প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী চি ৰাজাগোপালাচাৰীক তেওঁৰ জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁক এগৰাকী স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ, বুদ্ধিজীৱী আৰু ৰাজনীতিবিদ হিচাপে স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজাজী বিংশ শতিকাৰ আটাইতকৈ তীক্ষ্ণ মনৰ ব্যক্তিসকলৰ এজন, যিয়ে মূল্যবোধৰ সৃষ্টি আৰু মানৱীয় মৰ্যাদা বৰ্তাই ৰখাত বিশ্বাস কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰই ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ৰাজহুৱা জীৱনত তেওঁৰ স্থায়ী অৱদানক কৃতজ্ঞতাৰে স্মৰণ কৰিছে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ

‘শ্ৰী চি ৰাজাগোপালাচাৰীক স্মৰণ কৰাৰ সময়ত স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ, বুদ্ধিজীৱী, ৰাজনীতিবিদ- এইবোৰ বিশেষণ মনলৈ আহে। জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ বিংশ শতিকাৰ তীক্ষ্ণ মনৰ ব্যক্তিসকলৰ এজন, যিয়ে মূল্যবোধৰ সৃষ্টি আৰু মানৱীয় মৰ্যাদা বৰ্তাই ৰখাত বিশ্বাস কৰিছিল। আমাৰ ৰাষ্ট্ৰই তেওঁৰ স্থায়ী অৱদানক কৃতজ্ঞতাৰে স্মৰণ কৰিছে।

ৰাজাজীৰ জন্ম বাৰ্ষিকী উপলক্ষে আৰ্কাইভৰ পৰা কিছুমান আকৰ্ষণীয় সামগ্ৰী শ্বেয়াৰ কৰা হৈছে, য’ত আছে যুৱ অৱস্থাৰ ৰাজাজীৰ ছবি, কেবিনেট মন্ত্ৰী হিচাপে তেওঁৰ নিযুক্তি সম্পৰ্কীয় জাননী, ১৯২০ৰ দশকৰ স্বেচ্ছাসেৱকসকলৰ সৈতে এখন ছবি আৰু গান্ধীজী কাৰাগাৰত থকাৰ বাবে ৰাজাজীয়ে সম্পাদনা কৰা ১৯২২ চনৰ এখন ইয়ং ইণ্ডিয়াৰ সংস্কৰণ।’

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond