শাৰীৰিক ব্যায়ামৰ উপকাৰসমূহৰ ওপৰত আলোকপাত কৰি এক সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আনৰ সেৱাৰ বাবে অক্লান্তভাৱে নিজকে উৎসৰ্গিত কৰা আৰু এক স্বাস্থ্যৱান বিশ্বৰ দিশত কাম কৰা সকলো ব্যক্তিৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে।

সুস্থ সমাজ গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি পুনৰ দোহাৰি শ্ৰী মোদীয়ে স্বাস্থ্যসেৱা প্ৰণালী শক্তিশালী কৰা আৰু প্ৰতিজন ব্যক্তিৰ কল্যাণক অগ্ৰাধিকাৰ দিয়াৰ বাবে সামূহিক প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে লগতে সকলো নাগৰিকৰ সুস্বাস্থ্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে তেওঁলোকৰ ব্যক্তিগত সুস্থতা বৰ্তাই ৰাখিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা কৰিবলৈ উৎসাহ প্ৰদান কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে শাৰীৰিক ব্যায়ামৰ উপকাৰসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

"বিশ্ব স্বাস্থ্য দিৱসৰ দিনা আমি সেই সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো যিসকলে আনৰ সেৱাৰ বাবে অক্লান্তভাৱে নিজকে উৎসৰ্গা কৰিছে আৰু এক স্বাস্থ্যকৰ বিশ্বৰ হকে কাম কৰি আছে। আমি এক স্বাস্থ্যকৰ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছো। আহক আমি সকলোৱে স্বাস্থ্যসেৱা প্ৰণালী শক্তিশালী কৰিবলৈ আৰু প্ৰতিজন ব্যক্তিৰ কল্যাণক অগ্ৰাধিকাৰ দিবলৈ একেলগে কাম কৰি যাও।"

"বিশ্ব স্বাস্থ্য দিৱসৰ দিনা মই সকলো দেশবাসীৰ সুস্বাস্থ্য কামনা কৰিছো। মই আশা কৰিছো আপোনালোকে নিজকে সুস্থ ৰাখিবলৈ সকলো প্ৰচেষ্টা অক্ষুণ্ণ ৰাখক।

लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः।
विभक्तघनगात्रत्वं व्यायामादुपजायते॥"

ব্যায়ামে কাম কৰাৰ ক্ষমতা বৃদ্ধি কৰে, পাচন শক্তি বৃদ্ধি কৰে, মেদবহুলতা হ্ৰাস কৰে আৰু শৰীৰৰ অংগবোৰ শক্তিশালী আৰু সঠিক অনুপাতৰ হ’বলৈ আৰম্ভ কৰে।

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision