ক’ভিডে আমাক শিকালে আমি যেতিয়া সংঘবদ্ধ হওঁ তেতিয়া আমি শক্তিশালী আৰু উন্নত হওঁ : প্ৰধানমন্ত্ৰী
সকলোৰে ওপৰত মানৱীয় প্ৰতিৰোধ কেনকৈ সাব্যস্ত হ’ল সেই কথা বহু প্ৰজন্মই মনত ৰাখিব : প্ৰধানমন্ত্ৰী
“দুখীয়াসকলক চৰকাৰৰ ওপৰত আৰু অধিক নিৰ্ভৰশীল কৰি দাৰিদ্ৰৰ বিৰুদ্ধে যুঁজা সম্ভৱ নহয়। চৰকাৰক বিশ্বাসযোগ্য সহযোগী বুলি গ্ৰহণ কৰিব পৰা পৰিৱেশতহে দাৰিদ্ৰৰ বিৰুদ্ধে যুঁজিব পৰা যাব”
“শক্তিৰ ব্যৱহাৰৰে দুখীয়াৰ সবলীকৰণৰ দিহা কৰিলে তেওঁলোকে দাৰিদ্ৰৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ্য লাভ কৰে”
“প্ৰকৃতিৰে সামঞ্জস্য ৰাখি জীৱন অতিবাহিত কৰাটোৱেই হৈছে জলবায়ু পৰিৱৰ্তন প্ৰশমণৰ আটাতকৈ সৰল আৰু সফল পন্থা”
“পৃথিৱীৰ মহান পৰ্যাৱৰণবিদসকলৰ অন্যতম আছিল মহাত্মা গান্ধী। তেওঁ ‘কাৰ্বন-শূণ্য’ জীৱনশৈলী অতিবাহিত কৰিছিল। তেওঁ যি কামেয়েই কৰিছিল, আন সকলোৰে ওপৰত আমাৰ গ্ৰহটোৰ কল্যাণৰ নিমিত্তেই কৰিছিল”
“তেওঁ ‘ট্ৰাষ্টীছীপ’ৰ মন্ত্ৰ আওৰাইছিল, যি মন্ত্ৰত কোৱা হৈছিল আমি সকলোৱেই এই গ্ৰহৰ ন্যাসৰক্ষী, সেয়ে গ্ৰহটোৰ প্ৰতিপালন আমাৰ দায়িত্ব”
“ভাৰত হৈছে পেৰিছ প্ৰতিশ্ৰুতিবদ্ধতাক সাৰোগত কৰি আগবঢ়া একমাত্ৰ ‘জি-২০’ ৰাষ্ট্ৰ”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আৰু ২৬ছেপ্টেম্বত অনুষ্ঠিতব্য ‘গ্লোবেল চিটিজেন লাইভ’ শীৰ্ষক এক ২৪ঘণ্টীয়া অনুষ্ঠানত ভিডিঅ’-ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত মুম্বাই, নিউয়ৰ্ক, পেৰিছ, ৰিঅ’-ডি জেনেইৰো, ছীডনী, লছ এঞ্জেলেছ, লাগোছ আৰু ছিউলত অনুষ্ঠিত অনুষ্ঠানকো পোণপতীয়াভাবে সামৰি লোৱা হ’ব।

মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় “আমি যেতিয়া সংঘবদ্ধ হও তেতিয়া আমি অধিক শক্তিশালী আৰু উন্নত হৈ উঠো। আমাৰ কভিড-১৯ যোদ্ধা, চিকিত্সক, নাৰ্ছ, চিকিত্সা-কৰ্মীসকলে যেতিয়া মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ সময়ত তেওঁলোকৰ উত্তমখিনি উবুৰীয়াই দিছিল তেতিয়া আমি ইয়াৰ নিদৰ্শন দেখিবলৈ পাইছিলো। অভিলেখপূৰ্ণ ভাবে কম সময়ৰ ভিতৰতে প্ৰতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত আমাৰ বিজ্ঞানী আৰু উদ্ভাৱকসকলে দেখুওৱা ইচ্ছাশক্তিত আমি ইয়াৰ নিদৰ্শন দেখিবলৈ পাইছিলো। মানৱীয় প্ৰতিৰোধ কেনেকৈ সকলোৰে ওপৰত সাব্যস্ত হ’ল সেই কথা যুগ যুগৰ প্ৰজন্মই মনত ৰাখিব”, বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

ক’ভিড-ৰ লগতে প্ৰধানমন্ত্ৰীয়ে দাৰিদ্ৰৰ প্ৰসংগ উথ্থাপন কৰি কয় যে, “প্ৰত্যাহ্বানসমূহৰ ভিতৰত দাৰিদ্ৰই আটাইতকৈ সুদৃঢ়কৈ খুটি পুতি বহিছে”। তেওঁ “দুখীয়াসকলক চৰকাৰৰ ওপৰত অধিক নিৰ্ভৰশীল কৰি কেতিয়াও দাৰিদ্ৰে যুঁজ কৰিব নোৱাৰি” বুলি অভিমত ব্যক্ত কৰে। ইয়াৰ বিপৰীতে চৰকাৰক দাৰিদ্ৰ বিৰোধী যুঁজৰ বিশ্বাসী সহযোগী কৰিব পাৰিলে এই যুঁজত সাফল্য অৰ্জন কৰিব পৰা যাব বুলি মন্তব্য কৰে শ্ৰী মোদীয়ে। তেওঁ কয়, বিশ্বাসী সহযোগী, যিয়ে দুখীয়াসকলক দাৰিদ্ৰৰ নাগপাশ মষিমূৰ কৰাৰ বাবে সামৰ্থ্যৰ বুনিয়াদ গঢ়ি দিব।

“যেতিয়া দুখীয়াসকলক সবল কৰি তোলাৰ বাবে শক্তিৰ ব্যৱহাৰ কৰা হয়, তেতিয়া তেওঁলোকে দাৰিদ্ৰৰ বিৰুদ্ধে যুঁজাৰ বাবে সামৰ্থ্য আহৰণ কৰে” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে তেওঁ দুখীয়াৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ যেনে: বেংকৰে সম্পৰ্ক নথকাসকলৰ বাবে বেংকিং ব্যৱস্থা, কোটি কোটিজনৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা, ৫০কোটি ভাৰতীয়ৰ বাবে বিনামূলীয়া আৰু মান সম্পন্ন স্বাস্থ্যসেৱাৰ ব্যৱস্থা আদিৰ কথা উল্লেখ কৰে।

গৃহহীনসকলৰ বাবে গাঁও আৰু চহৰাঞ্চলত ৩০নিযুত ঘৰ নিৰ্মাণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘একোটা ঘৰ কেৱল অশ্ৰয়ৰ থলীয়েই নহয়। মূৰৰ ওপৰত থকা চালখনে মানুহক মৰ্যাদাও প্ৰদান কৰে’। ইয়াৰ লগতে, প্ৰতিটো পৰিয়ললৈ খোৱাপানীৰ যোগান ধৰা, আগন্তুক প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণত এক ত্ৰিলিয়ন ডলাৰ পৰিমাণৰ ধন ব্যয় কৰা, ৮০কোটি নাগৰিকলৈ বিনামূলীয়া খাদ্য সামগ্ৰী যোগানকে ধৰি অন্যান্য বহুবোৰ পদক্ষেপে দাৰিদ্ৰৰ বিৰোধী যুঁজত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সামৰ্থ্য প্ৰদান কৰিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

ভাষণ প্ৰসংগত জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি  প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰকৃতিৰে সামঞ্জস্য ৰাখি জীৱন অতিবাহিত কৰাটোৱেই হৈছে জলবায়ু পৰিৱৰ্তন প্ৰশমণৰ আটাতকৈ সৰল  আৰু সফল পন্থা”। তেওঁ, ‘মহাত্মা গান্ধী পৃথিৱীৰ মহান পৰ্যাৱৰণবিদসকলৰ অন্যতম আছিল’ বুলি উল্লেখ কৰি ‘গান্ধীয়ে ‘কাৰ্বন-শূণ্য’ জীৱনশৈলী অতিবাহিত কৰিছিল’ বুলিও অভিমত ব্যক্ত কৰে। তেওঁ কয়, “বাপুয়ে যি কামেয়েই কৰিছিল, আন সকলোৰে ওপৰত আমাৰ গ্ৰহটোৰ কল্যাণৰ নিমিত্তেই কৰিছিল”।

প্ৰসংগক্ৰমে, প্ৰধানমন্ত্ৰীয়ে কয় যে “মহাত্মাই ট্ৰাষ্টীছীপৰ মন্ত্ৰ আওৰাইছিল, যি মন্ত্ৰত কোৱা হৈছিল আমি সকলোৱেই এই গ্ৰহৰ ন্যাসৰক্ষী, সেয়ে গ্ৰহটোৰ প্ৰতিপালন আমাৰ দায়িত্ব”। ভাৰত হৈছে পেৰিছ চুক্তিৰ প্ৰতিশ্ৰুতিবদ্ধতাক সাৰোগত কৰি আগবঢ়া একমাত্ৰ জি-২০ ৰাষ্ট্ৰ বুলিও প্ৰধানমন্ত্ৰীয়ে গৌৰৱৰে সদৰী কৰে।

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India