প্রশান্তি নিলয়মত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ দ্বাৰা আয়োজিত গো দান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাই ৰামৰ ঐশ্বৰিক মন্ত্ৰৰ মাজত অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত উপস্থিত হয় আৰু তেওঁক উষ্ম আদৰণি জনোৱা হয়।

প্ৰধানমন্ত্ৰীয়ে প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পাছত দৰ্শনৰ বাবে ওমকাৰ হললৈ যায়। তেওঁ কয় যে এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁ লগতে কয় যে শ্ৰী সত্য সাই বাবাৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী সত্য সাই চেণ্ট্ৰেল ট্ৰাষ্টৰ দ্বাৰা আয়োজিত গো দান অনুষ্ঠানতো অংশগ্ৰহণ কৰে, যিয়ে পশু কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামকে ধৰি কেইবাটাও মহৎ পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানৰ অংশ হিচাপে কৃষকসকলক গীৰ গৰুকে ধৰি গৰু প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে সকলোৱে শ্ৰী সত্য সাই বাবাৰ আদৰ্শ অনুসৰণ কৰি সমাজৰ কল্যাণৰ বাবে কাম কৰিব লাগিব।

এক্সত এটা পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

‘সাই ৰামৰ ঐশ্বৰিক মন্ত্ৰোচ্চাৰণৰ মাজত অতি উষ্ম আদৰণিৰে অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত উপস্থিত হৈছিলো।’

 

‘প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দৰ্শনৰ বাবে ওমকাৰ হললৈ গৈছিলো। এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।’

 

‘তেওঁলোকে কৰি থকা বহুতো মহৎ কামৰ ভিতৰত, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসে পশু কল্যাণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আজি গো দান অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো, য’ত কৃষকসকলক গৰু দিয়া হৈছে। তলৰ ছবিবোৰৰ গৰুবোৰ হৈছে গীৰ গৰু! শ্ৰী সত্য সাই বাবাই দেখুওৱাৰ দৰে আমি সকলোৱে যেন আমাৰ সমাজৰ কল্যাণৰ বাবে কাম কৰি থাকো।’

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress