Deep anguish in my heart: PM Modi on Pahalgam terror attack
The blood of every Indian is on the boil after seeing the pictures of the terrorist attack: PM Modi
In the war against terrorism, the unity of the country, the solidarity of 140 crore Indians, is our biggest strength: PM Modi
The perpetrators and conspirators of Pahalgam attack will be served with the harshest response: PM Modi
Dr. K Kasturirangan Ji’s contribution in lending newer heights to science, education and India’s space programme shall always be remembered: PM
Today, India has become a global space power: PM Modi
Very proud of all those who participated in Operation Brahma: PM Modi
Whenever it comes to serving humanity, India has always been at the forefront: PM Modi
Growing attraction for science and innovation amongst youth will take India to new heights: PM Modi
More than 140 crore trees planted under #EkPedMaaKeNaam initiative: PM Modi
Champaran Satyagraha infused new confidence in the freedom movement: PM Modi

মোৰ প্ৰিয় দেশবাসী,

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

বন্ধুসকল, ভাৰতবাসীৰ মাজত যি ক্ষোভ আছে, সেই ক্ষোভ সমগ্ৰ বিশ্বতে বিদ্যমান। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বৰ পৰা শোকবাৰ্তা ধাৰাবাহিকভাৱে আহি আছে। বিশ্বৰ নেতাসকলেও মোক ফোন কৰিছে, চিঠি লিখাৰ লগতে বাৰ্তাও প্ৰেৰণ কৰিছে। এই জঘন্য, সংগঠিত সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে তীব্ৰ গৰিহণা দিছে। সকলো মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত সমগ্ৰ বিশ্বই ১৪০ কোটি ভাৰতীয়ৰ কাষত থিয় দিছে। মই পীড়িত পৰিয়ালসমূহক আশ্বস্ত কৰিব বিচাৰিছো যে তেওঁলোকে ন্যায় পাব আৰু তেওঁলোকে ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহও। এই আক্ৰমণৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক কঠোৰভাৱে প্ৰত্যুত্তৰ দিয়া হ’ব।

বন্ধুসকল, দুদিন আগতে আমি আমাৰ দেশৰ মহান বিজ্ঞানী ড° কে কস্তুৰীৰংগনজীক হেৰুৱালোঁ। কস্তুৰীৰংগনজীক যেতিয়াই লগ পাইছিলো তেতিয়াই ভাৰতৰ নৱপ্ৰজন্মৰ প্ৰতিভা, আধুনিক শিক্ষা, মহাকাশ বিজ্ঞান আদিৰ বিষয়ে বহু আলোচনা কৰিছিলোঁ।বিজ্ঞান, শিক্ষা আৰু ভাৰতৰ মহাকাশ কাৰ্যকলাপক নতুন উচ্চতালৈ লৈ যোৱাত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। তেওঁৰ নেতৃত্বত ইছৰোই নতুন পৰিচয় লাভ কৰিছিল। তেওঁ মাৰ্গদৰ্শনত যি মহাকাশ কাৰ্যসূচী হাতত লোৱা হৈছিল, সেই প্ৰচেষ্টাই বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। আজি ভাৰতে ব্যৱহাৰ কৰা বহু উপগ্ৰহ ড° কস্তুৰীৰংগনৰ তত্বাৱধানত উৎক্ষেপণ কৰা হৈছিল। তেওঁৰ ব্যক্তিত্বৰ আন এক বিশেষ কথা আছিল যাৰ পৰা নৱপ্ৰজন্মই শিকিব পাৰে। তেওঁ সদায় নতুনত্বক গুৰুত্ব দি আহিছে। কিবা এটা নতুন শিকা, জনা আৰু নতুন কিবা এটা কৰাৰ দৃষ্টিভংগী অতি প্ৰেৰণাদায়ক। ড° কে কস্তুৰীৰংগনজীয়ে দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুত কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ড° কস্তুৰীৰংগনে একবিংশ শতিকাৰ আধুনিক প্ৰয়োজন অনুসৰি ‘ফৰৱাৰ্ড লুকিং এডুকেচন’ৰ ধাৰণাটো গ্ৰহণ কৰিছিল। দেশৰ প্ৰতি তেওঁৰ নিস্বাৰ্থ সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। ড° কে কস্তুৰীৰংগনজীলৈ মই বিনম্ৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।

মোৰ প্ৰিয় দেশবাসী,

চলিত এপ্ৰিল মাহত আৰ্যভট্ট উপগ্ৰহ উৎক্ষেপণৰ ৫০ বছৰ সম্পূৰ্ণ হ'ল। আজি যেতিয়া আমি পিছলৈ ঘূৰি চাওঁ, ৫০ বছৰৰ এই যাত্ৰাক স্মৰণ কৰো, তেতিয়া আমি উপলব্ধি কৰো যে আমি কিমান দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিছো। মহাকাশলৈ ভাৰতৰ সপোনৰ এই উৰণ এসময়ত কেৱল সাহসেৰে আৰম্ভ হৈছিল। দেশৰ বাবে কিবা এটা কৰাৰ আবেগ থকা এচাম যুৱ বিজ্ঞানী-যাৰ হাতত আজিৰ দৰে আধুনিক সম্পদ নাছিল, বিশ্ব প্ৰযুক্তিৰ সুবিধাও নাছিল-তেওঁলোকৰ যদি কিবা আছিল তেন্তে সেয়া হৈছে প্ৰতিভা, নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু দেশৰ বাবে কিবা এটা কৰাৰ আবেগ। আমাৰ বিজ্ঞানীসকলে ম’হৰ গাড়ী আৰু চাইকেলত গুৰুত্বপূৰ্ণ সা-সৰঞ্জাম কঢ়িয়াই অনা ছবিও আপোনালোকে নিশ্চয় দেখিছে। দেশৰ প্ৰতি সেই সমৰ্পণ আৰু সেৱাৰ মনোভাৱৰ বাবেই আজি ইমানবোৰ পৰিৱৰ্তন হৈছে। আজি ভাৰত গ্ল’বেল স্পেচ পাৱাৰত পৰিণত হৈছে। আমি একেলগে ১০৪টা উপগ্ৰহ উৎক্ষেপণ কৰি অভিলেখ ৰচনা কৰিছো। আমি চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছো। ভাৰতে মংগল গ্ৰহৰ কক্ষপথ অভিযান আৰম্ভ কৰিছে আৰু আমি আদিত্য–এল ১ মিছনৰ জৰিয়তে সূৰ্য্যৰ নিচেই ওচৰ পালোঁগৈ। আজি ভাৰতে সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল কিন্তু সফল মহাকাশ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি আহিছে। বিশ্বৰ বহু দেশে উপগ্ৰহ আৰু মহাকাশ অভিযানৰ বাবে ইছৰোৰ পৰা সহায় লয়।

বন্ধুসকল,

ইছৰোৰ সহায়ত কোনো দেশে উপগ্ৰহ উৎক্ষেপণ কৰা দেখিলে আমি গৌৰৱেৰে উঠলি উঠো। ২০১৪ চনত পিএছএলভি-চি-২৩ উৎক্ষেপণৰ সাক্ষী হোৱাৰ সময়ত মোৰো এনেকুৱা অনুভৱ হৈছিল।২০১৯ চনত চন্দ্ৰযান-২ অৱতৰণৰ সময়তো মই বেংগালুৰুৰ ইছৰো চেণ্টাৰত উপস্থিত আছিলো। সেই সময়ত চন্দ্ৰযানে আশা কৰা ধৰণে সফলতা লাভ কৰা নাছিল, বিজ্ঞানীসকলৰ বাবে সেয়া আছিল অতি কঠিন সময়। কিন্তু বিজ্ঞানীসকলৰ ধৈৰ্য্য আৰু কিবা এটা সাধনৰ উদ্যমো মই নিজ চকুৰে দেখি আছিলোঁ আৰু কেইবছৰমান পিছত সমগ্ৰ বিশ্বই দেখিলে যে সেইসকল বিজ্ঞানীয়েই কেনেকৈ চন্দ্ৰযান-৩ক সফল কৰি তুলিলে।

বন্ধুসকল,

এতিয়া ভাৰতে ব্যক্তিগত খণ্ডৰ বাবেও নিজৰ মহাকাশ খণ্ড মুকলি কৰিছে। আজি বহু যুৱকে স্পেচ ষ্টাৰ্টআপত নতুন ধ্বজা উৰুৱাইছে। ১০ বছৰ আগতে এই খণ্ডত মাত্ৰ এটা কোম্পানী থকাৰ বিপৰীতে আজি দেশত ৩২৫টাতকৈও অধিক স্পেচ ষ্টাৰ্টআপে কাম কৰি আছে। অনাগত সময়ত মহাকাশ খণ্ডই বহু নতুন সম্ভাৱনা আনিব। নতুন উচ্চতা উপনীত হ’ব ভাৰত। গগণযান, স্পেডেক্স, চন্দ্ৰযান-৪ৰ দৰে বহু গুৰুত্বপূৰ্ণ অভিযানৰ বাবে দেশে প্ৰস্তুতি চলোৱাত ব্যস্ত। আমি ভেনাছ অৰ্বিটাৰ মিছন আৰু মাৰ্চ লেণ্ডাৰ মিছনৰ কামো কৰি আছো। আমাৰ মহাকাশ বিজ্ঞানীসকলে নিজৰ উদ্ভাৱনেৰে দেশবাসীক নতুন গৌৰৱেৰে গৌৰৱান্বিত কৰিব।

বন্ধুসকল,

যোৱা মাহত ম্যানমাৰৰ ভূমিকম্পৰ ভয়াবহ ছবি আপোনালোকে নিশ্চয় দেখিছে। ভূমিকম্পই দেশখনত ভয়াবহ ধ্বংসলীলাৰ সৃষ্টি কৰিছিল; ধ্বংসাৱশেষত আবদ্ধ হৈ থকা মানুহবোৰৰ বাবে প্ৰতিটো উশাহ, প্ৰতিটো মুহূৰ্ত বহুমূলীয়া আছিল। সেয়েহে ভাৰতে লগে লগে ম্যানমাৰত থকা আমাৰ ভাই-ভনীসকলৰ বাবে অপাৰেচন ব্ৰহ্ম আৰম্ভ কৰিলে। বায়ুসেনাৰ বিমানৰ পৰা আৰম্ভ কৰি নৌসেনাৰ জাহাজলৈকে সকলো ম্যানমাৰক সহায় কৰিবলৈ পঠিওৱা হৈছিল। তাত ভাৰতীয় দলটোৱে এখন ফিল্ড হস্পিতাল প্ৰস্তুত কৰিলে। অভিযন্তাৰ এটা দলে গুৰুত্বপূৰ্ণ অট্টালিকা আৰু আন্তঃগাঁথনিৰ ক্ষতিৰ মূল্যায়নত সহায় কৰিলে। ভাৰতীয় দলটোৱে তাত কম্বল, তম্বু, শোৱা বেগ, ঔষধ, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন বস্তু যোগান ধৰিলে। এই সময়ছোৱাত ভাৰতীয় দলটোৱে জনসাধাৰণৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰে।

বন্ধুসকল,

এই সংকট কালত সাহস, ধৈৰ্য্য আৰু প্ৰজ্ঞাৰ বহু হৃদয়স্পৰ্শী উদাহৰণ পোহৰলৈ আহিছে। ভাৰতীয় দলটোৱে ১৮ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা ৭০ বছৰ ঊৰ্ধ্বৰ এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰে। বৰ্তমান যিসকলে টিভিত ‘মন কী বাত’ চাই আছে তেওঁলোকে নিশ্চয় সেই বৃদ্ধাগৰাকীৰ মুখখনো দেখিছে। ভাৰতৰ দলটোৱে তেওঁৰ অক্সিজেনৰ মাত্ৰা সুস্থিৰ কৰাৰ পৰা আৰম্ভ কৰি হাড়ভঙাৰ চিকিৎসালৈকে সকলো সুবিধা প্ৰদান কৰিছিল। এই বৃদ্ধাগৰাকীক যেতিয়া চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল, তেতিয়া তেওঁ আমাৰ দলটোক কৃতজ্ঞতা প্ৰকাশ কৰিছিল। ভাৰতীয় উদ্ধাৰকাৰী দলৰ বাবেই নতুন জীৱন পোৱা বুলিও কয় ছানীয়ে। বহুতে আমাৰ দলটোক কৈছিল যে তেওঁলোকৰ বাবেই তেওঁলোকে নিজৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ক বিচাৰি পাবলৈ সক্ষম হৈছে।

বন্ধুসকল,

ভূমিকম্পৰ পিছত ম্যানমাৰৰ মাণ্ডলেৰ এটা মঠত বহু লোক আবদ্ধ হৈ পৰাৰ আশংকাই দেখি দিছিল। আমাৰ সহকৰ্মীসকলেও সেই মঠত সাহায্য আৰু উদ্ধাৰ অভিযান চলাইছিল আৰু ইয়াৰ বাবেই তেওঁলোকে বৌদ্ধ সন্ন্যাসীসকলৰ পৰা বহু আশীৰ্বাদ লাভ কৰিছিল। অপাৰেচন ব্ৰহ্মত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিক লৈ আমি অতি গৌৰৱান্বিত। আমাৰ পৰম্পৰা আছে, আমাৰ মূল্যবোধ আছে, ‘বসুধৈৱ কুটুম্বকম’ৰ অনুভূতি আছে, কিয়নো আমি ভাৱো যে সমগ্ৰ বিশ্ব এটা পৰিয়াল। সংকটৰ সময়ত বিশ্বৰ বন্ধু হিচাপে ভাৰতৰ প্ৰস্তুতি আৰু মানৱতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা আমাৰ পৰিচয় হৈ পৰিছে।

বন্ধুসকল,

আফ্ৰিকাৰ ইথিওপিয়াত প্ৰবাসী ভাৰতীয়ৰ এক অভিনৱ প্ৰচেষ্টাৰ কথা জানিব পাৰিছো। ইথিওপিয়াত বসবাস কৰা ভাৰতীয়সকলে জন্মৰ পৰাই হৃদৰোগত আক্ৰান্ত শিশুক চিকিৎসাৰ বাবে ভাৰতলৈ প্ৰেৰণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে। এনে বহু শিশুক ভাৰতীয় পৰিয়ালে আৰ্থিকভাৱেও সহায় কৰি আছে। যদি কোনো শিশুৰ পৰিয়ালে টকাৰ অভাৱত ভাৰতলৈ আহিব নোৱাৰে তেন্তে ইয়াৰ ব্যৱস্থা আমাৰ ভাৰতীয় ভাই-ভনীসকলেও কৰি আহিছে। ইথিওপিয়াৰ গুৰুতৰ ৰোগত আক্ৰান্ত প্ৰতিজন আৰ্ত শিশুৱে যাতে উন্নত চিকিৎসা লাভ কৰে তাৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছে। প্ৰবাসী ভাৰতীয়সকলৰ এই উদাৰ মনোভাৱাপন্ন কামে ইথিওপিয়াত যথেষ্ট প্ৰশংসা লাভ কৰিছে। আপোনালোকে জানে যে ভাৰতত চিকিৎসাৰ সুবিধাসমূহ নিৰন্তৰ উন্নতি হৈছে। আন দেশৰ বহু নাগৰিকেও ইয়াৰ সুবিধা লৈ আহিছে।

বন্ধুসকল,

মাত্ৰ কেইদিনমানৰ আগতে ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ বাবেও বৃহৎ পৰিমাণৰ ভেকচিন প্ৰেৰণ কৰিছে। এই ভেকচিন ৰেবিজ, টিটেনাছ, হেপাটাইটিছ বি আৰু ইনফ্লুৱেঞ্জাৰ দৰে বিপজ্জনক ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত উপযোগী হ’ব। এই সপ্তাহত নেপালৰ অনুৰোধত ভাৰতে নেপাললৈ ঔষধ আৰু ভেকচিনৰ বৃহৎ চালান প্ৰেৰণ কৰিছে। ইয়াৰ দ্বাৰা থেলাছেমিয়া আৰু ছিকেল চেল ৰোগত আক্ৰান্ত ৰোগীৰ উন্নত চিকিৎসা নিশ্চিত হ’ব। যেতিয়াই মানৱতাক সেৱা আগবঢ়োৱাৰ কথা আহে তেতিয়াই ভাৰত সদায় আগৰণুৱা হৈ আহিছে আৰু ভৱিষ্যতেও এনে প্ৰতিটো প্ৰয়োজনত আগৰণুৱা হৈ থাকিব।

বন্ধুসকল,

মই ইতিমধ্যে দুৰ্যোগ ব্যৱস্থাপনাৰ কথা কৈ আছিলো। যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আপোনাৰ সজাগতা আৰু আপোনাৰ সতৰ্কতা অতি গুৰুত্বপূৰ্ণ। এতিয়া এই সতৰ্কতা আপোনাৰ মোবাইলত থকা এটা বিশেষ এপৰ পৰা সহায় ল’ব পাৰিব। এই এপটোৱে আপোনাক যিকোনো প্ৰাকৃতিক দুৰ্যোগত আবদ্ধ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আৰু ইয়াৰ নাম হৈছে ‘ছাচেট(Sachet')’। ‘ছাচেট এপ’ ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এনডিএমএ) প্ৰস্তুত কৰিছে। বানপানী, ঘূৰ্ণীবতাহ, ভূমিস্খলন, ছুনামী, বন জুঁই, হিমস্খলন, ধুমুহা, ঘূৰ্ণীবূতাহ বা বজ্ৰপাত য়িয়েই নহওক, ‘ছাচেট এপে’ আপোনাক সকলো তথ্য অৱগত কৰাৰ লগতে সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। এই এপটোৰ জৰিয়তে আপুনি বতৰ বিজ্ঞান বিভাগৰ সৈতে জড়িত আপডেট লাভ কৰিব পাৰিব। বিশেষ কথাটো হ’ল ‘ছাচেট এপে’ আঞ্চলিক ভাষাতো বহু তথ্য প্ৰদান কৰে। আপুনিও এই এপটোৰ সুবিধা লৈ আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে নিশ্চিতভাৱে শ্বেয়াৰ কৰিব।

মোৰ প্ৰিয় দেশবাসী,

আজি আমি সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতিভাৰ শলাগ লোৱা দেখিবলৈ পাইছো। ভাৰতৰ যুৱক-যুৱতীসকলে ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি কৰি দিছে আৰু যিকোনো দেশৰ যুৱক-যুৱতীৰ ৰুচিয়ে নিৰ্ধাৰণ কৰে দেশৰ ভৱিষ্যত কেনেকুৱা হ’ব। আজি ভাৰতৰ যুৱ প্ৰজন্মই বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ দিশত আগবাঢ়িছে। আনকি যিবোৰ ক্ষেত্ৰত আগতে পিছপৰা আৰু অন্যান্য কাৰণত পৰিচিত আছিল, সেইবোৰ ক্ষেত্ৰতো যুৱক-যুৱতীসকলে এনে আদৰ্শ দাঙি ধৰিছে যিয়ে আমাক নতুন আত্মবিশ্বাস প্ৰদান কৰিছে। চত্তীশগড়ৰ দন্তেৱাড়াৰ বিজ্ঞান কেন্দ্ৰই আজিকালি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কিছুদিনৰ আগলৈকে দন্তেৱাড়া কেৱল হিংসা আৰু অশান্তিৰ বাবেই পৰিচিত আছিল যদিও এতিয়া তাত এটা বিজ্ঞান কেন্দ্ৰ শিশু আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ বাবে আশাৰ নতুন কিৰণ হৈ পৰিছে। এই বিজ্ঞান কেন্দ্ৰটোলৈ গৈ শিশুসকলে বহুত ভাল পাইছে। তেওঁলোকে এতিয়া প্ৰযুক্তি ব্যৱহাৰ কৰি নতুন যন্ত্ৰপাতি আৰু নতুন সামগ্ৰী নিৰ্মাণ কৰিবলৈ শিকিছে। তেওঁলোকে থ্ৰীডি প্ৰিণ্টাৰ আৰু ৰবটিক গাড়ীৰ লগতে অন্যান্য উদ্ভাৱনীমূলক বস্তুৰ বিষয়েও জানিবলৈ সুযোগ পাইছিল। কিছুদিনৰ আগতে গুজৰাট ছায়েন্স চিটীত বিজ্ঞান গেলেৰী উদ্বোধন কৰিছিলোঁ। এই গেলেৰীবোৰে আধুনিক বিজ্ঞানৰ সম্ভাৱনা আৰু বিজ্ঞানে আমাৰ বাবে কিমান কাম কৰিব পাৰে তাৰ আভাস দিয়ে। জানিব পৰামতে তাত থকা ল’ৰা-ছোৱালীবোৰৰ মাজত এই গেলেৰীবোৰক লৈ যথেষ্ট উৎসাহ আছে। বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰতি এই ক্ৰমবৰ্ধমান আকৰ্ষণে নিশ্চিতভাৱে ভাৰতক নতুন উচ্চতালৈ লৈ যাব।

 

মোৰ প্ৰিয় দেশবাসী,

আমাৰ দেশৰ সৰ্ববৃহৎ শক্তি হৈছে আমাৰ ১৪০ কোটি নাগৰিকৰ সামৰ্থ্য আৰু ইচ্ছাশক্তি। কোটি কোটি মানুহে যেতিয়া একত্ৰিত হৈ কোনো অভিযানত অংশগ্ৰহণ কৰে, তেতিয়া ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হয়। তেনে এটা উদাহৰণ হ'ল "এক পেড় মা কে নাম"। আমাৰ জন্মদাত্ৰীসকলৰ নামত আৰু লগতে আমাক কোলাত লৈ থকা ধৰিত্ৰী মাৰ বাবে এই অভিযান হাতত লোৱা হৈছে।

বন্ধুসকল,

৫ জুনৰ বিশ্ব পৰিবেশ দিৱসত এই অভিযানৰ এবছৰ সম্পূৰ্ণ হ'ব। বিগত এবছৰত এই অভিযানৰ অধীনত সমগ্ৰ দেশতে মাতৃৰ নামত ১৪ কোটিতকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে। ভাৰতত এই পদক্ষেপৰ পৰিপ্ৰেক্ষিতত দেশৰ বাহিৰৰ মানুহেও মাতৃৰ নামত গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছে। আপুনিও এই অভিযানত অংশগ্ৰহণ কৰা উচিত, যাতে এবছৰৰ পিছত আপুনিও আপোনাৰ অংশগ্ৰহণৰ বাবে গৌৰৱ অনুভৱ কৰিব পাৰে।

 

বন্ধুসকল,

আমি সকলোৱে জানো যে গছে শীতলতা প্ৰদান কৰে আৰু গছৰ ছাঁই গৰমৰ পৰা সকাহ দিয়ে। কিন্তু শেহতীয়াকৈ ইয়াৰ সৈতে জড়িত আন এটা খবৰে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। গুজৰাটৰ আহমেদাবাদ চহৰত যোৱা কেইবছৰমানৰ পৰা ৭০ লাখৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। এই গছবোৰে আহমেদাবাদৰ সেউজীয়া অঞ্চল যথেষ্ট বৃদ্ধি কৰিছে। ইয়াৰ সমান্তৰালকৈ সবৰমতী নদীত মোহনা নিৰ্মাণ আৰু কংকৰীয়া হ্ৰদৰ দৰে কিছু বিলৰ পুনৰ নিৰ্মাণৰ ফলত ইয়াত জলভাগৰ পৰিমাণো বৃদ্ধি পাইছে। শেহতীয়া বাতৰি অনুসৰি যোৱা কেইবছৰমানৰ পৰা আহমেদাবাদ গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিয়া অন্যতম প্ৰধান চহৰত পৰিণত হৈছে। তাত থকা লোকসকলেও এই পৰিৱৰ্তন, পৰিৱেশৰ এই শীতলতা অনুভৱ কৰিছে। আহমেদাবাদত ৰোপণ কৰা গছবোৰ তাত নতুন সমৃদ্ধি কঢ়িয়াই অনাৰ কাৰণ হৈ পৰিছে। মই আপোনালোক সকলোকে পুনৰবাৰ অনুৰোধ কৰিছো যে পৃথিৱীৰ সুস্থতা বজাই ৰাখিবলৈ, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু আপোনালোকৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এজোপা গছ ৰোপণ কৰক।

বন্ধুসকল,

অতীজৰে পৰা এষাৰ কথা চলি আহিছে ‘মন কৰিলেই চন, বাকৰি মাটিটো ধন’। যেতিয়া আমি নতুন কিবা এটা কৰাৰ সিদ্ধান্ত লওঁ তেতিয়া আমি নিশ্চিতভাৱে গন্তব্যস্থানত উপনীত হওঁ। আপুনি নিশ্চয় পাহাৰত উৎপাদন হোৱা আপেল বহুত খাইছে। কিন্তু, যদি মই আপোনালোকক সোধো যে কৰ্ণাটকৰ আপেলৰ সোৱাদ লৈছেনে? তেতিয়া আপুনি আচৰিত হ’ব। সাধাৰণতে আমি জানো যে আপেলৰ খেতি কেৱল পাহাৰতহে কৰা হয়। কিন্তু কৰ্ণাটকৰ বাগালকোটত বাস কৰা শৈল তেলী ডাঙৰীয়াই ভৈয়ামত আপেলৰ খেতি কৰিছে। তেওঁৰ কুলালী গাঁৱত ৩৫ ডিগ্ৰীতকৈও অধিক উষ্ণতাতো আপেল গছত ফল ধৰিবলৈ আৰম্ভ কৰিছে। আচলতে শ্ৰী শৈল তেলী খেতিৰ প্ৰতি আকৰ্ষিত আছিল, সেয়েহে আপেল খেতি কৰাৰ চেষ্টা কৰিছিল আৰু তাত তেওঁ সফলতা লাভ কৰিছে। আজি তেওঁ ৰোপণ কৰা আপেল গছত যথেষ্ট পৰিমাণ আপেল লগাৰ লগতে বিক্ৰী কৰি তেওঁ ভাল উপাৰ্জন কৰিছে।

বন্ধুসকল,

এতিয়া যিহেতু আপেলৰ চৰ্চা চলিছে, কিন্নৌৰী আপেলৰ নামটো আপোনালোকে নিশ্চয় শুনিছে। আপেলৰ বাবে বিখ্যাত কিন্নৌৰত এতিয়া কেশৰ উৎপাদন আৰম্ভ হৈছে। সাধাৰণতে হিমাচলত কেশৰ খেতি কম আছিল যদিও এতিয়া কিন্নৌৰৰ সুন্দৰ সাংগলা উপত্যকাতো কেশৰ খেতি আৰম্ভ হৈছে। তেনে এটা উদাহৰণ হ’ল কেৰালাৰ ৱায়ানাড। ইয়াতো কৃষকে কেশৰ খেতি কৰি সফলতা লাভ কৰিছে। ৱায়ানাডত এই কেশৰ কোনো পথাৰ বা মাটিত খেতি কৰা হোৱা নাই বৰঞ্চ Aeroponics কৌশল ব্যৱহাৰ কৰা হৈছে। লিচু উৎপাদনৰ ক্ষেত্ৰতো একেধৰণৰ আচৰিত ধৰণৰ কিবা এটা হৈছে। আমি শুনি আহিছিলোঁ যে বিহাৰ, পশ্চিমবংগ বা ঝাৰখণ্ডত লিচুৰ খেতি হয়। কিন্তু এতিয়া দক্ষিণ ভাৰত আৰু ৰাজস্থানতো লিচু উৎপাদন কৰা হৈছে। তামিলনাডুৰ থিৰু বীৰা আৰাছু আছিল এগৰাকী কফি খেতিয়ক। কোডৈকানালত লিচু গছ ৰোপণ কৰি ৭ বছৰীয়া কষ্টৰ অন্তত গছবোৰে ফল দিবলৈ আৰম্ভ কৰে। লিচু খেতিৰ সফলতাই ওচৰৰ আন কৃষকসকলকো অনুপ্ৰাণিত কৰিছে। ৰাজস্থানত লিচু খেতি কৰি সফলতা লাভ কৰিছে জিতেন্দ্ৰ সিং ৰানাৱটে। এই সকলোবোৰ উদাহৰণ অতি প্ৰেৰণাদায়ক। যদি আমি নতুন কিবা এটা কৰাৰ সিদ্ধান্ত লওঁ আৰু অসুবিধাৰ মাজতো অটল থাকে, তেন্তে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি।

মোৰ প্ৰিয় দেশবাসী,

আজি এপ্ৰিল মাহৰ শেষ দেওবাৰ। কিছুদিনৰ পিছতে মে’ মাহ আৰম্ভ হ’ব। আজিৰ পৰা প্ৰায় ১০৮ বছৰ পাছলৈ উভতি চাওঁ। ১৯১৭ চনৰ এপ্ৰিল আৰু মে’, এই দুমাহ দেশত স্বাধীনতাৰ বাবে এক অনন্য যুদ্ধ চলি আছিল। ইংৰাজৰ অত্যাচাৰ তুংগত আছিল। দুখীয়া, বঞ্চিত আৰু কৃষকৰ শোষণে অমানৱীয় স্তৰ অতিক্ৰম কৰিছিল। এই বৃটিছে বিহাৰৰ উৰ্বৰ ভূমিত কৃষকক নীলা খেতি কৰিবলৈ বাধ্য কৰাইছিল। নীলা খেতিৰ বাবে কৃষকৰ পথাৰ বানেৰে উপচি পৰিছিল যদিও ইংৰাজ চৰকাৰে ইয়াৰ বাবে চিন্তিত নাছিল। এনে পৰিস্থিতিত ১৯১৭ চনত গান্ধীজীয়ে বিহাৰৰ চম্পাৰণত উপস্থিত হয়। খেতিয়কসকলে গান্ধীজীক ক’লে – আমাৰ মাটি নিঃশেষ কৰিছে, আমি খাবলৈ খাদ্য শস্য পোৱা নাই। লাখ লাখ কৃষকৰ দুখ-কষ্টই গান্ধীজীৰ মনত এক সংকল্পৰ জন্ম দিলে। তাৰ পৰাই আৰম্ভ হ’ল চম্পাৰণৰ ঐতিহাসিক সত্যাগ্ৰহ। ‘চম্পাৰণ সত্যাগ্ৰহ’ আছিল বাপুৰ ভাৰতৰ প্ৰথমটো বৃহৎ পৰীক্ষা। বাপুৰ সত্যাগ্ৰহত সমগ্ৰ ইংৰাজ শাসন জোকাৰি গ’ল। কৃষকক নীলা খেতি কৰিবলৈ বাধ্য কৰা আইনখন স্থগিত ৰাখিবলৈ বাধ্য হৈছিল ইংৰাজ। এয়া আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰতি নতুন আত্মবিশ্বাসৰ উশাহ। আপোনালোকে নিশ্চয় জানে যে স্বাধীনতাৰ পিছত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা এই সত্যাগ্ৰহত বিহাৰৰ আন এজন পুত্ৰইও ডাঙৰ অৱদান আগবঢ়াইছিল। তেওঁ আছিল এক মহান ব্যক্তিত্ব – ড° ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁ 'চম্পাৰণ সত্যাগ্ৰহ' বিষয়ক এখন গ্ৰন্থও লিখিছিল, যিখন প্ৰতিগৰাকী যুৱকে পঢ়া উচিত।

ভাই-ভনীসকল, স্বাধীনতা সংগ্ৰামৰ আৰু বহুতো পাহৰিব নোৱাৰা অধ্যায় এপ্ৰিল মাহতে হৈছিল। ৬ এপ্ৰিলত গান্ধীজীৰ ‘দা্ণ্ডি যাত্ৰা’ সম্পূৰ্ণ হয়। ১২ মাৰ্চৰ পৰা আৰম্ভ হোৱা আৰু ২৪ দিন ধৰি চলি থকা এই যাত্ৰাই ব্ৰিটিছক জোকাৰি গৈছিল। জালিয়ানৱালা বাগ হত্যাকাণ্ডও এপ্ৰিল মাহতে সংঘটিত হৈছিল। এই ৰক্তাক্ত ইতিহাসৰ চিন পঞ্জাৱৰ ভূমিত আজিও বিদ্যমান।

বন্ধুসকল,

কিছুদিনৰ পিছত ১০ মে'ত প্ৰথম স্বাধীনতা সংগ্ৰামৰ বৰ্ষপূৰ্তি অনুষ্ঠিত হ’ব। সেই প্ৰথম স্বাধীনতাৰ যুদ্ধত যি ফিৰিঙতি জ্বলি উঠিছিল, সেয়া পিছলৈ লাখ লাখ যোদ্ধাৰ বাবে অগ্নিশিখাত পৰিণত হৈছিল।  ২৬ এপ্ৰিলত আমি ১৮৫৭ চনৰ বিপ্লৱৰ মহান নায়ক বাবু বীৰ কোঁৱৰ সিঙৰ মৃত্যু বাৰ্ষিকীও উদযাপন কৰিলোঁ। সমগ্ৰ দেশে বিহাৰৰ এই মহান যোদ্ধাগৰাকীৰ পৰা প্ৰেৰণা লাভ কৰে। এনে লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ অমৰ প্ৰেৰণাক আমি জীয়াই ৰাখিব লাগিব। তেওঁলোকৰ পৰা আমি যি শক্তি পাওঁ, সেই শক্তিয়ে অমৃতকালৰ বাবে আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰে।

বন্ধুসকল, ‘মন কী বাত’ৰ দীঘলীয়া যাত্ৰাত আপোনালোকে এই অনুষ্ঠানৰ সৈতে এক অন্তৰংগ সম্পৰ্ক গঢ়ি তুলিছে। দেশবাসীয়ে যিবোৰ সাফল্য আনৰ লগত শ্বেয়াৰ কৰিব বিচাৰে সেইবোৰ ‘মন কী বাত’ৰ জৰিয়তে ৰাইজৰ মাজলৈ প্ৰেৰণ কৰা হয়। অহা মাহত আমি পুনৰ একেলগ হৈ দেশৰ বৈচিত্ৰ্য, গৌৰৱময় পৰম্পৰা আৰু নতুন কৃতিত্বৰ বিষয়ে আলোচনা কৰিম। নিজৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ জৰিয়তে সমাজত পৰিৱৰ্তন আনি থকা এনে লোকৰ বিষয়ে আমি জানিব পাৰিম। পূৰ্বৰ দৰেই আমালৈ আপোনাৰ চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰি যাওক। সকলোকে অশেষ ধন্যবাদ জনালোঁ। নমস্কাৰ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.