মাননীয় ৰাষ্ট্ৰপতি ষ্টাব,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

টেৰ-ৱে,

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা ৰাষ্ট্ৰপতি ষ্টাবক মই আন্তৰিকতাৰে আদৰণি জনাইছো। ৰাষ্ট্ৰপতি ষ্টাব কেৱল এজন প্ৰসিদ্ধ বিশ্বনেতা নহয়, তেওঁ এগৰাকী সন্মানীয় চিন্তাবিদ আৰু লেখকো।

মহোদয়, এই বছৰৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ আৰু প্ৰগতিশীল নেতাক পোৱাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয়।

 

বন্ধুসকল,

আজি বিশ্বই অস্থিৰতা আৰু অনিশ্চয়তাৰ মাজেৰে পাৰ হৈ আছে। ইউক্ৰেইনৰ পৰা পশ্চিম এছিয়ালৈ বিশ্বৰ বহু ঠাইত সংঘাতৰ পৰিস্থিতি অব্যাহত আছে। এনে এক গোলকীয় পৰিবেশত ভাৰত আৰু ইউৰোপ-বিশ্বৰ দুটা মহান কূটনৈতিক শক্তিয়ে সম্পৰ্কৰ সোণালী যুগত প্ৰৱেশ কৰিছে। আমাৰ বৰ্ধিত সহযোগিতাই বিশ্বৰ সুস্থিৰতা, উন্নয়ন আৰু অংশীদাৰী সমৃদ্ধিক নতুন শক্তি প্ৰদান কৰিছে।

বন্ধুসকল,

২০২৬ চনৰ আৰম্ভণিতে ঐতিহাসিক ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে ভাৰত আৰু ফিনলেণ্ডৰ মাজত বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিগত সহযোগিতা অধিক শক্তিশালী কৰিব। ডিজিটেল প্ৰযুক্তি, আন্তঃগাঁথনি আৰু বহনক্ষমতাৰ দৰে ক্ষেত্ৰত ভাৰত আৰু ফিনলেণ্ড গুৰুত্বপূৰ্ণ অংশীদাৰ।

ন’কিয়াৰ মোবাইল ফোন আৰু টেলিকম নেটৱৰ্কে লাখ লাখ ভাৰতীয়ক সংযোগ কৰিছে। ফিনলেণ্ডৰ স্থপতিবিদসকলৰ সহযোগিতাত আমি চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰে’ল সেতু নিৰ্মাণ কৰিছো। ফিনলেণ্ডৰ সৈতে অংশীদাৰিত্বত আমি নুমলীগড়ত বিশ্বৰ সৰ্ববৃহৎ বাঁহৰ পৰা জৈৱ-ইথানল শোধনাগাৰো নিৰ্মাণ কৰিছো।

বন্ধুসকল,

এনে গুৰুত্বপূৰ্ণ উদাহৰণৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰপতি ষ্টাবৰ এই ভ্ৰমণত আমি ভাৰত-ফিনলেণ্ডৰ সম্পৰ্কক ডিজিটেলাইজেচন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত এক কৌশলগত অংশীদাৰিত্বলৈ ৰূপ দিছো। এই অংশীদাৰীত্বই কৃত্রিম বুদ্ধিমত্তাৰ পৰা আৰম্ভ কৰি ৬জি টেলিকমলৈকে, পৰিষ্কাৰ শক্তিৰ পৰা আৰম্ভ কৰি কোৱাণ্টাম কম্পিউটিঙলৈকে বহুতো উচ্চ-প্ৰযুক্তি ক্ষেত্ৰত আমাৰ সহযোগিতাক গতি আৰু শক্তি প্ৰদান কৰিব।

এই অংশীদাৰীত্ব প্ৰতিৰক্ষা, মহাকাশ, ছেমিকণ্ডাক্টৰ আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহতো গভীৰ হ’ব। ভাৰত আৰু ফিনলেণ্ডৰ দৰে গণতান্ত্ৰিক আৰু দায়িত্বশীল দেশসমূহৰ এই কৌশলগত অংশীদাৰিত্বই সমগ্ৰ বিশ্বৰ বাবে বিশ্বাসযোগ্য প্ৰযুক্তি আৰু যোগানশৃংখল নিশ্চিত কৰাত অৰিহণা যোগাব।

বন্ধুসকল,

ফিনলেণ্ড ভাৰতীয় শিক্ষাৰ্থী আৰু প্ৰতিভাৰ বাবে এক পছন্দৰ স্থান হৈ পৰিছে। দুয়োখন দেশৰ উদ্ভাৱন পৰিবেশতন্ত্ৰক সংযোগ কৰিবলৈ আজি আমি ফিনলেণ্ডৰ সৈতে এক ব্যাপক প্ৰব্ৰজন আৰু গতিশীলতা চুক্তি স্বাক্ষৰ কৰিছো।

 

ইয়াৰ লগতে আমি যৌথ গৱেষণা আৰু ষ্টাৰ্ট-আপ সহযোগিতা অধিক শক্তিশালী কৰিবলৈ গৈ আছো। শিক্ষাৰ ক্ষেত্ৰত ফিনলেণ্ড হৈছে এক আদৰ্শ। আজি আমি শিক্ষক প্ৰশিক্ষণ, বিদ্যালয়ৰ পৰা বিদ্যালয়লৈ অংশীদাৰিত্ব আৰু শিক্ষাৰ ভৱিষ্যতৰ ক্ষেত্ৰত গৱেষণা সহযোগিতা বৃদ্ধি কৰিবলৈও সন্মত হৈছো।

অৰ্থাৎ বিদ্যালয়ৰ পৰা উদ্যোগলৈকে, আমি মানৱ উন্নয়নৰ প্ৰতিটো পৰ্যায়ত আমাৰ সহযোগিতাক নতুন মাত্ৰা প্ৰদান কৰিবলৈ গৈ আছো।

বন্ধুসকল,

নৰ্ডিক (Nordic) অঞ্চলত ফিনলেণ্ড ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমি উত্তৰ মেৰু অঞ্চল আৰু মেৰু গৱেষণাৰ ক্ষেত্ৰতো ফিনলেণ্ডৰ সৈতে সহযোগিতা সম্প্ৰসাৰণ কৰিছো।

এখন সুস্থ বিশ্ব হৈছে আমাৰ অংশীদাৰী অগ্ৰাধিকাৰ, আমি অতি আনন্দিত যে এই বছৰ ফিনলেণ্ডৰ সৈতে আমি ভাৰতত ৱৰ্ল্ড চাৰ্কুলাৰ ইকনমি ফ’ৰাম আয়োজন কৰিবলৈ গৈ আছো। ই স্থায়িত্বৰ দিশত আমাৰ প্ৰচেষ্টাক নতুন গতি আৰু নতুন ধাৰণা প্ৰদান কৰিব।

বন্ধুসকল,

ভাৰত আৰু ফিনলেণ্ড দুয়োখন ৰাষ্ট্ৰই আইনৰ শাসন, আলোচনা আৰু কূটনীতিৰ ওপৰত বিশ্বাস কৰে। আমি একমত যে কেৱল সামৰিক সংঘৰ্ষৰ দ্বাৰা কোনো সমস্যা সমাধান কৰিব নোৱাৰি। ইউক্ৰেইন হওক বা পশ্চিম এছিয়া, আমি সংঘাত আৰু শান্তিৰ আগতীয়া সমাপ্তিৰ বাবে সকলো প্ৰচেষ্টাক কৰা সমৰ্থন অব্যাহত ৰাখিম। আমি এইটোও স্বীকাৰ কৰো যে বৰ্ধিত গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আন্তৰ্জাতিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ কেৱল প্ৰয়োজনীয়ই নহয়, বৰঞ্চ জৰুৰীও। সকলোধৰণৰ সন্ত্ৰাসবাদ শিপাৰে সৈতে নিৰ্মূল কৰাটো আমাৰ যৌথ প্ৰতিশ্ৰুতি।

 

মহামান্য,

আপুনি আয়ৰনম্যান ট্ৰায়াথলন সম্পূৰ্ণ কৰিছে। আমি আত্মবিশ্বাসী যে আপোনাৰ দৰে উদ্যমী নেতাৰ সৈতে আমি ভাৰত আৰু ফিনলেণ্ডৰ মাজত উদ্ভাৱন, ডিজিটেল আৰু বহনক্ষমতাৰ এক নতুন ট্ৰায়াথলনো প্ৰাপ্ত কৰিম।

আহক, আমি এই ভৱিষ্যমুখী ভাৰত-ফিনলেণ্ড অংশীদাৰিত্বৰ এক নতুন সোণালী অধ্যায় আৰম্ভ কৰো। বহুত ধন্যবাদ।

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Narendra Modi calls for robust water data governance

Media Coverage

PM Narendra Modi calls for robust water data governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Mahanayak Uttam Kumar on his birth centenary
September 03, 2026

Prime Minister Shri Narendra Modi today paid tributes to legendary actor Mahanayak Uttam Kumar on his birth centenary. The Prime Minister described him as a legend whose timeless performances continue to connect with people across generations. He also shared his remarks about the iconic actor from a recent
Mann Ki Baat broadcast.

In a post on X, the Prime Minister shared:

"Mahanayak Uttam Kumar...a legend whose timeless performances connect with people across generations.

Tributes on his birth centenary.

Also sharing what I spoke about him during #MannKiBaat last Sunday.

মহানায়ক উত্তম কুমার... এক কিংবদন্তি যাঁর কালজয়ী পরিবেশনা প্রজন্মান্তরের মানুষের সঙ্গে সংযোগ স্থাপন করে চলেছে।

তাঁর জন্মশতবার্ষিকীতে শ্রদ্ধাঞ্জলি।

গত রবিবার #MannKiBaat অনুষ্ঠানে আমি তাঁর সম্পর্কে যা বলেছিলাম, তাও শেয়ার করছি।"