আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে চাইপ্ৰাছৰ সন্মান – "গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III" প্ৰদান কৰে।

 

১৪০ কোটি ভাৰতীয়ৰ হৈ এই সন্মান গ্ৰহণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতে বঁটাটি ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ সহভাজিত প্ৰমূল্যবোধ আৰু পাৰস্পৰিক বিশ্বাসৰ আধাৰত গঢ় লৈ উঠা দীৰ্ঘদিনীয়া গভীৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গা কৰে। তেখেতে লগতে কয় যে এই বঁটা ভাৰতৰ বহু যুগ পুৰণি "বসুধৈৱ কুটুম্বকম" বা "বিশ্ব এক পৰিয়াল" দৰ্শনৰ এক স্বীকৃতি, যিয়ে বিশ্ব শান্তি আৰু প্ৰগতিৰ বাবে ইয়াৰ দৃষ্টিভংগীকে পথ-প্ৰদৰ্শন কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মানক ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ অংশীদাৰিত্বক সুদৃঢ়কৰণ আৰু বৈচিত্ৰ্যপূৰ্ণকৰণৰ ক্ষেত্ৰত এক নৱীকৃত অংগীকাৰ হিচাপে অভিহিত কৰে। তেখেতে এই সন্মানক শান্তি, নিৰাপত্তা, সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু সমৃদ্ধিৰ প্ৰতি দুয়োখন দেশৰ অটল দায়বদ্ধতাৰ প্ৰতীক বুলি কয়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুন 2026
June 21, 2026

PM Modi Taking India’s Traditions to Every Corner of the World