Rajmata Scindia proved that for people's representatives not 'Raj Satta' but 'Jan Seva' is important: PM
Rajmata had turned down many posts with humility: PM Modi
There is lots to learn from several aspects of Rajmata's life: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজমাতালৈ তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ১০০টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰাৰ সুযোগ লাভ কৰি তেওঁ সৌভাগ্যৱান অনুভৱ কৰিছে।

বিজয়া ৰাজৰ এখন গ্ৰন্থৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই গ্ৰন্থত ৰাজমাতাই তেওঁক গুজৰাটৰ এগৰাকী তৰুণ নেতা হিচাপে চিহ্নিত কৰিছিল আৰু বহু বছৰ পিছত সেইগৰাকী তৰুণ নেতাই আজি দেশ প্ৰধান সেৱক হিচাপে কাম কৰি আছে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়া আছিল দেশক সঠিক দিশত নেতৃত্ব দিয়া নেতাসকলৰ ভিতৰত অন্যতম। তেওঁ এগৰাকী নিৰ্ণায়ক নেতা আৰু এগৰাকী দক্ষ প্ৰশাসক আছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিজয়া ৰাজে ভাৰতীয় ৰাজনীতিৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পৰ্যায় প্ৰত্যক্ষ কৰিছে। সেয়া হ’ল বিদেশী বস্ত্ৰ দাহ, জৰুৰীকালীন অৱস্থা আৰু ৰাম মন্দিৰ আন্দোলন। তেওঁ কয় যে ৰাজমাতাৰ জীৱনৰ বিষয়ে বৰ্তমানৰ প্ৰজন্মই জনাটো অত্যন্ত আৱশ্যক আৰু সেয়ে তেওঁৰ বিষয়ে বাৰম্বৰ কৈ থকাৰ প্ৰয়োজন আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতাই আমাক ৰাইজৰ সেৱাৰ বিষয়ে শিকাইছিল আৰু ইয়াৰ বাবে এটা নিৰ্দিষ্ট পৰিয়ালত জন্ম গ্ৰহণ কৰাৰ প্ৰয়োজন নাই। দেশৰ প্ৰতি মৰম আৰু এক গণতান্ত্ৰিক দৃষ্টিভংগী থাকিলেই হ’ল। তেওঁ সদায় ৰাইজৰ সেৱাত জড়িত আছিল আৰু জনসাধাৰণৰ সেৱাৰ প্ৰতি সংকল্পবদ্ধ আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতাই দেশৰ ভৱিষ্যতৰ বাবে নিজকে উৎসৰ্গা কৰিছিল। তেওঁ কোনো পদবী অথবা সন্মানৰ বাবে জীয়াই থকা নাছিল, ৰাজনীতি কৰা নাছিল।

ৰাজমাতাই বহুতো পদবী গ্ৰহণৰ প্ৰস্তাৱ অস্বীকাৰ কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে। তেওঁ কয় যে অটল জী আৰু আদৱানি জীয়ে এবাৰ তেওঁক জন সংঘৰ সভাপতি হোৱাৰ আহ্বান জনাইছিল, কিন্তু তেওঁ জনসংঘৰ এগৰাকী সক্ৰিয় কৰ্মী হৈ সেৱা আগবঢ়াই থকাৰ ইচ্ছা ব্যক্ত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে জন সচেতনতা আৰু গণ আন্দোলনৰ বাবে বিগত কিছু বছৰত দেশত কেইবাটাও পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে, বহুতো অভিযান আৰু আঁচনি সফল হিচাপে চিহ্নিত হৈছে। তেওঁ আলোকপাত কৰে যে ৰাজমাতাৰ আশীৰ্বাদত দেশ এতিয়া উন্নয়নৰ পথেৰে আগুৱাইছে।

প্ৰধানমন্ত্ৰীয়েকয় যে আজিৰ নাৰী শক্তি দিনক দিনক আগুৱাইছে আৰু দেশৰ বিভিন্ন ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। ৰাজমাতাৰ মহিলা সৱলীকৰণৰ সপোন সাৰ্থক কৰিবলৈ চৰকাৰে হাতত লোৱা বিভিন্ন পদক্ষেপসমূহৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam greeting all the devotees of Lord Shiva on the commencement of the sacred Shri Amarnath Yatra
July 03, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, greeting all the devotees of Lord Shiva on the commencement of the sacred Shri Amarnath Yatra from today:

“वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।

तं भक्तिभावसुलभं शरणं नतानां
नित्यं भजाम्यऽमरनाथमहं दयालुम्॥"

The Subhashitam says, "I daily worship the merciful Lord Amarnath, whose nature cannot be comprehended through speech, intellect, mind, the senses, or even through severe finances, who is easily attainable through devotion, and who is the refuge of those who bow before him."

The Prime Minister wrote on X;

समस्त शिवभक्तों को पावन-पुनीत श्री अमरनाथ यात्रा के शुभारंभ की अनंत शुभकामनाएं! बाबा बर्फानी के दिव्य दर्शन की यह यात्रा आप सभी के जीवन में सुख-समृद्धि, सौभाग्य और उत्तम स्वास्थ्य लेकर आए।

जय बाबा बर्फानी!

वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।

तं भक्तिभावसुलभं शरणं नतानां
नित्यं भजाम्यऽमरनाथमहं दयालुम्॥