PM Modi, PM Bettel of Luxembourg exchange views on strengthening India-Luxembourg relationship in the post-COVID world
India-Luxembourg agree to strengthen cooperation on realizing effective multilateralism and combating global challenges like the Covid-19 pandemic, terrorism and climate change
Prime Minister welcomes Luxembourg’s announcement to join the International Solar Alliance (ISA)

 

‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত ‘গ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গ’ৰ প্ৰধানমন্ত্ৰী মহামহিম জেভিয়াৰ বেট্টেলৰ সৈতে আজি মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ দৰে বৈশ্বিক মহামাৰীত মৃত্যু আকোৱালি লোৱা লাক্সেমবাৰ্গৰ নাগৰিকসকলৰ প্ৰতি সমবেদনা জনোৱাৰ লগতে এই সংকটৰ সময়ত দেশখনত প্ৰদান কৰা কুশলী নেতৃত্বৰ বাবে মহামহিম জেভিয়াৰ বেট্টেলক ভূয়সী প্ৰশংসা কৰে।

ক’ভিড-১৯-উত্তৰ পৰিস্থিতিত ভাৰত-লাক্সেমবাৰ্গৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ পক্ষত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত ব্যক্ত কৰে। বিশেষকৈ বিত্তীয় প্ৰযুক্তি, সেউজ বিত্তীয় সহযোগিতা, মহাকাশ কাৰ্যক্ৰম, ডিজিটেল উদ্ভাৱন আৰু ষ্টাৰ্টআপ-ৰ দৰে প্ৰসংগত দুয়ো দেশৰ সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে নেতাদ্বয়ে। বিত্তীয় বজাৰ, ষ্টক এক্সেঞ্জ, আৰু ইন’ভেশ্যন সংস্থাসমূহৰ নিয়ন্ত্ৰণকে ধৰি দুয়োখন দেশৰ মাজত স্বাক্ষৰিত বিভিন্ন চুক্তিৰ সিদ্ধান্তসমূহক তেওঁলোকে আদৰণি জনায়।

ক’ভিড-১৯ৰ দৰে মহামাৰী, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি অন্যান্য বৈশ্বিক প্ৰত্যাহ্বানসমূহক প্ৰতিহত কৰাৰ লগতে এক প্ৰভাৱশালী বহুপক্ষীয় ব্যৱস্থা গঢ়ি তোলাৰ বাবে সহযোগিতা শক্তিশালী কৰি তোলাৰ পক্ষতো তেওঁলোকে ঐকমত্য প্ৰকাশ কৰে। ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা’–‘আইএছএ’-ত লাক্সেমবৰ্গে অংশগ্ৰহণ কৰিম বুলি কৰা ঘোষণাক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। আৰু  ‘কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’(চিডিআৰআই)-ত অংশগ্ৰহণ কৰাৰ বাবেও তেওঁ লাক্সেমবাৰ্গক আমন্ত্ৰণ জনায়।
ক’ভিড-পৰিস্থিতি সাম কাটিলেই আৰু সামগ্ৰিক পৰিৱেশ উন্নত হ’লেই লাক্সেমবাৰ্গৰ ‘গ্ৰেণ্ড ডিউক’ আৰু প্ৰধানমন্ত্ৰী বেট্টেল ভাৰত ভ্ৰমণলৈ আহিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে প্ৰাধনমন্ত্ৰী বেট্টেলেও প্ৰধানমন্ত্ৰী মোডীক লাক্সেমবাৰ্গলৈ নিমন্ত্ৰণ জনায়।

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent

Media Coverage

1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মাৰ্চ 2026
March 11, 2026

From Silent Medical Revolution to Global Manufacturing Hub: Salute to PM Modi's Relentless Push for a Stronger, Self-Reliant India