দেশে স্বাধীনতাৰ ১০০বছৰ সম্পূৰ্ণ কৰাৰ সময়ত ২০৪৭চনত ভাৰতৰ অৱস্থা নিৰ্ণিত কৰাৰ ক্ষেত্ৰত আমাৰ কৃষি আৰু কৃষকে বৃহত্ ভূমিকা পালন কৰিব : প্ৰধানমন্ত্ৰী
‘এমএছপি’-ৰ জৰিয়তে কৃষকৰ পৰা সৰ্বাধিক ক্ৰয়; চাউল উত্পাদক খেতিয়কৰ একাউণ্টত প্ৰত্যক্ষ ভাবে ১,৭০,০০০কোটি টকা আৰু আটা উত্পাদক খেতিয়কৰ একাউণ্টত ৮৫,০০০কোটি টকা সোমাইছেগৈ : প্ৰধানমন্ত্ৰী
তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শেহতীয়া ৬টা বছৰত মাহ জাতীয় শস্যৰ উত্পাদন বৃদ্ধি কৰাৰ বাবে খেতিয়কক ধন্যবাদ
‘ৰাষ্ট্ৰীয় খোৱা তেল মিছন-তেল তাল’ অৰ্থাত্ ‘এনএমইঅ’-অ’পি’-ৰ জৰিয়তে দেশে খোৱা
‘ৰাষ্ট্ৰীয় খোৱা তেল মিছন-তেল তাল’ অৰ্থাত্ ‘এনএমইঅ’-অ’পি’-ৰ জৰিয়তে দেশে খোৱা তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ পণ লৈছে; ৰন্ধন তেলৰ ব্যৱস্থাতটোত ১১,০০০কোটি টকাৰো অধিক পুঁজি বিনিয়োগ কৰা হ’ব : প্ৰধানমন্ত্ৰী
পোন প্ৰথমবাৰৰ বাবে কৃষি ৰপ্তানীৰ ক্ষেত্ৰত পৃথিৱীৰ শীৰ্ষৰ ১০খন দেশৰ তালিকাত স্থান লাভ কৰিছে ভাৰতে : প্ৰধানমন্ত্ৰী
দেশে স্বাধীনতাৰ ১০০বছৰ সম্পূৰ্ণ কৰাৰ সময়ত ২০৪৭চনত ভাৰতৰ অৱস্থা নিৰ্ণিত কৰাৰ ক্ষেত্ৰত আমাৰ কৃষি আৰু কৃষকে বৃহত্ ভূমিকা পালন কৰিব : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’(পিএম-কিষাণ)ৰ অধীনত আদায় দিব লগা বিত্তীয় সহযোগিতাৰ পৰৱৰ্তি কিস্তিৰ ধন মোকলাই দিয়ে। এই কাৰ্যক্ৰমতে প্ৰধানমন্ত্ৰীয়ে একাংশ হিতাধিকাৰী খেতিয়কৰ সৈতেও বাৰ্তালাপ কৰে। ইয়াৰ জৰিয়তে ৯.৭৫কোটি হিতাধিকাৰী কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ ১৯,৫০০কোটিৰো অধিক ধন প্ৰত্যক্ষ ভাবে প্ৰেৰণ কৰাটো সম্ভৱ হয়। এয়া ‘পিএম কিষাণ’-ৰ জৰিয়তে খেতিয়কসকললৈ প্ৰদান কৰা নৱমটো কিস্তিৰ ধন।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে খেতিৰ বতৰৰ প্ৰসংগ উথ্থাপন কৰাৰ লগতে আজি প্ৰেৰণ কৰা ধনৰাশিয়ে শস্য ৰোৱাৰ সময়ত খেতিয়কসকলক বাৰুকৈয়ে সকাহ দান কৰিব বুলি আশা প্ৰকাশ কৰে। ইফালে ১লাখ কোটি মূলধনী পুঁজিৰে গঠিত ‘কিষাণ আন্তঃগাঁথনি পুঁজি’য়ে আজিৰ দিনটোতে এটা বছৰ সম্পূৰ্ণ কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ মিছন মৌমাখি আৰু নাফেডৰ দোকানসমূহত জম্মু-কাশ্মীৰৰ পৰা উত্পাদিত কেশৰ উপলব্ধ কৰোৱাৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে। মৌ মিছনে ৭০০কোটি টকাৰ উল্লেখ্য, ৰপ্তানী সম্ভৱ কৰাৰ ফলত খেতিয়ক ৰাইজে অতিৰিক্ত আয়ৰ মুখ দেখিবলৈ পাইছে।

৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গৌৰৱপূৰ্ণ এনে এক উপলক্ষত আমি নতুন সংকল্পও গ্ৰহণ কৰা উচিত। আগন্তুক ২৫টা বছৰত আমি ভাৰতক কোন স্থানত থকাতো বিচাৰিম সেয়া নিশ্চিত কৰিব লাগিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, দেশে স্বাধীনতাৰ ১০০বছৰ সম্পূৰ্ণ কৰাৰ সময়ত ২০৪৭ চনত ভাৰতৰ অৱস্থা নিৰ্ণিত কৰাৰ ক্ষেত্ৰত আমাৰ কৃষি আৰু কৃষকে বৃহত্ ভূমিকা পালন কৰিব লাগিব। তেওঁ পৰিৱৰ্তিত সময়ৰ সৈতে উদ্ভৱ হোৱা চাহিদা পূৰণ কৰিব পৰাকৈ ভাতৰ কৃষিখণ্ডকো সলনি কৰাৰ আহ্বান জনায়। কৰোনাৰ মহামাৰী কালতো সকলো দুৰ্যোগ মূৰ পাতি লৈয়ো অভিলেখ পৰিমাণৰ উত্পাদন সম্ভৱ কৰি তোলাৰ বাবে কৃষকসমাজক ভূয়সী প্ৰশংসা কৰে। চৰকাৰেও এইখিনি সময়ত বীজ, সাৰৰ বাধাহীন যোগান আৰু বজাৰত প্ৰৱেশৰ সকলো প্ৰক্ৰিয়া  সম্ভৱ কৰাটো নিশ্চিত কৰিছিল। সমগ্ৰ সময়ছোৱাত ইউৰীয়াৰ যোগান পৰ্যাপ্ত থকাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ডিএপি-ৰ মূল্য বৃদ্ধি পোৱাৰ সময়ত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে ১২,০০০কোটি টকাৰ তাত্ক্ষণিক বন্দোবস্তি কৰাৰ কথাও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।

ইফালে, ‘এমএছপি’-ৰ জৰিয়তে কৃষকৰ পৰা সৰ্বাধিক ক্ৰয় কৰাৰ কথা উল্লেখ কৰি, চাউল উত্পাদক খেতিয়কৰ একাউণ্টত প্ৰত্যক্ষ ভাবে ১,৭০,০০০কোটি টকা আৰু আটা উত্পাদক খেতিয়কৰ একাউণ্টত ৮৫,০০০কোটি টকা সোমাইছেগৈ বুলি তথ্য দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শেহতীয়া ৬টা বছৰত মাহ জাতীয় শস্যৰ উত্পাদন বৃদ্ধি কৰাৰ বাবে দেশৰ খেতিয়কসকলক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায়।

‘ৰাষ্ট্ৰীয় খোৱা তেল মিছন-তেল তাল’ অৰ্থাত্ ‘এনএমইঅ’-অ’পি’-ৰ জৰিয়তে দেশে খোৱা তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ পণ লৈছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে ৰন্ধন তেলৰ ব্যৱস্থাতটোত ১১,০০০কোটি টকাৰো অধিক পুঁজি বিনিয়োগ কৰা হ’ব বুলিও তথ্য সদৰী কৰে।

ইফালে, পোন প্ৰথমবাৰৰ বাবে কৃষি ৰপ্তানীৰ ক্ষেত্ৰত পৃথিৱীৰ শীৰ্ষৰ ১০খন দেশৰ তালিকাত ভাৰতে স্থান লাভ কৰিছে বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s passenger vehicle sales jump 35% to 4.5 lakh in August as Maruti, M&M drive growth

Media Coverage

India’s passenger vehicle sales jump 35% to 4.5 lakh in August as Maruti, M&M drive growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.