অসমে উন্নয়নৰ নতুন গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে কৃষকৰ কল্যাণক সকলো প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত ৰাখিছেঃ প্ৰধানমন্ত্ৰী
কৃষি কাৰ্যৰ প্ৰসাৰ আৰু কৃষকক সহায়ৰ বাবে প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানৰ দৰে পদক্ষেপ আৰম্ভ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
সবকা সাথ, সবকা বিকাশৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ আমাৰ প্ৰচেষ্টাই দুখীয়া লোকসকলৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।

শ্ৰী মোদীয়ে তেওঁৰ সন্মুখত বৃহৎ সংখ্যক লোক সমবেত হৈ তেওঁৰ প্ৰতি মৰম দিয়া বুলি অৱগত কৰে। তেওঁ বিশেষকৈ মাতৃ-ভগ্নীসকলৰ উপস্থিতিৰ ওপৰত আলোকপাত কৰি তেওঁলোকে লৈ অনা মৰম আৰু আশীৰ্বাদ অসাধাৰণ বুলি উল্লেখ কৰে। তেওঁ মন্তব্য কৰে যে বহু ভগ্নীয়ে অসমৰ চাহ বাগিচাৰ সুগন্ধি লৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সুগন্ধিয়ে অসমৰ সৈতে তেওঁৰ সম্পৰ্কত এক অনন্য অনুভূতিৰ সৃষ্টি কৰে। উপস্থিত সকলোকে প্ৰণাম কৰি তেওঁলোকৰ মৰম আৰু আদৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বহু প্ৰত্যাশিত নামৰূপ আৰু ডিব্ৰুগড়ৰ সপোন আজি পূৰণ হৈছে। ইয়াৰ জৰিয়তে অঞ্চলটোত ঔদ্যোগিক প্ৰগতিৰ এক নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ আলোকপাত কৰে যে মাত্ৰ কিছু সময়ৰ পূৰ্বে তেওঁ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমি পূজন আৰু ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পূৰ্বে গুৱাহাটী বিমানবন্দৰত নতুন টাৰ্মিনেল উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সকলোৱে কৈছে যে অসমে এতিয়া উন্নয়নৰ নতুন গতি লাভ কৰিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে আজি যিখিনি দেখিছে সেয়া আৰম্ভণিহে আৰু অসমক বহু আগুৱাই নিব লাগিব। তেওঁ আহোমৰ শাসনকালত অসমে যি শক্তি আৰু ভূমিকা পালন কৰিছিল সেই কথা সোঁৱৰাই কয় যে উন্নত ভাৰতত অসমেও সমানেই শক্তিশালী ভূমিকা পালন কৰিব। তেওঁ নতুন উদ্যোগ আৰম্ভ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণ, অৰ্ধপৰিবাহী নিৰ্মাণ, কৃষিৰ নতুন সুযোগ, চাহ বাগিচা আৰু ইয়াৰ শ্ৰমিকসকলৰ উন্নতি আৰু পৰ্যটনৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি অসম প্ৰতিটো খণ্ডতে আগবাঢ়িছে বুলি দৃঢ়তাৰে কয়। শ্ৰী মোদীয়ে আধুনিক সাৰ উদ্যোগৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বাবে ৰাইজক অভিনন্দন জনায়। তেওঁ মন্তব্য কৰে যে কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰৰ অধীনত উদ্যোগ আৰু সংযোগৰ সমন্বয়ে অসমৰ সপোন পূৰণ কৰি আছে আৰু যুৱক-যুৱতীসকলক ডাঙৰ সপোন দেখাৰ বাবে অনুপ্ৰাণিত কৰিছে।

 

উন্নত ভাৰত গঢ়ি তোলাত দেশৰ কৃষক আৰু অন্নদাতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষকৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে লৈ কাম কৰি আছে আৰু কৃষক অনুকূল আঁচনিসমূহ সকলোৰে মাজলৈ সম্প্ৰসাৰিত কৰা হৈছে। তেওঁ আলোকপাত কৰে যে কৃষি কল্যাণমূলক পদক্ষেপৰ সমান্তৰালভাৱে কৃষকসকলক সাৰ নিৰন্তৰ যোগান নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আগন্তুক সময়ত নতুন ইউৰিয়া প্লাণ্টে এই যোগানৰ নিশ্চয়তা প্ৰদান কৰিব। তেওঁ উল্লেখ কৰে যে সাৰ প্ৰকল্পটোত প্ৰায় ১১,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব, যিটোৱে বছৰি ১২ লাখ মেট্ৰিক টনতকৈ অধিক সাৰ উৎপাদন কৰিব। তেওঁ কয় যে স্থানীয়ভাৱে উৎপাদন হ’লে যোগান দ্ৰুত হ’ব আৰু লজিষ্টিক ব্যয়ো হ্ৰাস পাব।

নামৰূপ ইউনিটে নিয়োগ আৰু আত্মসংস্থাপনৰ বাবে হাজাৰ হাজাৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে উদ্যোগটো কাৰ্যক্ষম হোৱাৰ লগে লগে বহু লোকে স্থানীয়ভাৱে স্থায়ী চাকৰি লাভ কৰিব। তেওঁ লগতে কয় যে ইয়াৰ লগত জড়িত কাম যেনে মেৰামতি, যোগান আৰু অন্যান্য আনুষংগিক কামেও যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰিব।

শ্ৰী মোদীয়ে তেওঁলোকৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতহে এনে কৃষক কল্যাণমূলক পদক্ষেপ কিয় ল’বলগীয়া হ’ল বুলি প্ৰশ্ন কৰে। তেওঁ উল্লেখ কৰে যে নামৰূপ দীৰ্ঘদিন ধৰি সাৰ উৎপাদনৰ কেন্দ্ৰবিন্দু হৈ আহিছিল আৰু এটা সময়ত ইয়াত উৎপাদিত সাৰে উত্তৰ-পূৰ্বাঞ্চলৰ পথাৰ শক্তিশালী কৰাৰ লগতে কৃষকৰ কৃষিকাৰ্যত সহায় কৰিছিল। তেওঁ স্মৰণ কৰে যে দেশৰ বহু ঠাইত যেতিয়া সাৰ যোগান প্ৰত্যাহ্বান আছিল তেতিয়াও নামৰূপ কৃষকৰ বাবে আশাৰ উৎস হৈয়েই থাকিল। কিন্তু পুৰণি প্ৰকল্পটোৰ প্ৰযুক্তি সময়ৰ লগে লগে পুৰণি হৈ পৰিল আৰু পূৰ্বৰ চৰকাৰসমূহে কোনো গুৰুত্ব নিদিলে বুলি তেওঁ আঙুলিয়াই দিয়ে। ফলত নামৰূপ প্লাণ্টৰ কেইবাটাও ইউনিট বন্ধ হৈ পৰে, যাৰ ফলত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকল দুৰ্দশাগ্ৰস্ত হৈ পৰে, তেওঁলোকৰ আয়ৰ ক্ষতি হয়, কৃষি ক্ষেত্ৰত সমস্যা বাঢ়ি যায়। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আজি কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰে পূৰ্বৰ শাসন ব্যৱস্থাৰ দ্বাৰা সৃষ্টি হোৱা সমস্যাসমূহ সমাধান কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে অসমৰ দৰেই আন বহু ৰাজ্যৰ সাৰ কাৰখানাও বন্ধ হৈ গৈছে। তেওঁ তেতিয়াৰ কৃষকসকলে সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ কথা সোঁৱৰাই দিয়ে, যেতিয়া তেওঁলোকে ইউৰিয়াৰ বাবে দীঘলীয়া শাৰী পাতি থিয় হ’বলগীয়া হৈছিল, দোকানত আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছিল, কৃষকসকলৰ ওপৰত লাঠীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেওঁ উল্লেখ কৰে যে বিৰোধীয়ে এই পৰিস্থিতি আৰু বেয়া কৰি তুলিছিল, আনহাতে বৰ্তমানৰ চৰকাৰে সেইবোৰ শুধৰাই আছে। তেওঁ আলোকপাত কৰে যে পূৰ্বৰ শাসনকালত কেইবাটাও সাৰ কাৰখানা বন্ধ হৈছিল, আনহাতে বৰ্তমানৰ চৰকাৰে গোৰখপুৰ, সিন্দ্ৰি, বাৰাউনী আৰু ৰামাগুণ্ডমত কেইবাটাও উদ্যোগ আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে ব্যক্তিগত খণ্ডকো এই ক্ষেত্ৰত উৎসাহিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে ভাৰতে ইউৰিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত অগ্ৰসৰ হৈছে।

 “২০১৪ চনত দেশত মাত্ৰ ২২৫ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হৈছিল, আনহাতে আজি উৎপাদন প্ৰায় ৩০৬ লাখ মেট্ৰিক টন হৈছে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত বছৰি প্ৰায় ৩৮০ লাখ মেট্ৰিক টন ইউৰিয়াৰ প্ৰয়োজন হয় আৰু চৰকাৰে এই ব্যৱধান দূৰ কৰিবলৈ দ্ৰুতগতিত কাম কৰি আছে। কৃষকৰ স্বাৰ্থৰ প্ৰতি চৰকাৰ অত্যন্ত সংবেদনশীল বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে বহিঃৰাজ্যৰ পৰা অধিক মূল্যত আমদানি কৰা ইউৰিয়াইও কৃষকসকলৰ ওপৰত বোজা দিয়া অনুচিত, কিয়নো তেওঁলোকৰ চৰকাৰে ৰাজসাহায্যৰ জৰিয়তে সেই খৰচ বহন কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতীয় কৃষকে মাত্ৰ ৩০০ টকাত ইউৰিয়াৰ বেগ এটা লাভ কৰে, আনহাতে সেই একেটা বেগৰ বাবে চৰকাৰে আন দেশক প্ৰায় ৩,০০০ টকা দিয়ে। তেওঁ আলোকপাত কৰে যে বাকী থকা ধন তেওঁলোকৰ চৰকাৰে প্ৰদান কৰে, যাতে কৃষক ভাই-ভনীসকলে কোনো ধৰণৰ আৰ্থিক বোজাৰ সন্মুখীন নহয়। তেওঁ লগতে কৃষকসকলক ইউৰিয়া আৰু অন্যান্য সাৰৰ ব্যৱহাৰ অনুকূল কৰি ভূমি ৰক্ষা কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে আজি বীজৰ পৰা বজাৰলৈকে তেওঁলোকৰ চৰকাৰ কৃষকৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁ আলোকপাত কৰে যে কৃষকৰ কামৰ বাবে ধন পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে যাতে তেওঁলোকে ঋণৰ বাবে ঘুৰি-ফুৰিব নালাগে। তেওঁ মন্তব্য কৰে যে এতিয়ালৈকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত প্ৰায় ৪ লাখ কোটি টকা কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেৱল এই বছৰতে কৃষকক সহায়ৰ বাবে ৩৫,০০০ কোটি টকাৰ দুখন আঁচনি আৰম্ভ কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানে কৃষিক আৰু অধিক প্ৰসাৰিত কৰিব।

 

চৰকাৰে কৃষকৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি আছে বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে যেতিয়া প্ৰতিকূল বতৰৰ বাবে শস্যৰ ক্ষতি হয় তেতিয়া শস্য বীমা আঁচনিৰ জৰিয়তে কৃষকসকলক সহায় কৰা হয়। তেওঁ আলোকপাত কৰে যে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰাটো নিশ্চিত কৰিবলৈ ক্ৰয়ৰ ব্যৱস্থা উন্নত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে চৰকাৰে দৃঢ় বিশ্বাস কৰে যেতিয়া কৃষকসকল শক্তিশালী হ’ব তেতিয়াহে দেশ আগবাঢ়ি যাব পাৰে আৰু সেইবাবেই এই দিশত সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰত চৰকাৰ গঠন হোৱাৰ পিছত পশুপালক আৰু মীনপালকসকলকো কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁলোকে ইয়াৰ পৰা বহুখিনি লাভৱান হৈছে। তেওঁ দৃঢ়তাৰে কয় যে কেচিচিৰ জৰিয়তে এই বছৰ কৃষকসকলে ১০ লাখ কোটিতকৈ অধিক টকাৰ সাহায্য লাভ কৰিছে। তেওঁ লগতে কয় যে জৈৱ-সাৰৰ ওপৰত জিএছটি হ্ৰাস কৰাটোৱেও কৃষকসকলক যথেষ্ট সকাহ দিছে। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে তেওঁলোকৰ চৰকাৰে প্ৰাকৃতিক কৃষিক সক্ৰিয়ভাৱে উৎসাহিত কৰিছে। ইতিমধ্যে লাখ লাখ কৃষকক সংযোগ কৰা প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰে যে শেহতীয়া বছৰবোৰত সমগ্ৰ দেশতে ১০ হাজাৰ কৃষক উৎপাদক সংস্থা (এফপিঅ’) স্থাপন কৰা হৈছে। তেওঁ লগতে আলোকপাত কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত বিশেষ গুৰুত্ব দি চৰকাৰে তৈলপামৰ সৈতে জড়িত এক অভিযান আৰম্ভ কৰিছে, যাৰ ফলত ভাৰতক ভোজ্য তেলৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাই নহয়, অঞ্চলটোৰ কৃষকসকলৰ আয়ো বৃদ্ধি কৰিব।

অঞ্চলটোত বৃহৎ সংখ্যক চাহ বাগিচাৰ শ্ৰমিক উপস্থিত থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁলোকৰ চৰকাৰেই অসমৰ চাৰে সাত লাখ চাহ বাগিচাৰ শ্ৰমিকৰ জন ধন বেংক একাউণ্ট খোলাৰ সুবিধা কৰি দিছিল। তেওঁ মন্তব্য কৰে যে বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত হৈ এই শ্ৰমিকসকলে এতিয়া তেওঁলোকৰ একাউণ্টলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰ কৰাৰ সুবিধা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে চৰকাৰে চাহ বাগিচা এলেকাত বিদ্যালয়, পথ, বিদ্যুৎ, পানী, চিকিৎসালয়ৰ দৰে সা-সুবিধা সম্প্ৰসাৰণ কৰি আছে।

চৰকাৰে সবকা সাথৰ মন্ত্ৰ সবকা বিকাশ মন্ত্ৰৰে আগবাঢ়িছে আৰু এই দৃষ্টিভংগীয়ে দৰিদ্ৰ লোকসকলৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিছে বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত ১১ বছৰত এই প্ৰচেষ্টাৰ বাবে ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে আৰু দেশত এক নব্য মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিছে। তেওঁ লগতে কয় যে এইটো সম্ভৱ হৈছে কাৰণ বিগত বছৰবোৰত দৰিদ্ৰ পৰিয়ালৰ জীৱন ধাৰণৰ মান ধাৰাবাহিকভাৱে উন্নত হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেতবোৰ নতুন তথ্য আহিছে যিবোৰ ভাৰতত ঘটি থকা পৰিৱৰ্তনৰ প্ৰতীক। তেওঁ আলোকপাত কৰে যে আগতে গাঁৱৰ আটাইতকৈ দৰিদ্ৰ পৰিয়ালৰ দহৰ ভিতৰত এজনৰহে বাইক আছিল, আনহাতে এতিয়া গাঁৱৰ প্ৰায় আধা পৰিয়ালৰ হাতত বাইক বা গাড়ী আছে। তেওঁ মন্তব্য কৰে যে মোবাইল ফোন প্ৰায় প্ৰতিটো ঘৰতে উপলব্ধ আৰু এসময়ত বিলাসী বুলি গণ্য কৰা ফ্ৰীজৰ দৰে সামগ্ৰী এতিয়া সাধাৰণ হৈ পৰিছে, আনকি গাঁৱৰ পাকঘৰতো ফ্ৰীজে ঠাই পাইছে। তেওঁ উল্লেখ কৰে যে স্মাৰ্টফোনৰ প্ৰসাৰৰ পিছতো গাঁৱে-ভূঞে টেলিভিছনৰ গৰাকী হোৱাৰ ধাৰা বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই পৰিৱৰ্তনসমূহ নিজে নিজে হোৱা নাছিল, বৰঞ্চ দেশৰ দৰিদ্ৰ লোকসকল ক্ষমতাশালী হৈ উঠিছে আৰু আনকি দুৰ্গম অঞ্চলত বসবাস কৰাসকলেও এতিয়া উন্নয়নৰ দ্বাৰা উপকৃত হৈছে।

কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰসমূহে দৰিদ্ৰ, জনজাতীয়, যুৱক-যুৱতী আৰু মহিলাৰ বাবে কাম কৰাই নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দশক দশক ধৰি চলি অহা হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলাবলৈ প্ৰচেষ্টা হাতত লোৱা বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে কয় অসমৰ পৰিচয় আৰু সংস্কৃতিক সদায় সৰ্বোচ্চ কৰি ৰাখিছে, প্ৰতিটো মঞ্চত অসমীয়া গৌৰৱৰ প্ৰতীকক উজ্জ্বলাই তুলিছে। তেওঁ কয় যে চৰকাৰে গৌৰৱেৰে মহাবীৰ লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ লগতে অসমৰ কলা, শিল্পকলা আৰু গামোছাক গোলকীয় স্বীকৃতি প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে মাত্ৰ কেইদিনমানৰ আগতে যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দিল্লী ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ অতি গৌৰৱেৰে তেওঁক অসমৰ ব্লেক টী উপহাৰ দিছিল।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে অসমৰ স্বাভিমান বৃদ্ধি কৰা প্ৰতিটো প্ৰচেষ্টাক অগ্ৰাধিকাৰ দিয়া হয়। তেওঁ মন্তব্য কৰে যে যেতিয়া তেওঁলোকে এনে কাম হাতত লয় তেতিয়া ই বিৰোধীৰ বাবে আটাইতকৈ বেছি অস্বস্তিকৰ হৈ পৰে। তেওঁ স্মৰণ কৰে যে যেতিয়া চৰকাৰে ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰিছিল, তেতিয়া বিৰোধীয়ে মুকলিকৈ ইয়াৰ বিৰোধিতা কৰিছিল। দলটোৰ ৰাষ্ট্ৰীয় সভাপতিয়ে মন্তব্য কৰিছিল, ‘মোদীয়ে গায়ক আৰু কণ্ঠশিল্পীক ভাৰতৰত্ন দিয়ে’। তেওঁ লগতে কয় যে অসমত অৰ্ধপৰিবাহী ইউনিট স্থাপন হ’লেও বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰে। প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে বিৰোধী চৰকাৰেই দশক দশক ধৰি চাহ জনগোষ্ঠীৰ ভাই-ভনীক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল, আনহাতে তেওঁলোকৰ চৰকাৰে তেওঁলোকক ভূমিৰ অধিকাৰ আৰু মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে বিৰোধীয়ে ভোটবেংক শক্তিশালী কৰিবলৈ অসমৰ বনাঞ্চল আৰু ভূমিত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সংস্থাপন কৰিব বিচাৰিছে, ৰাষ্ট্ৰ বিৰোধী চিন্তাধাৰাক উদগনি যোগাইছে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে অসম, ইয়াৰ জনসাধাৰণ বা তেওঁলোকৰ পৰিচয়ৰ প্ৰতি বিৰোধীৰ কোনো চিন্তা নাই আৰু তেওঁলোক কেৱল ক্ষমতা আৰু চৰকাৰৰ প্ৰতিহে আগ্ৰহী। তেওঁ মন্তব্য কৰে যে বিৰোধীয়ে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পছন্দ কৰে, তেওঁলোকক সংস্থাপন দিয়ে আৰু তেওঁলোকক সুৰক্ষা দি আছে। তেওঁ আলোকপাত কৰে যে এই কাৰণেই বিৰোধীয়ে ভোটাৰ তালিকা শুদ্ধিকৰণৰ বিৰোধিতা কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে বিৰোধীৰ সন্তুষ্টি আৰু ভোট-বেংক ৰাজনীতিৰ বিষৰ পৰা অসমক সুৰক্ষিত কৰিব লাগিব। তেওঁ ৰাইজক আশ্বাস দিয়ে যে তেওঁলোকৰ দল অসমৰ পৰিচয় আৰু সন্মান ৰক্ষাৰ বাবে ঢালৰ দৰে থিয় দিছে।

 

উন্নত ভাৰত গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, পূব ভাৰত ৰাষ্ট্ৰৰ উন্নয়নৰ বিকাশৰ ইঞ্জিন হ’ব বুলি পুনৰবাৰ উল্লেখ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে নামৰূপৰ নতুন ইউনিটটো এই ৰূপান্তৰৰ প্ৰতীক, কিয়নো ইয়াত উৎপাদিত সাৰে কেৱল অসমৰ পথাৰত সেৱা আগবঢ়োৱাই নহয়, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু পূব উত্তৰ প্ৰদেশতো উপলব্ধ হ’ব। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ সাৰৰ প্ৰয়োজনীয়তাত উত্তৰ-পূৰ্বাঞ্চলৰ এয়া এক উল্লেখযোগ্য অৱদান। প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণিত কয় যে নামৰূপৰ দৰে প্ৰকল্পই প্ৰমাণ কৰে যে আগন্তুক সময়ত উত্তৰ-পূৰ্বাঞ্চল আত্মনিৰ্ভৰ ভাৰতৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মনিৰ্ভৰশীল হৈ উঠিব আৰু প্ৰকৃতাৰ্থত অষ্টলক্ষ্মী হৈ থাকিব। তেওঁ পুনৰবাৰ সকলোকে নতুন সাৰ উদ্যোগৰ বাবে অভিনন্দন জনায়।

এই উপলক্ষে অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 4 Lakh Tonne Of Corn In Q4FY25: USDA

Media Coverage

India Exports 4 Lakh Tonne Of Corn In Q4FY25: USDA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the divine and benevolent grace of Goddess Kushmanda
March 22, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit subhashitam today, highlighting the divine and benevolent grace of Goddess Kushmanda .

The Prime Minister wrote on X:

"अदम्य साहस और आध्यात्मिक शक्ति की प्रतीक मां कूष्मांडा का चरण-वंदन! उनकी दिव्य ऊर्जा से हर हृदय में नवचेतना जागृत हो।

सुरासम्पूर्णकलशं रुधिराप्लुतमेव च।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदाऽस्तु मे॥"