PM receives feedback and conducts thorough review of the States, highlights regions in need of greater focus and outlines strategy to meet the challenge
PM asks CMs to focus on 60 districts with high burden of cases
PM asks States to increase testing substantially and ensure 100% RT-PCR tests in symptomatic RAT negative cases
Limit of using the State Disaster Response Fund for COVID specific infrastructure has been increased from 35% to 50%: PM
PM exhorts States to assess the efficacy of local lockdowns
Country needs to not only keep fighting the virus, but also move ahead boldly on the economic front: PM
PM lays focus on testing, tracing, treatment, surveillance and clear messaging
PM underlines the importance of ensuring smooth movement of goods and services, including of medical oxygen, between States

বন্ধুসকল,

এয়া এনে এক সংযোগ যে যিসময়ত আমি ক’ৰোনা সংকটৰ সন্দৰ্ভত আলোচনা কৰিছো, একেসময়তে দেশৰ স্বাস্থ্য ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ দিন৷

কিয়নো ২ বছৰৰ পূৰ্বে আজিৰ দিনটোতে আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰা হৈছিল৷

কেৱল দুবছৰৰ ভিতৰতে এই আঁচনিৰ অধীনত ১.২৫ কোটিতকৈ অধিক দুখীয়া ৰোগীয়ে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে৷

মই আজি এই কাৰ্যসূচীৰ জৰিয়তে আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া লোকসকলক সেৱা আগবঢ়োৱা সকলো চিকিৎসক, চিকিৎসা কৰ্মীক বিশেষভাৱে প্ৰশংসা কৰিছো৷

বন্ধুসকল,

আজি আমাৰ এই আলোচনাৰ সময়ত এনে বহু কথাই সন্মুখত ধৰা দিছে, যাৰদ্বাৰা অনাগত দিনৰ ৰণনীতিৰ পথ অধিক স্পষ্ট কৰে৷

এইটো সঁচা যে ভাৰতত সংক্ৰমণ ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে৷ কিন্তু আমি প্ৰতিদিনে ১০লাখতকৈ অধিক নমূনাও পৰীক্ষা কৰি আছো আৰু সুস্থ হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাই আছে৷

বহু ৰাজ্যত কেতবোৰ উন্নত অনুশীলনো পৰিলক্ষিত হৈছে৷ আমি এই অভিজ্ঞতাসমূহ অধিক পৰিমাণে উৎসাহিত কৰিব লাগিব৷

বন্ধুসকল,

বিগত মাহবোৰত ক’ৰোনাৰ পৰীক্ষাৰ সৈতে জড়িত যিবোৰ সুবিধাৰ আমি বিকাশ সাধন কৰিছো, সেইবোৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ যথেষ্ট সহায় কৰিছে৷

এতিয়া আমি এফালে ক’ৰোনাৰ বিৰুদ্ধে যুঁজাৰ আন্তঃগাঁথনি শক্তিশালী কৰিব লাগিব, যিবোৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত, ট্ৰেকিং আৰু ট্ৰেচিংৰ সৈতে জড়িত নেটৱৰ্ক, তেওঁলোকৰ উন্নত প্ৰশিক্ষণো সুনিশ্চিত কৰিব লাগিব৷

আজিয়েই ক’ৰোনাৰ বিশেষ আন্তঃগাঁথনিৰ বাবে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি-এছডিআৰএফৰ ব্যৱহাৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে৷ কেইবাখনো ৰাজ্যই এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল৷

এতিয়া এইটো সিদ্ধান্ত লোৱা হৈছে যে এছডিআৰএফৰ ব্যৱহাৰৰ সীমাৱদ্ধতা ৩৫শতাংশৰ পৰা বৃদ্ধি কৰি ৫০শতাংশ কৰা হওক৷

এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্যসমূহে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু অধিক ধন লাভ কৰিব৷

আন এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে পাতিব বিচাৰিছো৷

সেয় হৈছে স্থানীয় পৰ্যায়ত ১-২দিনৰ বাবে যি লকডাউন ঘোষণা কৰা হয়, সেয়া ক’ৰোনা ৰোধ কৰাত কিমান প্ৰভাৱ বিস্তাৰ কৰে, প্ৰতিখন ৰাজ্যই ইয়াৰ আলোকপাত কৰিব লাগিব৷

ইয়াৰ ফলত আপোনালোকৰ ৰাজ্যসমূহৰ আৰ্থিক কাম-কাজ আৰম্ভ কৰাত অসুবিধাটো হোৱা নাই? মোৰ আহ্বান এই যে সকলো ৰাজ্যই এই দিশত গভীৰভাৱে চিন্তা-চৰ্চা কৰিব৷

বন্ধুসকল,

ফলপ্ৰসূ পৰীক্ষণ, চিকিৎসা, নিৰীক্ষণ আৰু স্পষ্ট বাৰ্তা, এই দিশত আমি নিজৰ গুৰুত্ব আৰু অধিক বৃদ্ধি কৰিব লাগিব৷

ফলপ্ৰসূ পৰীক্ষণ এইবাবে প্ৰয়োজন কাৰণ অধিক হাৰত হোৱা সংক্ৰমণৰ কোনো লক্ষণ নাই৷ তেনে ক্ষেত্ৰত জনৰৱ দ্ৰুতগতিত প্ৰচাৰ হয়৷ সাধাৰণ জনতাৰ মনত পৰীক্ষা ব্যৱস্থাক লৈ সন্দহে ওপজে৷  ইমানেই নহয় বহু লোকে সংক্ৰমণৰ গম্ভীৰতাক গুৰুত্ব সহকাৰে নলৈ ভুল কৰে৷

ব্যাপক অধ্যয়নৰ পৰা জানিব পৰা মতে সংক্ৰমণ ৰোধৰ বাবে মাস্কৰ ভূমি সৰ্বাধিক৷ মাস্ক পিন্ধাৰ কাম অভ্যাসত পৰিণত কৰাটো যথেষ্ট কঠিন, কিন্তু  ইয়াৰ দৈনন্দিত জীৱনৰ এক অত্যাৱশ্যকীয় সামগ্ৰীত পৰিণত নকৰিলে সাৰ্থক ফল পোৱা নাযায়৷

বন্ধুসকল,

বিগত সময়ত অভিজ্ঞতাৰ পৰা পোৱা তৃতীয়টো কথা হৈছে এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ সেৱা আৰু সামগ্ৰীৰ আদান–প্ৰদানৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাই সাধাৰণ নাগৰিকক অনাৱশ্যক অসুবিধাত পেলাইছে৷

ইয়াৰ দ্বাৰা জনজীৱনৰ লগতে জীৱিকাতো প্ৰভাৱ পৰিছে৷ শেহতীয়াকৈ অক্সিজেনৰ যোগানক লৈ বিগত দিনসমূহত একাধিক ৰাজ্যত সমস্যাই দেখা দিছে৷ জীৱন ৰক্ষক অক্সিজেনৰ অবিৰত যোগান সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ হাতত ল’ব লাগিব৷

ভাৰতে কঠিন সময়তো সমগ্ৰ বিশ্বত জীৱন দায়িনী ঔষধৰ যোগান সুনিশ্চিত কৰিছে৷ সেয়েহে এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ ঔষধ যাতে সহজতে পাব পাৰে, সেই ক্ষেত্ৰত আমি সকলোৱে দৃষ্টি দিব লাগিব৷

বন্ধুসকল,

সংযম, সংবেদনশীল, সংবাদ আৰু সহযোগিতাৰ যি নিৰ্দৰ্শন এই ক’ৰোনা কালত দেশে দেখুৱাইছে, সেয়া আমি অনাগত দিনটো বৰ্তাই ৰাখিব লাগিব৷

সংক্ৰমণৰ বিৰুদ্ধে যুঁজাৰ লগতে এতিয়া আৰ্থিক দিশতো আমি সম্পূৰ্ণ শক্তিৰে আগুৱাই যাব লাগিব৷

আমাৰ সামগ্ৰিক প্ৰচেষ্টা নিশ্চিতভাৱে সফল হওক এই কামনাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"One Earth, One Family": Oman lauds India's vision for peace, dialogue at BRICS Summit 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”