From the plants to your plate, from matters of physical strength to mental well-being, the impact and influence of Ayurveda and traditional medicine is immense: PM
People are realising the benefits of Ayurveda and its role in boosting immunity: PM Modi
The strongest pillar of the wellness tourism is Ayurveda and traditional medicine: PM Modi

সকলোলৈকে শুভকামনা জনাইছো।

নমস্কাৰ!

মোৰ সতীৰ্থ মন্ত্ৰী কিৰেণ ৰিজিজু জী, মুৰলিধৰণ জী, ‘গোলকীয় আয়ুৰ্বেদ মহোত্সৱ’ৰ সচিব প্ৰধান ড০ গংগাধৰণ জী, ‘ফিক্কি’ৰ সভাপতি উদয় শংকৰ জী, ড০ সংগীতা ৰেড্ডী জী।

প্ৰিয় বন্ধুসকল,

‘চতুৰ্থ গোলকীয় আয়ুৰ্বেদ মহোত্সৱ’ত বক্তব্য প্ৰদান কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছো। এই মহোত্সৱত বহু সংখ্যক বিশেষজ্ঞই তেওঁলোকৰ অভিমত আৰু অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰিব বুলি জানি ভাল লাগিছে। ২৫খনৰো অধিক দেশে এই মহোত্সৱত প্ৰতিনিধিত্ব কৰিব। এয়া নিতান্তই শুভ লক্ষণ। আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ প্ৰতি বাঢ়ি আহা ধাউতিৰ কথাই ই প্ৰতিফলিত কৰিছে। পৃথিৱীৰ প্ৰান্তে প্ৰান্তে আয়ুৰ্বেদৰ হকে কাম কৰি থকাসকলৰ প্ৰয়াসৰ শলাগ ল’বলৈ পালে মই নিশ্চয় ভাল পাম। তেওঁলোকৰ অহোপুৰুষাৰ্থ আৰু নিৰন্তৰ প্ৰয়াসৰ সুবাদত সমগ্ৰ মানৱজাতিৰে কল্যাণ সাধন হ’ব।

বন্ধুসকল, 

প্ৰকৃতি আৰু পৰ্যাবৰণৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ভাৰতীয় সংস্কৃতিৰে অতি ঘনিষ্ঠ ভাবে সম্পৰ্কিত আয়ুৰ্বেদ। আমাৰ শাস্ত্ৰত আয়ুৰ্বেদৰ সন্দৰ্ভত সুন্দৰ ব্যাখ্যা দাঙি ধৰা হৈছে এনেদৰে: ‘হিতা-হিতম্ দুখম্, আয়ুঃ তস্য হিতা-হিতম্। মানম্ চ তচ্চ তচ্চ য়ত্ৰ উক্তম্, আয়ুৰ্বেদ স উচ্যতে’।। অৰ্থাত্, ‘আয়ুৰ্বেদে বিভিন্ন ক্ষেত্ৰৰ হিত সাধন কৰে। ই সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱন নিশ্চিত কৰে’। আয়ুৰ্বেদক সামগ্ৰিক মানৱ বিজ্ঞান বুলি ক’লেহে ভাল হ’ব। গছৰ পৰা আপোনালোকৰ খোৱাৰ থাললৈ, দৈহিক শক্তিৰ পৰা মানসিক কল্যাণ সাধনলৈ আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ প্ৰভাৱ আৰু প্ৰতিষ্ঠা অপৰিসীম।

বন্ধুসকল,

কোৱা হয়, ‘স্বস্থ্স্য স্বাস্থ্য ৰক্ষণ, অতুৰস্য বিকাৰ প্ৰশমন’। অৰ্থাত্, ‘ৰোগৰ নিদানৰ উপৰি, আয়ুৰ্বেদে সামগ্ৰিক ভাবে দেহৰ সুস্থতা ৰক্ষা কৰে’। এয়া আচৰিত কথা নহয় যে, আয়ুৰ্বেদে ৰোগৰ কথা কোৱাতকৈ নিৰোগৰহে কয়। আগৰ দিনত, কোনোবা যদি বৈদ্যৰ ঘৰলৈ যায়, তেওঁলোকে কেৱল ঔষধেই নহয়, বৰঞ্চ লগতে কেতবোৰ মন্ত্ৰও লাভ কৰে। যেনে: ‘ভোজন কৰে আৰাম চে, সব চিন্তা কৰে মাৰ। চবা চবা কৰ খাইয়ে, বৈদ্য ন আৱে দ্বাৰ’।। অৰ্থাত্, ‘সকলো চিন্তা পাহৰি তৃপ্তিৰে ভোজন কৰা। ভালকৈ চোবাই খাদ্য খাবা...ইয়ে তোমাৰ ঘৰলৈ বৈদ্যৰ অহাৰ প্ৰয়োজন নোহোৱা কৰিব’।

বন্ধুসকল,

২০২০চনৰ জুন মাহত মই ‘ফাইনেন্সিয়েল টাইমছ’ত এটা প্ৰবন্ধ পঢ়িছিলো। প্ৰবন্ধটোৰ শিৰোনাম আছিল: ‘ক’ৰোনাভাইৰাছ গিভছ ‘হেল্থ হেল’ প্ৰডাক্টছ এ বুষ্ট’(ক’ৰোনা ভাইৰাছে স্বাস্থ্য-ৰক্ষা সামগ্ৰীৰ প্ৰাসংগিকতাক উত্সাহিত কৰিব)। ‘ক’ভিড-১৯ গোলকীয় মহামাৰীৰ পৰিপ্ৰেক্ষিতত হালধি, আদা আৰু অন্যান্য মছলাজাতীয় দ্ৰব্যৰ যে চাহিদা ব্যাপক হাৰত বৃদ্ধি পাইছে এই কথা এনে সামগ্ৰীৰ দৰ বৃদ্ধিয়েই প্ৰতিপন্ন কৰিছে’। সাম্প্ৰতিক সময়ত সৃষ্টি হোৱা উপযুক্ত পৰিৱেশ পৰিস্থিতিয়ে গোলকীয় প্ৰেক্ষাপটত আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ জনপ্ৰিয়তা আৰু অধিক কৰি তুলিছে। ইতিমধ্যে ইয়াৰ প্ৰতি ব্যাপক হাৰত আগ্ৰহ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। আজিৰ পৃথিৱীয়ে আধুনিক ঔষধৰ লগতে যে পুৰণি ঔষধৰো প্ৰয়োজনীয়তা আছে সেই কথা অনুভৱ কৰিবলৈ লৈছে। মানুহে আয়ুৰ্বেদৰ কল্যাণকাৰী গুণ আৰু দেহৰ ৰোগ-প্ৰতিৰোধী শক্তি বৃদ্ধি কৰাত ইয়াৰ ভূমিকা স্বীকাৰ কৰিবলৈ ধৰিছে। ৰাইজে আজি কালি ‘কাঢ়া’, তুলসী, জালুক আদিক তেওঁলোকৰ জীৱনৰ অংগ কৰি ল’বলৈ ধৰিছে।

বন্ধুসকল,

আজিকালি ভিন্নসুৰী পৰ্যটনৰ প্ৰচলন ঘটিবলৈ লৈছে। ইয়াৰ মাজত, ভাৰতে আপোনালোকলৈ ‘কল্যাণ-পৰ্যটন’ৰ ব্যৱস্থা আগবঢ়াব বিচাৰিছে। মই পুনৰবাৰ দোহাৰিছো ‘কল্যাণ-পৰ্যটন’। ‘কল্যাণ-পৰ্যটন’ৰ মূল মন্ত্ৰ হৈছে: ‘কল্যাণ সাধন কৰিব পৰাকৈ অসুখৰ চিকত্সা কৰা’। মই কোৱা কল্যাণ-পৰ্যটনৰ আটাইতকৈ শক্তিশালী স্তম্ভটোৱেই হৈছে আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধ। কল্পনা কৰকচোন কেৰালাৰ লহপহ সেউজীয়া পাৰিপাৰ্শ্বিকতাৰ মাজত নিচামুক্তিৰ চিকিত্সা গ্ৰহণ কৰাৰ অভিজ্ঞতা কেনে হ’ব। উত্তৰাখণ্ডৰ পাহাৰৰ জিৰ্ জিৰ্ বতাহজাকৰ গাত লগাই খৰস্ৰোতা নদীৰ পাৰত যোগাভ্যাস কৰাৰ অভিজ্ঞতা কেনে হ’ব কল্পনা কৰকচোন। উত্তৰ-পূৰ্বাঞ্চলৰ শ্যামলীমাত অৱগাহণ কৰাৰ কথা কল্পনা কৰকচোন। যদি সময় আৰু বয়সে আপোনালোকৰ জীৱনক ছাপৰ সন্মুখীন কৰাইছে, তেন্তে সময় ধৰি ৰখাৰ বাবে কালাতীত ভাৰতীয় সংস্কৃতিয়ে আগবঢ়োৱা লাভসমূহ আদায় কৰাৰ বাবে আগবাঢ়ি অহাৰ এয়াই উপযুক্ত সময়। আপোনালোকে দেহাৰ চিকিত্সাই কৰাওক কিম্বা মনৰ চিকিত্সা কৰাওক, ভাৰতলৈ আহক।

বন্ধুসকল,

আয়ুৰ্বেদৰ জনপ্ৰিয়তাক ধন্যবাদ যে এক শক্তিশালী সুযোগে আমালৈ অপেক্ষা কৰি আছে। আমি সেই সুযোগক অথলে যাবলৈ দিব নৱাৰো। আধুনিকৰ সৈতে পুৰণিৰ সমাহাৰেৰে আমি বহুত লাভেই আদায় কৰিব পাৰিম। আমাৰ যুৱ-প্ৰজন্ময়ো আয়ুৰ্বেদৰ বহু সামগ্ৰী ব্যৱহাৰ কৰি আহিছে। সাক্ষ্য-ভিত্তিক চিকিত্সা বিজ্ঞানৰ সৈতে আয়ুৰ্বেদৰ সমাহাৰ কৰাৰ বাবে এক সচেতন প্ৰয়াস আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। সেইদৰে, অনান্য কেতবোৰ বস্তুৱেও জনপ্ৰিয়তা অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। সেয়া হৈছে: আয়ুৰ্বেদ পথ্য। আয়ুৰ্বেদকেন্দ্ৰিক ব্যক্তিগত ব্যৱহাৰ্য্য প্ৰশাধন সামগ্ৰী। সামগ্ৰীসমূহৰ পেকেজিং-ৰ প্ৰসংগয়ো বিশেষ গুৰুত্ব লাভ কৰা দেখিবলৈ পোৱা গৈছে। মই আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধ সন্দৰ্ভত আৰু গভীৰতাৰে গৱেষণাত ব্ৰতী হ’বলৈ আমাৰ বৌদ্ধিকমহলক আহ্বান জনাব বিচাৰিছো। মই আমাৰ উজ্জীৱিত ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমহকো বিশেষ ভাবে আয়ুৰ্বেদ সামগ্ৰীৰ প্ৰতি মনোনিৱেশ কৰাৰ বাবে গোঁহাৰি জনাব খুজিছো। পৃথিৱীয়ে বুজা ভাষাত আমাৰ পৰম্পৰাগত নিদান পদ্ধতিৰ বিষয়ে বুজোৱাৰ অভিযানক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আমাৰ যুৱ-প্ৰজন্মই আগভাগ লোৱাৰ বাবে বিশেষ ভাবে শলাগ ল’ব বিচাৰিছো। আমাৰ দেশৰ লোকাচাৰ আৰু আমাৰ যুৱ-প্ৰজন্মৰ উদ্যোগী মনোভাৱে অসম্ভৱকো সম্ভৱ কৰিব তুলিব পাৰিব বুলি মই হৃদয়ৰে বিশ্বাস কৰো।

বন্ধুসকল,

ভাৰত চৰকাৰৰ তৰফৰ পৰা মই আয়ুৰ্বেদ-জগতৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। ভাৰতে ইতিমধ্যেই ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন’ গঠন কৰিছে। ‘ৰাষ্ট্ৰীয় আয়ুষ মিছনে’ সুলভ আয়ুষ সেৱাৰ জৰিয়তে আয়ুষ চিকিত্সা পদ্ধতি আৰম্ভ কৰিছে। ই শিক্ষা পদ্ধতিক শক্তিশালী  কৰাৰ বাবেও কাম কৰি আহিছে। সেইদৰে ই আয়ুৰ্বেদ, সিদ্ধ, উনানী আৰু হোমিঅ’পেথী ঔষধৰ মান-নিয়ন্ত্ৰণ পদ্ধতি প্ৰৱৰ্তন তথা কেঁচাসামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়ায়। ইতিমধ্যে চৰকাৰে বিভিন্ন মান-নিয়ন্ত্ৰণ সম্পৰ্কীয় পদক্ষেপো গ্ৰহণ কৰিছে। ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ পৰম্পৰাগত ঔষধ ৰণকৌশল ২০১৪-২৩ৰ সৈতে সামঞ্জস্য ৰাখি আয়ুৰ্বেদ আৰু অন্যান্য ভাৰতীয় ঔষধ পদ্ধতিক সম্পৰ্কীয় আমাৰ নীতি ইতিমধ্যে প্ৰণয়ন কৰা হৈছে। ইফালে, ‘বিশ্ব স্বাস্থ্য সংস্থা’ই ভাৰতত পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত ঘোষণা কৰিছে। আমি এই সিদ্ধান্তলৈ আদৰণি জনাইছো। আপোনালোকে শুনি নিশ্চয় ভাল পাব যে পৃথিৱীৰ বহু দেশৰ পৰা ইতিমধ্যে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ শিক্ষা গ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে। পৃথিৱী জুৰি স্বাস্থ্য-কল্যাণৰ কথা চিন্তা কৰাৰ বাবে এয়াই উচিত সময়। সম্ভৱতঃ এইখিনি সময়ত এই প্ৰসংগত এখন গোলকীয় শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰিবও পাৰি। অনাগত সময়ত আমি আয়ুৰ্বেদ আৰু আহাৰ সন্দৰ্ভতো চিন্তা-চৰ্চা কৰা উচিত হ’ব। আয়ুৰ্বেদৰে জড়িত খাদ্য-সম্ভাৰ আৰু ভাল স্বাস্থ্য বৰ্তাই ৰখাৰ বাবে উপযুক্ত খাদ্য-সম্ভাৰৰ সন্দৰ্ভত। আপোনালোকৰ বহুতেই চাগৈ অৱগত হৈছেই যে ৰাষ্ট্ৰসংঘই দিনদিয়েক আগতে মাত্ৰ ২০২৩চনটোক ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’ হিচাপে উদযাপন কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছে। মিলেটৰ উপকাৰিতা সন্দৰ্ভত ব্যাপক জনসজাগতা সৃষ্টিৰ বাবে সকলোৱে প্ৰয়াস কৰো আহকচোন।

বন্ধুসকল,

মহাত্মা গান্ধীৰ এটি উদ্ধৃতিৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিব খুজিছো। তেওঁ কৈছিল: ‘আয়ুৰ্বেদ মোৰ ধাৰণা খুবেই উচ্চ। ই প্ৰাচীন ভাৰতৰ অন্যতম বিজ্ঞান, যিয়ে ভাৰতৰ সহস্ৰ গাঁৱৰ লক্ষ লক্ষ গঞাৰ সু-স্বাস্থ্য নিশ্চিত কৰে। মই প্ৰতিগৰাকী নাগৰিকক আয়ুৰ্বেদ-সন্মত জীৱন-যাত্ৰা অতিবাহিত কৰাৰ বাবে পৰামৰ্শ দিব বিচাৰিছো। সকলো ফাৰ্মাচী, দাতব্য চিকিত্সালয় আৰু বৈদ্যালয়সমূহলৈ মই আশীৰ্বাদ দিছো, এওঁলোকে যাতে আয়ুৰ্বেদৰ প্ৰতি সম্ভৱপৰ সকলো সেৱা আগবঢ়াব পাৰে। মহাত্মা গান্ধীয়ে এই কথা এশবছৰৰো আগতে কৈছিল। পিচে, তেখেতৰ আবেগ আজিৰ তাৰিখতো সমানেই প্ৰাসংগিক হৈ আছে। আয়ুৰ্বেদৰ ক্ষেত্ৰত আমি লাভ কৰা সাফল্যৰ সৌধ নিৰ্মাণ কৰি যাও আহক। পৃথিৱীখনক আমাৰ দেশলৈকে আগুৱাই অনাৰ বাবে আয়ুৰ্বেদক চালিকা শক্তি কৰি তোলো আহক। আমাৰ যুৱ-প্ৰজন্মৰ বাবে ই সমৃদ্ধিও সৃষ্টি কৰক। মই এই মহোত্ৱৰ সাফল্য কামনা কৰিলো। সকলো অংশগ্ৰহণকাৰীলৈকো মোৰ শুভ কামনাজনালো।

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi speaks with the Amir of Kuwait
June 09, 2026
The two leaders exchange views on the situation in West Asia.
Prime Minister reaffirms India’s strong condemnation of attacks on Kuwait’s sovereignty and territorial integrity.
Prime Minister reiterates call for de-escalation, dialogue and diplomacy.
Prime Minister thanks His Highness the Amir for his personal attention to the well-being and safety of the Indian community in Kuwait.

Prime Minister Shri Narendra Modi held a telephone conversation today with the Amir of the State of Kuwait, His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al Sabah.

The two leaders exchanged views on the evolving security situation in West Asia.

Prime Minister expressed deep concern over the escalation of tensions and reaffirmed India’s strong condemnation of attacks on Kuwait’s sovereignty and territorial integrity.

Prime Minister reiterated the call for de-escalation, dialogue and diplomacy for earliest restoration of peace and stability.

Prime Minister thanked His Highness the Amir for his personal attention to the continued well-being and the safety of the large Indian community in Kuwait.