প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰৰ আমন্ত্ৰণমৰ্মে দ্বিতীয় আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। শীৰ্ষ সন্মিলনৰ মুকলি অধিবেশনত ‘ক’ৰোনা মহামাৰীৰ ফলত উদ্ভূত সংকটৰ মোকাবিলা আৰু যিকোনো পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিত অগ্ৰাধিকাৰ দিয়া’ শীৰ্ষক বিষয়ত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে মহামাৰীৰ বিৰুদ্ধে এক জনমুখী কৌশল গ্ৰহণ কৰিছিল আৰু এইবাৰ বাজেটত স্বাস্থ্য খণ্ডত সৰ্বাধিক আবণ্টন দিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টিকাকৰণ অভিযান চলাই আছে আৰু ইয়াৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় নব্বৈ শতাংশ আৰু পঞ্চাশ মিলিয়নতকৈ অধিক শিশুক টিকাকৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আন্তৰ্জাতিক সম্প্ৰদায়ৰ এক দায়িত্বশীল সদস্য হিচাপে ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ প্ৰস্তুত। ভাৰতে কোভিড পৰিস্থিতি মোকাবিলাৰ বাবে নিজৰ কম খৰচী থলুৱা ক’ভিড প্ৰশমন প্ৰযুক্তি, ভেকচিন আৰু চিকিৎসা পদ্ধতিসমূহ অন্য দেশৰ সৈতে ভাগ-বতৰা কৰি সক্ৰিয় ভূমিকা পালন কৰি যাব। ভাৰতে ইয়াৰ জিন’মিক ছাৰ্ভিলেন্স কনচৰ্টিয়ামৰ সম্প্ৰসাৰণৰ বাবে কাম কৰি আছে। ভাৰতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ব্যাপক ব্যৱহাৰ কৰি আহিছে আৰু ভাৰতত ডব্লিউএইচঅ’ চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ আধাৰশিলা স্থাপন কৰা হৈছে। বিশ্ববাসীৰ ওচৰত শতাব্দী প্ৰাচীন পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ জ্ঞান উপলব্ধ কৰাই ইয়াৰ উদ্দেশ্য।

প্ৰধানমন্ত্ৰীয়ে এক শক্তিশালী আৰু অধিক স্থিতিস্থাপক বৈশ্বিক স্বাস্থ্য আন্তগাঁথনি গঢ়ি তুলিবলৈ বিশ্ব স্বাস্থ্য সংস্থাক শক্তিশালী আৰু সংস্কাৰ কৰিবলৈও আহ্বান জনায়।

সন্মিলনৰ আন আন অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছিল এই অনুষ্ঠানৰ সহ-আয়োজকসকল ক্ৰমে-কেৰিকমৰ অধ্যক্ষ হিচাপে বেলিজ চৰকাৰৰ মুৰব্বী, আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষ হিচাপে চেনেগাল, জি-২০ৰ অধ্যক্ষ হিচাপে ইণ্ডোনেছিয়া আৰু জি-৭ৰ অধ্যক্ষ হিচাপে জাৰ্মানী। ৰাষ্ট্ৰসংঘৰ মহাসচিব, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও সন্মিলনত অংশগ্ৰহণ কৰে।

২০২১ চনৰ ২২ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি বাইডেনে আয়োজন কৰা প্ৰথম আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনতো প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi announces free online coaching for competitive exams in Independence Day speech

Media Coverage

PM Modi announces free online coaching for competitive exams in Independence Day speech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the start of the Parsi New Year
August 15, 2026

Prime Minister Shri Narendra Modi today extended his greetings on the start of the Parsi New Year. He noted that the Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways.

In a post on X, the Prime Minister wrote:

"Greetings on the start of the Parsi New Year. The Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways. May the year ahead be filled with peace, joy, prosperity and good health for everyone.

Navroz Mubarak!"