আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি এক ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে বিমষ্টেক দেশসমূহৰ ব্যৱসায় বৃদ্ধি আৰু আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰৰ পোষকতা কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বাবেও তেখেতে আহ্বান জনায়। শ্ৰী মোদীয়ে মহাকাশ জগতত কাম কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। বিমষ্টেকক সামূহিকভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু নেতৃত্ব ল’ব পৰা যুৱক-যুৱতীসকলৰ ভূমিকাত আলোকপাতেৰে তেখেতে আশা প্ৰকাশ কৰে যে সাংস্কৃতিক সংযোগে বিমষ্টেক ৰাষ্ট্ৰসমূহক অধিক ওচৰ চপাই আনিব।

এক্সৰ এটা থ্ৰেড প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

"বিমষ্টেক হৈছে বিশ্বৰ মংগলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ। আমি ইয়াক শক্তিশালী কৰা আৰু আমাৰ ঘনিষ্ঠতা গভীৰ কৰাটো অতিশয় প্ৰয়োজনীয়। এই প্ৰেক্ষাপটত মই আমাৰ সহযোগিতাৰ ভিন্ন দিশ সামৰি ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ।"

“বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় বৰ্ধনৰ সময় আহি পৰিছে!”

“আহক আমি আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰেৰে বিমষ্টেকক প্ৰযুক্তিগতভাৱে সুদৃঢ় কৰি তোলোঁ।”

“ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা শেহতীয়া ভূমিকম্পই দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে।”

“আহক মহাকাশ জগতখনতো আমি সহযোগিতা কৰোঁ। আহক আমাৰ নিৰাপত্তা ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলোঁ।”

“বিমষ্টেকৰ ক্ষমতা বিকাশ কাঠামোৰ এক উজ্জ্বল উদাহৰণ হোৱাৰ সম্ভাৱনা আছে। আমি সকলোৱে পৰস্পৰে-পৰস্পৰৰ পৰা শিকিম আৰু বিকাশৰ পথত আগুৱাই যাম!”

“আমি সামূহিকভাৱে বিমষ্টেকক সুদৃঢ় কৰিম আৰু আমাৰ যুৱক-যুৱতীসকলেই আগভাগ ল’ব।”

"সংস্কৃতিৰ দৰে সংযোগ কমেইহে আছে! সাংস্কৃতিক সংযোগে বিমষ্টেকক অধিক ওচৰ চপাই আনিব।"

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival