Language of Laws Should be Simple and Accessible to People: PM
Discussion on One Nation One Election is Needed: PM
KYC- Know Your Constitution is a Big Safeguard: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে গুজৰাটৰ কেভাড়িয়াত সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰসকলৰ ৮০তম সন্মিলনৰ সমাপ্তি অধিবেশনত ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, আজি এনে এক দিন, যেতিয়া দেশে মহাত্মা গান্ধীৰ অনুপ্ৰেৰণা আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ অঙ্গীকাৰৰ কথা মনত ৰাখিব। ২০০৮ চনৰ আজিৰ দিনটোত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণত যিসকলে প্ৰাণাহুতি দিছিল, প্ৰধানমন্ত্ৰীয়ে তেওঁলোককো স্মৰণ কৰে। তেওঁ নিৰাপত্তা বাহিনীত কৰ্মৰত শ্বহীদসকলৰ প্ৰতিও শ্ৰদ্ধা জনায় আৰু কয়, আজি ভাৰতে নতুনকৈ সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছে।

জৰুৰী অৱস্থাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, ১৯৭০ চনত বিকেন্দ্ৰীকৰণৰ ফলত হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে কিছু ব্যৱস্থা গ্ৰহণৰ উদ্যোগ লোৱা হৈছিল। কিন্তু তাৰ উত্তৰ সংবিধানৰ মাজতে পোৱা গৈছিল। সংবিধানৰ শোভনীয়তায় হ’ল বিকেন্দ্ৰীকৰণ। জৰুৰী অৱস্থাৰ পৰৱৰ্তী ঘটনাৱলীৰ পৰা শিক্ষা গ্ৰহণ কৰি আইনসভা, কাৰ্যনিৰ্বাহক আৰু বিচাৰ ব্যৱস্থা আৰু শক্তিশালী হৈছে। আৰু এয়া সম্ভৱ হৈছে ১৩০ কোটি ভাৰতীয়ৰ আস্থাৰ বাবে। প্ৰশাসনৰ তিনিওটা শাখাই সময়ৰ লগে লগে শক্তিশালী হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

শ্ৰী মোদীয়ে লগতে কয়, আমাৰ সংবিধানৰ শক্তিৰ মাধ্যমেৰে আমি বিভিন্ন সংকটৰ সময় পাৰ হ’ব পাৰিছো। ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাৰ প্ৰাণৱন্ত দিশ আৰু ক’ভিড মহামাৰীৰ সময়ত যথাযথ ব্যৱস্থা গ্ৰহণে সেইটোকে প্ৰমাণ কৰিছে। সম্প্ৰতি সাংসদসকলে আৰু অধিক কৰ্মকুশলতাৰ পৰিচয় দিয়াৰ বাবে আৰু ক’ভিডৰ বিৰুদ্ধে যুদ্ধত সহায় কৰাৰ বাবে তেওঁলোকৰ বেতনৰ অংশ দান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জনাইছে।

শ্ৰী মোদীয়ে বিভিন্ন প্ৰকল্প বন্ধ কৰি ৰখাৰ মানসিকতাৰ বিৰুদ্ধে সকলোকে সতৰ্ক কৰি দিছে। এই প্ৰসঙ্গত তেওঁ চৰ্দাৰ সৰোবৰৰ উদাহৰণ দিয়ে। বহু বছৰ ধৰি এই প্ৰকল্পৰ কাম নোহোৱাৰ বাবে গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ জনসাধাৰণ ইয়াৰ বিপুল সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। শেষত এই প্ৰকল্পৰ কাম সম্পন্ন হোৱাত তেওঁলোকে সেই সুবিধা পাইছে।

শ্ৰী মোদীয়ে কৰ্তব্যৰ গুৰুত্বৰ বিষয়টোত জোৰ দিয়ে আৰু কয় যে অধিকাৰ, মৰ্যাদাবোধ আৰু আত্মপ্ৰত্যয়ৰ উৎসই হ’ল কৰ্তব্য। তেওঁ কয়, ‘আমাৰ সংবিধানৰ ভালেমান দিশ আছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ’ল কৰ্তব্যবোধ। মহাত্মা গান্ধীয়ে এই বিষয়টোত অত্যন্ত সচেতন আছিল। অধিকাৰ আৰু কৰ্তব্যৰ মাজত এক নিবিড় সম্পৰ্ক তেওঁ উল্লেখ কৰে। তেওঁ মন কৰে যে যেতিয়া আমি আমাৰ কৰ্তব্য পালন কৰিম, তেতিয়া অধিকাৰবোৰ স্বাভাৱিকতেই ৰক্ষা কবচ হৈ উঠিব।

প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ মূল্যবোধক বিস্তাৰিত কৰাৰ ওপৰত গুৰুত্ব দিছে। তেওঁ কয়, কেৱাইচি মানে যিদৰে আপুনি আপোনাৰ গ্ৰাহকক জানক, যাৰ মাজেৰে ডিজিটেল নিৰাপত্তা সুৰক্ষিত হয়, একেদৰে কেৱাইচিয়ে আপোনাৰ সংবিধান জনাৰ ভুমিকাতো অৱতীৰ্ণ হ’ব পাৰে। য’ত সাংবিধানিক নিৰাপত্তা আটাইতকৈ ডাঙৰ ৰক্ষা কবচ হৈ উঠিব। তেওঁ এই প্ৰসঙ্গত কৈছে যে আমাৰ আইনৰ ভাষা সাধাৰণ মানুহৰ বাবে সৰল আৰু বোধগম্য হোৱা উচিত, যাতে তেওঁলোকে প্ৰত্যেকটো আইনৰ সৈতে প্ৰত্যক্ষ যোগাযোগ অনুভৱ কৰিব পাৰে। পুৰণি আইনবোৰ বাতিলৰ এক প্ৰক্ৰিয়া থকা উচিত, যিটোৰ যোগেদি সহজ-সৰল আৰু স্বাভাৱিক নিয়মত পুৰণি আইনবোৰ ৰদ কৰা যাব, যিদৰে আমি সেইবোৰৰ সংশোধন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে এক দেশ এক নিৰ্বাচনৰ প্ৰসঙ্গ উল্লেখ কৰে। তেওঁ লোকসভা, বিধানসভা আৰু স্থানীয় পঞ্চায়তবোৰত একেলগে নিৰ্বাচন আয়োজন কৰাৰ বিষয়টো উল্লেখ কৰে। ইয়াৰ বাবে উমৈহতীয়া ভোটাৰ তালিকা ব্যৱহাৰ কৰা যাব পাৰে। আইনসভাৰ কাম-কাজৰ ক্ষেত্ৰত ডিজিটেল উদ্ভাৱনক তেওঁ গুৰুত্ব দিছে।

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ সংসদ আয়োজনৰো পৰামৰ্শ দিছে, য’ত ছাত্ৰ-ছাত্ৰীসকলেই প্ৰিজাইডিং অফিচাৰৰ ভূমিকা পালন কৰিব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Marvell to invest $250 million, double India workforce in 3 years

Media Coverage

Marvell to invest $250 million, double India workforce in 3 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুলাই 2026
July 30, 2026

Aatmanirbhar in Action: How PM Modi Turned Vision into Export Multipliers & Safer Rails