বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত গছপুলি ৰোপণ অভিযানত অংশগ্ৰহণ কৰি এক পেড় মা কে নাম পদক্ষেপক শক্তিশালী কৰি এটি গছপুলি ৰোপণ কৰে।

 

শ্ৰী মোদীয়ে আৰাৱল্লীসেউজ প্ৰাচীৰপ্ৰকল্পৰ অধীনত আৰাৱল্লীপৰ্বতমালাত পুনৰবনানীকৰণ ওপৰতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পৃথিৱীৰ আটাইতকৈ পুৰণি আৰাৱল্লী পৰ্বতমালা গুজৰাট, ৰাজস্থান, হাৰিয়ানা আৰু দিল্লীত বিস্তৃত হৈ আছে।

তেওঁ উল্লেখ কৰে যে অঞ্চলটোৱে একাধিক পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যিবোৰৰ মোকাবিলা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

 

শ্ৰী মোদীয়ে কয় যে আৰাৱল্লী পৰ্বতমালা আৰু ইয়াৰ বাহিৰত পৰম্পৰাগত ৰোপণ পদ্ধতিৰ উপৰি বিশেষকৈ চহৰ আৰু অৰ্ধনগৰীয়া অঞ্চলত য’ত স্থানৰ অভাৱ আছে তাত নতুন কৌশলক আমি উৎসাহিত কৰিম। শ্ৰী মোদীয়ে লগতে কয় যে বাগিচাৰ কাম-কাজসমূহ জিঅ’-টেগ কৰা হ’ব আৰু মেৰী লাইফ পৰ্টেলত ইয়াক নিৰীক্ষণকৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱ প্ৰজন্মক এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু পৃথিৱীৰ সেউজ আৱৰণ বৃদ্ধিত অৰিহণা যোগাবলৈ আহ্বান জনায়।

 

এক্সৰএলানি পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"আজি, #WorldEnvironmentDayতআমি এক বিশেষ গছপুলি ৰোপণ অভিযানৰ জৰিয়তে #EkPedMaaKeNaamপদক্ষেপক শক্তিশালী কৰিছো। মই দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এটি গছপুলি ৰোপণ কৰিলো। ই আৰাৱলী সেউজ প্ৰাচীৰ প্ৰকল্পৰ অধীনতআৰাৱল্লী পৰ্বতমালাত পুনৰবনানীকৰণৰ আমাৰ প্ৰচেষ্টাৰো এটা অংশ।"

"গুজৰাট, ৰাজস্থান, হাৰিয়ানা আৰু দিল্লীক সামৰি লোৱা আৰাৱল্লী পৰ্বতমালা পৃথিৱীৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ ভিতৰত অন্যতম বুলি বহুলভাৱে জনাজাত। বিগত কেইবাবছৰ ধৰি এই পৰ্বতমালাৰ সৈতে জড়িত কেইবাটাও পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বান সন্মুখলৈ আহিছে, যিবোৰ আমাৰ চৰকাৰে হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ লক্ষ্য হৈছে এই পৰিসৰৰ সৈতে জড়িত অঞ্চলসমূহক পুনৰুজ্জীৱিত কৰা। আমি সংশ্লিষ্ট স্থানীয় প্ৰশাসনৰ সৈতে কাম কৰিবলৈ আৰু জল ব্যৱস্থা উন্নত কৰা, ধূলিৰ ধুমুহা নিয়ন্ত্ৰণ কৰা, থৰ মৰুভূমিৰ পূব দিশলৈ সম্প্ৰসাৰণ বন্ধ কৰা আৰু অন্যান্য একাধিক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সাজু হৈছোঁ।"

"আৰাৱল্লী পৰ্বতমালা আৰু ইয়াৰ বাহিৰত পৰম্পৰাগত ৰোপণ পদ্ধতিৰ উপৰি বিশেষকৈ চহৰ আৰু অৰ্ধনগৰীয়া অঞ্চলত য’ত স্থানৰ অভাৱ আছে তাত নতুন কৌশলক আমি উৎসাহিত কৰিম। বাগিচাৰ কাম-কাজসমূহ জিঅ’-টেগ কৰা হ’ব আৰু মেৰী লাইফ পৰ্টেলত ইয়াক নিৰীক্ষণকৰা হ’ব। মই আমাৰ দেশৰ যুৱ প্ৰজন্মক এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আৰু পৃথিৱীৰ সেউজ আৱৰণ বৃদ্ধিত অৰিহণা যোগাবলৈ আহ্বান জনাইছোঁ।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut

Media Coverage

Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi