শ্ৰী ৰাজ কাপুৰ কেৱল এজন চলচ্চিত্ৰ নিৰ্মাতা নহয় বৰঞ্চ ভাৰতীয় চিনেমাক বিশ্ব মঞ্চলৈ লৈ যোৱা এজন সাংস্কৃতিক দূত আছিল: প্ৰধানমন্ত্ৰী

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি শ্ৰী ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ তেওঁক এজন দূৰদৰ্শী চলচ্চিত্ৰ নিৰ্মাতাঅভিনেতা আৰু চিৰন্তন শ্বমেন হিচাপে প্ৰশংসা কৰে। শ্ৰী ৰাজ কাপুৰক কেৱল এজন চলচ্চিত্ৰ নিৰ্মাতা নহয়ভাৰতীয় চিনেমাক বিশ্ব মঞ্চলৈ লৈ যোৱা সাংস্কৃতিক ৰাষ্ট্ৰদূত বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাৰ প্ৰজন্মই তেওঁৰ পৰা অজস্ৰ শিকিবলগীয়া আছে।

এক্সত এটা থ্ৰেড পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

আজি আমি দূৰদৰ্শী চলচ্চিত্ৰ নিৰ্মাতাঅভিনেতা আৰু চিৰন্তন শ্বমেন কিংবদন্তি ৰাজ কাপুৰৰ ১০০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোতেওঁৰ প্ৰতিভাই প্ৰজন্মৰ দুৱাৰ অতিক্ৰম কৰি ভাৰতীয় আৰু বিশ্বব্যাপী চিনেমাত এক অমলিন চিন ৰাখিলে।

শ্ৰীৰাজ কাপুৰৰ চিনেমাৰ প্ৰতি আকৰ্ষণ কম বয়সৰ পৰাই আৰম্ভ হৈছিল আৰু তেওঁ এজন অগ্ৰণী কাহিনীকাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁৰ ছবিবোৰত শিল্পকলাআৱেগ আনকি সমাজ চেতনাৰ মিশ্ৰণ আছিল। সাধাৰণ নাগৰিকৰ আকাংক্ষা আৰু সংগ্ৰামৰ প্ৰতিফলন ঘটিছিল।

ৰাজ কাপুৰৰ ছবিৰ আইকনিক চৰিত্ৰ আৰু অবিস্মৰণীয় মেলডীবোৰে বিশ্বজুৰি দৰ্শকক বিষ্ময়াভিভূত কৰি ৰাখে। তেওঁৰ ৰচনাসমূহে কেনেকৈ সহজ আৰু উৎকৃষ্টতাৰে বৈচিত্ৰময় বিষয়বস্তু উজ্জ্বল কৰি তোলেসেই কথা যুগে যুগে দৰ্শক সমালোচকে প্ৰশংসা কৰে। তেওঁৰ ছবিৰ সংগীতো আছিল অত্যন্ত জনপ্ৰিয়।

শ্ৰীৰাজ কাপুৰ কেৱল এজন চলচ্চিত্ৰ নিৰ্মাতাই নহয়ভাৰতীয় চিনেমাক বিশ্ব মঞ্চলৈ লৈ যোৱা এজন সাংস্কৃতিক দূত আছিল। অনাগত প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাই তেওঁৰ পৰা যথেষ্ট শিকিবলগীয়া আছে। তেওঁক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু সৃষ্টিশীল জগতলৈ তেওঁৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰিছো।

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”