গৌৰৱান্বিত গণতন্ত্ৰ আৰু বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সন্মুখত থিয় হ’বলৈ পাই মই পৰম সন্মান অনুভৱ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ বাবে গণতন্ত্ৰ হৈছে এক জীৱনশৈলীঃ প্ৰধানমন্ত্ৰী
ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ মাজৰ সম্পৰ্ক শতিকা-পুৰণি বন্ধনেৰে বদ্ধমূলঃ প্ৰধানমন্ত্ৰী
এই পদ্ধতিয়ে ভাৰতৰ বৈচিত্ৰ্যক প্ৰস্ফূটিত আৰু সমৃদ্ধিশালী কৰাৰ লগতে সকলো ধাৰণাৰে সহ-অৱস্থান আৰু সংসদীয় বক্তৃতা তথা ৰাজহুৱা বিতৰ্ক প্ৰশস্ত কৰিছে বুলি তেখেতে উল্লেখ কৰে
ভাৰতীয় গণতন্ত্ৰৰ স্পন্দনশীলতাৰ বিষয়ে বিশদভাৱে উল্লেখেৰে তেখেতে কয় যে ভাৰতে গণতন্ত্ৰৰ মাতৃ হিচাপে এই প্ৰথাক ইয়াৰ সংস্কৃতি আৰু জীৱন-যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ কৰি তুলিছে।
ইয়াৰ জৰিয়তে তেখেত দেশখনৰ সংসদত ভাষণ প্ৰদান কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু এই কাৰ্য্য ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ দ্বিপাক্ষিক সম্পৰ্কত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়
তেখেতে ভাৰত-কেৰিকমৰ সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ অংগীকাৰে কৰে।

মাননীয় প্ৰধানমন্ত্ৰী কমলা পাৰছাৰ বিশেছাৰা জী,

চিনেটৰ সন্মানীয় সভাপতি ৱেড মাৰ্ক,

মাননীয় অধ্যক্ষ শ্ৰী জগদেৱ সিং,

মাননীয় মন্ত্ৰীসকল,

সংসদৰ সন্মানীয় সদস্যসকল,

নমস্কাৰ!

সুপ্ৰভাত!

এখন গৌৰৱপূৰ্ণ গণতন্ত্ৰ আৰু এখন বন্ধুত্বপূৰ্ণ দেশৰ নিৰ্বাচিত প্ৰতিনিধি, আপোনালোকৰ সন্মুখত থিয় দি মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো।

 

ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ শুভেচ্ছা আপোনালোকৰ বাবে লৈ আহিছো। ঘানাৰ জনসাধাৰণৰ আন্তৰিক শুভেচ্ছাও লৈ আহিছো। ইয়ালৈ অহাৰ ঠিক আগতে মই ঘানা ভ্ৰমণ কৰিছিলো।

মই অতিশয় কৃতজ্ঞ যে মই এই বিশেষ ৰেড হাউছক ভাষণ দিয়া প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী। এই ঐতিহাসিক ভৱনটোৱে ত্ৰিনিদাদ আৰু ট’বেগোৰ জনসাধাৰণৰ স্বাধীনতা আৰু মৰ্যাদাৰ বাবে কৰা সংগ্ৰাম আৰু ত্যাগ সাক্ষী হৈ আহিছে। বিগত ছয় দশক ধৰি ই দৃঢ়তাৰে থিয় দিছে কাৰণ আপোনালোকে ন্যায়সংগত আৰু সমৃদ্ধিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছে।

বন্ধুসকল,

এই মহান দেশৰ জনসাধাৰণে দুগৰাকী উল্লেখযোগ্য ৰাজনৈতিক ব্যক্তিক ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। তেওঁলোকে গৌৰৱেৰে নিজকে ভাৰতৰ কন্যা বুলি পৰিচয় দিয়ে। ভাৰতীয় ঐতিহ্যক লৈ গৌৰৱ কৰে। আমি ভাৰতত তেওঁলোকৰ নেতৃত্ব, ধৈৰ্য্য আৰু দৃঢ়তাৰ শলাগ লওঁ। এই দুয়োখন দেশৰ সম্পৰ্কৰ উজ্জ্বল প্ৰতীক।

সন্মানীয় সদস্যসকল,

আমাৰ দুয়োখন দেশেই ঔপনিৱেশিক শাসনৰ অন্ধকাৰৰ পৰা ওলাই আহি নিজৰ নিজৰ কাহিনী লিখিবলৈ আৰম্ভ কৰিছে। এইখিনি লিখিবলৈ আমাৰ সাহস আছিল আৰু আমাৰ গণতন্ত্ৰই এই লেখাত সহায় কৰিছিল।

আজি আমাৰ দেশ দুখন আধুনিক পৃথিৱীত গৌৰৱময় গণতন্ত্ৰ আৰু শক্তিৰ প্ৰতীক হিচাপে পৰিচিত। কেইমাহমানৰ আগতে আপুনি নিৰ্বাচনত অংশ লৈ গণতন্ত্ৰৰ উৎসৱ উদযাপন কৰিছিল। এই দেশৰ জনসাধাৰণক তেওঁলোকৰ বুদ্ধিমত্তা, দূৰদৰ্শিতা, শান্তি আৰু সমৃদ্ধিৰ বাবে অভিনন্দন জনাইছো। এই প্ৰতিষ্ঠিত বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলক অভিনন্দন জনাইছো।

চৰকাৰ গঠন কৰাৰ বাবে প্ৰধানমন্ত্ৰী কমলা জীক পুনৰবাৰ বিশেষ অভিনন্দন জনাইছো। তাইৰ অবিৰত সফলতা কামনা কৰিলোঁ। এই মহান দেশৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে তাই আগুৱাই লৈ গৈছে।

বন্ধুসকল,

ৰাষ্ট্ৰপতিৰ চকীত এই সুন্দৰকৈ লিখা শব্দবোৰ চাই থাকোঁতে:

"ভাৰতৰ জনসাধাৰণৰ হৈ ত্ৰিনিদাদ আৰু ট'বেগোৰ জনসাধাৰণৰ ওচৰত",

 

মনত এটা গভীৰ অনুভৱৰ সৃষ্টি হয়। এই চকীখন কেৱল আচবাবৰ টুকুৰা নহয়, আমাৰ দুয়োখন দেশৰ বন্ধুত্ব আৰু বিশ্বাসৰ এক শক্তিশালী প্ৰতীক। এইবোৰ শব্দবোৰে এক বান্ধোন প্ৰকাশ কৰে, যি এখন গণতন্ত্ৰই আনখনক অনুভৱ কৰায়।

'আপোনালোক সকলোৱে জানে...'

ভাৰতীয়ৰ বাবে গণতন্ত্ৰ কেৱল ৰাজনৈতিক আৰ্হি নহয়।

আমাৰ বাবে ই এক জীৱনশৈলী...

আমাৰ হাতত আছে হাজাৰ হাজাৰ বছৰৰ এক বৃহৎ ঐতিহ্য।

এই সংসদত বহু বন্ধু আছে... যাৰ পূৰ্বপুৰুষ বিহাৰৰ...

সেই বিহাৰ যি মহাজনপদ অৰ্থাৎ প্ৰাচীন গণৰাজ্যৰ ভূমি।

ভাৰতত গণতন্ত্ৰ কেৱল ৰাজনৈতিক ব্যৱস্থা নহয়। আমাৰ বাবে ই এক জীৱন-ধাৰণৰ পদ্ধতি। আপোনাৰ সংসদতো কিছুমান সদস্য আছে, যাৰ পূৰ্বপুৰুষ ভাৰতৰ বিহাৰ ৰাজ্যৰ আছিল, যিখন বৈশালীৰ দৰে কেন্দ্ৰৰ বাবে বিখ্যাত।

বন্ধুসকল,

আমাৰ দুয়োখন দেশৰ সংযোগত এক স্বাভাৱিক উষ্ণতা আছে। ক’ব লাগিব, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ আটাইতকৈ আবেগিক অনুৰাগীৰ ভিতৰত আছে ভাৰতীয়সকল! তেওঁলোকে ভাৰতৰ বিৰুদ্ধে খেলাৰ বাদে আমি তেওঁলোকৰ বাবে অন্তৰেৰে উল্লাস কৰো।

আমাৰ দুয়োখন দেশৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছে যুগ যুগ ধৰি চলি অহা বান্ধোনৰ ভেটিত। ১৮০ বছৰ আগতে দীঘলীয়া আৰু কঠিন যাত্ৰাৰ অন্তত প্ৰথম ভাৰতীয় এই ভূমিত উপস্থিত হৈছিল। মহাসাগৰৰ দূৰত্বত ভাৰতীয় বিটবোৰ কেৰিবিয়ান ছন্দৰ সৈতে সুন্দৰকৈ মিলি গৈছিল।

ইয়াত ভোজপুৰীয়ে ক্ৰিয়েলৰ লগত সামঞ্জস্য বিচাৰি পাইছিল।

ডাল পুৰীয়ে ডাবলছক লগ পাইছিল,

আৰু, তবলাই লগ পালে তীখাৰ পাণ!

আজি ভাৰতীয় মূলৰ লোকসকল ৰঙা, ক'লা আৰু বগা পতাকাৰ গৌৰৱময় বাহক !

 

ৰাজনীতিৰ পৰা কবিতালৈকে, ক্ৰিকেটৰ পৰা বাণিজ্য, কেলিপ্সোৰ পৰা চাটনিলৈকে প্ৰতিটো ক্ষেত্ৰতে অৰিহণা যোগাইছে। আপোনালোকে সকলোৱে সন্মান কৰা সজীৱ বৈচিত্ৰ্যৰ এক অবিচ্ছেদ্য অংগ। আপুনি একেলগে এনে এটা জাতি গঢ়ি তুলিছে যিয়ে নিজৰ মূলমন্ত্ৰ "আমি একেলগে আকাংক্ষা কৰোঁ, একেলগে আমি অৰ্জন কৰোঁ"।

বন্ধুসকল,

আজিৰ পূৰ্বে মহামহিম ৰাষ্ট্ৰপতিয়ে কৃপা কৰি মোক এই দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। মই ১৪০ বিলিয়ন ভাৰতীয়ৰ হৈ বিনম্ৰতাৰে গ্ৰহণ কৰিলোঁ।

এতিয়া অপৰিসীম কৃতজ্ঞতাৰে আমাৰ দুয়োখন দেশৰ মাজত থকা চিৰস্থায়ী বন্ধুত্ব আৰু পূৰ্বপুৰুষৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গা কৰিছো।

বন্ধুসকল,

এই সদনত ইমানবোৰ মহিলা সদস্যক দেখি মই আনন্দিত হৈছো। নাৰীৰ প্ৰতি সন্মান ভাৰতীয় সংস্কৃতিত গভীৰভাৱে শিপাই আছে। আমাৰ এটা গুৰুত্বপূৰ্ণ পবিত্ৰ গ্ৰন্থ, स्कन्द-पुराणত কৈছে:

दशपुत्र समा कन्या दशपुत्रान् प्रवर्धयन् |
यत् फलं लभते मर्त्यः तत् लभ्यं कन्या एकया ||

অৰ্থাৎ এগৰাকী কন্যাই ১০ পুত্ৰৰ সমান সুখ কঢ়িয়াই আনে। আধুনিক ভাৰত গঢ়াৰ বাবে আমি মহিলাৰ হাত মজবুত কৰি আছো।.

মহাকাশৰ পৰা ক্ৰীড়া, ষ্টাৰ্টআপৰ পৰা বিজ্ঞানলৈকে, শিক্ষাৰ পৰা উদ্যোগলৈ, বিমান পৰিবহণৰ পৰা সশস্ত্ৰ বাহিনীলৈকে ভাৰতক বিভিন্ন ক্ষেত্ৰত নতুন ভৱিষ্যতৰ দিশে লৈ গৈছে। আপোনাৰ দৰেই আমাৰো এগৰাকী মহিলা আছে, যিয়ে তৃণমূল অৱস্থাৰ পৰা উঠি আমাৰ ৰাষ্ট্ৰপতি হ’ল।

দুবছৰ পূৰ্বে ভাৰতীয় সংসদে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল। আমি সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩% সংৰক্ষণ নিশ্চিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ। ইয়াৰ দ্বাৰা নিশ্চিত হয় যে আগন্তুক প্ৰজন্মত অধিক সংখ্যক মহিলাই দেশৰ ভাগ্য আৰু দিশ নিৰ্ণয় কৰিব।

ভাৰতৰ তৃণমূল পৰ্যায়তো মহিলা নেতৃসকল উজলি উঠিছে। প্ৰায় ১৫ লাখ নিৰ্বাচিত মহিলাই স্থানীয় শাসন প্ৰতিষ্ঠানক শক্তি প্ৰদান কৰে। আমি মহিলা নেতৃত্বাধীন উন্নয়নৰ যুগত আছো। আমাৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ছোৱাত আমি আগুৱাই নিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়বস্তুও আছিল এইটো।

আমি ভাৰতত মহিলা নেতৃত্বাধীন উন্নয়নৰ এক নতুন আৰ্হি প্ৰস্তুত কৰি আছো। আনকি আমাৰ জি-২০ অধ্যক্ষতাৰ সময়ছোৱাতো আমি এই মডেলৰ সফলতা সমগ্ৰ বিশ্বৰ আগত দাঙি ধৰিছো।

 

বিশিষ্ট সদস্যসকল,

আজি ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি। প্ৰতিটো খণ্ড, প্ৰতিটো অঞ্চল আৰু প্ৰতিখন সমাজ এই বৃদ্ধিৰ কাহিনীৰ অংশ।

ভাৰতৰ বৃদ্ধি সৰ্বাংগীন আৰু জনকেন্দ্ৰিক। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ সামাজিক সুৰক্ষা আৰু কল্যাণমূলক ছাতিটোৱে ৯৫ কোটি লোকক সামৰি লৈছে। সেয়া হ’ল প্ৰায় ১ বিলিয়ন মানুহ, যিটো পৃথিৱীৰ বেছিভাগ দেশতকৈ অধিক জনসংখ্যা!

এনে সৰ্বাংগীন বৃদ্ধিৰ বাবে আমাৰ দৃষ্টিভংগী আমাৰ সীমান্ততে স্তব্ধ নহয়। আমাৰ বিকাশক আমি আনৰ প্ৰতিও দায়িত্ব হিচাপে দেখিছোঁ। আৰু, আমাৰ অগ্ৰাধিকাৰ সদায় গ্ল’বেল ছাউথ হ’ব।

একে মনোভাৱেৰে আমি ত্ৰিনিদাদ আৰু ট’বেগোৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰি তুলিছো। আমাৰ বাণিজ্য বৃদ্ধি পাই থাকিব। আমি আমাৰ ব্যৱসায়ীসকলক এই দেশত অধিক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিম। আমাৰ উন্নয়নমূলক অংশীদাৰিত্ব সম্প্ৰসাৰিত হ’ব। প্ৰশিক্ষণ, সামৰ্থ্য বিকাশ আৰু দক্ষতা বিকাশে মানৱ বিকাশক ইয়াৰ কেন্দ্ৰবিন্দুত ৰাখিব। স্বাস্থ্য আমাৰ অংশীদাৰিত্বৰ এক মূল অংশ হৈ আহিছে আৰু থাকিব।

বহু ভাৰতীয় চিকিৎসক আৰু স্বাস্থ্যসেৱা কৰ্মীয়ে ইয়াত সুখ্যাতিৰে সেৱা আগবঢ়াই আহিছে। আপুনি ভাৰতীয় চিকিৎসা মানদণ্ডক স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱাত আমি আনন্দিত হৈছো। ইয়াৰ দ্বাৰা সকলোৰে বাবে উচ্চমানৰ, সুলভ মূল্যৰ ঔষধৰ সুবিধা নিশ্চিত হ’ব।

ইউপিআই ডিজিটেল পেমেণ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ আপোনাৰ সিদ্ধান্তকো আমি আদৰণি জনাইছো। ই এক ডাঙৰ পদক্ষেপ। ইউপিআইয়ে ভাৰতত ডিজিটেল পেমেণ্টত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে।

এই প্লেটফৰ্মৰ দ্বাৰা চালিত ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক সঠিক সময়ৰ ডিজিটেল পেমেণ্টৰ দেশ হিচাপে পৰিগণিত হৈছে। আজি ভাৰতত আম বিক্ৰেতাসকলৰো QR ক’ড আছে। যদি আপুনি তেওঁলোকক নগদ ধন দিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে আপোনাক ইউপিআই ব্যৱহাৰ কৰিবলৈ ক’ব, কাৰণ তেওঁলোকৰ হাতত পৰিৱৰ্তন নাই!

আমি অন্যান্য ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াবলৈ আগ্ৰহী। ভাৰতে গ্ল’বেল ছাউথত বৃদ্ধি আৰু উন্নয়নক লাভান্বিত কৰিবলৈ এআই সঁজুলি বিকশিত কৰাৰ লগে লগে ত্ৰিনিদাদ আৰু ট’বেগো আমাৰ বাবে এক অগ্ৰাধিকাৰ ৰাষ্ট্ৰ হ’ব।

আমি কৃষি, উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত আমাৰ বিশেষজ্ঞতা ভাগ কৰিম। ভাৰতৰ পৰা অহা যন্ত্ৰই আপোনাৰ কৃষি উদ্যোগক সহায় কৰিব। আৰু, যিহেতু উন্নয়ন মৰ্যাদাৰ কথা, আমি ইয়াত বিভিন্ন সক্ষম নাগৰিকৰ বাবে এটা কৃত্ৰিম অংগ সংস্থাপন শিবিৰৰ আয়োজন কৰিম।

আমাৰ বাবে আপোনালোকৰ সৈতে আমাৰ সহযোগিতাৰ কোনো সীমা নাই। আপোনাৰ প্ৰয়োজন আৰু অগ্ৰাধিকাৰৰ দ্বাৰা আমি সদায় পৰিচালিত হম।

 

বন্ধুসকল,

আমাৰ দেশসমূহৰ মাজত সহযোগিতাৰ অপৰিসীম প্ৰতিশ্ৰুতি আছে। কেৰিবিয়ানৰ মূল খেলুৱৈ আৰু লেটিন আমেৰিকাৰ সেতু হিচাপে ত্ৰিনিদাদ আৰু ট’বেগোৰ যথেষ্ট সম্ভাৱনা আছে। আমাৰ সম্পৰ্কই বহল অঞ্চলটোৰ সৈতে অধিক শক্তিশালী সংযোগ গঢ়ি তোলাত সহায় কৰিব বুলি মই নিশ্চিত।

দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ গতিবেগৰ ওপৰত নিৰ্মাণ কৰি আমি এনে পদক্ষেপত সহযোগিতা কৰিবলৈ আগ্ৰহী যিয়ে, বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰে, আন্তঃগাঁথনি আৰু গতিশীলতা গঢ়ি তোলে, সম্প্ৰদায় উন্নয়ন প্ৰকল্প ৰূপায়ণ কৰে আৰু সৰ্বোপৰি বৃহৎ পৰিসৰত সামৰ্থ্য বিকাশ, প্ৰশিক্ষণ আৰু দক্ষতা বিকাশত সহায় কৰে।

বন্ধুসকল,

আমাৰ অংশীদাৰিত্বক বৃহত্তৰ বৈশ্বিক কাঠামোতো মই দেখিছোঁ৷ পৃথিৱীত পৰিৱৰ্তনৰ পৰিসৰ আৰু গতি অভূতপূৰ্ব। ৰাজনীতি আৰু ক্ষমতাৰ স্বৰূপত মৌলিক পৰিৱৰ্তন ঘটিছে। মুক্ত বাণিজ্যৰ ওপৰত হেঁচা পৰিছে। বিশ্বজুৰি বিভাজন, বিবাদ আৰু বৈষম্য বাঢ়িছে।

জলবায়ু পৰিৱৰ্তন, খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব। সন্ত্ৰাসবাদ এতিয়াও এক জৰুৰী ভাবুকি। অতীতৰ ঔপনিৱেশিক নিয়মবোৰ হয়তো শেষ হৈ গৈছে, কিন্তু তাৰ ছাঁবোৰ নতুন ৰূপত ৰৈ গৈছে।

মহাকাশ আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। কৃত্ৰিম বুদ্ধিমত্তাই নতুন সুযোগৰ লগতে বিপদৰ তলা খুলিছে। পুৰণি প্ৰতিষ্ঠানসমূহে শান্তি আৰু প্ৰগতিৰ বাবে সংগ্ৰাম কৰি আছে।

একে সময়তে গ্ল’বেল চাউথৰ উত্থান ঘটিছে। তেওঁলোকে নতুন আৰু ন্যায্য বিশ্বব্যৱস্থা চাব বিচাৰে। যেতিয়া ৰাষ্ট্ৰসংঘই ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, তেতিয়া সমগ্ৰ উন্নয়নশীল বিশ্বতে যথেষ্ট আশাৰ সৃষ্টি হৈছিল। দীৰ্ঘদিনীয়া সংস্কাৰ বাস্তৱায়িত হ’ব বুলি এক আশা। যে অৱশেষত তেওঁলোকৰ মাত শুনা যাব। কিন্তু সেই আশা হতাশালৈ পৰিণত হৈছে। উন্নয়নশীল বিশ্বৰ কণ্ঠ প্ৰান্তত ৰৈ গৈছে। এই ব্যৱধান দূৰ কৰিবলৈ ভাৰতে সদায় চেষ্টা কৰি আহিছে।



ভাৰতৰ বাবে মহাসাগৰ-অঞ্চলসমূহৰ মাজত নিৰাপত্তা আৰু বৃদ্ধিৰ বাবে পাৰস্পৰিক আৰু সামগ্ৰিক উন্নতি, হৈছে গ্ল’বেল ছাউথৰ বাবে পথ প্ৰদৰ্শক দৃষ্টিভংগী। যেতিয়াই আমি সুযোগ পাইছো, আমি গ্ল’বেল চাউথক কণ্ঠ দি আহিছো।

আমাৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ছোৱাত আমি গ্ল’বেল চাউথৰ উদ্বেগক গ্ল’বেল সিদ্ধান্ত গ্ৰহণৰ কেন্দ্ৰলৈ লৈ আহিলোঁ। মহামাৰীৰ সময়ত আমাৰ ১৪০ বিলিয়ন লোকৰ যত্ন লোৱাৰ সময়ত ভাৰতে ১৫০খনতকৈও অধিক দেশক ভেকচিন আৰু ঔষধ যোগান ধৰিছিল। দুৰ্যোগৰ সময়ত আমি দ্ৰুতভাৱে সঁহাৰি জনাইছো—সাহায্য, সাহায্য আৰু সংহতিৰে। আমাৰ উন্নয়ন অংশীদাৰিত্ব চাহিদা-চালিত, সন্মানজনক, আৰু চৰ্তবিহীন।

 

বিশিষ্ট সদস্য,

আমি একেলগে কাম কৰাৰ সময় আহি পৰিছে, গ্ল’বেল ছাউথক সঠিক টেবুলত নিজৰ উচিত আসন দিয়াৰ সময় আহি পৰিছে৷ জলবায়ুৰ ন্যায় নিশ্চিত কৰা, যাতে জলবায়ু সংকটত কম অৰিহণা যোগোৱাসকলৰ ওপৰত বোজা নপৰে। আমি এই প্ৰচেষ্টাত ত্ৰিনিদাদ আৰু ট’বেগোক এক গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি গণ্য কৰোঁ।

বন্ধুসকল,

আমাৰ দুয়োখন দেশৰ আকাৰ আৰু ভূগোলৰ পাৰ্থক্য হ’ব পাৰে, কিন্তু আমি আমাৰ মূল্যবোধৰ মাজত গভীৰভাৱে একাকাৰ হৈ আছো। আমি গৌৰৱান্বিত গণতন্ত্ৰ। আমি আলোচনা, সাৰ্বভৌমত্ব, বহুপক্ষীয়তা আৰু মানৱ মৰ্যাদাত বিশ্বাস কৰোঁ। এই সংঘাতৰ সময়ত আমি এই মূল্যবোধৰ প্ৰতি সত্যতাৰে থাকিব লাগিব।

সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু। এই ৰেড হাউচটোৱেই নিজেই আতংকৰ ঘাঁ আৰু নিৰীহ তেজৰ ক্ষতিৰ সাক্ষী হৈ পৰিছে। সন্ত্ৰাসবাদক কোনো আশ্ৰয় নিদিয়াৰ লগতে বা তেওঁলোকক স্থান নিদিবলৈ আমি একত্ৰিত হৈ থিয় দিব লাগিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত আমাৰ সৈতে থিয় দিয়াৰ বাবে আমি এই দেশৰ জনসাধাৰণ আৰু চৰকাৰক ধন্যবাদ জনাইছো।

বন্ধুসকল,

আমাৰ পূৰ্বপুৰুষসকলে সংগ্ৰাম কৰিছিল, ত্যাগ কৰিছিল আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে উন্নত জীৱনৰ সপোন আছিল। আমি আমাৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়া ভৱিষ্যতৰ যাত্ৰাত ভাৰত আৰু ত্ৰিনিদাদ আৰু ট’বেগো দুয়োখনেই বহু দূৰ আগবাঢ়িছে। কিন্তু আমাৰ এতিয়াও বহুত কাম আছে-নিজৰ দ্বাৰা আৰু একেলগে কৰিবলগীয়া।

সাংসদ হিচাপে আপোনালোক সকলোৰে সেই ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা আছে। অযোধ্যাৰ পৰা আৰিমালৈ, গংগাৰ ঘাটৰ পৰা পৰিয়া উপ-সাগৰলৈকে আমাৰ বান্ধোনবোৰ অধিক গভীৰ হওক আৰু আমাৰ সপোনবোৰ অধিক উচ্চ হওক।

এই চিন্তাৰে আকৌ এবাৰ এই সন্মানৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকে ইয়াত আগ্ৰহ আৰু গৌৰৱেৰে কোৱাৰ দৰে-এয়া "উচিত সন্মান।"

আপোনালোক সকলোকে অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators

Media Coverage

India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in mishap in Kolkata
June 25, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap in Kolkata.

Shri Modi assured that the state government is working round the clock to ensure that those affected receive all possible assistance.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

Shri Modi posted on X;

The mishap in Kolkata yesterday is saddening. An ex-gratia of Rs. 2 lakh each will be given from PMNRF to the next of kin of those who lost their lives in the mishap. The injured would be given Rs. 50,000. The state government is working round the clock to ensure that those affected receive all possible assistance: PM @narendramodi