When India got independence, it had great capability in defence manufacturing. Unfortunately, this subject couldn't get requisite attention: PM Modi
We aim to increase defence manufacturing in India: PM Modi
A decision has been taken to permit up to 74% FDI in the defence manufacturing through automatic route: PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক এক ছেমিনাৰ সম্বোধন কৰে। প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ হোৱাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিৰক্ষা উত্পাদন বৃদ্ধি কৰা, নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰতিৰক্ষা খণ্ডত ব্যক্তিগত অংশগ্ৰহণকাৰীক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰাটোৱেই আমাৰ লক্ষ্য।

এক অভিযান হিচাপে কাম কৰাৰ বাবে তথা নিৰলস প্ৰচেষ্টা গ্ৰহণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু তেওঁৰ সমগ্ৰ দলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা উত্পাদনত স্ব-নিৰ্ভৰশীল হোৱাৰ লক্ষ্যই আজিৰ ছেমিনাৰৰ পৰা নিশ্চিতভাৱে গতি লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া ভাৰতত প্ৰতিৰক্ষা উত্পাদনৰ বাবে এক বিশাল সম্ভাৱনা আৰু পৰিস্থিতি তন্ত্ৰ আছিল, কিন্তু দশক দশক ধৰি কোনোধৰণৰ গুৰুত্বপূৰ্ণ প্ৰচেষ্টা লোৱা নহল।প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিস্থিতি এতিয়া সলনি হৈছে, প্ৰতিৰক্ষা খণ্ডত সংস্কাৰ সাধনৰ বাবে ধাৰাবাহিক আৰু অবিৰাম চেষ্টা কৰা হৈছে। এইক্ষেত্ৰত গ্ৰহণ কৰা অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়াৰ উন্নতি, লেভেল প্লেয়িং ফিল্ড তৈয়াৰ কৰা, ৰপ্তানি প্ৰক্ৰিয়া উজু কৰাৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণৰ কথা উল্লখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এক আধুনিক আৰু স্ব-নিৰ্ভৰ ভাৰত গঢ়াৰ বাবে প্ৰতিৰক্ষা খণ্ডত আত্মবিশ্বাসবোধ জৰুৰী। কেইবা দশক ধৰি ৰৈ থকা চিডিএছ নিয়োগৰ দৰে সিদ্ধান্ত এতিয়া লোৱা হৈছে, যিয়ে নতুন ভাৰতৰ আস্থা প্ৰতিফলিত কৰে। চীফ অৱ ডিফেন্স ষ্টাফ নিয়োগৰ ফলত তিনিওটা বাহিনীৰ মাজত আৰু অধিক সমন্বয় সাধন হৈছে আৰু প্ৰতিৰক্ষা সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰিছে। একেদৰে স্বয়ংক্ৰিয় পথৰ মাধ্যমেৰে ৭৪শতাংশ এফডিআই অনুমোদনৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ড মুকলি কৰাটোৱে নতুন ভাৰতৰ আত্মবিশ্বাসক প্ৰতিফলিত কৰাৰ বিষয়ে তেওঁ উনুকিয়াই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় ঘৰুৱা ক্ৰয়ৰ বাবে মূলধন বাজেটৰ এটা অংশ নিৰ্ধাৰণৰ দৰে পদক্ষেপসমূহৰ দ্বাৰা ঘৰুৱা ক্ৰয়ৰ বাবে ১০১বিধ সামগ্ৰী উত্সাহিত হব আৰু ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগসমূহক উত্সাহ যোগাব। তেওঁ ইয়াকো কয় যে চৰকাৰে ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, পৰীক্ষণ প্ৰণালী সহজ কৰা ইত্যাদি বিষয়ত কাম কৰিছে। অৰ্ডনেন্স কাৰখানাক নিগমীকৰণ কৰা সন্দৰ্ভত মত ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এবাৰ সম্পূৰ্ণ হোৱাৰ পাছত ইয়ে শ্ৰমিক আৰু প্ৰতিৰক্ষা ক্ষেত্ৰ দুয়োকে মজবুত কৰিব।

আধনিক সা-সৰঞ্জামসমূহত স্বয়ংসম্পূৰ্ণতাৰ বাবে প্ৰযুক্তি উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ডিআৰডিঅৰ লগতে বেচৰকাৰী খণ্ড আৰু একাডেমিক প্ৰতিষ্ঠানতো গৱেষণা আৰু উদ্ভাৱন কাৰ্যক উত্সাহ যোগাইছে। প্ৰধামন্ত্ৰী উল্লখ কৰে যে বিদেশী অংশীদাৰৰ সৈতে যৌথ উদ্যোগৰ জৰিয়তে সহ উত্পাদনৰ ওপৰত জোৰ দিয়া হৈছে।

চৰকাৰে সংস্কাৰ, প্ৰদৰ্শন, আৰু ৰূপান্তৰ মন্ত্ৰৰে কাম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, বৌদ্ধিক সম্পত্তি, কৰ, আয়কৰ, আৰু দেউলীয়া, মহাকাশ আৰু পৰমাণু ক্ষেত্ৰত ব্যাপক সংস্কাৰ হৈ আছে।

পৰিকাঠামোগত পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ আৰু তামিলনাডুত চলি থকা দুটা প্ৰতিৰক্ষা কৰিডৰৰ কথা উল্লেখ কৰে। তেওঁ কয়, উত্তৰ প্ৰদেশ আৰু তামিলনাডু ৰাজ্য চৰকাৰৰ সহযোগিতাত অত্যাধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ বাবে আগন্তুক ৫বছৰত ২০ হাজাৰ কোটি বিনিয়োগৰ লক্ষ্য লোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে বিশেষভাৱে এমএছএমই আৰু ষ্টাৰ্ট-আপসমূহৰ সৈতে জড়িত উদ্যোগীসকলক উত্সাহ যোগাবলৈ আৰম্ভ কৰা iDEX-য়েও যোগাত্মক ফলাফল লাভ কৰিছে। এই মঞ্চৰ জৰিয়তে ৫০তকৈও অধিক ষ্টাৰ্ট-আপ-এ সামৰিক ব্যৱহাৰৰ বাবে প্ৰযুক্তি আৰু সামগ্ৰী উত্পাদন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে লক্ষ্য হৈছে গোলকীয় অৰ্থনীতিক অধিক স্থিতিশীল, অধিক স্থিৰ কৰিবলৈ আৰু বিশ্বত শান্তি স্থাপনৰ বাবে সক্ষম ভাৰত নিৰ্মাণ কৰা। প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰতা হৈছে ইয়াৰ আঁৰৰ ধাৰণা। ভাৰতে ইয়াৰ বহু বন্ধু দেশৰ বাবে প্ৰতিৰক্ষা সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য সৰবৰাহকাৰী হোৱাৰ সম্ভাৱনা আছে। ইয়ে ভাৰতৰ কৌশলগত অংশীদাৰিত্বক জোৰদাৰ কৰাৰ লগতে ভাৰত মহাসাগৰ অঞ্চলত‘নেট সুৰক্ষা প্ৰদানকাৰীৰ ৰূপত ভাৰতৰ ভূমিকা মজবুত কৰিব।’

তেওঁ কয় যে প্ৰতিৰক্ষা উত্পাদন আৰু ৰপ্তানি প্ৰচাৰ নীতি খচৰাক লৈ প্ৰাপ্ত প্ৰতিক্ৰিয়া আৰু পৰামৰ্শই এই নীতি অতি সোনকালে প্ৰয়োগ কৰাত সহায় কৰিব।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
But where is India’s economic growth?

Media Coverage

But where is India’s economic growth?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."