মেজৰ প্ৰমীলা সিঙে (অৱসৰপ্ৰাপ্ত) তেওঁৰ জমা ধনেৰে জন্তুবোৰৰ খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছিল
আপোনাৰ এইধৰণৰ প্ৰয়াস সমাজৰ বাবে অনুপ্ৰেৰণাৰ উৎসঃ প্ৰধানমন্ত্ৰী
বৰ্তমানৰ এই অভাৱনীয় সংকট জীৱ-জন্তুৰ বাবেও অত্যন্ত জটিল আৰু আমি তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু যন্ত্ৰণাৰ প্ৰতি সংবেদনশীল হোৱা প্ৰয়োজনঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাবাহিনীৰ মেজৰ হিচাপে অৱসৰ গ্ৰহণ কৰা ৰাজস্থানৰ কোটা নিবাসী প্ৰমীলা সিঙলৈ এখন পত্ৰ লিখি তেওঁৰ দয়া আৰু সেৱাৰ বাবে প্ৰশংসা কৰে। ক’ৰোনাসৃষ্ট লকডাউনৰ সময়ত মেজৰ প্ৰমীলা সিঙে (অৱসৰপ্ৰাপ্ত) তেওঁৰ দেউতাক শ্যামবীৰ সিঙৰ সৈতে অসহায় আৰু দুৰ্দশাগ্ৰস্ত জন্তুবোৰৰ চোৱাচিতা কৰিছিল, তেওঁলোকৰ বেদনা বুজি পাইছিল আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। মেজৰ প্ৰমীলা আৰু তেওঁৰ দেউতাকে তেওঁলোকৰ ব্যক্তিগত জমা ধন খৰচ কৰি ৰাস্তাত ঘূৰি ফুৰা দুৰ্দশাগ্ৰস্ত জন্তুবোৰৰ খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছিল। মেজৰ প্ৰমীলাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এই প্ৰচেষ্টা সমাজৰ বাবে অনুপ্ৰেৰণাৰ উত্স বুলি অভিহিত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে মেজৰ প্ৰমীলা সিঙলৈ প্ৰেৰণ কৰা পত্ৰখনত লিখিছিল, ‘যোৱা প্ৰায় ডেৰ বছৰ ধৰি আমি এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। ই এনেকুৱা এক ঐতিহাসিক সময় যে মানুহে গোটেই জীৱনত ইয়াক পাহৰিব নোৱাৰিব। জটিল এই পৰিস্থিতি কেৱল মানুহৰ বাবেই নহয়, মানুহৰ চৌপাশে থকা বহুতো প্ৰাণীৰ বাবেও সমানেই কষ্টকৰ হৈ উঠিছে। এনে পৰিস্থিতিত অসহায় আৰু নিসংগ জন্তুবোৰৰ যন্ত্ৰণা আৰু প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হোৱা আৰু তেওঁলোকৰ কল্যাণৰ বাবে ব্যক্তিগত পৰ্যায়ত অভাৱনীয়ভাৱে কাম কৰাটো প্ৰশংসনীয়।’

 

প্ৰধানমন্ত্ৰী মোদীয়ে পত্ৰখনত আৰু উল্লেখ কৰে যে এই কঠিন সময়ত এনে বহুতো উদাহৰণ দেখা গৈছে যিয়ে আমাক মানুহ হিচাপে গৌৰৱ অনুভৱ কৰাৰ কাৰণ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে যে মেজৰ প্ৰমীলা আৰু তেওঁৰ পিতৃয়ে তেওঁলোকৰ প্ৰয়াসৰ জৰিয়তে সমাজত সজাগতাৰ সৃষ্টি কৰি এইধৰণৰ কাম কৰি যাবলৈ মানুহক উদ্বুদ্ধ কৰিব।

 

ইয়াৰ পূৰ্বে মেজৰ প্ৰমীলা সিঙে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি জনাইছিল যে লকডাউনৰ সময়ত অসহায় আৰু নিসংগ জন্তুবোৰৰ কল্যাণৰ হকে তেওঁ আৰম্ভ কৰা কাম বৰ্তমানেও অব্যাহত আছে। পত্ৰখনত অসহায় জন্তুবোৰৰ যন্ত্ৰণা প্ৰকাশ কৰি এই জন্তুবোৰক সহায় কৰিবলৈ অধিক লোক আগবাঢ়ি আহিব লাগে বুলি তেওঁ আহ্বান জনাইছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s healthcare sector seeing a fundamental digital transformation: Report

Media Coverage

India’s healthcare sector seeing a fundamental digital transformation: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11ফেব্ৰুৱাৰী 2026
February 11, 2026

Empowering India: PM Modi's Policies Fueling Innovation, Jobs, and Sustainability