Sardar Patel and Birsa Munda shared the vision of national unity: PM Modi
Let’s pledge to make India a global animation powerhouse: PM Modi
Journey towards Aatmanirbhar Bharat has become a Jan Abhiyan: PM Modi
Stop, think and act: PM Modi on Digital arrest frauds
Many extraordinary people across the country are helping to preserve our cultural heritage: PM
Today, people around the world want to know more about India: PM Modi
Glad to see that people in India are becoming more aware of fitness: PM Modi

নমস্কাৰ মোৰ প্ৰিয় দেশবাসী,

মন কী বাতলৈ আপোনালোকক স্বাগতম। মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো কি বুলি সুধিলে বহু ঘটনা মনলৈ আহে, কিন্তু এটা মুহূৰ্তই বিশেষভাৱে ধৰা দিয়ে। সেই মুহূৰ্তটো আছিল যোৱা বছৰৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাতু গাঁৱত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকাটো। এই যাত্ৰাই মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে এই পবিত্ৰ ভূমি শিৰত লৈ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো। সেই মুহূৰ্তত মই কেৱল স্বাধীনতা সংগ্ৰামৰ শক্তি অনুভৱ কৰাই নহয় এই ভূমিৰ শক্তিৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পালোঁ। এটা দৃঢ়তা পূৰণৰ সাহসে দেশৰ লাখ লাখ মানুহৰ ভাগ্য কেনেদৰে সলনি কৰিব পাৰে সেই কথা উপলব্ধি কৰিছিলোঁ৷

বন্ধুসকল,

ভাৰতে প্ৰতিটো যুগত কিছু বাধা বা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু প্ৰতিটো যুগে এই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা অসাধাৰণ ভাৰতীয়ৰ সৃষ্টি কৰিছে। আজি মন কী বাতত দুজন মহান বীৰৰ সাহস আৰু দূৰদৰ্শীতাৰ বিষয়ে আলোচনা কৰিম। দেশত তেওঁলোকৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৩১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব চৰ্দাৰ পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী। তাৰ পিছত ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী। এই দুজন মহান ব্যক্তিয়ে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও দুয়োৰে এটাই দৃষ্টিভংগী আছিল – "দেশৰ ঐক্য"।

বন্ধুসকল,

বিগত বছৰসমূহত দেশত এনে মহান জাতীয় বীৰ-বীৰাংগনাৰ জন্ম বাৰ্ষিকী নৱ উদ্যমেৰে উদযাপন কৰি নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি অহা হৈছে। আমি মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সময়ত কিমান আচৰিত কথা হৈছিল আপোনালোকৰ নিশ্চয় মনত আছে। নিউয়ৰ্কৰ টাইমছ স্কোৱাৰৰ পৰা আফ্ৰিকাৰ সৰু সৰু গাঁওলৈকে বিশ্বৰ জনসাধাৰণে ভাৰতৰ সত্য আৰু অহিংসাৰ বাৰ্তা বুজি পাইছে, পুনৰ আৱিষ্কাৰ কৰিছে, ইয়াক জীয়াই ৰাখিছে। ডেকাৰ পৰা বুঢ়ালৈ, ভাৰতীয়ৰ পৰা বিদেশীলৈ, সকলোৱে নতুন তথ্যৰ পোহৰত গান্ধীজীৰ শিক্ষা বুজি পাইছিল, নতুন বিশ্ব পৰিস্থিতিৰ ফালৰ পৰা তেওঁক চিনি পাইছিল। স্বামী বিবেকানন্দৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত দেশৰ যুৱক-যুৱতীসকলে ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক শক্তিক নতুন ৰূপত বুজি পায়। এই অনুষ্ঠানবোৰে আমাক এই উপলব্ধি কৰাইছে যে আমাৰ মহান ব্যক্তিসকল অতীতত হেৰাই যোৱা নাই, বৰঞ্চ তেওঁলোকৰ জীৱনে আমাৰ বৰ্তমানক ভৱিষ্যতলৈ লৈ গৈছে।

বন্ধুসকল,

চৰকাৰে এই মহান ব্যক্তিসকলৰ ডেৰশ বছৰীয়া জয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰাৰ সিদ্ধান্ত লৈছে সঁচা, কিন্তু আপোনালোকৰ সহযোগিতাই এই পদক্ষেপক প্ৰাণ দিব, ইয়াক সজীৱ কৰি তুলিব। আপোনালোক সকলোকে এই পদক্ষেপৰ অংশ হ'বলৈ অনুৰোধ জনালোঁ। লৌহ মানৱ চৰ্দাৰ পেটেলৰ সন্দৰ্ভত আপোনালোকৰ চিন্তা আৰু কাম #Sardar150 লিখি শ্বেয়াৰ কৰক আৰু ধৰতী আবা বীৰছা মুণ্ডাৰ প্ৰেৰণা #BirsaMunda150ৰ সৈতে শ্বেয়াৰ কৰক। আহক, আমি একেলগে এই উৎসৱক ভাৰতৰ বৈচিত্ৰ্যত একতাৰ উৎসৱ হিচাপে গঢ়ি তোলোঁ, পৰম্পৰাৰ পৰা প্ৰগতিৰ উৎসৱ হিচাপে গঢ়ি তোলোঁ।

মোৰ প্ৰিয় দেশবাসী,

আপোনালোকৰ সেই দিনটো নিশ্চয় মনত আছে যেতিয়া চোটা ভীমে টিভিত সম্প্ৰচাৰ হৈছিল। চোটা ভীমৰ কথা সেই উৎসাহী শিশুসকলে কেতিয়াও পাহৰিব নোৱাৰে। আপোনালোকে জানি আচৰিত হ’ব যে আজি ‘ঢোলকপুৰৰ ঢোল’ত কেৱল ভাৰতৰেই নহয়, আন দেশৰ শিশুকো আকৰ্ষণ কৰিছে। এইদৰেই আমাৰ আন এনিমেটেড ধাৰাবাহিক কৃষ্ণ, হনুমান, মটু-পটলুৰ অনুৰাগী সমগ্ৰ বিশ্বতে আছে। ভাৰতত নিৰ্মিত এনিমেচন চৰিত্ৰ, ইয়াৰ এনিমেচন ছবি, ইয়াৰ বিষয়বস্তু আৰু সৃষ্টিশীলতাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰশংসা কৰা হয়। আপোনালোকে নিশ্চয় দেখিছে যে স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি চিনেমাৰ পৰ্দালৈকে, গেমিং কনছ’লৰ পৰা ভাৰ্চুৱেল ৰিয়েলিটিলৈকে এনিমেচন সকলোতে আছে। এনিমেচনৰ জগতখনত নতুন বিপ্লৱ কঢ়িয়াই অনাৰ পথত অগ্ৰসৰ হৈছে ভাৰত। ভাৰতৰ গেমিং স্থানো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। ভাৰতীয় খেলসমূহেও সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছে। কেইমাহমানৰ আগতে ভাৰতৰ কিছুমান আগশাৰীৰ গেমিং বিশেষজ্ঞক লগ পোৱাৰ সময়ত ভাৰতীয় গেমছৰ আচৰিত সৃষ্টিশীলতা আৰু মানদণ্ডক অনুভৱ কৰা আৰু বুজাৰ সুযোগ পাইছিলোঁ। সঁচাকৈয়ে সৃষ্টিশীল উৎসাহৰ জোৱাৰে দেশজুৰি বিয়পি পৰিছে। ‘মেড ইন ইণ্ডিয়া’ আৰু ‘মেড বাই ইণ্ডিয়ানছ’ এনিমেচনৰ জগতখনত প্ৰচলিত। আপোনালোকে জানি আনন্দিত হ’ব যে আজি ভাৰতীয় প্ৰতিভা বিদেশী প্ৰডাকচনতো এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। বৰ্তমানৰ স্পাইডাৰমেনেই হওক বা ট্ৰেন্সফৰ্মাৰেই হওক, এই দুখন ছবিত হৰিনাৰায়ণ ৰাজীৱৰ অৱদানক মানুহে অতিশয় শলাগ লৈছে। ভাৰতীয় এনিমেচন ষ্টুডিঅ’সমূহে ডিজনী আৰু ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ দৰে বিশ্ববিখ্যাত প্ৰডাকচন কোম্পানীসমূহৰ সৈতে কাম কৰি আছে।

বন্ধুসকল,

এতিয়া আমাৰ যুৱক-যুৱতীসকলে অৰিজিনেল ইণ্ডিয়া কণ্টেণ্ট সৃষ্টি কৰিছে, যিটো আমাৰ সংস্কৃতিৰ বৈশিষ্ট্য। সমগ্ৰ বিশ্বতে পৰিলক্ষিত হৈছ। এতিয়া এনিমেচন খণ্ডটো আন উদ্যোগকো শক্তি প্ৰদান কৰা উদ্যোগত পৰিণত হৈছে, কিয়নো শেহতীয়াকৈ ভিআৰ পৰ্যটন অতি বিখ্যাত হৈ পৰিছে। ভাৰ্চুৱেল ভ্ৰমণৰ জৰিয়তে অজন্তাৰ গুহাসমূহ চাব পাৰে, কোনাৰ্ক মন্দিৰৰ কৰিড’ৰসমূহ অন্বেষণ কৰিব পাৰে বা বাৰাণসীৰ ঘাট উপভোগ কৰিব পাৰে। এই ভি আৰ এনিমেচনসমূহ ভাৰতীয় সৃষ্টিকৰ্তাই নিৰ্মাণ কৰে। ভি আৰৰ জৰিয়তে এই স্থানসমূহ চোৱাৰ পিছত বহু লোকে বাস্তৱত এই পৰ্যটনস্থলীসমূহ ভ্ৰমণ কৰিব বিচাৰে, অৰ্থাৎ পৰ্যটনস্থলীৰ ভাৰ্চুৱেল ভ্ৰমণ মানুহৰ মনত কৌতুহল সৃষ্টিৰ এক মাধ্যমত পৰিণত হৈছে। বৰ্তমান এই খণ্ডত এনিমেটৰ, গল্পকাৰ, লেখক, ভইচ অভাৰ বিশেষজ্ঞ, সংগীতজ্ঞ, গেম ডেভেলপাৰ, ভি আৰ আৰু এ আৰ বিশেষজ্ঞৰ চাহিদা আছে। সেইবাবেই মই ভাৰতৰ যুৱক-যুৱতীসকলক কওঁ যে তেওঁলোকৰ সৃষ্টিশীলতা বৃদ্ধি কৰক। কোনে জানে, হয়তো আপোনাৰ কম্পিউটাৰৰ পৰা পৃথিৱীৰ পৰৱৰ্তী ছুপাৰ হিট এনিমেচন ওলাই আহিব পাৰে! পৰৱৰ্তী ভাইৰেল গেমটো আপোনাৰে সৃষ্টি হ’ব পাৰে! বা শিক্ষামূলক এনিমেচনত আপোনাৰ উদ্ভাৱনে হয়তো ডাঙৰ সফলতা লাভ কৰিব পাৰে। কাইলৈ ​​২৮ অক্টোবৰত বিশ্ব এনিমেচন দিৱস উদযাপন কৰা হ'ব। আহক, আমি ভাৰতক গ্ল’বেল এনিমেচন পাৱাৰ হাউচ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছো।

মোৰ প্ৰিয় দেশবাসী,

স্বামী বিবেকানন্দই এবাৰ সফলতাৰ বাবে এটা মন্ত্ৰ দিছিল, তেওঁৰ মন্ত্ৰ আছিল-"এটা ধাৰণা চিন্তা কৰক আৰু সেই ধাৰণাটোক আপোনাৰ জীৱন হিচাপে গঢ়ি তোলক-সেইটোৰ বিষয়ে চিন্তা কৰক, সপোন দেখক, তাক লৈ জীয়াই থাকক"। আজি 'আত্মনিৰ্ভৰ ভাৰত অভিযানে'ও এই সফলতাৰ মন্ত্ৰ লৈ আগবাঢ়িছে। এই অভিযান আমাৰ সামূহিক চেতনাৰ অংশ হৈ পৰিছে। ই ক্ৰমান্বয়ে খোজে খোজে আমাৰ প্ৰেৰণা হৈ পৰিছে। আত্মনিৰ্ভৰশীলতা কেৱল আমাৰ নীতি নহয় আমাৰ আবেগো। বেছি বছৰৰ কথা নহয়, মাত্ৰ ১০ বছৰ আগতে যেতিয়া কোনোবাই ভাৰতত এটা জটিল প্ৰযুক্তি বিকশিত কৰাৰ কথা কৈছিল, বহুতে বিশ্বাস কৰা নাছিল, বহুতে হাঁহিছিল, কিন্তু এতিয়া সেইসকল লোকে দেশৰ সফলতা দেখি আচৰিত হৈছে। ভাৰত আত্মনিৰ্ভৰশীল হৈ পৰিছে, প্ৰতিটো খণ্ডতে উল্লেখযোগ্যভাৱে ভাল ফলাফল দেখুৱাইছে। কল্পনা কৰকচোন, ভাৰত এটা যুগত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা দেশ হিচাপে পৰিগণিত হৈছে। এসময়ত বিশ্বৰ প্ৰতিৰক্ষা সঁজুলিৰ সৰ্বাধিক ক্ৰেতা ভাৰতে এতিয়া ৮৫খন দেশলৈ ৰপ্তানি কৰে। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আজি চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল আৰু মোৰ আটাইতকৈ ভাল লগা এটা কথা হ'ল-আত্মনিৰ্ভৰ-এই অভিযান এতিয়া চৰকাৰী মিছনতে সীমাবদ্ধ নহয়, এতিয়া আত্মনিৰ্ভৰ ভাৰত এতিয়া গণ অভিযানত পৰিণত হৈছে। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিছে। উদাহৰণস্বৰূপে এই মাহত আমি লাডাখৰ হানলেত এছিয়াৰ সৰ্ববৃহৎ ইমেজিং টেলিস্কোপ "MES" উদ্বোধন কৰিলোঁ। এইটো ৪৩০০মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ বিশেষত্ব কি জানেনে? ই মেড ইন ইণ্ডিয়া। কল্পনা কৰকচোন, যি ঠাইত -৩০ ডিগ্ৰী পৰ্যন্ত ঠাণ্ডা হয়, য’ত অক্সিজেনৰ অভাৱো হয়, আমাৰ বিজ্ঞানী আৰু স্থানীয় উদ্যোগে এছিয়াৰ আন কোনো দেশে কৰিব নোৱাৰা কাম এটা কৰিলে। হানলেৰ টেলিস্কোপে হয়তো দূৰৈৰ জগতলৈ চাই আছে, কিন্তু ই আমাক আৰু এটা কথা দেখুৱাইছে, সেয়া হৈছে স্বাৱলম্বী ভাৰতৰ শক্তি।

বন্ধুসকল,

মই বিচাৰো আপোনালোকেও এটা কাম কৰক, আত্মনিৰ্ভৰশীল ভাৰতৰ অধিক উদাহৰণ দিয়ক আৰু এনে প্ৰচেষ্টাৰ অংশীদাৰ হওক। আপোনাৰ ওচৰ-চুবুৰীয়াত কি নতুন উদ্ভাৱন দেখিছে, যিটো স্থানীয় ষ্টাৰ্টআপে আপোনাক আটাইতকৈ বেছি আপ্লুত কৰিছে, #atmanirbharinnovationৰ জৰিয়তে এই সবিশেষ ছচিয়েল মিডিয়াত পোষ্ট কৰক আৰু আত্মনিৰ্ভৰ ভাৰত উদযাপন কৰক। এই উৎসৱৰ বতৰত আহক আমি সকলোৱে স্বাৱলম্বী ভাৰতৰ এই অভিযানক শক্তিশালী কৰোঁ। আমি ভোকেল ফৰ লোকেলৰ মন্ত্ৰৰে বজাৰ কৰো। এইখন নতুন ভাৰত, য’ত অসম্ভৱ শব্দটো মাথোঁ এটা প্ৰত্যাহ্বান, য’ত মেক ইন ইণ্ডিয়া এতিয়া মেক ফৰ দ্য ৱৰ্ল্ডত পৰিণত হৈছে, য’ত প্ৰতিজন নাগৰিকেই হৈছে এজন উদ্ভাৱক। য'ত প্ৰতিটো প্ৰত্যাহ্বান এক সুযোগ। ভাৰতক আমি কেৱল স্বাৱলম্বী কৰি তোলাই নহয়, উদ্ভাৱনৰ বিশ্ব শক্তিকেন্দ্ৰ হিচাপে আমাৰ দেশক শক্তিশালী কৰিব লাগিব।

মোৰ প্ৰিয় দেশবাসী,

মই আপোনালোকক এটা অডিঅ’ বজাই শুনাইছো।

ফ্ৰড কলাৰ ১: নমস্কাৰ

ভুক্তভোগী: ছাৰ, হেল্ল’ ছাৰ

ফ্ৰড কলাৰ ১: নমস্কাৰ

ভুক্তভোগী : ছাৰ, হয় কওক

ফ্ৰড কলাৰ ১: চাওক আপোনালোকে মোলৈ এফআইৰ নম্বৰটো পঠিয়াইছে আমাৰ এই নম্বৰৰ বিৰুদ্ধে ১৭টা অভিযোগ আছে, আপোনালোকে এই নম্বৰটো ব্যৱহাৰ কৰিছেনে?

ভুক্তভোগী: নাই, মই এই নম্বৰটো ব্যৱহাৰ নকৰো

ফ্ৰড কলাৰ ১: এতিয়া আপোনালোকে ক’ৰ পৰা কৈছে?

ভুক্তভোগী : ছাৰ মই কৰ্ণাটকৰ পৰা কৈছো, এতিয়া ঘৰত আছো।

ফ্ৰড কলাৰ ১: ঠিক আছে, আপোনাৰ বিবৃতি ৰেকৰ্ড কৰিছো যাতে এই নম্বৰটো ব্লক কৰিব পৰা যায়। যাতে ভৱিষ্যতে আপোনাৰ কোনো সমস্যা নহয়, ঠিক আছে?

ভুক্তভোগী : হয় ছাৰ

ফ্ৰড কলাৰ ১: এতিয়া মই আপোনাক সংযোগ কৰা ব্যক্তিজন আপোনাৰ তদন্তকাৰী বিষয়া। আপোনালোকে আপোনাৰ বিবৃতি লিপিবদ্ধ কৰে যাতে এই নম্বৰটো ব্লক কৰিব পাৰি। ঠিক আছে?

ভুক্তভোগী : হয় ছাৰ

ফ্ৰড কলাৰ ১: হয় ছাৰ কওকচোন মই এতিয়া কাৰ লগত কথা পাতি আছো? আপোনাৰ আধাৰ কাৰ্ড দেখুৱাওক, ভেৰিফাই কৰিবলৈ নম্বৰটো কওক।

ভুক্তভোগী: ছাৰ মোৰ এতিয়া আধাৰ কাৰ্ড নাই ছাৰ। প্লিজ ছাৰ

ফ্ৰড কলাৰ ১: ফোন? আপোনাৰ ফোনত আছে নেকি?

ভুক্তভোগী : নাই ছাৰ

ফ্ৰড কলাৰ ১: ফোনত আপোনাৰ আধাৰ কাৰ্ডৰ ছবি নাই?

ভুক্তভোগী : নাই ছাৰ

ফ্ৰড কলাৰ ১: নম্বৰটো মনত আছেনে?

ভুক্তভোগী: নাই ছাৰ মোৰ মনত নাই, নম্বৰটো মনত নাই।

ফ্ৰড কলাৰ ১: আমি মাত্ৰ পৰীক্ষা কৰিব লাগিব। ঠিক আছে?

ভুক্তভোগী : নাই ছাৰ

ফ্ৰড কলাৰ ১: ভয় নকৰিব, ভয় নকৰিব। যদি আপোনালোকে একো কৰা নাই তেন্তে ভয় কৰিবলগীয়া একো নাই

ভুক্তভোগী: হয় ছাৰ, অৱশ্যেই।

ফ্ৰড কলাৰ ১: যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে মোক ভেৰিফিকেচনৰ বাবে দেখুৱাওক।

ভুক্তভোগী: নাই ছাৰ, নাই ছাৰ, আচলতে মই গাঁৱলৈ আহিছিলো, কাৰ্ডখন মোৰ ঘৰত আছে।

ফ্ৰড কলাৰ1: ঠিক আছে

দ্বিতীয় কণ্ঠঃ মই ভিতৰলৈ আহিব পাৰোনে ছাৰ?

ফ্ৰড কলাৰ ১: সোমাই আহক

ফ্ৰড কলাৰ ২: জয় হিন্দ

ফ্ৰড কলাৰ ১: জয় হিন্দ

প্ৰটকল অনুসৰি এই ব্যক্তিজনৰ একপক্ষীয় ভিডিঅ' কল ৰেকৰ্ড কৰক, ঠিক আছে?

এই অডিঅ'টো কেৱল তথ্য প্ৰেৰণৰ বাবেই নহয়, ই মনোৰঞ্জনৰ বাবেও নহয়, এই অডিঅ'টোৱে আমাক গভীৰভাৱে চিন্তিত কৰায়। আপোনালোকে এইমাত্ৰ শুনা কথা-বতৰাৰ বিষয়বস্তু আছিল ডিজিটেল এৰেষ্টৰ প্ৰৱঞ্চনা। এই কথা-বতৰা আছিল এজন প্ৰতাৰিত ব্যক্তি আৰু প্ৰৱঞ্চকৰ মাজত। ডিজিটেল এৰেষ্টৰ প্ৰৱঞ্চনা বুলি কোৱা সকলে কেতিয়াবা পুলিচ, কেতিয়াবা চি.বি.আই, কেতিয়াবা মাদক দ্ৰব্য বা কেতিয়াবা আৰ.বি.আইৰ বিষয়া হৈ পৰে। 'মন কী বাত'ৰ বহু শ্ৰোতাই মোক কৈছে যে এই বিষয়টো এই অনুষ্ঠানত আলোচনা কৰা উচিত।

এই প্ৰৱঞ্চক দলবোৰে কেনেদৰে কাম কৰে আৰু এই বিপজ্জনক খেল কি? এই কথাটো আপোনাৰ বাবে যেনেকৈ বুজাটো গুৰুত্বপূৰ্ণ, আনকো এই বিষয়ে জনোৱাটো সমানেই গুৰুত্বপূৰ্ণ। প্ৰথম পদক্ষেপ, তেওঁলোকে আপোনাৰ সকলো ব্যক্তিগত তথ্য সংগ্ৰহ কৰে– “যোৱা মাহত আপোনালোকে গোৱালৈ গৈছিল নেকি? আপোনাৰ ছোৱালীয়ে দিল্লীত পঢ়ে নেকি? তেওঁলোকে আপোনাৰ ব্যক্তিগত তথ্য ইমানেই সংগ্ৰহ কৰে যে পৰিমাণ জানিলে আপোনালোকে ভয় খাব।

দ্বিতীয় কৌশল- ভয়ৰ পৰিৱেশ সৃষ্টি কৰিব, ইউনিফৰ্ম, চৰকাৰী কাৰ্যালয় স্থাপন, আইনৰ বিভিন্ন ধাৰা, ফোন যোগাযোগৰ জৰিয়তে ইমানেই ভয় খুৱাব যে আপোনালোকে কল্পনাও কৰিব নোৱাৰে। আৰু তাৰ পিছত তেওঁলোকৰ তৃতীয়টো খোজ আৰম্ভ হয়। তৃতীয় পদক্ষেপটো হ’ল সময়ৰ চাপ। "এতিয়া আপোনালোকে সিদ্ধান্ত ল'ব লাগিব নহ'লে গ্ৰেপ্তাৰ হ'ব,"- প্ৰতাৰিত মানুহবোৰৰ ওপৰত ইমান মানসিক চাপ পেলাইছে যে তেওঁলোক বহুত ভয় খাইছে।

সকলো শ্ৰেণীৰ আৰু সকলো বয়সৰ লোক ডিজিটেল এৰেষ্টৰ বলি হয়। কেৱল ভয়ৰ বাবেই মানুহে নিজৰ কষ্টোপাৰ্জিত লাখ লাখ টকা হেৰুৱাইছে। যিকোনো সময়তে আপোনাৰ ওচৰলৈ এনে ফোন আহিলে আপোনাৰ একো ভয় নাই। আপোনাৰ বাবে এইটো জনাটো গুৰুত্বপূৰ্ণ যে কোনো তদন্তকাৰী সংস্থাই কেতিয়াও ফোন কল বা ভিডিঅ’ কলৰ জৰিয়তে এই ধৰণৰ জেৰা নকৰে। মই এতিয়া ক’ম ডিজিটেল সুৰক্ষাৰ তিনিটা স্তৰ কি কি। এই তিনিটা স্তৰ হ’ল – “বন্ধ কৰক, চিন্তা কৰক, পদক্ষেপ লওক”। ফোন আহিলে ৰ'ব, আতংকিত নহ'ব, শান্ত হৈ থাকক, খৰখেদাকৈ কোনো ব্যৱস্থা নল'ব, আপোনাৰ ব্যক্তিগত তথ্য কাকো নিদিব, সম্ভৱ হ'লে স্ক্ৰীণশ্বট এটা লৈ ৰেকৰ্ডিং কৰক। তাৰ পিছত আহে দ্বিতীয় স্তৰ। প্ৰথম স্তৰটো আছিল, বন্ধ কৰক, দ্বিতীয় স্তৰ, ভাবি চাওক। কোনো চৰকাৰী সংস্থাই ফোনত এনেধৰণৰ ভাবুকি নিদিয়ে, ভিডিঅ’ কলৰ জৰিয়তেও জেৰাও নকৰে, এনেদৰে পইচাও নিবিচাৰে, ভয় খুৱালে আপোনালোকে ভাবিব যে কিবা ভুল হৈছে। এইটো প্ৰথম স্তৰ, দ্বিতীয় স্তৰ, এতিয়া মই আপোনালোকক ক'ম তৃতীয় স্তৰটো কি।

প্ৰথম স্তৰত মই ক’লোঁ ‘বন্ধ কৰক’, দ্বিতীয় স্তৰত ক’লোঁ ‘চিন্তা’, তৃতীয় স্তৰত ক’লোঁ ‘ব্যৱস্থা লওক’।

ৰাজ্যি চাইবাৰ হেল্পলাইন ১৯৩০ ডায়েল কৰক, cybercrime.gov.in ত ৰিপৰ্ট কৰক, পৰিয়াল আৰু আৰক্ষীক অৱগত কৰক, প্ৰমাণ সুৰক্ষিত ৰাখক। ‘বন্ধ কৰক’, তাৰ পিছত ‘চিন্তা’ আৰু শেষত ‘ব্যৱস্থা লওক’, এই তিনিটা স্তৰে আপোনাৰ ডিজিটেল নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিব।

বন্ধুসকল, মই আকৌ ক’ম যে আমাৰ আইনত ডিজিটেল গ্ৰেপ্তাৰৰ কোনো ব্যৱস্থা নাই। ই কেৱল প্ৰৱঞ্চনা, মিছা, চয়তানৰ দুৰ্নীতি আৰু এই ধৰণৰ কাম কৰা মানুহ সমাজৰ শত্ৰু। ডিজিটেল এৰেষ্টৰ নামত চলি থকা সকলো প্ৰৱঞ্চনাৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন তদন্তকাৰী সংস্থাই ৰাজ্য চৰকাৰৰ সৈতে হাতে হাত ধৰি কাম কৰি আছে। এই সংস্থাসমূহৰ মাজত সমন্বয় বজাই ৰাখিবলৈ এটা ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰ গঠন কৰা হৈছে। এই ধৰণৰ প্ৰৱঞ্চনাৰ বাবে হাজাৰ হাজাৰ ভিডিঅ’ কলিং আইডি সংস্থাটোৱে ব্লক কৰিছে। ছিম কাৰ্ড, মোবাইল ফোন আৰু বেংক একাউণ্টো ব্লক কৰা হৈছে। এজেন্সীয়ে তেওঁলোকৰ কাম সঠিকভাৱে কৰি আছে কিন্তু ডিজিটেল গ্ৰেপ্তাৰৰ নামত চলি থকা কেলেংকাৰীৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হ'ল-প্ৰতিজন ব্যক্তিৰ প্ৰতি সজাগতা, প্ৰতিজন নাগৰিকৰ প্ৰতি সজাগতা। যিসকলে এই ধৰণৰ চাইবাৰ জালিয়াতিৰ বলি হৈছে তেওঁলোকে চৌপাশৰ মানুহক সকীয়াই দিব লাগে। সজাগতা বৃদ্ধিৰ বাবে #safedigitalindia ব্যৱহাৰ কৰিব পাৰে। লগতে দেশৰ বিদ্যালয়-মহাবিদ্যালয়সমূহক চাইবাৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিটো পদক্ষেপত ছাত্ৰ-ছাত্ৰীক জড়িত কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি সমাজৰ সকলোৰে সহযোগিতাৰেহে এই জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰো।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ স্কুলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে কেলিগ্ৰাফীৰ প্ৰতি অতি আগ্ৰহী। ইয়াৰ জৰিয়তে আমাৰ লেখা স্পষ্ট, সুন্দৰ আৰু আকৰ্ষণীয় হৈ পৰে। আজি ইয়াক জম্মু-কাশ্মীৰৰ স্থানীয় সংস্কৃতিক জনপ্ৰিয় কৰাৰ বাবে প্ৰয়োগ কৰা হৈছে। জম্মু অনন্তনাগৰ বাসিন্দা ফিৰদৌছা বাছিৰ কেলিগ্ৰাফীত পাকৈত। ইয়াৰ জৰিয়তে তেওঁ স্থানীয় সংস্কৃতিৰ বিভিন্ন দিশক আগুৱাই নিবলৈ চেষ্টা কৰিছে। ফিৰদৌছা জীৰ কেলিগ্ৰাফীয়ে স্থানীয় বাসিন্দা বিশেষকৈ যুৱক-যুৱতীসকলক আকৰ্ষণ কৰিছে। একেধৰণৰ প্ৰয়াস কৰিছে উধামপুৰৰ গোৰিনাথে। এশ বছৰতকৈও অধিক পুৰণি সাৰেংগীৰ জৰিয়তে ডোগ্ৰা সংস্কৃতি আৰু পৰম্পৰাৰ বিভিন্ন ৰূপ সংৰক্ষণ কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ। সাৰেংগী সুৰৰ সহায়ত তেওঁ নিজৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্ৰাচীন কাহিনী আৰু ঐতিহাসিক ঘটনাক আমোদজনক ৰূপত বৰ্ণনা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আপোনালোকে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে আগবাঢ়ি অহা বহুতো আচৰিত মানুহক পাব। বিগত ৫০ বছৰ ধৰি চেৰিয়েল লোক কলাক জনপ্ৰিয় কৰি তোলাৰ কামত জড়িত ডি বৈকুণ্ঠম। তেলেংগানাৰ সৈতে জড়িত এই কলাক আগুৱাই নিয়াৰ বাবে তেওঁৰ প্ৰচেষ্টা উল্লেখযোগ্য। চেৰিয়েল পেইন্টিং সৃষ্টিৰ প্ৰক্ৰিয়াটো সঁচাকৈয়ে অনন্য। ইয়াত কাহিনীটো এটা স্ক্ৰলৰ জৰিয়তে উপস্থাপন কৰা হৈছে। ইয়াত আমাৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ সম্পূৰ্ণ ছবি পোৱা যায়। চত্তীশগড়ৰ নাৰায়ণপুৰৰ বুটলুৰাম মাথৰাজী আবুঝমৰীয়াই লোকশিল্প সংৰক্ষণৰ বাবে কাম কৰি আছে। যোৱা চাৰি দশক ধৰি তেওঁ এই অভিযানত কাম কৰি আহিছে। বেটি বচাও বেটি পঢ়াও আৰু স্বচ্ছ ভাৰত আদি অভিযানৰ সৈতে মানুহক সংযোগ কৰাত তেওঁৰ কলা অতি ফলপ্ৰসূ আছিল।

বন্ধুসকল,

এতিয়া আমি কথা পাতিছো যে কেনেদৰে আমাৰ শিল্প-সংস্কৃতিয়ে কাশ্মীৰৰ উপত্যকাৰ পৰা ছত্তীশগড়ৰ জংঘললৈকে নতুন নতুন ৰং চতিয়াই আছে, কিন্তু ইয়াতেই শেষ নহয়। আমাৰ শিল্প-সংস্কৃতিৰ সুগন্ধি দূৰ-দূৰলৈকে বিয়পি পৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ ভাৰতীয় শিল্প-সংস্কৃতিৰ প্ৰতি মন্ত্ৰমুগ্ধ হৈ পৰে। উধামপুৰৰ সাৰেংগীৰ মন্ত্ৰমুগ্ধ শব্দৰ কথা কৈ থাকোঁতে মনত পৰিল যে কেনেকৈ হাজাৰ হাজাৰ মাইল দূৰত ৰাছিয়াৰ ইয়াকুটস্ক চহৰত ভাৰতীয় কলাৰ সুৰীয়া সুৰ প্ৰতিধ্বনিত হৈ আছিল। কল্পনা কৰকচোন শীতকালত ডেৰ দিন, মাইনাছ ৬৫ ডিগ্ৰী, চাৰিওফালে বগা বৰফৰ আচ্ছাদন আৰু কালিদাসৰ অভিজ্ঞানম শকুন্তলম চাই মোহিত হোৱা থিয়েটাৰ এখনৰ দৰ্শক। আপোনালোকে কল্পনা কৰিব পাৰেনে ইয়াকুটস্ক, বিশ্বৰ আটাইতকৈ ঠাণ্ডা চহৰত বিয়পিছে ভাৰতীয় সাহিত্যৰ উষ্ণতা! ই কোনো কল্পনা নহয়, ই বাস্তৱ-ইমানেই বাস্তৱ যে আমাৰ সকলোকে গৌৰৱ আৰু আনন্দৰে ভৰাই তোলে।

বন্ধুসকল, কেইসপ্তাহমানৰ আগতে মই লাওছলৈ গৈছিলো। নৱৰাত্ৰিৰ সময়ত আৰু তাতেই আচৰিত এটা বস্তু দেখিলোঁ। স্থানীয় শিল্পীসকলে “ফলক ফালম” – ‘লাওছৰ ৰামায়ণ’ পৰিবেশন কৰিছিল। তেওঁলোকৰ চকুত সেই একে ভক্তি, কণ্ঠত সেই একে সমৰ্পণ, যিটো আমি ৰামায়ণৰ পৰাই মনত পেলাইছো, সেই একেই ভক্তি দেখিছিলো। একেদৰে কুৱেইটত শ্ৰী আব্দুল্লা আল-বাৰুনে ৰামায়ণ আৰু মহাভাৰতক আৰবী ভাষালৈ অনুবাদ কৰিছিল। এই গ্ৰন্থখন কেৱল অনুবাদ নহয়, দুটা মহান সংস্কৃতিৰ মাজত এখন সেতু। তেওঁৰ এই প্ৰচেষ্টাই আৰব বিশ্বত ভাৰতীয় সাহিত্যৰ এক নতুন ধাৰণা গঢ়ি তুলিছে। পেৰুৰ আন এটা প্ৰেৰণাদায়ক উদাহৰণ হ’ল আৰ্লিণ্ডা গাৰ্চিয়াই তাত থকা যুৱক-যুৱতীসকলক ভাৰতনাট্যম শিকোৱা আৰু মাৰিয়া ভালডেজে অডিচি নৃত্যৰ প্ৰশিক্ষণ দিয়া কাৰ্য। এই নৃত্য শৈলীসমূহৰ দ্বাৰা প্ৰভাৱিত হৈ ‘ভাৰতীয় শাস্ত্ৰীয় নৃত্য’ই দক্ষিণ আমেৰিকাৰ বহু দেশত আলোড়নৰ সৃষ্টি কৰিছে।

বন্ধুসকল,

বিদেশৰ মাটিত ভাৰতৰ এই উদাহৰণবোৰে দেখুৱাইছে যে ভাৰতীয় সংস্কৃতিৰ শক্তি কিমান আচৰিত, যিয়ে বিশ্ববাসীক ইয়াৰ প্ৰতি আকৰ্ষণ কৰি আহিছে।

“য’ত কলা আছে তাতেই ভাৰত আছে”

“য’ত সংস্কৃতি আছে তাতেই ভাৰত আছে”

আজি বিশ্বৰ মানুহে ভাৰতক আৰু অধিক জানিব বিচাৰিছে, ভাৰতৰ জনসাধাৰণক জানিব বিচাৰিছে। গতিকে আপোনালোক সকলোকে অনুৰোধ জনাও যে আপোনালোকৰ ওচৰ-চুবুৰীয়াৰ এনে সাংস্কৃতিক পদক্ষেপ #CulturalBridges ৰ সৈতে শ্বেয়াৰ কৰক। 'মন কী বাত'ত আমি আগন্তুক দিনতো এনে উদাহৰণৰ বিষয়ে আলোচনা কৰিম।

মোৰ প্ৰিয় দেশবাসীসকল,

দেশৰ বেছিভাগ ঠাইতে শীতকালৰ বতৰ আৰম্ভ হৈছে, কিন্তু ফিট ইণ্ডিয়াৰ আত্মা ফিটনেছৰ আবেগক কোনো ঋতুৱে প্ৰভাৱ পেলাব নোৱাৰে। যাৰ ফিট হোৱাৰ অভ্যাস আছে, তেওঁ শীত, গ্ৰীষ্ম বা বাৰিষা চিনি নাপায়। মই সুখী যে এতিয়া সকলোৱে ফিটনেছৰ প্ৰতি অধিক সচেতন হৈছে। আপোনাৰ ওচৰ-চুবুৰীয়া উদ্যানসমূহত মানুহৰ সংখ্যাও বৃদ্ধি হোৱা দেখা পায়। পাৰ্কত বৃদ্ধসকলে খোজ কাঢ়ি থকা, যুৱক-যুৱতী আৰু পৰিয়ালে যোগাসন কৰা দেখি ভাল লাগে। মোৰ মনত আছে যোগ দিৱসত শ্ৰীনগৰত থাকোঁতে বৰষুণ নেওচি কিমান মানুহ ‘যোগ’ কৰিবলৈ গোট খাইছিল। শেহতীয়াকৈ শ্ৰীনগৰ মাৰাথনত ফিট হৈ থকাৰ এই উৎসাহ দেখিলোঁ। ফিট ইণ্ডিয়াৰ এই ধাৰণাটো এতিয়া গণ আন্দোলনলৈ পৰিণত হৈছে।

বন্ধুসকল,

মই ভাল পাইছো যে আমাৰ স্কুলবোৰে এতিয়া ল’ৰা-ছোৱালীৰ ফিটনেছক অধিক গুৰুত্ব দিছে। ফিট ইণ্ডিয়া স্কুল আৱাৰো এক নতুন পদক্ষেপ। বিদ্যালয়সমূহে এতিয়া বিভিন্ন ফিটনেছ কাৰ্য্যকলাপৰ বাবে প্ৰথম পিৰিয়ড ব্যৱহাৰ কৰিছে। বহু বিদ্যালয়ত যোগাসন কৰা হয়, কিছুমান দিনত এৰোবিক্স কৰা হয় আৰু কেতিয়াবা ক্ৰীড়া দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হয়। কেতিয়াবা খো খো বা কাবাডীৰ দৰে খেলৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ ফলাফলো বহুত ভাল। শিশুৰ উপস্থিতি বাঢ়িছে, তেওঁলোকৰ একাগ্ৰতা বাঢ়িছে আৰু তেওঁলোকৰ সুখো বাঢ়িছে।

বন্ধুসকল, মই সকলোতে সুস্থতাৰ এই সজীৱতা দেখিছোঁ। মন কী বাতৰ বহু শ্ৰোতাইও মোক তেওঁলোকৰ মতামত জনালে। কিছুমান মানুহৰ বহুত ভাল কাম কৰি আছে। তেনে এটা উদাহৰণ হ’ল পৰিয়ালৰ ফিটনেছ আৱাৰ। অৰ্থাৎ এটা পৰিয়ালে গোটেই পৰিয়ালৰ ফিটনেছ এক্টিভিটিৰ বাবে ছুটিৰ দিনত এঘণ্টা সময় আছুতীয়াকৈ ৰাখিছে। আন এটা উদাহৰণ হ’ল থলুৱা খেলৰ পুনৰুজ্জীৱন। কিছুমান পৰিয়ালে নিজৰ ল’ৰা-ছোৱালীক পাঠদান কৰি পৰম্পৰাগত খেল খেলিছে। লগতে আপোনাৰ ফিটনেছ ৰুটিন আৰু অভিজ্ঞতা #fitindia নামৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰিব পাৰে। দেশবাসীক মই এটা গুৰুত্বপূৰ্ণ তথ্য দিব বিচাৰিছো। এইবাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী ৩১ অক্টোবৰৰ দীপাৱলীৰ শুভ দিনটোতে পৰিছে। আমি প্ৰতি বছৰে ৩১ অক্টোবৰত "ৰাষ্ট্ৰীয় ঐক্য দিৱস" উপলক্ষে "একতাৰ বাবে দৌৰ"ৰ আয়োজন কৰোঁ। এইবাৰ দীপাৱলীৰ বাবে অহা ২৯ অক্টোবৰ মঙলবাৰে "একতাৰ বাবে দৌৰ"ৰ আয়োজন কৰা হ'ব। মই বিচাৰো যে যিমান পাৰি সিমান লোকে এই কাৰ্য্যত অংশগ্ৰহণ কৰক। দেশৰ ঐক্যৰ মন্ত্ৰৰ লগতে ফিটনেছৰ মন্ত্ৰ বিয়পাই দিয়ক।

মোৰ প্ৰিয় দেশবাসী,

'মন কী বাত' আজিলৈ ইমানেই। অনুগ্ৰহ কৰি আপোনালোকৰ মতামত প্ৰেৰণ কৰি থাকিব। এতিয়া উদযাপনৰ সময়। মন কী বাতৰ শ্ৰোতাসকললৈ ধনতেৰাছ, দীপাৱলী, ষট্ পূজা, গুৰু নানক জয়ন্তী আৰু সকলো পৰ্বলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে সম্পূৰ্ণ আনন্দৰে উৎসৱ উদযাপন কৰক। লগতে ভোকেল ফৰ লোকেল মন্ত্ৰটোও মনত ৰাখিব। চেষ্টা কৰক, যাতে, উৎসৱৰ সময়ত স্থানীয় দোকানীৰ পৰা কিনা বস্তুহে আপোনাৰ ঘৰলৈ যায়। আগন্তুক উৎসৱৰ বতৰৰ বাবে আপোনালোক সকলোলৈ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সকলোকে বহুত বহুত ধন্যবাদ।

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”