মই নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানালৈ পাঁচ দিনীয়া ভ্ৰমণত গৈ আছোঁ।

মহামহিম ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ নিমন্ত্ৰণত, এইটোৱেই হ’ব মোৰ প্ৰথম নাইজেৰিয়া ভ্ৰমণ। এয়া পশ্চিম আফ্ৰিকীয় অঞ্চলত আমাৰ ঘনিষ্ঠ অংশীদাৰিত্ব। মোৰ এই ভ্ৰমণ গণতন্ত্ৰ আৰু বহুত্ববাদৰ প্ৰতি উমৈহতীয়া বিশ্বাসৰ ওপৰত আধাৰিত আমাৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ এটা সুযোগ হ’ব। মই নাইজেৰিয়াত থকা ভাৰতীয় সমাজ আৰু বন্ধু-বান্ধৱীকো লগ পাবলৈ আগ্ৰহী, যিসকলে মোলৈ হিন্দী ভাষাত হৃদয়স্পৰ্শী আদৰণি বাৰ্তা প্ৰেৰণ কৰিছে।

ব্ৰাজিলত, মই ট্ৰয়কাৰ সদস্য হিচাপে ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিম। যোৱা বছৰ, ভাৰতৰ সফল অধ্যক্ষতাই জি-২০ক জনগণৰ জি-২০লৈ ৰূপান্তৰিত কৰে আৰু গ্ল’বেল ছাউথৰ অগ্ৰাধিকাৰসমূহ ইয়াৰ কাৰ্যসূচীৰ মূলসুঁতিত অন্তৰ্ভুক্ত কৰে। এই বছৰ, ব্ৰাজিলে ভাৰতৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈছে। মই “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ” আমাৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই ফলপ্ৰসূ আলোচনাৰ প্ৰতি আশান্বিত। মই আন বহু নেতাৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মত বিনিময়ৰ সুযোগো গঠনমূলকভাৱে ব্যৱহাৰ কৰিবলৈ আগ্ৰহী।

মহামহিম ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ নিমন্ত্ৰণত মোৰ গুয়ানা ভ্ৰমণ হ’ব ৫০ বছৰতকৈও অধিক সময়ৰ ভিতৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ। আমি আমাৰ চমকপ্ৰদ সম্পৰ্কসমূহক কৌশলগত দিশ প্ৰদান কৰিবলৈ ধাৰণা বিনিময় কৰিম, এয়া আমাৰ উমৈহতীয়া ঐতিহ্য, সংস্কৃতি আৰু মূল্যবোধৰ ওপৰত  আধাৰিত। মই ১৮৫ বছৰতকৈও অধিক পূৰ্বে প্ৰবাস কৰা আটাইতকৈ পুৰণি ভাৰতীয় প্ৰবাসীসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম আৰু তেওঁলোকৰ সংসদত মোৰ ভাষণেৰে এই সতীৰ্থ গণতন্ত্ৰৰ সৈতেও সংযোগ স্থাপন কৰিম।

এই ভ্ৰমণৰ সময়ত, মই কেৰিবিয়ান অংশীদাৰ দেশসমূহৰ নেতাসকলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিম। আমি প্ৰতিটো কঠিন সময়ত একেলগে থিয় দি আছোঁ। এই শীৰ্ষ সন্মিলনে আমাক আমাৰ ঐতিহাসিক সম্পৰ্ক নবীকৰণ কৰাৰ লগতে নতুন ক্ষেত্ৰত আমাৰ সহযোগিতা সম্প্ৰসাৰণ কৰাৰ গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From a carved table gifted by Putin to PM Modi to selection of Chola bronzes, over 100 artefacts find pride of place in new PMO

Media Coverage

From a carved table gifted by Putin to PM Modi to selection of Chola bronzes, over 100 artefacts find pride of place in new PMO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising on sacred Earth as a source of strength to the nation
March 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam emphasising on sacred Earth as a source of strength to the nation:

“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”

The Subhashitam conveys that, the Earth, which is filled with water within the oceans, and surrounded by water outside, which thoughtful scholars have understood through their wisdom, and whose heart is covered by the eternal truth in the vast sky – may that earth, sustain our energy and strength in a noble nation.

The Prime Minister wrote on X;

“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”