প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ সময়ত কোপেনহেগেনত আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী কাট্ৰিন জেকবচডট্টিৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

২০১৮ চনৰ এপ্ৰিলত ষ্টকহোমত অনুষ্ঠিত প্ৰথম ভাৰত-নৰ্ডিক সন্মিলনৰ সময়ত তেওঁলোকৰ প্ৰথম বৈঠকৰ কথা স্মৰণ কৰে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে। তেওঁলোকে উল্লেখ কৰে যে এই বছৰ দুয়োখন দেশে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ তম বাৰ্ষিকী উদযাপন কৰিছে।

দুয়োগৰাকী নেতাই বিশেষকৈ জিঅ' থাৰ্মেল এনাৰ্জি, সমুদ্ৰ ভিত্তিক অৰ্থনীতি, উত্তৰ মেৰু সংক্ৰান্তীয়, পুনৰনৱীকৰণযোগ্য শক্তি, মীন পালন, খাদ্য প্ৰক্ৰিয়াকৰণ, ডিজিটেল বিশ্ববিদ্যালয়কে ধৰি শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত অৰ্থনৈতিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। বিশেষকৈ জিঅ' থাৰ্মেল এনাৰ্জি হৈছে এনে এক ক্ষেত্ৰ য'ত আইচলেণ্ডৰ বিশেষ দক্ষতা আছে, আৰু দুয়োপক্ষই এই খণ্ডত দুয়োখন দেশৰ বিশ্ববিদ্যালয়ৰ মাজত সহযোগিতাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে লিংগ সমতাৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী জেকবচডট্টিৰৰ ব্যক্তিগত প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু এই ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে তেওঁক অৱগত কৰে।

এই বৈঠকত ভাৰত-ইএফটিএ বাণিজ্য আলোচনা ত্বৰান্বিত কৰাৰ বিষয়েও আলোচনা কৰা হৈছিল।

আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ ওপৰতো এই বৈঠকত আলোচনা হৈছিল।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees

Media Coverage

Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুলাই 2026
July 18, 2026

From Solar Canals to Hydrogen Mobility: Hon’ble PM Modi’s Blueprint for a Sustainable & Self-Reliant India