰ অভিব্যক্তি, তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ এক নিখুঁত প্ৰতিফলন। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতিয়ে ২০২৬ বৰ্ষ তথা অধিৱেশনৰ আৰম্ভণিতে সংসদৰ সকলো সদস্যৰ সন্মুখত কেইবাটাও পথ প্ৰদৰ্শন কৰিব পৰা বিষয় উত্থাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপ্ৰধান হিচাপে সৰল শব্দত প্ৰকাশ কৰা প্ৰত্যাশা নিশ্চিতভাৱে সকলো সাংসদৰ দ্বাৰা গুৰুত্বসহকাৰে লোৱা হৈছে, যাৰ ফলত এই অধিৱেশনখন অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।

তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এইবেলি বাজেট অধিৱেশনে একবিংশ শতিকাৰ প্ৰথম চতুৰ্থাংশৰ সমাপ্তি আৰু দ্বিতীয় চতুৰ্থাংশৰ আৰম্ভণি চিহ্নিত কৰে। তেওঁ উল্লেখ কৰে যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ পৰৱৰ্তী ২৫ বছৰ অতি গুৰুত্বপূৰ্ণ আৰু এই বাজেট হৈছে শতিকাৰ দ্বিতীয় চতুৰ্থাংশৰ প্ৰথমখন বাজেট। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতৰ সংসদীয় ইতিহাসত এক গৌৰৱৰ মুহূৰ্ত হিচাপে সংসদত একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব।

 

আত্মবিশ্বাসী ভাৰত বিশ্বৰ বাবে আশাৰ কিৰণ আৰু আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ উঠাৰ লগে লগে বছৰটো অতি ইতিবাচকভাৱে আৰম্ভ হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই সময়ছোৱাৰ আৰম্ভণিতে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যত আৰু ভৱিষ্যতৰ প্ৰতিশ্ৰুতিপূৰ্ণ দিশবোৰ প্ৰতিফলিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই চুক্তি এখন উচ্চাকাংক্ষী ভাৰতৰ বাবে, উচ্চাকাংক্ষী যুৱক-যুৱতীসকলৰ বাবে আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে মুক্ত বাণিজ্যৰ লেখিয়া। প্ৰধানমন্ত্ৰীয়ে দৃঢ় বিশ্বাস প্ৰকাশ কৰে যে ভাৰতৰ উৎপাদনকাৰীসকলে তেওঁলোকৰ সামৰ্থ বৃদ্ধিৰ বাবে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব।

তেওঁ সকলো উৎপাদকক আহ্বান জনাই কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত "সকলো চুক্তিৰ মাতৃ" শীৰ্ষক চুক্তিৰ জৰিয়তে এতিয়া এক বিশাল বজাৰ মুকলি হৈছে আৰু ভাৰতীয় সামগ্ৰী সুলভ মূল্যত তাত উপলব্ধ  হ 'ব। তেওঁ সতৰ্ক কৰি দিয়ে যে উদ্যোগ খণ্ডৰ কৰ্ণধাৰ  আৰু নিৰ্মাতাসকলে আত্মতুষ্ট হৈ নাথাকি গুণগত মানৰ ওপৰত গুৰুত্ব দিব লাগে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে সৰ্বশ্ৰেষ্ঠ মানৰ সামগ্ৰীৰ সৈতে এই মুকলি বজাৰত প্ৰৱেশ কৰিলে কেৱল ইউৰোপীয় সংঘৰ ২৭ খন দেশৰ ক্ৰেতাৰ পৰা লাভ অৰ্জন কৰাই নহয়, তেওঁলোকৰ হৃদয়ো জয় কৰাটো সম্ভৱ হৈ উঠিব, যি দশক দশক ধৰি দীৰ্ঘস্থায়ী প্ৰভাৱ সৃষ্টি কৰিব। তেওঁ উল্লেখ কৰে যে দেশৰ ব্ৰেণ্ডৰ সৈতে সংলগ্ন কোম্পানীসমূহৰ ব্ৰেণ্ডসমূহে নতুন সন্মান প্ৰতিষ্ঠা কৰিব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২৭ খন দেশৰ সৈতে হোৱা এই চুক্তিয়ে ভাৰতৰ মাছমৰীয়া, কৃষক, যুৱক-যুৱতী আৰু সেৱা খণ্ডৰ গোলকীয় পথ অন্বেষণ কৰিবলৈ আগ্ৰহী লোকসকলৰ বাবে অপৰিসীম সুযোগ কঢ়িয়াই আনিছে। তেওঁ আস্থা প্ৰকাশ কৰি কয় যে আত্মবিশ্বাসী, প্ৰতিযোগিতামূলক আৰু উৎপাদনশীল ভাৰতৰ দিশত এয়া হ’ব এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাষ্ট্ৰীয় মনোযোগ স্বাভাৱিকভাৱেই বাজেটৰ প্ৰতি থকাৰ বিপৰীতে এই চৰকাৰৰ পৰিচয় হৈছে সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তন। ৰাষ্ট্ৰই এতিয়া ৰিফৰ্ম এক্সপ্ৰেছত দ্ৰুতগতিত আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ এই সংস্কাৰৰ যাত্ৰা ত্বৰান্বিত কৰাত ইতিবাচক শক্তি অৰ্পণ কৰাৰ বাবে সংসদৰ সকলো সদস্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে দেশখনে দীৰ্ঘম্যাদী অমীমাংসিত সমস্যাৰ পৰা আঁতৰি দীৰ্ঘম্যাদী সমাধানৰ দিশে আগবঢ়াৰ জৰিয়তে পূৰ্বানুমানযোগ্যতা সৃষ্টি কৰি আন্তৰ্জাতিকভাৱে বিশ্বাস গঢ়ি তোলে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ৰাষ্ট্ৰীয় প্ৰগতিৰ লক্ষ্যৰে লোৱা প্ৰতিটো সিদ্ধান্তই মানৱ-কেন্দ্ৰিক হৈ থাকে।

তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে যদিও ভাৰতে প্ৰযুক্তিৰ সৈতে প্ৰতিযোগিতা কৰিব তথা ইয়াৰ লগতে  ইয়াৰ শক্তিক গ্ৰহণ কৰিব, চৰকাৰে কেতিয়াও মানৱ-কেন্দ্ৰিক ব্যৱস্থাৰ সৈতে আপোচ নকৰাৰ উপৰি সংবেদনশীলতাৰ সৈতে প্ৰযুক্তিৰ ভাৰসাম্য বজাই ৰাখে। তেওঁ উল্লেখ কৰিছিল যে সমালোচকসকলেও চৰকাৰৰ আঁচনিবোৰ কেৱল ফাইলত সীমাবদ্ধ নাৰাখি বাস্তৱ ক্ষেত্ৰত উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ লগতে প্ৰান্তীয় অঞ্চলসমূহক স্পৰ্শ কৰাৰ নীতিৰ কথা স্বীকাৰ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ৰিফৰ্ম এক্সপ্ৰেছৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ সৈতে এই পৰম্পৰা অব্যাহত থাকিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ গণতন্ত্ৰ আৰু জনগাঁথনি আজি বিশ্বৰ বাবে এক বৃহৎ আশা আৰু গণতন্ত্ৰৰ এই মন্দিৰত, ভাৰতে শক্তিৰ বাৰ্তা, গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধতা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে লোৱা সিদ্ধান্তসমূহৰ প্ৰতি সন্মান প্ৰেৰণ কৰাৰ সুযোগ লাভ কৰিছে- এই বাৰ্তাসমূহ আন্তৰ্জাতিকভাৱে সমাদৃত হৈছে।

 

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে বৰ্তমানৰ সময় ব্যাঘাতৰ বাবে নহয়, সমাধানৰ বাবে, বাধাৰ বাবে নহয়, সংকল্পৰ বাবে। তেওঁ সংসদৰ সকলো সদস্যক সমাধানৰ যুগ ত্বৰান্বিত কৰা, সিদ্ধান্তসমূহ শক্তিশালী কৰা আৰু প্ৰান্তীয় অঞ্চলসমূহক স্পৰ্শ কৰা নীতি সফলতাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যোগদান কৰিবলৈ আহ্বান জনায়। তেওঁ সকলোকে আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাই সামৰণি মাৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check

Media Coverage

'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 মে’ 2026
May 18, 2026

Norway to Netherlands: PM Modi's Leadership Turns Heritage, Honors & High-Tech Deals into India's Global Momen