প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুল দিৱস উপলক্ষে ভাৰতৰ জনজাতীয় সমাজৰ অদম্য সাহস আৰু অসাধাৰণ বীৰত্বক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ঐতিহাসিক চাঁওতাল বিদ্ৰোহক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔপনিৱেশিক নিপীড়নক উফৰাই প্ৰাণ আহুতি দিয়া পূজনীয় স্বাধীনতা সংগ্ৰামী— চিদো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ চিৰস্থায়ী উত্তৰাধিকাৰকে প্ৰমুখ্য কৰি অগণিত সাহসী জনজাতীয় শ্বহীদক সন্মান জনায়।

এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“হুল দিৱসে আমাৰ জনজাতীয় সমাজৰ অদম্য সাহস আৰু বিস্ময়কৰ বীৰত্বৰ কথা মনত পেলায়। ঐতিহাসিক চাঁওতাল বিপ্লৱৰে সম্পৰ্কীয় এই বিশেষ উপলক্ষত বিদেশী শাসনৰ অত্যাচাৰৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিয়া চিদো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোকে প্ৰমুখ্য কৰি সকলো বীৰ পুৰুষ-মহিলালৈ আমি আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু প্ৰণাম জনাইছোঁ। তেওঁলোকৰ বীৰত্বৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মকে মাতৃভূমিৰ আত্ম-সন্মান ৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰি থাকিব।”

 

 

 

“ᱦᱩᱞ ᱢᱟᱦᱟ ᱫᱚ ᱟᱵᱚ ᱟᱹᱫᱤᱵᱟ.ᱥᱤ ᱥᱟᱶᱛᱟ ᱨᱮᱭᱟᱜ ᱫᱤᱞ ᱫᱟᱲᱮ ᱟᱨ ᱦᱟᱦᱟᱲᱟᱜ ᱵᱤᱨᱚᱛᱛᱚ ᱨᱮᱭᱟᱜ ᱠᱟᱛᱷᱟᱭ ᱩᱭᱦᱟᱹᱨ ᱟᱵᱚᱱᱟ ᱾ ᱱᱟᱜᱟᱢᱟᱱᱟᱜ ᱥᱟᱱᱛᱟᱞ ᱦᱩᱞ ᱥᱟᱶᱛᱮ ᱥᱟᱹᱜᱟᱹᱭ ᱟᱱ ᱱᱚᱣᱟ ᱟᱠᱷᱲᱟ ᱨᱮ ᱟᱞᱮ ᱥᱤᱫᱩ,ᱠᱟᱱᱦᱩ,ᱪᱟᱸᱫᱽ ᱵᱷᱟᱭᱨᱳ ᱟᱨ ᱯᱷᱩᱞᱳᱼᱡᱷᱟᱱᱳ ᱛᱮᱠᱚ ᱤᱝᱨᱮᱡᱽ ᱵᱤᱨᱩᱫᱷ ᱨᱮ ᱡᱤᱣᱤ ᱠᱚ ᱟᱞᱟᱭ ᱞᱮᱫ ᱥᱟᱱᱟᱢ ᱥᱟᱦᱚᱥᱟᱱ ᱵᱤᱨᱵᱟᱱᱴᱟ ᱟᱨ ᱦᱩᱞᱜᱟᱹᱨᱤᱭᱟᱹ ᱠᱚ ᱜᱩᱱᱢᱟᱱ ᱥᱟᱞᱟᱜ ᱜᱚᱰ ᱟᱨ ᱡᱚᱦᱟᱨ ᱞᱮ ᱪᱟᱞ ᱟᱠᱚ ᱠᱟᱱᱟ ᱾ ᱩᱱᱠᱩ ᱠᱚᱣᱟᱜ ᱠᱟ.ᱦᱱᱤ ᱛᱟᱭᱚᱢ ᱫᱟᱨᱟᱢ ᱫᱤᱥᱚᱢᱨᱮᱱ ᱥᱟᱱᱟᱢ ᱯᱚᱯᱚᱝᱲᱟ ᱜᱮ ᱫᱤᱥᱚᱢ ᱨᱮᱭᱟᱜ ᱢᱟᱹᱱ ᱨᱩᱠᱷᱤᱭᱟᱹ ᱞᱟᱜᱤᱫ ᱵᱷᱚᱨᱥᱟᱭ ᱡᱚᱜᱟᱣ ᱟᱠᱚᱣᱟ ᱾”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
কমনৱেলথ গেমছ-২০২৬ৰ পদক বিজয়ীসকলক আতিথ্য প্ৰদান প্ৰধানমন্ত্ৰীৰ
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সপ্তম লোককল্যাণ মাৰ্গত কমনৱেলথ গেমছ-২০২৬ত ভাৰতৰ পদক বিজয়ীসকলক আতিথ্য প্ৰদান কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উক্ত প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বুজ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খেলুৱৈসকলৰ এই কৃতিত্ব সমগ্ৰ দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয় আৰু ই বহু যুৱক-যুৱতীক ক্ৰীড়াক্ষেত্ৰত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে :

কমনৱেলথ গেমছ ২০২৬ত আমাৰ অসাধাৰণ পদক বিজয়ীসকলক সপ্তম লোককল্যাণ মাৰ্গত আতিথ্য প্ৰদান কৰি আনন্দিত হৈছোঁ। এই প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিব পাৰিলোঁ।

তেওঁলোকৰ প্ৰত্যেকেই নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে আমাৰ দেশক গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ এই সফলতাই বহু যুৱক-যুৱতীক প্ৰেৰণা যোগাব।