প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ঋষি বংকিম চন্দ্র চট্টোপাধ্যায়ৰ জন্ম দিনত তেওঁৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷
টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে কয়, “ঋষি বংকিম চন্দ্র চট্টোপাধ্যায়ৰ জন্ম দিনত তেওঁক শ্রদ্ধাঞ্জলি জনাইছো৷ তেওঁৰ কামৰ মাজেৰে মহান ভাৰতৰ ঐতিহ্য প্রতিফলিত হৈছে। তেওঁৰ ৰচিত #VandeMataram, বিনম্র চিত্তে দেশৰ সেৱা কৰাত, ভাৰতকে ধৰি নাগৰিকসকলৰ সবলীকৰণৰ বাবে নিজকে উৎসর্গ কৰাত আমাৰ সকলোকে অনুপ্রাণিত কৰে৷
Paying homage to Rishi Bankim Chandra Chattopadhyay on his Jayanti. Through his extensive body of work, he showcased the greatness of India’s ethos. #VandeMataram, penned by him, inspires us to serve India with humility and devote ourselves towards empowering our fellow Indians.
— Narendra Modi (@narendramodi) June 27, 2021


