Fit India movement has proved its influence and relevance in this corona period in spite of the restrictions: PM
Fitness Ki Dose, Aadha Ghanta Roz: PM Modi
Staying fit is not as difficult a task as some think. With a little discipline and a little hard work you can always be healthy: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিট ইণ্ডিয়া অভিযানৰ প্ৰথম বাৰ্ষিকী উপলক্ষে ভিডিঅ’ কনফাৰেন্স যোগে বয়সোপোযোগী ফিটনেছ প্ৰট’কল মুকলি কৰে৷

এই উপলক্ষে  শ্ৰী মোদীয়ে বিভিন্ন ক্ৰীড়াবিদ, ফিটনেছ বিশেষজ্ঞ আৰু অন্যান্য ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে৷ এই ভাৰ্চুৱেল অনুষ্ঠানত অনানুষ্ঠনিক পদ্ধতিৰে অংশগ্ৰহণকাৰীসকলে নিজৰ জীৱনৰ অভিজ্ঞতা তথা ফিটনেছ মন্ত্ৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰে৷

 পেৰা অলিম্পিকত সোণৰ পদক বিজেতা জেভলিন থ্ৰ’ৱাৰ দেৱেন্দ্ৰ ঝাঝাৰিয়াৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ বিশ্ব পেৰা অলিম্পিক ক্ষেত্ৰত সন্মান কঢ়িয়াই অনা শ্ৰী দেৱেন্দ্ৰক প্ৰশংসা কৰে৷ দেৱেন্দ্ৰ ঝাঝাৰিয়াই তেওঁৰ এখন হাত হেৰুওৱাৰ পিছত কেনেধৰণৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু তেওঁৰ মাতৃয়ে আন সাধাৰণ শিশুৰ দৰে তেওঁক ব্যৱহাৰ কৰি ফিটনেছৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল সেই বিষয়ে  উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁ কিদৰে এই প্ৰত্যাহ্বানক ৰোধ কৰিবলৈ সক্ষম হ’ল এই বিষয়ে সোধাত ঝাঝাৰিয়াই কয় যে এই প্ৰত্যাহ্বান ৰোধ কৰিবলৈ প্ৰথমে নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব আৰু তাৰ পিছত মানসিক তথা শাৰীৰিক প্ৰত্যাহ্বানত জয় কৰিব লাগিব৷

অনুষ্ঠানটোত তেওঁ কিছুমান শাৰীৰিক কছৰতো প্ৰদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এই অনুপ্ৰেৰণাদায়ী কাহিনীৰ বাবে প্ৰশংসা কৰে আৰু লগতে তেওঁৰ ৮০ বছৰীয়া মাতৃকো প্ৰশংসা কৰে৷

ফুটবলাৰ আফছান আশ্বিকৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

জম্মু-কাশ্মীৰৰ গ’লকীপাৰগৰাকীয়ে কয় যে প্ৰতিগৰাকী মহিলাই নিজকে ফিট ৰখাটো আৱশ্যক কিয়নো তেওঁ মাতৃ আৰু পৰিয়ালৰ শুশ্ৰূষাকাৰীৰো ভূমিকা পালন কৰিব পাৰে৷  তেওঁ কয় তেওঁ এম এছ ধোনীৰ শান্ত স্বভাৱটোৰ পৰা প্ৰেৰণা লাভ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ লোকে নিজকে ফিট কৰি ৰাখিবলৈ কি পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰে এই বিষয়ে সোধাত আফছানে কয় যে তেওঁলোকে নিজকে ফিট কৰি ৰাখিবলৈ পাহাৰ বগায়৷ আফছানে তেওঁ গ’লকীপাৰ হিচাপে কিদৰে মানসিকভাৱে আৰু শাৰীৰিকভাৱে ফিট কৰি ৰাখিছে এই বিষয়ে বৰ্ণনা কৰে৷

 

অভিনেতা, মডেল মিলিন্দ সুমনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

মিলিন্দ সুমনক ‘মেড ইন ইণ্ডিয়া মিলিন্দ’ বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰে৷ মিলিন্দ সুমনে কয় যে জনসাধাৰণৰ মাজত ফিট ইণ্ডিয়া অভিযানৰ সজাগতা আৰম্ভ হৈছে৷ তেওঁ নিজৰ মাতৃৰ ফিটনেছৰ বিষয়েও উল্লেখ কৰে৷ প্ৰযুক্তিৰ সহজলভ্যতাৰ ফলত আজিকালি স্বাস্থ্যগত কঠিনতাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও তেওঁ খেদ প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ফিটনেছৰ বাবে কোনো বয়স নাথাকে আৰু মিলিন্দ সুমনৰ মাতৃয়ে ৮১ বছৰ বয়সতো পুশ্ব-আপ কৰা অভ্যাসৰ বাবে সন্তোষ প্ৰকাশ কৰে৷

মিলিন্দ সুমনে প্ৰধানমন্ত্ৰীক তেওঁ কিদৰে সমালোচনা চম্ভালি লয় সেই বিষয়ে সোধাত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সম্পূৰ্ণ উৎসৰ্গীকৃত মনোভাৱেৰে কাম কৰে৷  প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিযোগিতাই চিন্তাৰ এক সুস্থ বাতাৱৰণ গঢ়ি তোলে৷

পুষ্টি বিশেষজ্ঞ ৰুজুতা দ্বিৱেকাৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

ৰুজুতা দ্বিৱেকাৰে পুৰণি কালত দাইল, চাউল আৰু ঘিউ খোৱাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷ তেওঁ কয় যে যদি আমি থলুৱা উৎপাদিত খাদ্য গ্ৰহণ কৰো, ইয়াৰ দ্বাৰা কৃষকসকল উপকৃত হোৱাৰ লগতে স্থানীয় অৰ্থনীতিও সমৃদ্ধ হ’ব৷

বিদেশতো ঘিউ কিদৰে প্ৰস্তুত কৰে আৰু হালধি গাখীৰ কিদৰে প্ৰস্তুত কৰে এই বিষয়ে  সজাগতা আৰম্ভ হৈছে বুলি তেওঁ উল্লেখ কৰে৷ দ্বিৱেকাৰে কয় যে আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে প্ৰতিকূল খাদ্যসমূহ পৰিহাৰ কৰিব লাগে৷ যদি আমি পেকেট আৰু সংসাধিত খাদ্যসমূহ পৰিহাৰ কৰো তেন্তে ইয়াৰ বিভিন্ন সুবিধা আমি পৰিলক্ষিত কৰিব পাৰিম৷

স্বামী শিৱধ্যনম সৰস্বতীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

স্বামী শিৱধ্যনম সৰস্বতীয়ে সৰ্বজন হিতায়, সৰ্বজন সুখায়ৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলি মন্তব্য কৰে৷ তেওঁ পুৱাতেই ঢাৰি-পাটি এৰা আৰু যোগৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ প্ৰাচীন গুৰুকূল পদ্ধতিৰ বিষয়েও উল্লেখ কৰে৷

তেওঁ যোগাভ্যাসক কেৱল ব্যায়ামেই নহয়, ই জীৱনৰ পথ বুলিও অভিহিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে যোগাভ্যাস কাষ্টমাইজ কৰাত গুৰুত্ব প্ৰদান কৰে৷

 

বিৰাট কোহলীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

প্ৰধানমন্ত্ৰীয়ে বিৰাট কোহলীৰ সৈতে তেওঁৰ ফিটনেছ ৰুটিনৰ বিষয়ে আলোচনা কৰে৷ বিৰাটে কয় যে শাৰীৰিক শক্তিৰ সৈতে মানসিক শক্তিও সমানেই গুৰুত্বপূৰ্ণ৷ প্ৰধানমন্ত্ৰীয়ে তেওঁক দিল্লীৰ বিখ্যাত ছোলে ভাটুৰে কেনেকৈ পৰিত্যাগ কৰিলে সোধাত তেওঁ কয় যে ঘৰত বনোৱা খাদ্যই তেওঁৰ ফিটনেছ বৃদ্ধিত সহায় কৰিছে৷

শ্ৰী মোদীয়ে তেওঁ কিদৰে কেলৰি ইনটেক প্ৰতিপালন কৰিছে বুলি সোধাত বিৰাটে কয় যে শৰীৰক খাদ্য হজম কৰিবলৈ সামান্য সময়ৰ প্ৰয়োজন৷ প্ৰধানমন্ত্ৰীয়ে য়ো য়ো পৰীক্ষাৰ বিষয়ে উল্লেখ কৰি ফিটনেচ সংস্কৃতিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷

শিক্ষাবিদ মুকুল কানিটকাৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

মুকুল কানিটকাৰে কয় যে ফিটনেচ কেৱল শৰীৰগত ধাৰণাই নহয় বৰঞ্ত ই মানসিক আৰু সামাজিক স্বাস্থ্যৰ বাবেও জৰুৰী৷ তেওঁ স্বাস্থ্যৰ সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সূৰ্য নমস্কাৰৰ বিষয়ে উল্লেখ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে৷

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ  অংশ হিচাপে ফিটনেচক অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক তেওঁ প্ৰশংসা কৰে৷ তেওঁ ফিটনেছক মন, বুদ্ধি আৰু ভাৱনাৰ সংযোগ বুলি অভিহিত কৰে৷

প্ৰধানমন্ত্ৰীৰ সামৰণি ভাষণ

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ফিট ইণ্ডিয়া ডায়লগে বিভিন্ন বয়সৰ গোটৰ ফিটনেছৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে আৰু ফিটনেছৰ বিভিন্ন পৰিসৰ মুকলি কৰিছে৷ শ্ৰী মোদীয়ে দেশত ফিটনেচৰ গুৰুত্ব বৃদ্ধিৰ পোষকতা কৰে৷ আমাৰ দেশত যোগাভ্যাস, ব্যায়াম, খোজ কঢ়া, দৌৰা, স্বাস্থ্যকৰ খাদ্য গ্ৰহণ, সুস্থ জীৱনশৈলীয়ে গুৰুত্ব লাভ কৰাত প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমানে ভবাৰ দৰে ফিট হৈ থকাটো কঠিন কাম নহয়৷ নিয়মানুৱৰ্তিতা আৰু কঠোৰ পৰিশ্ৰম সদায়ে স্বাস্থ্যসন্মত হয়৷ তেওঁ প্ৰত্যেককে যোগাভ্যাস, বেডমিণ্টন অথবা টেনিচ, ফুটবল আৰু কাবাডি অতি কমেও দিনত ৩০ মিনিটকৈ খেলিবলৈ আহ্বান জনায়৷ তেওঁ কয়  যে আজি যুৱ মন্ত্ৰালয় তথা স্বাস্থ্য মন্ত্ৰালয়ে যুটীয়াভাৱে ফিটনেচ প্ৰ’টকল মুকলি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিশ্ব স্বাস্থ্য সংস্থাই খাদ্যাভাস, শাৰীৰিক কাৰ্যকলাপ আৰু স্বাস্থ্যক এক বিশ্বজনীন কৌশল হিচাপে গঢ়ি তুলিছে৷ বিভিন্ন দেশত দৈনিক ব্যায়ামৰ বাবে বৃহৎ পৰিসৰ অভিযানো আৰম্ভ হৈছে বুলি তেওঁ উল্লেখ কৰে৷

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.