সংস্কৃতি, প্ৰকৃতি আৰু সমাজৰ গভীৰ ঐক্যৰ প্ৰতিফলন হৈছে ‘ছঠ মহাপৰ্ব’: প্ৰধানমন্ত্ৰী মোদী
মই খোৱাতেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিলোঁ, আৰু ইয়াৰ প্ৰতি মানুহে অতি ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰিছে: প্ৰধানমন্ত্ৰী মোদী
বেংগালুৰুস্থিত ‘চি আৰ পি এফ’ৰ কুকুৰ প্ৰজনন আৰু প্ৰশিক্ষণ বিদ্যালয়ত ভাৰতীয় জাত যেনে—মংগ্ৰেল, মুধোল হাউণ্ড, কম্বাই আৰু পাণ্ডিকোনাক প্ৰশিক্ষণ দিয়া হৈছে: প্ৰধানমন্ত্ৰী মোদী
চৰ্দাৰ পেটেলে আইনৰ ক্ষেত্ৰখনত আৰু অধিক খ্যাতি অৰ্জন কৰিব পাৰিলেহেঁতেন, কিন্তু গান্ধীজীৰ অনুপ্ৰেৰণাত তেওঁ নিজকে সম্পূৰ্ণৰূপে স্বাধীনতা আন্দোলনৰ নামত উৎসৰ্গা কৰিছিল: প্ৰধানমন্ত্ৰী মোদী
‘খেড়া সত্যগ্ৰহ’ৰ পৰা ‘বৰসাড় সত্যগ্ৰহ’লৈকে অসংখ্য আন্দোলনত চৰ্দাৰ পেটেলৰ অৱদান আজিও স্মৰণ কৰা হয়: প্ৰধানমন্ত্ৰী মোদী
মোক কোৱা হৈছে যে ‘কোৰাপুট কফি’ৰ সোৱাদ আশ্চৰ্যকৰ, আৰু কেৱল সেয়াই নহয়; সোৱাদৰ উপৰিও কফি খেতিয়ে ওড়িশাৰ মানুহক উপকৃত কৰিছে: প্ৰধানমন্ত্ৰী মোদী
‘বন্দে মাতৰম’ — এই এটা শব্দত ইমান আৱেগ, ইমান শক্তি থাকে। ই আমাক আই ভাৰতীৰ মাতৃস্নেহ অনুভৱ কৰায়: প্ৰধানমন্ত্ৰী মোদী
শতিকাজোৰা দাসত্বত দুৰ্বল হোৱা ভাৰতক নতুন জীৱনবোধেৰে উজ্জীৱিত কৰিবলৈ বাংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিল ‘বন্দে মাতৰম’ গীত: প্ৰধানমন্ত্ৰী মোদী
দাসত্বৰ সময়ছোৱাত আৰু স্বাধীনতাৰ পিছতো সংস্কৃত ভাষা ধাৰাবাহিকভাৱে অৱহেলাৰ সন্মুখীন হৈছে: প্ৰধানমন্ত্ৰী মোদী
কোমাৰাম ভীম মাত্ৰ ৪০ বছৰ জীয়াই আছিল, কিন্তু তেওঁ অগণন মানুহৰ হৃদয়ত, বিশেষকৈ জনজাতীয় সমাজৰ হৃদয়ত এক অমলিন ছাপ ৰাখি গৈছে: প্ৰধানমন্ত্ৰী মোদী

মোৰ প্ৰিয় দেশবাসীসকল,

নমস্কাৰ। 'মন কি বাত'লৈ আপোনালোকক স্বাগতম। এতিয়া  সমগ্ৰ দেশ উৎসৱমুখৰ মনোভাৱত নিমগ্ন হৈ পৰিছে। আমি সকলোৱে কিছুদিন আগতে দীপাৱলী পালন কৰিছিলোঁ, এতিয়া বৃহৎ সংখ্যক লোক ব্যস্ত হৈ পৰিছে ষঠ পূজাত। ঘৰে ঘৰে ঠেকুৱা প্ৰস্তুত কৰা হৈছে, য’তে ত’তে ঘাট সজাই তোলা হৈছে, বজাৰবোৰো ব্যস্ত হৈ পৰিছে। সকলোতে আমি ভক্তি, স্নেহ, পৰম্পৰাৰ সংগমৰ সাক্ষী হৈ পৰিছো। মহিলাসকলে যি নিষ্ঠা আৰু ভক্তিৰে ষঠ ব্ৰত পালন কৰিছে, সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক।

বন্ধুসকল,

সংস্কৃতি, প্ৰকৃতি, সমাজৰ মাজত থকা গভীৰ ঐক্যৰ প্ৰতিফলন হৈছে ষঠৰ মহাপৰ্বত। সমাজৰ প্ৰতিটো শ্ৰেণীয়ে ষঠ ঘাটত একত্ৰিত হয়। এই দৃশ্যই ভাৰতৰ সামাজিক ঐক্যৰ আটাইতকৈ সুন্দৰ নিদৰ্শন। আপোনালোকে যি ঠাইতে নাথাকক কিয়; দেশৰ ভিতৰত বা পৃথিৱীৰ যিকোনো কোণত... যদি আপোনালোকে সুযোগ পায়, তেন্তে ষঠ  উৎসৱত অংশগ্ৰহণ কৰক। এই অনন্য অনুভৱটো নিজেই অনুভৱ কৰক। ষঠী মাইয়াক প্ৰণাম। মই সকলো দেশবাসীলৈ  বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, আৰু পূৰ্বাঞ্চলৰ জনসাধাৰণক ষঠ মহাপৰ্ব উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

এনে উৎসৱ উপলক্ষে মই আপোনালোক সকলোলৈ মোৰ অনুভৱৰ বিষয়ে এখন চিঠি লিখিছিলোঁ। চিঠিখনত মই দেশৰ যিবোৰ সাফল্যৰ কথা উল্লেখ কৰিছিলোঁ, যিবোৰে এইবাৰৰ উৎসৱবোৰক আৰু অধিক জীপাল কৰি তুলিছে। মোৰ চিঠিৰ প্ৰত্যুত্তৰত দেশৰ বহু নাগৰিকৰ পৰা বাৰ্তা আহিছে। সঁচাকৈয়ে ‘অপাৰেচন সিন্দূৰ’-এ প্ৰতিজন ভাৰতীয়ৰ মন  গৌৰৱেৰে ভৰাই তুলিছে। এইবাৰ এসময়ত মাওবাদী সন্ত্ৰাসৰ অন্ধকাৰে প্ৰাধান্য বিস্তাৰ কৰা সেই অঞ্চলবোৰতো আনন্দৰ চাকি জ্বলিছে। মানুহে বিচাৰে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত বিপন্ন কৰা মাওবাদী সন্ত্ৰাস সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো।

জি এছ টি ৰাহি  উৎসৱক লৈও ৰাইজৰ মাজত উৎসাহৰ সৃষ্টি হৈছে। এইবাৰ উৎসৱৰ সময়ত কিবা এটা সমানেই সুখকৰ বিষয় উদযাপন  কৰা হ’ল। বজাৰত থলুৱা   সামগ্ৰীৰ ক্ৰয় প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। মানুহে মোলৈ পঠোৱা বাৰ্তাবোৰত এইবাৰ কি কি থলুৱা সামগ্ৰী ক্ৰয় কৰিছে সেই কথা উল্লেখ কৰিছে। বন্ধুসকল, মোৰ চিঠিখনত মই খোৱাতেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈও আহ্বান জনাইছিলোঁ, আৰু ইয়াৰ প্ৰতিও মানুহে অতি ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰিছে।

বন্ধুসকল,

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু এই  দিশত কৰা প্ৰচেষ্টা সম্পৰ্কেও অসংখ্য বাৰ্তা পাইছো। দেশৰ বিভিন্ন চহৰৰ কিছু প্ৰেৰণাদায়ক কাহিনী আপোনালোকৰ লগত ভাগ-বতৰা কৰিব বিচাৰিছো।

ছত্তীশগড়ৰ অম্বিকাপুৰ মহানগৰীৰ পৰা প্লাষ্টিক আৱৰ্জনা পৰিষ্কাৰ কৰাৰ এক অনন্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। অম্বিকাপুৰত চলি আছে জাবৰৰ কেফে। এইবোৰ কেফেত  প্লাষ্টিকৰ আৱৰ্জনাৰ বিনিময়ত আহাৰ পোৱা যায়। কোনোবাই যদি এক কিলোগ্ৰামৰ ওপৰত প্লাষ্টিক আনে তেন্তে তেওঁলোকক দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰ দিয়া হয় আৰু আধা কিলোগ্ৰাম প্লাষ্টিকৰ সলনি ব্ৰেকফাষ্ট পোৱা যায়। এই কেফেসমূহ অম্বিকাপুৰ পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হৈছে ।

বন্ধুসকল,

একেদৰে অভিযন্তা কপিল শৰ্মা জীয়ে বাংগালুৰুতো কিছু উল্লেখযোগ্য কাম কৰিছে। বাংগালুৰুক হ্ৰদৰ চহৰ বুলি কোৱা হয়, কপিল জীয়ে ইয়াৰ হ্ৰদবোৰক নতুন জীৱন দিয়াৰ অভিযান আৰম্ভ কৰিছে। কপিল জীৰ দলে বাংগালুৰু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ৪০টা কূপ আৰু ৬টা হ্ৰদ সজীৱ কৰি তুলিছে। বিশেষ কথাটো হ’ল তেওঁ নিজৰ এই অভিযানত  কৰ্পৰেট আৰু স্থানীয় লোককো জড়িত কৰিছে।

তেওঁৰ সংগঠনটো বৃক্ষৰোপণৰ অভিযানৰ সৈতেও জড়িত। বন্ধুসকল, অম্বিকাপুৰ আৰু বাংগালুৰু – এই প্ৰেৰণাদায়ক উদাহৰণবোৰে দেখুৱাইছে যে যেতিয়া আপুনি দৃঢ়প্ৰতিজ্ঞ হয় তেতিয়া পৰিৱৰ্তন সাধিত হোৱাটো নিশ্চিত।

বন্ধুসকল,

পৰিৱৰ্তনৰ দিশত কৰা প্ৰচেষ্টাৰ আন এটা উদাহৰণ উল্লেখ  কৰিব বিচাৰিছো। আপোনালোকে সকলোৱে জানে যে যেনেকৈ পাহাৰ-ভৈয়ামত হাবি আছে, যিয়ে মাটিক একেলগে বান্ধি ৰাখে, তেনেকৈয়ে সাগৰৰ পাৰত মেংগ্ৰোভৰ গুৰুত্ব একেধৰণৰ। সাগৰৰ নিমখীয়া পানী আৰু জলাশয়যুক্ত ভূমিত মেংগ্ৰোভ গজে আৰু ই সাগৰীয় পৰিৱেশ তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। চুনামী বা ঘূৰ্ণীবতাহৰ দৰে দুৰ্যোগ আহিলে এই মেংগ্ৰোভবোৰে অতি সহায়ক হয় বুলি প্ৰমাণিত হৈছে।

বন্ধুসকল,

মেংগ্ৰোভৰ গুৰুত্ব বুজি গুজৰাটৰ বন বিভাগে এক বিশেষ অভিযান চলাইছে। পাঁচ বছৰ পূৰ্বে বন বিভাগৰ দলসমূহে আহমেদাবাদৰ সমীপৰ ঢোলেৰাৰ ওচৰত মেংগ্ৰোভ ৰোপণ আৰম্ভ কৰিছিল আৰু আজি ঢোলেৰা উপকূলত চাৰে তিনি হাজাৰ হেক্টৰ ভূমিত মেংগ্ৰোভ বিয়পি পৰিছে। এই মেংগ্ৰোভৰ প্ৰভাৱ আজি সমগ্ৰ অঞ্চলটোত দেখা গৈছে। তাত থকা পৰিৱেশ তন্ত্ৰত ডলফিনৰ সংখ্যা বৃদ্ধি পাইছে। কেঁকোৰা আৰু অন্যান্য জলজ প্ৰাণীৰো সংখ্যা বৃদ্ধি পাইছে, পূৰ্বৰ তুলনাত। কেৱল সেয়াই নহয়; পৰিভ্ৰমী চৰায়ো এতিয়া ইয়ালৈ বৃহৎ সংখ্যাত  আহি আছে। ইয়াৰ ফলত কেৱল তাত থকা পৰিবেশৰ ওপৰত  ইতিবাচক প্ৰভাৱ পৰাই নহয়, ইয়াৰ ফলত ঢোলেৰাৰ মীনপালকসকলো উপকৃত হৈছে।

বন্ধুসকল,

ঢোলেৰাৰ উপৰি  গুজৰাটৰ কচ্চতো পূৰ্ণগতিত মেংগ্ৰোভ বাগিচাৰ কাম চলি আছে। কোৰি ক্ৰিকত এটা ‘মেংগ্ৰোভ লাৰ্নিং চেণ্টাৰ’ স্থাপন কৰা হৈছে।

বন্ধুসকল,

গছ-গছনিৰ  বিশেষত্ব এয়াই । ঠাই নিৰ্বিশেষে প্ৰতিটো জীৱৰ উন্নতিৰ বাবে এয়া উপযোগী। সেইবাবেই আমাৰ শাস্ত্ৰত কোৱা হৈছে –

धन्या महीरूहा येभ्यो,

 

निराशां यान्ति नार्थिनः |

অৰ্থাৎ ধন্য সেই গছ আৰু উদ্ভিদ যাৰ পৰা, বিচৰাসকলে হতাশ হৈ উভতি নাহে। আমিও য’তেই নাথাকো তাতেই গছ ৰোপণ কৰা উচিত। 'এক পেড়  মা কে নাম' অভিযানক আৰু আগুৱাই নিয়াৰ প্ৰয়োজন আছে।

মোৰ প্ৰিয় দেশবাসীসকল,

'মন কি বাত'ত আমি আলোচনা কৰা বিষয়বোৰত মোৰ বাবে কি আটাইতকৈ সন্তুষ্টিদায়ক হ'ব জানেনে? মই ক’ম যে আমি ‘মন কি বাত’ত আলোচনা কৰা বিষয়বোৰে মানুহক কিবা এটা ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে, সমাজৰ বাবে নতুন কিবা এটা কৰিবলৈ প্ৰেৰণা যোগায় । ইয়াৰ দ্বাৰা আমাৰ সংস্কৃতি আৰু আমাৰ দেশৰ বহু দিশ উন্মোচিত হয়।

বন্ধুসকল,

আপোনালোকৰ বহুতেই মনত পেলাব যে প্ৰায় পাঁচ বছৰ আগতে এই কাৰ্যসূচীত মই ভাৰতীয় জাতৰ কুকুৰৰ বিষয়ে আলোচনা কৰিছিলো। মই মোৰ দেশৰ  নাগৰিক আৰু আমাৰ নিৰাপত্তা বাহিনীক ভাৰতীয় জাতৰ কুকুৰক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিলোঁ, কিয়নো ই আমাৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত অধিক সহজে খাপ খাই পৰে। এই দিশত আমাৰ নিৰাপত্তা সংস্থাসমূহে প্ৰশংসনীয় প্ৰচেষ্টা চলাইছে বুলি ক’বলৈ পাই সুখী হৈছো। বি এছ এফ আৰু চি আৰ পি এফে নিজৰ বাহিনীত  ভাৰতীয় জাতৰ কুকুৰৰ সংখ্যা বৃদ্ধি কৰিছে। বি এছ এফৰ কুকুৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ গোৱালিয়ৰৰ টেকানপুৰত অৱস্থিত। ইয়াত উত্তৰ প্ৰদেশৰ ৰামপুৰ হাউণ্ড আৰু কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মুধোল হাউণ্ডক বিশেষ গুৰুত্ব দিয়া হৈছে। এই কেন্দ্ৰত প্ৰশিক্ষকসকলে প্ৰযুক্তি আৰু উদ্ভাৱনৰ সহায়ত কুকুৰবোৰক অধিক ফলপ্ৰসূভাৱে প্ৰশিক্ষণ দিছে। ভাৰতীয় জাতৰ কুকুৰৰ প্ৰশিক্ষণৰ হাতপুথি পুনৰ লিখা হৈছে যাতে কুকুৰবোৰৰ  অনন্য শক্তিৰ কথা পোহৰলৈ আহে। বাংগালুৰুৰ চি আৰ পি এফৰ কুকুৰ প্ৰজনন আৰু প্ৰশিক্ষণ বিদ্যালয়ত ভাৰতীয় জাত যেনে মংগ্ৰেল, মুধোল হাউণ্ড, কম্বাই আৰু পাণ্ডিকোনাক প্ৰশিক্ষণ দিয়া হৈছে।

বন্ধুসকল,

যোৱা বছৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল অল ইণ্ডিয়া পুলিচ ডিউটি ​​মিট। সেই সময়ত ৰিয়া নামৰ এটা কুকুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ই বি এছ এফৰ প্ৰশিক্ষণপ্ৰাপ্ত মুধোল হাউণ্ড। তাত ৰিয়াই প্ৰথম পুৰস্কাৰ লাভ কৰি কেইবাটাও বিদেশী জাতক চেৰাই গৈছিল। 

বন্ধুসকল,

এতিয়া বি এছ এফে নিজৰ কুকুৰক বিদেশী নামৰ সলনি ভাৰতীয় নাম দিয়াৰ পৰম্পৰা আৰম্ভ কৰিছে। আমাৰ থলুৱা কুকুৰবোৰেও আচৰিত ধৰণৰ সাহস প্ৰদৰ্শন কৰিছে। যোৱা বছৰ চত্তীশগড়ৰ মাওবাদী প্ৰভাৱান্বিত অঞ্চলত টহল দি থকাৰ সময়ত চি আৰ পি এফৰ এটা থলুৱা কুকুৰে ৮ কিলোগ্ৰাম বিস্ফোৰক ধৰা পেলাইছিল। বি এছ এফ আৰু চি আৰ পি এফে এই দিশত কৰা প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাইছো। লগতে ৩১ অক্টোবৰৰ দিনটোলৈও আগ্ৰহেৰে বাট চাই আছো। লৌহ পুৰুষ চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী। প্ৰতি বছৰে এই উপলক্ষে গুজৰাটৰ একতা নগৰৰ ‘ষ্টেছু অব ইউনিটি’ৰ সমীপত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। তাত একতা দিৱস পেৰেডৰো আয়োজন কৰা হৈছে আৰু এই পেৰেডত ভাৰতীয় কুকুৰৰ সামৰ্থ্য পুনৰ প্ৰদৰ্শন কৰা হ’ব। আপোনালোকেও সুযোগ পালে নিশ্চয় চোৱা উচিত।

মোৰ প্ৰিয় দেশবাসীসকল,

চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী  সমগ্ৰ দেশৰ বাবে এক অতি বিশেষ অনুষ্ঠান। চৰ্দাৰ পেটেল আধুনিক যুগত দেশখনৰ  অন্যতম শ্ৰেষ্ঠ উজ্জ্বল নক্ষত্ৰ  হিচাপে পৰিগণিত হৈ আহিছে। তেওঁৰ উচ্চ ব্যক্তিত্বই বহু গুণক সামৰি লৈছিল। তেওঁ আছিল এজন ব্যতিক্ৰমী মেধাৱী ছাত্ৰ। ভাৰত আৰু ব্ৰিটেইন দুয়োখন দেশতে তেওঁ পঢ়া-শুনাত পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ নিজৰ সময়ৰ অন্যতম সফল অধিবক্তা  আছিল। আইনৰ ক্ষেত্ৰত তেওঁ আৰু অধিক খ্যাতি অৰ্জন কৰিব পাৰিলেহেঁতেন, কিন্তু গান্ধীজীৰ  দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ স্বাধীনতা আন্দোলনৰ বাবে সম্পূৰ্ণৰূপে নিজকে উৎসৰ্গা কৰিলে।

‘খেদা সত্যাগ্ৰহ’ৰ পৰা আৰম্ভ কৰি ‘বৰসাদ সত্যাগ্ৰহ’লৈকে অসংখ্য আন্দোলনত তেওঁৰ অৱদান আজিও স্মৰণীয়। আহমেদাবাদ পৌৰসভাৰ মুৰব্বী হিচাপে তেওঁৰ কাৰ্যকালো ঐতিহাসিক আছিল। তেওঁ স্বচ্ছতা আৰু সুশাসনক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে আমি সকলোৱে তেওঁৰ ওচৰত চিৰদিন ঋণী হৈ থাকিম।

বন্ধুসকল,

চৰ্দাৰ পেটেলে ভাৰতৰ আমোলাতান্ত্ৰিক কাঠামোৰ বাবেও এক সুদৃঢ় ভেটি স্থাপন কৰিছে। দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে তেওঁ অতুলনীয় প্ৰচেষ্টা চলাইছিল। আপোনালোক সকলোকে আহ্বান জনাইছো যে  ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ চাহেবৰ জন্ম বাৰ্ষিকীত সমগ্ৰ দেশতে আয়োজন কৰা ৰান ফৰ ইউনিটিত অংশগ্ৰহণ কৰক আৰু কেৱল অকলে নহয়, আনৰ সৈতেও ইয়াত অংশগ্ৰহণ কৰক। এয়া যুৱ জাগৰণৰ এক সুযোগ হ’ব লাগে; ঐক্যৰ বাবে এই দৌৰে ঐক্যক শক্তিশালী কৰিব। ভাৰতক একত্ৰিত কৰা সেই মহান আলোকসন্ধানীৰ  প্ৰতি এয়া হ’ব আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

মোৰ প্ৰিয় দেশবাসীসকল,

চাহৰ লগত মোৰ সম্পৰ্কৰ কথা আপোনালোক সকলোৱে জানে; কিন্তু আজি মই ভাবিলোঁ, ‘মন কি বাত’ত কফিৰ বিষয়ে  আলোচনা কিয় নকৰো! আপোনালোকৰ হয়তো মনত আছে, যোৱা বছৰ আমি ‘মন কি বাত’ত আৰাকু কফিৰ কথা কৈছিলো। কিছুদিনৰ আগতে ওড়িশাৰ বহু লোকেও কোৰাপুট কফিৰ সন্দৰ্ভত মোৰ লগত নিজৰ অনুভৱ শ্বেয়াৰ কৰিছিল। তেওঁলোকে মোক লিখিছিল যে কোৰাপুট কফিৰ বিষয়েও ‘মন কি বাত’ত আলোচনা কৰা উচিত।

বন্ধুসকল,

মোক কোৱা হৈছে যে কোৰাপুট কফিৰ সোৱাদ আচৰিত  আৰু কেৱল সেয়াই নহয়; সোৱাদৰ উপৰি  কফি খেতিয়েও মানুহক উপকৃত কৰিছে। কোৰাপুটত এনে মানুহ আছে যিয়ে নিজৰ নিৰ্মল আবেগৰ জৰিয়তে কফিৰ খেতি কৰি আছে। কৰ্পৰেট জগতত তেওঁলোকে সুন্দৰ কাম কৰি আছিল... কিন্তু তেওঁলোকে কফি ইমানেই ভাল পাইছিল যে তেওঁলোকে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল আৰু এতিয়া ইয়াত সফলতাৰে কাম কৰি আছে। লগতে বহু মহিলাৰ জীৱন কফিৰ দ্বাৰা সুখকৰভাৱে ৰূপান্তৰিত হৈছে।

কফিৰ জৰিয়তে তেওঁলোকে সন্মান আৰু সমৃদ্ধি দুয়োটা লাভ কৰিছে। সঠিকভাৱে কোৱা হৈছে-

कोरापुट कॉफी अत्यंत सुस्वादु |

 

एहा ओडिशार गौरव |

[অৰ্থাৎ। কোৰাপুট কফি সঁচাকৈয়ে মনোমোহা!

এয়া  সঁচাকৈয়ে ওড়িশাৰ গৌৰৱ।]

 

বন্ধুসকল,

সমগ্ৰ বিশ্বতে ভাৰতীয় কফি অতি জনপ্ৰিয় হৈ পৰিছে। কৰ্ণাটকৰ চিকমাগালুৰ, ক’ৰ্গ আৰু হাছানেই হওক; তামিলনাডুৰ পুলনি, শ্বেভাৰয়, নীলগিৰি আৰু আন্নামলাই অঞ্চল; কৰ্ণাটক-তামিলনাডু সীমান্তৰ বিলিগিৰি অঞ্চল; বা কেৰালাৰ ৱায়ানাড, ট্ৰেভাংকোৰ আৰু মালাবাৰ অঞ্চল - ভাৰতীয় কফিৰ বৈচিত্ৰ্য সঁচাকৈয়ে উল্লেখযোগ্য।

মোক কোৱা হৈছে যে আমাৰ উত্তৰ-পূবৰ কফি খেতিৰ ক্ষেত্ৰতো অগ্ৰগতি হৈছে। ইয়াৰ ফলত বিশ্বজুৰি ভাৰতীয় কফিৰ পৰিচয় আৰু অধিক শক্তিশালী হৈছে – সেইবাবেই কফিপ্ৰেমীসকলে কয়:

ভাৰতৰ কফি নিজৰ উত্তম ৰূপত কফি।

ইয়াক ভাৰতত ব্ৰু কৰা হয় আৰু বিশ্বই ভালপায়।

মোৰ প্ৰিয় দেশবাসীসকল,

এতিয়া ‘মন কি বাত’ত সকলোৰে হৃদয়ৰ অতি ওচৰৰ বিষয় এটাৰ কথা কওঁ। এই বিষয়টো আমাৰ জাতীয় গীত - ভাৰতৰ জাতীয় গীত, 'বন্দে মাতৰম'। যিটো গীত, যাৰ প্ৰথম শব্দই আমাৰ হৃদয়ত আৱেগৰ ঢৌ তোলে। 'বন্দে মাতৰম' - এই এটা শব্দত ইমানবোৰ আৱেগ, ইমানবোৰ শক্তি থাকে। সহজ ভাষাত ক’বলৈ গ’লে ই আমাক মা ভাৰতীৰ মাতৃৰ স্নেহ অনুভৱ কৰায়। ই আমাক মা ভাৰতীৰ সন্তান হিচাপে আমাৰ দায়িত্বৰ প্ৰতি সচেতন কৰি তোলে। সংকটৰ মুহূৰ্ত হ’লে ‘বন্দে মাতৰম’ৰ ধ্বনিয়ে ১৪০ কোটি ভাৰতীয়ক একতাৰ শক্তিৰে ভৰাই তোলে।

বন্ধুসকল,

দেশপ্ৰেম... মা ভাৰতীৰ প্ৰতি প্ৰেম... যদি এয়া  শব্দৰ বাহিৰত আৱেগ হয়, তেন্তে সেই বিমূৰ্ত অনুভূতিক স্পষ্ট কণ্ঠ ৰূপ প্ৰদান কৰা গীতটোৱেই হৈছে ‘বন্দে মাতৰম’। শতিকাজুৰি দাসত্বৰ দ্বাৰা দুৰ্বল হৈ পৰা ভাৰতত নতুন জীৱন সঞ্চাৰিত কৰিবলৈ  বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে এয়া ৰচনা কৰিছিল। ‘বন্দে মাতৰম’ হয়তো ১৯ শতিকাত ৰচিত হ’লও  ইয়াৰ আত্মা হাজাৰ হাজাৰ বছৰ পুৰণি ভাৰতৰ অমৰ চেতনাৰ সৈতে জড়িত।

বেদত ভাৰতীয় সভ্যতাৰ ভেটি স্থাপন কৰা হৈছিল " माता भूमि: पुत्रो अहं पृथिव्या: " ৰে। " বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে 'বন্দে মাতৰম' লিখি মাতৃভূমি আৰু ইয়াৰ সন্তানৰ মাজৰ সেই একে সম্পৰ্কক আৱেগৰ বিশ্বব্ৰহ্মাণ্ডত এক  মন্ত্ৰ হিচাপে সন্নিৱিষ্ট কৰিছিল।

 

বন্ধুসকল,

আপোনালোকে হয়তো ভাবিছে যে মই কিয় হঠাতে বন্দে মাতৰমৰ বিষয়ে ইমানখিনি উল্লেখ কৰিছো! আচলতে এতিয়াৰ পৰা মাত্ৰ কেইদিনমানৰ পিছত নৱেম্বৰৰ ৭ তাৰিখে আমি ‘বন্দে মাতৰম’ উদযাপনৰ ১৫০ বছৰত প্ৰৱেশ কৰিম। ১৫০ বছৰ পূৰ্বে ৰচিত 'বন্দে মাতৰম', ১৮৯৬ চনত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে গাইছিল।

বন্ধুসকল,

কোটি কোটি দেশবাসীয়ে সদায় ‘বন্দে মাতৰম’ পৰিবেশন কৰি  জাতীয় গৌৰৱৰ অপৰিসীম লহৰ অনুভৱ কৰি আহিছে। আমাৰ প্ৰজন্মই ‘বন্দে মাতৰম’ৰ ভাষাত ভাৰতৰ এক সজীৱ আৰু সুন্দৰ প্ৰতিচ্ছবি দেখিছে।

 

सुजलाम्, सुफलाम्, मलयज शीतलाम्,

 

शस्यश्यामलाम्, मातरम्!

 

वंदे मातरम्!

 

এইখনেই আমি গঢ়িবলগীয়া ভাৰত। এই প্ৰচেষ্টাসমূহত 'বন্দে মাতৰম' সদায় আমাৰ প্ৰেৰণা হৈ থাকিব। সেয়ে 'বন্দে মাতৰম'ৰ ১৫০ সংখ্যক বছৰটোও আমি স্মৰণীয় কৰি তুলিব লাগিব। আমি আগন্তুক প্ৰজন্মৰ বাবে এই মূল্যবোধৰ ধাৰাটো আগুৱাই নিব লাগিব। আগন্তুক সময়ত দেশত ‘বন্দে মাতৰম’ৰ সৈতে জড়িত বহু কাৰ্যসূচী,  বহু অনুষ্ঠানৰ আয়োজন কৰা হ’ব। মই  সকলো দেশবাসীকে স্বতঃস্ফূৰ্ত মনোভাৱেৰে ‘বন্দে মাতৰম’ক মহিমামণ্ডিত কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ   আহ্বান জনাইছো। #VandeMatram150 ৰ জড়িয়তে আপোনালোকৰ পৰামৰ্শ মোলৈ প্ৰেৰণ কৰক। আপোনালোকৰ পৰামৰ্শৰ বাবে অপেক্ষা কৰি থাকিম আৰু আমি সকলোৱে মিলি এই অনুষ্ঠানটোক ঐতিহাসিক কৰি তুলিম।

মোৰ প্ৰিয় দেশবাসীসকল,

সংস্কৃতৰ নাম শুনাৰ লগে লগে আমাৰ মনলৈ যি ভাব আহে সেয়া হৈছে- আমাৰ 'ধৰ্ম গ্ৰন্থ', 'বেদ', 'উপনিষদ', 'পুৰাণ', শাস্ত্ৰ, প্ৰাচীন জ্ঞান আৰু বিজ্ঞান, আধ্যাত্মিকতা তথা দৰ্শন। অৱশ্যে এইবোৰৰ সমান্তৰালকৈ এসময়ত সংস্কৃত ভাষাও যোগাযোগৰ ভাষা আছিল। সেই যুগত সংস্কৃত ভাষাত অধ্যয়ন আৰু গৱেষণা চলিছিল। সংস্কৃত ভাষাতো নাটক মঞ্চস্থ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে দাসত্বৰ সময়ছোৱাত আৰু স্বাধীনতাৰ পিছতো সংস্কৃত ভাষাই ধাৰাবাহিকভাৱে অৱহেলাৰ সন্মুখীন হৈ আহিছে। ইয়াৰ বাবেই নৱ প্ৰজন্মৰ সংস্কৃতৰ প্ৰতি আগ্ৰহো কমি আহিল। কিন্তু বন্ধুসকল, সময় সলনি হৈ আছে, সংস্কৃতৰ বাবেও সময়ো সলনি হৈ আছে। সংস্কৃতি আৰু ছ’চিয়েল মিডিয়াৰ জগতখনে সংস্কৃতক এক নতুন জীৱন দান  দিছে। আজিকালি বহু যুৱকে সংস্কৃতৰ লগত জড়িত অতি সুন্দৰ  কাম কৰি আছে।

ছ’চিয়েল মিডিয়াত  বহুতো ৰিল দেখা পাব য’ত যুৱক-যুৱতীসকলে সংস্কৃতত আৰু সংস্কৃত ভাষাৰ বিষয়ে কথা কোৱা দেখা যায়। আনকি বহুতে নিজৰ ছ’চিয়েল মিডিয়া চেনেলৰ জৰিয়তে সংস্কৃত ভাষাৰ শিক্ষাও দিয়ে। তেনে এজন যুৱ কন্টেন্ট ক্ৰিয়েটৰ হৈছে ভাই যশ ছালুংকে। যশৰ বিশেষ কথাটো হ’ল তেওঁ এজন কন্টেন্ট ক্ৰিয়েটৰ আৰু ক্ৰিকেটাৰ দুয়োটাই। সংস্কৃতত কথা কোৱাৰ লগতে  ক্ৰিকেট খেলৰ বিষয়কলৈ কৰা  তেওঁৰ ৰিল অতি জনপ্ৰিয় হৈ পৰিছে।

সেয়া শুনো আহক -

বন্ধুসকল,

দুগৰাকী ভগ্নী কমলা আৰু জাহ্নৱীৰ কামো কল্পনাতীত। এই দুগৰাকী ভগ্নীয়ে আধ্যাত্মিকতা, দৰ্শন আৰু সংগীতৰ বিষয়ত  বিষয়বস্তু সৃষ্টি কৰে।

ইনষ্টাগ্ৰামত আন এজন  যুৱকৰ চেনেল আছে ‘সংস্কৃত ছাত্ৰহম’। এই চেনেল চলোৱা যুৱকজনে কেৱল সংস্কৃত সম্পৰ্কীয় তথ্য প্ৰদান কৰাই নহয়, সংস্কৃতত হাস্যৰসধৰ্মী  ভিডিঅ'ও নিৰ্মাণ কৰে। যুৱক-যুৱতীসকলে সঁচাকৈয়ে সংস্কৃতত এই ভিডিঅ'বোৰ ভালপায়। আপোনালোকৰ বহুতেই হয়তো সমষ্টিৰ ভিডিঅ'বোৰো দেখিছে। সমষ্টিয়ে তেওঁৰ গীতসমূহ সংস্কৃতত অনন্য ধৰণে উপস্থাপন কৰিছে। আন এজন যুৱক হৈছে ভৱেশ ভীমনাথানী। ভৱেশে সংস্কৃত শ্লোক, আধ্যাত্মিক দৰ্শন, নীতিৰ বিষয়ে কয়।

বন্ধুসকল,

ভাষা যিকোনো সভ্যতাৰ মূল্যবোধ আৰু পৰম্পৰাৰ বাহক। সংস্কৃতে হাজাৰ হাজাৰ বছৰ ধৰি এই কৰ্তব্য পালন কৰি আহিছে। লক্ষ্যণীয়ভাবে  একাংশ যুৱক-যুৱতীয়ে  এতিয়া সংস্কৃতৰ প্ৰতিও নিজৰ কৰ্তব্য পালন কৰিবলৈ সক্ষম হৈছে।

মোৰ প্ৰিয় দেশবাসীসকল,

মই এতিয়া আপোনালোকক ফ্লেছবেকলৈ লৈ যাম। কল্পনা কৰকচোন, ২০ শতিকাৰ আৰম্ভণি! সেই সময়ত ক’তো স্বাধীনতাৰ আশা নাছিল। সমগ্ৰ ভাৰততে ব্ৰিটিছে শোষণৰ সকলো সীমা অতিক্ৰম কৰিছিল আৰু সেই যুগত হায়দৰাবাদৰ দেশপ্ৰেমিক জনসাধাৰণৰ বাবে দমনৰ দিনবোৰ আৰু অধিক ভয়াৱহ আছিল। তেওঁলোকে নিষ্ঠুৰ আৰু নিৰ্দয় নিজামৰ অত্যাচাৰো সহ্য কৰিবলৈ বাধ্য হৈছিল। দুখীয়া, বঞ্চিত, জনজাতীয় লোকৰ  ওপৰত কৰা অত্যাচাৰৰ কোনো সীমা নাছিল। তেওঁলোকৰ মাটি কাঢ়ি লৈ ​​গৈছিল আৰু অত্যধিক কৰ আৰোপ কৰা হৈছিল। যদি তেওঁলোকে এই অন্যায়ৰ প্ৰতিবাদ কৰিছিল, তেন্তে তেওঁলোকৰ হাতো কাটি পেলোৱা হৈছিল।

 

বন্ধুসকল,

এনে কঠিন সময়ত প্ৰায় বিশ বছৰ বয়সৰ এজন যুৱকে এই অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল। আজি সেই যুৱকজনৰ বিষয়ে বিশেষ কাৰণত আলোচনা কৰিছোঁ। তেওঁৰ নাম প্ৰকাশ কৰাৰ আগতে তেওঁৰ বীৰত্বৰ কথা আপোনালোকক জনাম। বন্ধুসকল, সেই যুগত যেতিয়া নিজামৰ বিৰুদ্ধে এটা শব্দও উচ্চাৰণ কৰাটো অপৰাধ আছিল, সেই যুৱকজনে ছিদ্দিকী নামৰ নিজামৰ এজন বিষয়াক মুকলিকৈ প্ৰত্যাহ্বান জনাইছিল। কৃষকৰ শস্য জব্দ কৰিবলৈ নিজামে ছিদ্দিকীক পঠিয়াইছিল। কিন্তু অত্যাচাৰৰ বিৰুদ্ধে এই সংগ্ৰামত সেই যুৱকজনে  ছিদ্দিকীক হত্যা কৰিলে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈও সফলতাৰে সক্ষম হৈছিল তেওঁ। নিজামৰ অত্যাচাৰী পুলিচৰ পৰা পলায়ন কৰি সেই যুৱকজনে শ শ কিলোমিটাৰ দূৰৈৰ অসম পালেগৈ।

বন্ধুসকল,

মই যিজন মহান ব্যক্তিত্বৰ কথা কৈছো তেওঁ হৈছে কোমাৰাম ভীম। ২২ অক্টোবৰত তেওঁৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয়। কোমাৰাম ভীম দীৰ্ঘায়ু নাছিল; তেওঁ মাত্ৰ ৪০ বছৰহে জীয়াই আছিল, কিন্তু তেওঁৰ জীৱনকালত তেওঁ অগণন মানুহৰ, বিশেষকৈ জনজাতীয় সমাজৰ হৃদয়ত এক অমলিন চিন ৰাখিছিল। নিজামৰ বিৰুদ্ধে যুঁজ দিয়া সকলৰ মাজত তেওঁ নতুন শক্তিৰ বীজ সিঁচিছিল। কৌশলগত দক্ষতাৰ বাবেও তেওঁ পৰিচিত আছিল। তেওঁ নিজামৰ শাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিল। ১৯৪০ চনত নিজামৰ লোকে তেওঁক হত্যা কৰিছিল।যুৱক-যুৱতীসকলক তেওঁৰ বিষয়ে যিমান পাৰি জানিবলৈ প্ৰয়াস কৰাৰ আহ্বান জনাইছো।

কোমাৰাম ভীমৰ কথাৰে...

ना विनम्र निवाली |

 

आयन प्रजल हृदयाल्लों...

 

एप्पटिकी निलिचि-वूँटारू |

 

বন্ধুসকল,

অহা মাহৰ ১৫ তাৰিখে আমি জনজাতীয় গৌৰৱ দিৱস পালন কৰিম। এই শুভ অনুষ্ঠানত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী। ভগৱান বীৰছা মুণ্ডাক শ্ৰদ্ধাৰে সোঁৱৰিছো।

দেশৰ স্বাধীনতাৰ বাবে আৰু জনজাতীয় লোকৰ অধিকাৰৰ বাবে তেওঁ যি কাম কৰিলে সেয়া  অতুলনীয়। ঝাৰখণ্ডৰ ভগৱান বীৰছা মুণ্ডা গাঁও উলিহাতুলৈ যোৱাৰ সুযোগ পোৱাটো মোৰ বৰ সৌভাগ্য আছিল। শ্ৰদ্ধাৰে সেই ভূমিৰ মাটি কপালত স্পৰ্শ কৰিছো।

ভগৱান বীৰছা মুণ্ডা আৰু কোমাৰাম ভীমৰ দৰেই আমাৰ জনজাতীয় লোকসকলৰ মাজত  আন বহু মহান উজ্জ্বল ব্যক্তিত্ব আছে। তেওঁলোকৰ বিষয়ে নিশ্চয়কৈ পঢ়িবলৈ আহ্বান জনাইছো।

মোৰ প্ৰিয় দেশবাসীসকল,

'মন কি বাত'ৰ বাবে আপোনালোকৰ পৰা অসংখ্য বাৰ্তা পাইছো। বহুতে এই বাৰ্তাসমূহত নিজৰ ওচৰ-চুবুৰীয়া প্ৰতিভাশালী ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিছে। আমাৰ সৰু চহৰ, নগৰ, গাঁৱতো উদ্ভাৱনীমূলক ধাৰণা ৰূপায়ণ কৰা হৈছে বুলি পঢ়ি মই অতি আনন্দিত হৈছো। যদি আপোনালোকে  এনে ব্যক্তি বা গোটৰ কথা জানে, যিয়ে সেৱাৰ মনোভাৱেৰে সমাজখনক ৰূপান্তৰিত কৰিবলৈ নিজকে উৎসৰ্গিত কৰিছে, তেন্তে তেওঁলোকৰ বিষয়ে মোক কওক। সদায় কৰাৰ  দৰেই আপোনালোকৰ  বাৰ্তাৰ  বাবে অপেক্ষা কৰি থাকিম। অহা মাহত আমি পুনৰ লগ হ’ম ‘মন কি বাত’ৰ আন এটা খণ্ডত, কিছু নতুন বিষয়ৰ সৈতে। তেতিয়ালৈকে মই আপোনালোকক বিদায় জনাইছো। সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman

Media Coverage

Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Highlights the Power of Laughter for Health and Happiness sharing a Sanskrit Subhashitam
February 04, 2026

Prime Minister Shri Narendra Modi today shared an inspiring message rooted in ancient wisdom, emphasizing the timeless value of laughter as the best medicine.

Quoting a Sanskrit verse on X, the Prime Minister underscored that:

"औषधेष्वपि सर्वेषु हास्यं श्रेष्ठं वदन्ति ह।
स्वाधीनं सुलभं चैवारोग्यानन्दविवर्धनम्।। "