আজি প্ৰতিটো সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সিন্দূৰ মচিলে কি পৰিণাম হ’ব, সেই কথা জানেঃ প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দূৰ হৈছে ন্যায়ৰ বাবে এক অটল অংগীকাৰঃ প্ৰধানমন্ত্ৰী
সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীসকলৰ কপালৰ সিন্দূৰ মচিবলৈ দুঃসাহস কৰিছিল; সেইবাবে ভাৰতে সন্ত্ৰাসবাদৰ মূল ঘাটিটোকে ধ্বংস কৰিলেঃ প্ৰধানমন্ত্ৰী
পাকিস্তান আমাৰ সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল,কিন্তু ভাৰতে ইয়াৰ ৰাজহাঁড়তে আঘাত হানিলেঃ প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক পুনৰ সংজ্ঞায়িত কৰিছে, এক নতুন মাপকাঠি, এক নতুন স্বাভাৱিক অৱস্থা নিৰ্ধাৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী
এয়া যুদ্ধৰ যুগ নহয়, কিন্তু সন্ত্ৰাসবাদৰ যুগো নহয়ঃ প্ৰধানমন্ত্ৰী
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখনি উন্নত বিশ্বৰ নিশ্চয়তাঃ প্ৰধানমন্ত্ৰী
Any talks with Pakistan will focus on terrorism and PoK: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰক সম্বোধন কৰে। সম্বোধন কালত তেখেতে কয় যে যোৱা কেইদিনত ৰাষ্ট্ৰখনে ইয়াৰ শক্তি আৰু সংযম উভয়কে প্ৰত্যক্ষ কৰিছে। তেখেতে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ হৈ দেশৰ দুৰ্জেয় সশস্ত্ৰ বাহিনী, চোৰাংচোৱা সংস্থা, বিজ্ঞানীসকলক অভিবাদন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বীৰ জোৱানসকলে অপাৰেচন সিন্দূৰৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অদম্য সাহসত আলোকপাতেৰে তেওঁলোকৰ সাহসিকতা, প্ৰাণোচ্ছলতা আৰু অদম্য মনোভাৱৰ শলাগ লয়। তেখেতে এই অতুলনীয় বীৰত্বক ৰাষ্ট্ৰৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী, কন্যাৰ প্ৰতি উৎসৰ্গা কৰে।

২২ এপ্ৰিলত পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা জনাই এই অপকৰ্মই ৰাষ্ট্ৰ আৰু বিশ্ব উভয়কে স্তম্ভিত কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে ইয়াক সন্ত্ৰাসৰ এক ঘৃণনীয় প্ৰদৰ্শন বুলি অভিহিত কৰে। কিয়নো এই আক্ৰমণত অৱসৰ বিনোদনত ব্যস্ত নিৰীহ সাধাৰণ নাগৰিকক তেওঁলোকৰ বিশ্বাস সম্পৰ্কে প্ৰশ্নৰ পিছত নৃশংসভাৱে হত্যা কৰা হৈছিল। তেওঁলোকৰ পৰিয়াল আৰু সন্তানৰ সন্মুখতে এনে বৰ্বৰতা সংঘটিত কৰিছিল। তেখেতে কয় যে এয়া কেৱল নিষ্ঠুৰতাই নহয়, বৰঞ্চ ৰাষ্ট্ৰখনৰ সম্প্ৰীতিৰ বান্ধোন ছিঙি পেলোৱাৰ এক নিকৃষ্ট প্ৰচেষ্টাও। এই আক্ৰমণক লৈ গভীৰ ব্যক্তিগত যন্ত্ৰণা প্ৰকাশেৰে তেখেতে কয় যে ইয়াৰ লগে-লগে সমগ্ৰ ৰাষ্ট্ৰখন— ইয়াৰ প্ৰতিগৰাকী নাগৰিক, প্ৰতিখন সমাজ, সমাজৰ প্ৰতিটো শ্ৰেণী, আৰু প্ৰতিটো ৰাজনৈতিক দলে— সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত একত্ৰিত হৈছে। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ সশস্ত্ৰ বাহিনীক পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে। তেখেতে সকলো সন্ত্ৰাসবাদী সংগঠনকে সকীয়নি প্ৰদানেৰে ঘোষণা কৰে যে সিহঁতে এতিয়া ৰাষ্ট্ৰখনৰ মহিলাৰ মৰ্য্যাদা হানিৰ অপচেষ্টাৰ পৰিণাম সম্পূৰ্ণৰূপে বুজি পাইছে।

“অপাৰেচন সিন্দূৰ কেৱল এটা নাম নহয়, বৰঞ্চ এয়া হৈছে লক্ষ-লক্ষ ভাৰতীয়ৰ আৱেগৰ প্ৰতিফলন” বুলি ব্যক্তকৰণেৰে ইয়াক ন্যায়ৰ প্ৰতি অটল অংগীকাৰ বুলি অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া ৬-৭ মে’ত বিশ্বই পূৰণ হোৱা প্ৰত্যক্ষ কৰিছিল বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা স্থান আৰু প্ৰশিক্ষণ কেন্দ্ৰত সুনিৰ্দিষ্ট আক্ৰমণ চলাই নিৰ্ণায়ক আঘাত হানিছিল। তেখেতে কয় যে ভাৰতে ইমান সাহসী পদক্ষেপ গ্ৰহণ কৰিব বুলি সন্ত্ৰাসবাদীয়ে কেতিয়াও কল্পনাও কৰা নাছিল। কিন্তু দেশখনে “ৰাষ্ট্ৰ প্ৰথম” মনোভাৱক ইয়াৰ পথ-প্ৰদৰ্শক নীতি হিচাপে গ্ৰহণেৰে একত্ৰিত হোৱা মাত্ৰেকে দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু প্ৰভাৱশালী ফলাফল পৰিলক্ষিত হয়। তেখেতে উল্লেখ কৰে যে পাকিস্তানৰ সন্ত্ৰাসবাদী কেন্দ্ৰসমূহত ভাৰতৰ মিছাইল আৰু ড্ৰোন আক্ৰমণে কেৱল সন্ত্ৰাসৰ আন্তঃগাঁথনিয়েই নহয়, বৰঞ্চ সিহঁতৰ মনোবলো ভাঙি পেলালে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বাহাৱালপুৰ আৰু মুৰিডকেৰ দৰে স্থানসমূহে দীৰ্ঘদিন ধৰি বিশ্ব সন্ত্ৰাসবাদৰ কেন্দ্ৰ হিচাপে কাম কৰি আহিছে, উক্ত দুই স্থান বিশ্বজুৰি সংঘটিত বৃহৎ আক্ৰমণৰে জড়িত হৈ আহিছিল। যুক্তৰাষ্ট্ৰৰ ৯/১১ আক্ৰমণ, লণ্ডন টিউব বোমা বিস্ফোৰণ আৰু ভাৰতত দশক-দশক ধৰি সংঘটিত হৈ অহা সন্ত্ৰাসবাদী কাণ্ডও ইয়াৰপৰাই নিয়ন্ত্ৰিত হৈছিল। তেখেতে ঘোষণা কৰে যে সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীসকলৰ কপালৰ সিন্দূৰ মচিবলৈ দুঃসাহস কৰিছিল; সেইবাবে ভাৰতে সন্ত্ৰাসবাদৰ মূল ঘাটিটোকে ধ্বংস কৰিলে। এই অভিযানৰ জৰিয়তে দশক-দশক ধৰি ভাৰতৰ বিৰুদ্ধে মুকলিকৈ ষড়যন্ত্ৰ ৰচনা কৰা গুৰুত্বপূৰ্ণ ব্যক্তিকে প্ৰমুখ্য কৰি ১০০ৰো অধিক দুধৰ্ষ সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হয় বুলিও তেখেতে উল্লেখেৰে ভাৰতৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাবোৰক ক্ষীপ্ৰতাৰে নিধন কৰা হৈছে বুলি দৃঢ়তাৰে কয়।

শ্ৰী মোদীয়ে কয় যে ভাৰতৰ নিখুঁত আৰু শক্তিশালী আক্ৰমণে পাকিস্তানক গভীৰ নিৰাশাত পেলাইছে, যিয়ে পাকিস্তানক হতাশাৰ মাজলৈ ঠেলি দিছে। পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৈশ্বিক যুঁজখনত যোগদানৰ পৰিৱৰ্তে অসাৱধানতাৰে সন্ত্ৰাসৰ আশ্ৰয় লৈ ভাৰতীয় বিদ্যালয়, মহাবিদ্যালয়, গুৰুদ্বাৰ, মন্দিৰ আৰু নাগৰিকৰ গৃহত আক্ৰমণ চলাইছিল তথা সামৰিক ঘাটিকো লক্ষ্য কৰি লৈছিল বুলি তেখেতে লগতে কয়। তেখেতে কয় যে এই আক্ৰমণে পাকিস্তানৰ দুৰ্বলতাখিনিহে প্ৰকাশিত কৰিলে। কিয়নো ভাৰতৰ উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ সন্মুখত ইয়াৰ ড্ৰোন আৰু মিছাইলবোৰ ছিন্নভিন্ন হৈ পৰিছিল, যিয়ে আকাশতে ইয়াক নিষ্ক্ৰিয় কৰি পেলাইছিল। তেখেতে কয় যে পাকিস্তান আমাৰ সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল, কিন্তু ভাৰতে ইয়াৰ ৰাজহাঁড়তে আঘাত হানিলে। ভাৰতীয় ড্ৰোন আৰু মিছাইলেৰে নিখুঁত আক্ৰমণ চলাই পাকিস্তানী বিমানঘাটিসমূহৰ গুৰুতৰ ক্ষতিসাধন কৰা হয়। ভাৰতৰ প্ৰত্যুত্তৰৰ প্ৰথম তিনিদিনৰ ভিতৰতে পাকিস্তান আশা কৰাতকৈ বহু বেছি ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। ভাৰতৰ আগ্ৰাসী প্ৰতিহত ব্যৱস্থাৰ পিছত পাকিস্তানে ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰা সকাহ বিচাৰি বিশ্ব সমাজক আবেদন জনাইছিল। তেখেতে ব্যক্ত কৰে যে গুৰুতৰ ক্ষতিৰ সন্মুখীন হোৱাৰ পিছত ১০ মে’ৰ বিয়লি পাকিস্তানৰ সেনাই ভাৰতৰ ডিজিএমঅ’-ৰ সৈতে যোগাযোগ কৰিছিল। তেতিয়ালৈকে ভাৰতে বৃহৎ পৰিসৰৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ভাঙি পেলাইছিল, কুখ্যাত সন্ত্ৰাসবাদীবোৰক নিধন কৰিছিল আৰু পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহক ধ্বংসস্তূপত পৰিণত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পাকিস্তানে নিজৰ আবেদনত ভাৰতৰ বিৰুদ্ধে সকলো সন্ত্ৰাসবাদী কাৰ্য্যকলাপ আৰু সামৰিক আগ্ৰাসন বন্ধ কৰিব বুলি নিশ্চয়তা প্ৰদান কৰিছিল। এই বক্তব্যৰ ভিত্তিত ভাৰতে পৰিস্থিতি পুনৰীক্ষণেৰে পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে প্ৰতিহত অভিযান সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেখেতে পুনৰ কয় যে এই স্থগন কোনো কাৰণতে সমাপ্তি নহয়— ভাৰতে অনাগত দিনত পাকিস্তানৰ প্ৰতিটো পদক্ষেপৰ মূল্যায়ন কৰিব। ইয়াৰ ভৱিষ্যতৰ কাৰ্য্যসমূহ অংগীকাৰেৰে সামঞ্জস্যপূৰ্ণ হয় নে নহয়, সেয়া নিৰীক্ষণ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সশস্ত্ৰ বাহিনী— সেনা, বায়ুসেনা, নৌসেনা, সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু অৰ্ধসামৰিক বাহিনীসমূহে সকলো সময়তে ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিতকৰণেৰে অধিক সতৰ্কতা অৱলম্বন কৰি আছে। “অপাৰেচন সিন্দূৰ হৈছে এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ প্ৰতিষ্ঠিত নীতি, যিয়ে ভাৰতৰ কৌশলগত দৃষ্টিভংগীত এক নিৰ্ণায়ক পৰিৱৰ্তনক সূচিত কৰিছে”, এইবুলি ঘোষণাৰে তেখেতে কয় যে এই অভিযানে সন্ত্ৰাসবাদ-বিৰোধী ব্যৱস্থাত এক নতুন মাপকাঠি, এক নতুন স্বাভাৱিক অৱস্থা নিৰ্ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ নিৰাপত্তা মতবাদৰ তিনিটা মূল স্তম্ভৰ ৰূপৰেখা দাঙি ধৰে; প্ৰথমে নিৰ্ণায়ক প্ৰতিশোধ, ইয়াৰ জৰিয়তে ভাৰতৰ ওপৰত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক শক্তিশালীভাৱে আৰু দৃঢ়তাৰে প্ৰত্যুত্তৰ জনোৱা হ’ব। ভাৰতে নিজৰ ধৰণেৰে প্ৰতিশোধ ল’ব, সন্ত্ৰাসবাদীৰ মূল কেন্দ্ৰক লক্ষ্য কৰি লোৱা হ’ব। দ্বিতীয়টো হ’ল নিউক্লিয়াৰ ব্লেকমেইলৰ ক্ষেত্ৰত শূন্য সহনশীলতা; ভাৰতক পাৰমাণৱিক ভাবুকিৰে ভয় খুৱাব নোৱাৰিব। ইয়াৰ পৰিণতিত সন্ত্ৰাসবাদীৰ সক্ৰিয় নিৰাপদ আশ্ৰয়স্থলত নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ সংঘটিত কৰা হ’ব। তৃতীয় স্তম্ভটো হ’লঃ সন্ত্ৰাসৰ পৃষ্ঠপোষক আৰু সন্ত্ৰাসবাদীৰ মাজত কোনো পাৰ্থক্য নাই; ভাৰতে আৰু সন্ত্ৰাসবাদী নেতা আৰু সিহঁতক আশ্ৰয় দিয়া চৰকাৰসমূহক পৃথক ব্যৱস্থা হিচাপে গণ্য নকৰে। তেখেতে উল্লেখ কৰে যে অপাৰেচন সিন্দূৰৰ সময়ত বিশ্বই পুনৰবাৰ পাকিস্তানৰ বিৰক্তিকৰ বাস্তৱতাক প্ৰত্যক্ষ কৰে। পাকিস্তানৰ জ্যেষ্ঠ সামৰিক বিষয়াসকলে মুকলিকৈ নিধন হোৱা সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল, যি কাৰ্য্যই ৰাষ্ট্ৰখনৰ পৃষ্ঠপোষকতাত অব্যাহত সন্ত্ৰাসবাদৰ সৈতে গভীৰ সম্পৰ্কৰ সাক্ষ্য বহন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতে নিজৰ নাগৰিকসকলক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাব।

ভাৰতে যুদ্ধক্ষেত্ৰত পাকিস্তানক ধাৰাবাহিকভাৱে পৰাস্ত কৰি আহিছে আৰু অপাৰেচন সিন্দূৰে ৰাষ্ট্ৰখনৰ সামৰিক শক্তিত এক নতুন মাত্ৰাৰ সংযোজন কৰিছে বুলি দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে মৰুভূমি কিম্বা পাহাৰীয়া যুদ্ধক্ষেত্ৰ নিৰ্বিশেষে সকলো স্থানতে ভাৰতৰ উল্লেখযোগ্য সামৰ্থ্যত আলোকপাতৰ লগতে নিউ এজ ৱাৰফেয়াৰতো শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে বুলি কয়। তেখেতে কয় যে অভিযানৰ সময়ত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা আহিলাৰ ফলপ্ৰসূতা নিৰ্ণায়কভাৱে প্ৰমাণিত হৈছিল। তেখেতে কয় যে বিশ্বই এতিয়া একবিংশ শতিকাৰ যুদ্ধত এক বিশাল শক্তি হিচাপে মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা ব্যৱস্থাৰ আগমনক প্ৰত্যক্ষ কৰিছে।

সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ঐক্যই ভাৰতৰ সৰ্বোচ্চ শক্তি বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ দৃঢ়তাৰে কয় যে এয়া যুদ্ধৰ যুগ নহয়, কিন্তু সন্ত্ৰাসবাদৰ যুগো নহয়। “সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখনি উন্নত আৰু নিৰাপদ বিশ্বৰ নিশ্চয়তা”, তেখেতে এইবুলি ঘোষণা কৰে।

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে পাকিস্তানৰ সামৰিক বাহিনী আৰু চৰকাৰে সন্ত্ৰাসবাদক নিৰন্তৰভাৱে লালন-পালন কৰি আহিছে, এনে কাৰ্য্যই অৱশেষত পাকিস্তানৰে পতন ঘটাব বুলি সকীয়নি প্ৰদান কৰে। তেখেতে এইবুলি ঘোষণা কৰে যে পাকিস্তান যদি জীয়াই থাকিব বিচাৰে, তেন্তে দেশখনে সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ভাঙি পেলাব লাগিব— শান্তিৰ বাবে আন কোনো পথ নাই। তেখেতে ভাৰতৰ দৃঢ় স্থিতিৰ কথা পুনৰ ব্যক্তকৰণেৰে কয় যে সন্ত্ৰাস আৰু আলোচনাই সহ-অৱস্থান কৰিব নোৱাৰে, সন্ত্ৰাস আৰু বাণিজ্য সমান্তৰালভাৱে আগবাঢ়িব নোৱাৰে, তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে। বিশ্ব সমাজক সম্বোধনেৰে তেখেতে ভাৰতৰ দীৰ্ঘদিনীয়া নীতিৰ কথা পুনৰবাৰ উল্লেখেৰে কয় যে পাকিস্তানৰ সৈতে যিকোনো আলোচনা কেৱল সন্ত্ৰাসবাদ কেন্দ্ৰিক হ’ব আৰু পাকিস্তানৰ সৈতে যিকোনো আলোচনা পাক-অধিকৃত কাশ্মীৰ (PoK)-ক কেন্দ্ৰ কৰি হ’ব।

আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভগৱান বুদ্ধৰ শিক্ষণত আলোকপাতেৰে সামৰ্থ্যৰ জৰিয়তে শান্তিৰ পথ পৰিচালিত হ’ব লাগিব বুলি গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথত অগ্ৰসৰ হ’ব লাগিব, প্ৰতিগৰাকী ভাৰতীয়ই মৰ্য্যাদা সহকাৰে জীয়াই থাকিব লাগিব আৰু এখনি বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে ভাৰতে শান্তি অক্ষুণ্ণ ৰাখিবলৈ দেশখন শক্তিশালী হ’ব লাগিব আৰু প্ৰয়োজন সাপেক্ষে সেই শক্তি প্ৰয়োগ কৰিব লাগিব। তেখেতে উল্লেখ কৰে যে শেহতীয়া পৰিঘটনাসমূহে ভাৰতৰ নীতিসমূহ সুৰক্ষিতকৰণৰ ক্ষেত্ৰত ভাৰতৰ সংকল্পকে প্ৰদৰ্শন কৰিছে। ভাষণৰ সামৰণিত তেখেতে পুনৰবাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্বক অভিবাদন জনাই ভাৰতবাসীৰ সাহসিকতা আৰু ঐক্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power

Media Coverage

Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Madhya Pradesh meets Prime Minister
March 18, 2026

Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office posted on X;

“Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister @narendramodi.

@GovernorMP”