প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে অছলোত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মাননীয়া মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰে।.

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু যৌথ কার্যসূচীত লাভ কৰা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বত হোৱা অগ্ৰগতিসমূহক আদৰণি জনায় যিয়ে পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতাক অগ্ৰাধিকাৰ দিয়ে আৰু দুয়োখন দেশত সেউজ পৰিৱৰ্তনত সহায় কৰাৰ বাবে প্ৰচেষ্টা একত্ৰিত কৰে। ২০২০ চনত সেউজ কৌশলগত অংশীদাৰিত্ব আৰম্ভ হোৱাৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ কথা স্মৰণ কৰি নেতাদ্বয়ে নতুন আৰু উদীয়মান প্ৰযুক্তি, যোগাযোগ, উন্নত গৱেষণা, ষ্টাৰ্ট-আপ আৰু শৈক্ষিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে প্ৰতিৰক্ষা আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ডেনিছ কোম্পানীসমূহক গিফ্ট চহৰ গুজৰাটত  নিজৰ উপস্থিতি উপস্থাপন কৰিবলৈ আমন্ত্ৰণ জনায়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে দ্ৰুতগতিত বিকাশশীল ভাৰতীয় অৰ্থনীতিত সেউজ সমাধানৰ বাবে ডেনিছ প্ৰযুক্তিক আদৰণি জনাবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা ব্যক্ত কৰে। পানীৰ ক্ষেত্ৰত, নেতাদুগৰাকীয়ে ভাৰত চৰকাৰ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু ডেনমাৰ্ক চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা এক অনন্য ত্ৰিপাক্ষিক পদক্ষেপ- বাৰাণসীত পৰিষ্কাৰ নদীৰ স্মাৰ্ট পৰীক্ষাগাৰ (এছ এল চি আৰ) স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ মাজত সফল সহযোগিতাৰ কথা উল্লেখ কৰে। নেতাদ্বয়ে গতিশীলতা অংশীদাৰিত্বৰ বিষয়েও আলোচনা কৰে।

নেতাদ্বয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো দৃষ্টিভংগী ভাগ বাটোৱাৰা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদৰ বাবে ডেনমাৰ্কৰ চলিত কাৰ্যকালৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth