জোহান্সবাৰ্গত অনুষ্ঠিত পঞ্চদশ ব্ৰিকছ সন্মিলনৰ মাজতে, ২৪ আগষ্ট ২০২৩ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেনেগাল গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী মেকি চালক সাক্ষাৎ কৰে।

 

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শক্তি, খনন, কৃষি, ফাৰ্মাচিউটিকেল, ৰে'লৱে, সামৰ্থ্য বৰ্দ্ধন, সংস্কৃতি আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰাৰ উপায় সম্পৰ্কে ফলপ্ৰসূ আলোচনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘ভইচ অব গ্লোবেল ছাউথ সন্মিলন’ত অংশগ্ৰহণ কৰাৰ বাবে আৰু যোৱা বছৰ ‘আফ্ৰিকান ইউনিয়ন’ত তেওঁ প্ৰদান কৰা শক্তিশালী নেতৃত্বৰ বাবে ৰাষ্ট্ৰপতি চালক প্ৰশংসা কৰে।

 

ৰাষ্ট্ৰপতি চালে ‘চন্দ্ৰযান মিছন’ৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ‘জি-২০’ত ‘আফ্ৰিকান ইউনিয়ন’ৰ স্থায়ী সদস্য পদ প্ৰদানৰ প্ৰসংগত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ উন্নয়নশীল বিশ্বৰ অগ্ৰাধিকাৰৰ সপক্ষে প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰে আৰু ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া ‘জি-২০ সন্মিলন’ৰ সফলতা কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman

Media Coverage

21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুলাই 2026
July 14, 2026

From Local Fields to Global Recognition: PM Modi’s ‘Vocal for Local’ is Now Delivering Real Global Respect