কৃষিক্ষেত্ৰত মূল্য সংযোজনৰ তাৎপৰ্য্য সম্পৰ্কে আলোকপাত প্ৰধানমন্ত্ৰীৰ
কৃষকসকলে কয় যে এই নতুন জাতসমূহে ব্যয় হ্ৰাসত সহায় কৰিব আৰু পৰিবেশতো ইতিবাচক প্ৰভাৱ পেলাব
এই নতুন শস্যৰ জাতসমূহৰ বিকাশৰ বাবে বিজ্ঞানীসকলক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
বিজ্ঞানীসকলে জনোৱা মতে, অব্যৱহৃত শস্যক মূলসুঁতিলৈ আনিবলৈ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি তেওঁলোকে কাম কৰি আহিছে
প্ৰাকৃতিক কৃষিকাৰ্য্যৰ উপকাৰিতাৰ লগতে জৈৱিক খাদ্যৰ বৰ্ধিত চাহিদা সন্দৰ্ভত আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নতুন দিল্লীস্থিত ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০৯ টা উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে।

 

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কৃষক আৰু বিজ্ঞানীসকলৰ সৈতে মত-বিনিময়ো কৰে। এই নতুন শস্যৰ জাতসমূহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক্ষেত্ৰত মূল্য সংযোজনৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপ কৰে। কৃষকসকলে কয় যে এই নতুন জাতসমূহে তেওঁলোকৰ ব্যয় হ্ৰাসত সহায় কৰিব আৰু পৰিবেশতো ইতিবাচক প্ৰভাৱ পেলাব।

 

প্ৰধানমন্ত্ৰীয়ে বাজৰাৰ গুৰুত্ব সম্পৰ্কে আলোচনাৰে জনসাধাৰণৰ বাবে কেনেকৈ পুষ্টিকৰ খাদ্য সহজলভ্য হৈ উঠিছে, সেই সম্পৰ্কে আলোকপাত কৰে। প্ৰাকৃতিক কৃষিৰ উপকাৰিতাৰ লগতে জৈৱিক কৃষিকাৰ্য্যৰ প্ৰতি সাধাৰণ লোকৰ ক্ৰমবৰ্ধমান আগ্ৰহ সম্পৰ্কেও তেখেতে কয় আৰু লগতে কয় যে জনসাধাৰণে জৈৱিক খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ চাহিদা বৃদ্ধি পাইছে। কৃষকসকলে প্ৰাকৃতিক কৃষিৰ প্ৰোৎসাহনৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়।

 

কৃষকসকলে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰ (KVK)সমূহৰ ভূমিকাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায় কয় যে এই কেন্দ্ৰসমূহে প্ৰতিমাহে প্ৰস্তুত কৰা নতুন জাতসমূহৰ উপকাৰিতাৰ বিষয়ে কৃষকসকলক সক্ৰিয়ভাৱে অৱগতকৰণেৰে ইয়াৰ উপযোগিতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব লাগে।

 

প্ৰধানমন্ত্ৰীয়ে এই নতুন শস্যৰ জাতসমূহৰ বিকাশৰ বাবেও বিজ্ঞানীসকলক প্ৰশংসা কৰে। অব্যৱহৃত শস্যক মূলসুঁতিলৈ অনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা পৰামৰ্শ অনুসৰি কাম কৰি অহা বুলি বিজ্ঞানীসকলে অৱগত কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰা ৬১ বিধ শস্যৰ ১০৯ টা জাতৰ ভিতৰত ৩৪ টা হৈছে পথাৰ শস্য আৰু ২৭ টা হৈছে উদ্যান শস্য। পথাৰত কৰা শস্যসমূহৰ ভিতৰত বাজৰা, খাদ্য শস্য, তৈলবীজ, দাইল, কুঁহিয়াৰ, কপাহ, আঁহ আদি ভিন্ন শস্যৰ বীজ মুকলি কৰা হয়। উদ্যান শস্যৰ ভিতৰত ভিন্ন জাতৰ ফলমূল, শাক-পাচলি, ৰোপণ শস্য, মছলা, ফুল আৰু ঔষধি শস্য মুকলি কৰা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds India’s 7.8% GDP growth
August 31, 2026

The Prime Minister, Shri Narendra Modi has termed India’s 7.8% GDP growth in first quarter of FY 2026-27 a “herculean feat”. Shri Modi said that the achievement reflects the collective strength and resilience of the people of India, despite oil price shocks, supply chain disruptions and global uncertainties.

Shri Modi posted on X:

India’s exemplary GDP growth of 7.8% during Q1 of FY 2026-27 is a herculean feat.

The collective strength of our people ensured India delivered such growth despite oil price shocks and supply chain issues in the midst of global uncertainties.

Doomsayers were doomed and India bloomed…yet again!