প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয় ভাৰত-নৰ্ডিক শিখৰ সন্মিলনৰ সময়ত কোপেনহেগেনত ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেগডেলিনা এণ্ডাৰছনৰ সৈতে বৈঠকত মিলিত হয়। দুয়োজন নেতাৰ মাজত এইখন প্ৰথম বৈঠক আছিল।

ভাৰত আৰু ছুইডেনৰ মাজত দীৰ্ঘকাল ধৰি ঘনিষ্ঠ সম্পৰ্ক আছে; যি সমান মূল্য, শক্তিশালী বাণিজ্য, বিনিয়োগ তথা গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু বৈশ্বিক শান্তি, সুৰক্ষা আৰু বিকাশৰ বাবে সমান দৃষ্টিকোণৰ ওপৰত আধাৰিত। নৱোন্মেষণ, প্ৰযুক্তি, বিনিয়োগ আৰু গৱেষণা আৰু বিকাশ সহযোগিতা; এই আধুনিক সম্বন্ধৰ আধাৰ স্তম্ভ। ইয়াৰ আগতে ভাৰত-নৰ্ডিক শিখৰ সন্মিলন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ ২০১৮ৰ ছুইডেন যাত্ৰাৰ সময়ত, দুয়ো পক্ষই এক ব্যাপক সংযুক্ত কাৰ্য যোজনাৰ অংগীকাৰ কৰিছিল আৰু এক সংযুক্ত নৱোন্মেষণ বুজাবুজিত হস্তাক্ষৰ কৰিছিল।

আজিৰ বৈঠকত দুয়োজন নেতাই দ্বিপাক্ষিক বুজাবুজিত হোৱা প্ৰগতিৰ সমীক্ষা কৰে। তেওঁলোকে লীড আইটি পদক্ষেপৰ প্ৰগতিৰ ওপৰতো সন্তুষ্টি প্ৰকাশ কৰে। এয়া ২০১৯ত আয়োজিত সংযুক্ত ৰাষ্ট্ৰ জলবায়ু কাৰ্য শিখৰ সন্মিলনত উদ্যোগ পৰিৱৰ্তনত নেতৃত্ব সমূহ (লীডআইটি)ৰ গঠন কৰিবলৈ ভাৰত-ছুইডেনৰ সংযুক্ত বৈশ্বিক পদক্ষেপ আছিল, যাতে পৃথিৱীৰ সবাতোকৈ অধিক গ্ৰীণহাউছ গেছ (জিএইচজি) উৎসৰ্জক উদ্যোগৰ কম কাৰ্বন অৰ্থনৈতিক ব্যৱস্থাৰ দিশত আগবঢ়াৰ মাৰ্গদৰ্শন কৰিব পৰা যায়। ইয়াৰ সদস্যপদ ১৬খন দেশ আৰু ১৯টা কোম্পানীৰ সৈতে মিলি এতিয়া ৩৫ হ'লগৈ।

দুয়োজন নেতাই নৱোন্মেষণ, জলবায়ু প্ৰযুক্তি, জলবায়ু কাৰ্য, সেউজ হাইড্ৰজেন, অন্তৰিক্ষ, প্ৰতিৰক্ষা, নাগৰিক উন্নয়ন, আৰ্কটিক, ধ্ৰুবীয় গৱেষণা, স্থায়ী খনন আৰু বাণিজ্য তথা অৰ্থনৈতিক সম্বন্ধৰ দৰে ক্ষেত্ৰসমূহত সহযোগিতা আৰু শক্তিশালী কৰাৰ সম্ভাৱনাৰ ওপৰতো আলোচনা কৰে।

মাণ্ডলিক আৰু বৈশ্বিক উন্নয়নৰ ওপৰতো আলোচনা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rabi acreage tops normal levels for most crops till January 9, shows data

Media Coverage

Rabi acreage tops normal levels for most crops till January 9, shows data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam urging citizens to to “Arise, Awake” for Higher Purpose
January 13, 2026

The Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam urging citizens to embrace the spirit of awakening. Success is achieved when one perseveres along life’s challenging path with courage and clarity.

In a post on X, Shri Modi wrote:

“उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।

क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥”