আজি, ‘নাৰী দিৱস’ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ একাংশ আত্ম সহায়ক গোট আৰু মহিলা উদ্যোগীৰ পৰা সামগ্ৰী ক্ৰয় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ মহিলা উদ্যোগী আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক উদগণি প্ৰদান কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ভাৰতৰ আত্মনিৰ্ভৰতাৰ অন্বেষণত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰি শ্ৰী মোদীয়ে এক ‘টুইট’ত উল্লেখ কৰে, “আত্মনিৰ্ভৰ হোৱাৰ বাবে ভাৰতে কৰা অন্বেষণত মহিলাসকলে এক অগ্ৰণী ভূমিকা পালন কৰিছে। ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ত মহিলাসকলৰ মাজত উদ্যমশীলতাক উত্সাহিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হও আহক।

মহিলা উদ্যোগীৰ উদ্যমশীলতা, সৃষ্টিশীলতা আৰু ভাৰতীয় সংস্কৃতিৰ সুন্দৰতা উদযাপন কৰাৰ লক্ষ্যৰে মই আজি কেইবিধমান সামগ্ৰী কিনিছো।#NariShakti”

তামিল নাডুৰ তোড়া জনগোষ্ঠীৰ শিপিনীয়ে প্ৰস্তুত কৰা এম্ব্ৰইডেৰী কৰা শ্বল কিনা সন্দৰ্ভত তেওঁ কয়, “তামিল নাডুৰ তোড়া জনগোষ্ঠীৰ শিপিনীয়ে হাতেৰে প্ৰস্তুত কৰা অতিকে সুন্দৰ এম্ব্ৰইডেৰী কৰা শ্বলবোৰ দেখিবলৈ সঁচাকৈয়ে অদ্ভুত।

 মই তেনে এখন শ্বল কিনিছো। ‘ট্ৰাইবছ ইণ্ডিয়া’ই এইবিধ সামগ্ৰীৰ বিপণন কৰিছে।#NariShakti”

হাতে অঁকা গোণ্ড পেপাৰ পেইণ্টিং খনৰ সন্দৰ্ভত তেওঁ টুইট কৰে “চৌপাশে আৰু অধিক ৰঙীন কৰি! আমাৰ জনজাতীয়সকলৰ চিত্ৰকলা অতিকে দৃষ্টি নন্দন। হাতে অঁকা ‘গোণ্ড পেপাৰ পেইণ্টিং’খনত ৰং আৰু সৃষ্টিশীলতাৰ অপূৰ্ব সংমিশ্ৰণ হৈছে। পেইঁটিংখন আজি কিনিছো। #NariShakti”

প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ এখন পৰম্পৰাগত শ্বলো ক্ৰয় কৰিছে। এই সন্দৰ্ভত তেওঁ টুইটত লিখিছে “নগাসকলৰ সংস্কৃতি, সাহস, কাৰুণ্য আৰু সৃষ্টিশীলতাক লৈ ভাৰত গৌৰৱান্বিত।

নাগালেণ্ডৰ পৰা এখন পৰম্পৰাগত শ্বল কিনিলো। #NariShakti” 

তেওঁ কিনা ‘খাদী কপাহী মধুবাণী পেইণ্টেইটেড ষ্টল’খনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘টুইট’

“খাদী মহাত্মা গান্ধী আৰু ভাৰতৰ চহকী ইতিহাসৰ সৈতে ঘনিষ্ঠ ভাবেই জড়িত। এখন খাদী কপাহী মধুবাণী পেইণ্টেইটেড ষ্টল কিনিছো। এয়া নিতান্তই ভাল মানৰ সামগ্ৰী আৰু আমাৰ নাগৰিকসকলৰ সৃষ্টিশীলতাৰে ঘনিষ্ঠ ভাবেই জড়িত। #NariShakti”

পশ্চিম বংগৰ পৰা কিনা হাতে সজা মৰাপাটৰ ফাইল ফল্ডাৰটো সন্দৰ্ভত শ্ৰী মোদীয়ে লিখিছে “পশ্চিম বংগৰ পৰা কিনা হাতে সজা মৰাপাটৰ ফাইল ফল্ডাৰটো নিশ্চয় ব্যৱহাৰ কৰিম।

এয়া ৰাজ্যখনৰ জনজাতীয় ৰাইজে প্ৰস্তুত কৰা, আপোনালোকৰ ঘৰবোৰতো পশ্চিম বংগৰ মৰাপাটৰে প্ৰস্তুত কৰা সামগ্ৰী থকা উচিত।#NariShakti”

প্ৰধানমন্ত্ৰীয়ে অসমৰ কাকতিপুং উন্নয়ণ খণ্ডৰ আত্ম-সহায়ক গোটে প্ৰস্তুত কৰা এখন গামোছাও ক্ৰয় কৰে।

“মই প্ৰায়েই গামোছা পৰিধান কৰা আপোনালোকে চাগৈ প্ৰত্যক্ষ কৰিছে। এয়া নিতান্তই আৰামদায়ক। আজি, মই কাকতিপুং উন্নয়ণ খণ্ডৰ বিভিন্ন আত্ম-সহায়ক গোটে প্ৰস্তুত কৰা এখন গামোছাও কিনিছো।#NariShakti”

কেৰালাৰ মহিলাসকলে প্ৰস্তুত কৰা ‘ক্লাছিক পাম ক্ৰাফ্ট নীলাৱিলাক্কু’ কিনাৰ কথাও উল্লেখ কৰে শ্ৰী মোদীয়ে।

“কেৰালাৰ মহিলাসকলে প্ৰস্তুত কৰা ক্লাছিক পাম ক্ৰাফ্ট নীলাৱিলাক্কু কিনাৰ বাবে মই বহু আগ্ৰহৰে অপেক্ষা কৰি আছিলো। আমাৰ #NariShaktiয়ে কেনেকৈ আমাৰ স্থানীয় কাৰুশিল্প সামগ্ৰীৰ সংৰক্ষণ আৰু জনপ্ৰিয়কৰণত ভূমিকা পালন কৰি আহিছে সেয়া নিতান্তই প্ৰশংসাযোগ্য কথা”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s march towards self-reliance in med-tech

Media Coverage

India’s march towards self-reliance in med-tech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch