প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৱুহানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলৰ উদ্ধাৰৰ বাবে এয়াৰ ইণ্ডিয়া আৰু দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়ববীয়াসকলে গ্ৰহণ কৰা অনবদ্য পদক্ষেপৰ ভূয়সী প্ৰসংশা কৰে। এই উদ্ধাৰ অভিযানত নিয়োজিত লোকসকলৰ প্ৰতি প্ৰসংশামূলক পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই পত্ৰ অসামৰিক বিমান পৰিবহন বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে এইসকল কৰ্মচাৰীৰ হাতত অৰ্পন কৰিব।

এয়াৰ ইণ্ডিয়াই ৱুহান চহৰৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰিবৰ বাবে এক জৰুৰীকালীন অভিান আৰম্ভ কৰিছে, উল্লেখ্য যে নভেল কৰনা ভাইৰাছে সম্প্ৰতি চহৰখনত ব্যাপক ৰূপ ধাৰণ কৰিছে।সমগ্ৰ অঞ্চলটোতেই সংশ্লিষ্ট ৰোগবিধে ভয়াবহ ৰূপ ধাৰণ কৰাৰ কথা অৱগত হোৱা সত্ত্বেও এয়াৰ ইণ্ডিয়াই দুখন B-747 বিমান এই অঞ্চলটোলৈ প্ৰেৰণ কৰে, য’ত আছিল এয়াৰ ইণ্ডিয়াৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ লোক, আৰু এই সমগ্ৰ দলটোৱে ২০২০ চনৰ ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত অহৰহ কাম কৰি তাত থকা ভাৰতীয় লোকক উদ্ধাৰ কৰি ভাৰতলৈ উভতি আহে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From strategic partnership upgrade to defence roadmap: Key outcomes of PM Modi–Meloni meeting in Rome

Media Coverage

From strategic partnership upgrade to defence roadmap: Key outcomes of PM Modi–Meloni meeting in Rome
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মে’ 2026
May 21, 2026

Appreciation by Citizens on Leadership That Delivers: PM Modi's Journey of Development, Diplomacy & Farmer-First Progress