All of us will always be indebted to him for his sterling contribution of taking the life and history of Shivaji Maharaj to people: PM
It is impossible to imagine India’s form, its glory without Chhatrapati Shivaji Maharaj: PM
‘Hindavi Swaraj’ of Shivaji Maharaj is an unparalleled example of justice for the backward and the deprived and a war cry against tyranny: PM
I appeal to the young historian to maintain the same standards as Baba Saheb Purandare when they write the History of India’s freedom Struggle on the occasion of Azadi ka Amrit Mahotsav: PM

নমস্কাৰ !

সন্মানীয় বাবাচাহেব পুৰন্দৰেজী, বাবাচাহেব ফেলিচিটিগেচন সমাৰোহ সমিতিৰ অধ্যক্ষা সুমিত্ৰা টাই আৰু শিৱশাহীত বিশ্বাস কৰা বাবাচাহেবৰ সকলো অনুগামীসকল!

মই আৰম্ভণিতে শিৱ শ্বাহীৰ বাবাচাহেব পুৰন্দৰেক অভিবাদন জনাইছো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে ছত্ৰপতি শিৱাজী মহাৰাজে তেওঁ স্থাপন কৰা আৰু শিকোৱা আদৰ্শবোৰ পালন কৰাৰ ক্ষমতা ভগৱানে মোক দিব লাগে!

মই শ্ৰদ্ধেয় বাবাচাহেব পুৰন্দৰেজীক তেওঁৰ জীৱনৰ ১০০ তম বৰ্ষত প্ৰৱেশ কৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনাইছো। তেওঁৰ পথ প্ৰদৰ্শন, দীৰ্ঘদিন ধৰি তেওঁৰ আশীৰ্বাদ প্ৰাপ্ত কৰাটো মোৰ শুভকামনা, ঠিক যেনেদৰে আমি এতিয়ালৈকে আমি লাভ কৰি আছো। এই বিশেষ অনুষ্ঠানটোৰ বাবে মই সন্মানীয় সুমিত্ৰা টাইকো অভিনন্দন জনাইছো। মই সুখী যে এই মনোৰম অনুষ্ঠানটোত মই বাবাচাহেবৰ আশীৰ্বাদ পোৱাৰ সুযোগ পাইছো আৰু তেওঁৰ ওপৰত বিশ্বাস ৰখা আপোনালোক সকলোৰে মাজত উপস্থিত হোৱাৰ সুযোগ লাভ কৰিছো। এই পুণ্য অনুষ্ঠানত মই সমগ্ৰ দেশৰ বাবাচাহেবৰ অসংখ্য অনুগামীক অভিনন্দন জনাইছো।

বন্ধুসকল,

শতায়ু জীৱনৰ কামনা মানৱতাৰ আটাইতকৈ অত্যাধুনিক আৰু ইতিবাচক চিন্তাৰ ভিতৰত এটা। আমাৰ বেদত, ঋষিসকলে শতায়ু জীৱনৰ বহু ঊৰ্ধলৈ গৈ কৈছে, "আমাৰ ঋষিসকলে কৈছে:

জীৱেম শৰদঃ শতম ৷৷

বুধ্যেম শৰদঃ শতম ৷৷

ৰোহেম শৰদঃ শতম ৷৷

 

অৰ্থাৎ, আমি এশ বছৰলৈ জীয়াই থাকো, এশ বছৰলৈ চিন্তাশীল হও, আৰু এশ বছৰলৈ আগবাঢ়ি থাকো। বাবাচাহেব পুৰন্দৰেৰ জীৱনে আমাৰ মণিষীসকলৰ এই মহৎ আত্মাক প্ৰতিফলিত কৰে। যেতিয়া এজনে নিজৰ তপস্যাৰ জৰিয়তে জীৱনত এনে যোগ প্ৰমাণ কৰে, বহুতো কাকতালীয় ঘটনা স্বয়ং সিদ্ধ হ’বলৈ আৰম্ভ কৰে। এইটো এটা আনন্দদায়ক কাকতালীয় ঘটনা যে যেতিয়া বাবাচাহেবে তেওঁৰ জীৱনৰ ১০০ তম বৰ্ষত প্ৰৱেশ কৰিছে, একে সময়তে, আমাৰ দেশেও স্বাধীনতাৰ ৭৫ তম বছৰত প্ৰৱেশ কৰিছে। মই ভাবো বাবা চাহেবে নিজেই নিশ্চয় অনুভৱ কৰি আছে যে এই কাকতালীয় ঘটনাটো তেওঁৰ বাবে পোনপটীয়া আশীৰ্বাদ, তেওঁৰ তপস্যাত সুখী, মা ভাৰতী।

ভাতৃ আৰু ভগ্নীসকল,

আন এটা কাকতালীয় ঘটনা আছে যিয়ে আমাক স্বাধীনতাৰ ৭৫ তম বছৰৰ বাবে অনুপ্ৰাণিত কৰে। আপুনি সকলোৱে জানে যে স্বাধীনতাৰ অমৃত মহোৎসৱত দেশখনে স্বাধীনতা সংগ্ৰামী, অমৰ আত্মাৰ ইতিহাস লিখিবলৈ এক অভিযান আৰম্ভ কৰিছে। বাবাচাহেব পুৰন্দৰে কেইবা দশক ধৰি এই সৎ কাম কৰি আহিছে। তেওঁ নিজৰ গোটেই জীৱনটো এই অভিযানত উৎসৰ্গিত কৰিছে। শিৱাজী মহাৰাজৰ জীৱন, তেওঁৰ ইতিহাস জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত তেওঁৰ অৱদানৰ বাবে আমি সদায় ঋণী হৈ থাকিম। মই সুখী যে আমি তেওঁৰ অৱদানৰ বাবে দেশখনে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ সৌভাগ্য লাভ কৰিছে। ২০১৯ চনত, দেশখনে তেওঁক পদ্ম বিভূষণ বঁটা প্ৰদান কৰিছিল, আনহাতে ২০১৫ চনত, তেতিয়াৰ মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক মহাৰাষ্ট্ৰ ভূষণ বঁটাও প্ৰদান কৰিছিল। মধ্য প্ৰদেশতো, শিৱৰাজজীৰ চৰকাৰে 'ছত্ৰপতি শিৱাজী'ৰ এই সৰ্বোচ্চ ভক্তজনক কালিদাস বঁটাৰে বিভূষিত কৰিছিল।

 

বন্ধুসকল,

শিৱাজী মহাৰাজৰ প্ৰতি বাবাচাহেব পুৰন্দৰেজীৰ ছত্ৰপতি এনেয়ে ইমান ভক্তি নহয়! শিৱাজী মহাৰাজ কেৱল ভাৰতৰ ইতিহাসৰ শিখৰেই নহয়, ভাৰতৰ বৰ্তমানৰ ভূগোলো তেওঁৰ অমৰ কাহিনীৰ দ্বাৰা প্ৰভাৱিত। এয়া আমাৰ অতীত, আমাৰ বৰ্তমান আৰু আমাৰ ভৱিষ্যতৰ এটা ডাঙৰ প্ৰশ্ন যে শিৱাজী মহাৰাজ নাথাকিলে কি হ'লহেঁতেন? ছত্ৰপতি শিৱাজী মহাৰাজ অবিহনে, ভাৰতৰ স্বৰূপৰ, ভাৰতৰ গৌৰৱ কল্পনা কৰা কঠিন। সেই সময়ছোৱাত ছত্ৰপতি শিৱাজীয়ে যি ভূমিকা পালন কৰিছিল সেইটো তেওঁৰ অনুপ্ৰেৰণা, তেওঁৰ কাহিনীৰ দ্বাৰা নিৰন্তৰভাৱে পালন কৰা হৈছে। শিৱাজী মহাৰাজৰ 'হিন্দৱী স্বৰাজ' হৈছে সুশাসন, পিছপৰা আৰু দুখীয়াসকলৰ বাবে ন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে এক আশ্চৰ্যকৰ উদাহৰণ। বীৰ শিৱাজীৰ ব্যৱস্থাপনা, দেশৰ সামুদ্ৰিক শক্তিৰ ব্যৱহাৰ, নৌসেনাৰ উপযোগিতা, পানী ব্যৱস্থাপনা এতিয়াও অনুকৰণীয়। আৰু এয়া হৈছে বাবা চাহেব যিয়ে স্বাধীন ভাৰতৰ নতুন প্ৰজন্মক শিৱাজী মহাৰাজৰ এই স্বৰূপৰ সন্মুখীন কৰাইছে, এয়া তেওঁৰ আটাইতকৈ ডাঙৰ কৃতিত্ব।

তেওঁৰ লিখনিত আৰু তেওঁৰ গ্ৰন্থসমূহত শিৱাজী মহাৰাজৰ প্ৰতি তেওঁৰ অটুট শ্ৰদ্ধা স্পষ্টভাৱে পৰিলক্ষিত হয় ৷

 

শিৱাজী মহাৰাজৰ সৈতে সম্পৰ্কিত কাহিনী কোৱাৰ বাবাচাহেব পুৰন্দৰেৰ শৈলীয়ে শিৱাজী মহাৰাজক আমাৰ মন আৰু মন্দিৰত জীৱন্ত কৰি তোলে। মোৰ ভালদৰে মনত আছে যে প্ৰায় চাৰি দশক আগতে যেতিয়া আহমেদাবাদত আপোনাৰ অনুষ্ঠান হৈছিল, মই নিয়মিতৰূপে উপস্থিত আছিলো।

বাবা চাহেবে সদায় নিশ্চিত কৰিবলৈ চেষ্টা কৰি আহিছে যাতে ইতিহাস নিজৰ অনুপ্ৰেৰণা আৰু প্ৰকৃত ৰূপৰ সৈতে যুৱসকলৰ ওচৰলৈ যায়। এই ভাৰসাম্য আজি দেশৰ ইতিহাসৰ বাবে অতি প্ৰয়োজনীয়। তেওঁৰ বিশ্বাস আৰু তেওঁৰ ভিতৰৰ সাহিত্যকাৰে কেতিয়াও তেওঁৰ ইতিহাসৰ অনুভূতিক প্ৰভাৱিত কৰা নাছিল। মই দেশৰ যুৱ বুৰঞ্জীবিদসকলক এইটোও ক'ম, যেতিয়া আপুনি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে স্বাধীনতাৰ ইতিহাস লিখিব, তেতিয়া অনুপ্ৰেৰণা আৰু সত্যতাৰ এই পৰীক্ষা আপোনাৰ লিখনিত থাকিব লাগে।

বন্ধুসকল,

বাবাচাহেব পুৰন্দৰেৰ প্ৰয়াস কেৱল ইতিহাস বোধ কৰোৱাতেই সীমিত নহয় ৷ তেওঁ নিজৰ জীৱনত শিৱাজী মহাৰাজৰ জীৱন ধাৰণ কৰাৰ প্ৰয়াস কৰিছো ৷ তেওঁ ইতিহাসৰ সৈতে বৰ্তমানৰ চিন্তাও কৰিছে ৷

 

গোৱা মুক্তি সংগ্ৰামৰ পৰা আৰম্ভ কৰি দাদৰা-নগৰ হাভেলীৰ স্বাধীনতাৰ সংগ্ৰাম পৰ্যন্ত তেওঁৰ ভূমিকা আমাৰ সকলোৰে বাবে আদৰ্শ ৷ তেওঁৰ পৰিয়ালো সামাজিক কাৰ্য আৰু সংগীত কলাৰ বাবে নিৰন্তৰে সমৰ্পিত ৷ আপোনালোকে আজিও ‘শিৱ-সৃষ্টি’ৰ নিৰ্মাণৰ অভুতপূৰ্ব সংকল্পত কাম কৰি আছে ৷ শিৱাজী মহাৰাজৰ যি আদৰ্শ আপুনি নিজৰ দেশত দাঙি ধৰিছে সেই আদৰ্শই আমাক শতিকা পৰ্যন্ত প্ৰেৰণা দিব ৷

এই বিশ্বাসৰ সৈতে মা ভবানীৰ চৰণত মই বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছো, আপোনালোকৰ উত্তম স্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছো ৷ আপোনালোকৰ আশীৰ্বাদ যাতে এইদৰেই লাভ কৰি থাকো, এই শুভকামনাৰ সৈতে মই নিজৰ ভাষণ সামৰিছো ৷

ধন্যবাদ !

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Beyond Make in India: Building a globally competitive manufacturing ecosystem

Media Coverage

Beyond Make in India: Building a globally competitive manufacturing ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Praggnanandhaa on his remarkable feat
June 06, 2026

Prime Minister Shri Narendra Modi today congratulated Praggnanandhaa for his remarkable feat. The Prime Minister noted that this is indeed an incredible milestone that highlights his continued excellence. Shri Modi also extended his best wishes to him for his future endeavours.

The Prime Minister posted on X:
"Congratulations to Praggnanandhaa for this remarkable feat!

This is indeed an incredible milestone that highlights his continued excellence.
My best wishes to him for his future endeavours.

@rpraggnachess"