Close relations between India and Finland based on shared values of democracy, rule of law, equality, freedom of speech, and respect for human rights: PM
PM Modi invites Finland to join the International Solar Alliance (ISA) and the Coalition for Disaster Resilient Infrastructure (CDRI)

মান্যবৰ,

নমস্কাৰ,

আপোনাৰ মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ৷

মান্যবৰ,

ক’ভিড-১৯ৰ বাবে ফিনলেণ্ডত হোৱা প্ৰাণহানিৰ বাবে সমগ্ৰ ভাৰতৰ লগতে মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো৷ আপোনাৰ নেতৃত্বত ফিনলেণ্ডে এই মহামাৰী সফলতাৰে নিয়ন্ত্ৰণ কৰিছে৷ ইয়াৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো৷

মান্যবৰ,

এই মহামাৰীৰ সময়ত ভাৰতে ইয়াৰ ঘৰুৱা যুঁজৰ লগতে বিশ্বৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে৷ বিগত বৰ্ষত আমি ডেৰ শতাধিক দেশক ঔষধ আৰু অন্যান্য আৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছিলো৷ তদুপৰি, আমি প্ৰায় ৭০খন খন দেশলৈ ভাৰতত প্ৰস্তুত কৰা ভেকচিনৰ ৫৮ মিলিয়নতকৈ অধিক ড’জ প্ৰেৰণ কৰিছো৷ মই আপোনাক আশ্বাস দিব বিচাৰিছো যে আমি আমাৰ সাধ্য অনুসৰি মানৱতাৰ খাতিৰত সহায় কৰি থাকিম৷

মান্যবৰ,

ভাৰত আৰু ফিনলেণ্ড দুয়োখন দেশে একে নিয়মভিত্তিক, পাৰদৰ্শী, মানৱতাবাদী আৰু গণতান্ত্ৰিক বৈশ্বিক ব্যৱস্থাত বিশ্বাস ৰাখি আহিছে৷ প্ৰযুক্তি, উদ্ভাৱন, স্বচ্ছ শক্তি, পৰিৱেশ, শিক্ষাৰ দৰে বিভিন্ন ক্ষেত্ৰত আমাৰ মাজত শক্তিশালী সহযোগিতা আগবঢ়াব৷ ক’ভিডৰ পাছৰ সময়ছোৱাত বৈশ্বিক আৰ্থিক পুনৰুদ্ধাৰৰ বাবেও সকলো ক্ষেত্ৰৰ যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব৷ স্বচ্ছ শক্তিৰ ক্ষেত্ৰত ফিনলেণ্ড বিশ্ব নেতা আৰু ভাৰতৰ এক গুৰুত্বপূৰ্ণ সহযোগীও৷ আপোনালোকে যেতিয়া জলবায়ুৰ চিন্তা কৰে, তেতিয়া মই কেতিয়াবা কেতিয়াবা আমাৰ মিত্ৰসকলক ধেমালিতে কও যে আমি প্ৰকৃতিৰ ইমানেই অন্যায় কৰিছো আৰু প্ৰকৃতি ইমান ক্ষোধাম্বিত হৈছে যে আজি আমি সকলো মানৱজাতি, আমি মুখ দেখুওৱাৰ বাবে যোগ্য নহয় আৰু সেইবাবে আমি সকলোৱে মাস্ক বান্ধি, নিজৰ মুখ লুকুৱাই ঘুৰিবলগীয়া হৈছে কাৰণ আমি প্ৰকৃতিৰ সৈতে ইমান অন্যায় কৰিছো যে মই মোৰ মিত্ৰসকলক ধেমালিতে কেতিয়াবা কও যে ভাৰতত আমি জলবায়ু সম্পৰ্কীয় উদ্দেশ্যত উপনীত হোৱাৰ বাবে উল্লেখযোগ্য লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ নবীকৰণযোগ্য শক্তিত আমি ২০৩০ চনলৈকে ৪৫০ গিগাৱাট সংস্থাপন ক্ষমতাৰ লক্ষ্য লৈছো৷ আন্তঃৰাষ্ট্ৰীয় সহযোগ বৃদ্ধিৰ বাবে আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ পুনৰসংস্থাপনৰ আন্তঃগাঁথনিৰ বাবে সহযোগিতাৰ লগতে প্ৰচেষ্টা হাতত লৈছো৷ মই ফিনলেণ্ডক আইএছএ আৰু চিডিআৰআইৰ সৈতে জড়িত হ’বলৈ আহ্বান জনাইছো৷ ফিনলেণ্ডৰ ক্ষমতা আৰু বিশেষজ্ঞতাৰ জৰিয়তে এই আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক আপোনালোকৰ যি মহত্বই লাভান্বিত কৰিব৷

মান্যবৰ,

ফিনলেণ্ডে নতুন আৰু সম্ভাৱনাপূৰ্ণ প্ৰযুক্তি, ডিজিটেল আন্তঃগাঁথনি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো অগ্ৰণী স্থান দখল কৰিছে৷ এই সকলো ক্ষেত্ৰত আমাৰ মাজত সহযোগিতাৰ সম্ভাৱনা আছে৷ মই আনন্দিত হৈছো যে আজি আইচিটি, ম’বাইল প্ৰযুক্তি আৰু ডিজিটেল শিক্ষাৰ ক্ষেত্ত এক নতুন সহযোগিতা ঘোষণা কৰা হৈছে৷ আমাৰ শিক্ষা মন্ত্ৰালয়েও এক উচ্চ পৰ্যায়ৰ বৈঠক আৰম্ভ কৰিছে৷ মোৰ আশা এই যে আজি আমাৰ সন্মিলনৰ জৰিয়তে ভাৰত-ফিনলেণ্ডৰ মাজৰ সম্পৰ্কৰ বিকাশত আৰু অধিক গতি প্ৰদান কৰিব৷

মান্যবৰ,

আজি এয়া আমাৰ প্ৰথম বৈঠক৷ কিন্তু মুখামুখিকৈ লগ পালে যথেষ্ট ভাল হ’ব৷ কিন্তু বিগত এটা বছৰ আমি সকলোৱে প্ৰযুক্তিৰ জৰিয়তে মিলিত হোৱাটো অভ্যাসত পৰিণত হৈছে৷ কিন্তু মোৰ বাবে সুখৰ কথা যে আমি কম সময়ৰ ভিতৰতে পৰ্তুগালত ভাৰত-ইউৰোপিয়ান সংঘ সন্মিলন আৰু ডেনমাৰ্কত ভাৰত-নৰ্ডিক সন্মিলনৰ সময়ত লগ পোৱাৰ সৌভাগ্য হ’ব৷ মই আপোনাক ভাৰত ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনালো৷ যেতিয়াই সুবিধা পায়, আপুনি ভাৰত ভ্ৰমণলৈ আহিব৷ মই উদ্বোধনী ভাষণ ইমানতে সামৰিলো৷ পুনৰ পৰৱৰ্তী অধিৱেশনত আমি অধিক আলোচনাত মিলিত হ’ম৷

বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s maternal mortality drops nearly 80% since 1990: Global study

Media Coverage

India’s maternal mortality drops nearly 80% since 1990: Global study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Madhavpur Mela in Porbandar, Gujarat
March 29, 2026

The Prime Minister, Shri Narendra Modi has extended greetings for the ongoing Madhavpur Mela taking place in Porbandar, Gujarat. Shri Modi remarked that this vibrant celebration highlights our glorious culture and at the same time it reinforces the timeless cultural bond between Gujarat and the Northeast. “This festival brings together diverse traditions, reflecting the true spirit of ‘Ek Bharat, Shreshtha Bharat.’ I call upon people to visit this Mela!”, Shri Modi stated.

The Prime Minister spoke about the significance of the Madhavpur Mela and its importance in our culture in Mann Ki Baat programme of April 2022.

The Prime Minister posted on X:

“My best wishes for the ongoing Madhavpur Mela taking place in Porbandar, Gujarat.

This vibrant celebration highlights our glorious culture and at the same time it reinforces the timeless cultural bond between Gujarat and the Northeast.

This festival brings together diverse traditions, reflecting the true spirit of ‘Ek Bharat, Shreshtha Bharat.’ I call upon people to visit this Mela!”

“In the #MannKiBaat programme of April 2022, I spoke about the significance of the Madhavpur Mela and its importance in our culture. Do listen…”