‘ফাৰ্ষ্ট ছ’লাৰ’-ৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’ মাৰ্ক উইডমাৰৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী এক বৈঠকত মিলিত হয়।

বৈঠকত ভাৰতৰ ‘নবীকৰণযোগ্য শক্তিখণ্ড’ৰ সামগ্ৰিক ৰেহ-ৰূপৰ লগতে বিশেষ ভাবে সৌৰ-শক্তিখণ্ডৰ বিপুল সম্ভাৱনীয়তা আৰু ২০৩০চনৰ ভিতৰত আমাৰ দেশে নবীকৰণযোগ্য শক্তি উত্সসমূহৰ পৰা ৪৫০গিগাৱাট পৰিমাণৰ শক্তি উত্পাদন কৰাৰ বাবে গ্ৰহণ কৰা লক্ষ্য সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকতে ভাৰতে অলপতে আৰম্ভ কৰা ‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ(পিএলআই)আঁচনি’ৰ সুবিধা গ্ৰহণ কৰি ‘ফাৰ্ষ্ট ছ’লাৰ’-য়ে তেওঁলোকৰ অনন্য ‘থিন-ফিল্ম প্ৰযুক্তি’ ব্যৱহাৰৰে ভাৰতত স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা শক্তি উত্পাদন প্ৰকল্প তথা গোলকীয় যোগান-শৃংখলৰ সৈতে ভাৰতক সংযোজিত কৰা সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়।
Renewed focus on renewable energy.
— PMO India (@PMOIndia) September 23, 2021
CEO of @FirstSolar, Mr. Mark Widmar called on PM @narendramodi. PM Modi elaborated on India's efforts to harness solar energy, including the 'One world, One sun and One grid' initiative and investment opportunities in the sector. pic.twitter.com/tkPjoTkBwm