পেট্ৰ’লৰ ২০ শতাংশ ইথানল ব্লেণ্ডিঙত উপনীত হোৱাৰ লক্ষ্য ২০২৫ লৈ আগুৱাই অনা হৈছেঃ প্ৰধানমন্ত্ৰী
চৰকাৰে ৰিচাইক্লিঙৰদ্বাৰা সম্পদৰ সু ব্যৱহাৰ কৰিবপৰা ১১ টা খণ্ড চিনাক্ত কৰি উলিয়াইছেঃ প্ৰধানমন্ত্ৰী
সমগ্ৰ দেশখনতে ইথানল উৎপাদন আৰু বিতৰণৰ অৰ্থে পুনেত ই-১০০ পাইলট প্ৰজেক্টৰ শুভাৰম্ভ

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে “২০২০-২০২৫ ত ভাৰতৰ ইথানল ব্লেণ্ডিঙৰ অৰ্থে লক্ষ্য সন্দৰ্ভত বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন” উন্মোচন কৰে। তেখেতে তদুপৰি সমগ্ৰ দেশখনত ইথানল উৎপাদন আৰু বিতৰণৰ অৰ্থে পুনেত অভিলাষী ই-১০০ পৰীক্ষামূলক প্ৰকল্পটোৰ শুভাৰম্ভ কৰে। এই বৰ্ষৰ কাৰ্য্যসূচীৰ বাবে বিষয়বস্তু হৈছে ‘এটা উত্তম পৰিবেশৰ বাবে জৈৱিক ইন্ধনৰ প্ৰোৎসাহন’। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, শ্ৰী প্ৰকাশ জাভড়েকাৰ, শ্ৰী পীয়ূষ গোৱেল আৰু শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব পৰিবেশ দিৱস উপলক্ষে ইথানল খণ্ডৰ উন্নয়নৰ অৰ্থে সবিশেষ ৰোডমেপ প্ৰকাশৰদ্বাৰা ভাৰতে আন এটা খোজ আগুৱালে। তেখেতে কয় যে ২১ শ শতিকাৰ ভাৰতৰ মূল অগ্ৰাধিকাৰসমূহৰ ভিতৰত ইথানল অন্যতম হৈ পৰিছে। তেখেতে লগতে কয় যে ইথানলৰ ওপৰত গুৰুত্ব আৰোপে পৰিবেশৰ ওপৰত উত্তম প্ৰভাৱ পেলোৱাৰ সমান্তৰালভাৱে কৃষকসকলৰ জীৱনতো প্ৰভাৱ বিস্তাৰ কৰিছে। তেখেতে কয় যে চৰকাৰখনে ২০২৫ ৰ ভিতৰত পেট্ৰ’লৰ ইথানল ব্লেণ্ডিঙৰ লক্ষ্যত উপনীত হোৱাৰ সংকল্প গ্ৰহণ কৰিছে। পূৰ্বে, ২০৩০ ৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ সংকল্প গ্ৰহণ কৰা হৈছিল যাক এতিয়া ৫ বছৰ আগুৱাই অনা হয়। তেখেতে লগতে কয় যে ২০১৪ লৈকে, গড় হিচাপত, ভাৰতত মাত্ৰ ১.৫ শতাংশ ইথানল ব্লেণ্ডিং কৰিব পৰা গৈছিল যি এতিয়া প্ৰায় ৮.৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৩-১৪ ত, দেশখনত প্ৰায় ৩৮ কোটি লিটাৰ ইথানল ক্ৰয় কৰা হৈছিল যি এতিয়া ৩২০ কোটিৰো অধিক লিটাৰলৈ বৃদ্ধি পাইছে। তেখেতে কয় যে ইথানল ক্ৰয় এই আঠগুণ বৃদ্ধিৰ এটা বৃহৎ অংশই দেশখনৰ কুঁহিয়াৰ খেতিয়কসকলক লাভান্বিত কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২১শ শতিকাৰ ভাৰতে কেৱল আধুনিক চিন্তা আৰু ২১শ শতিকাৰ আধুনিক নীতিৰপৰাহে শক্তি লাভ কৰিব পাৰে। এই ভাৱনাৰে, চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰতে অবিৰতভাৱে নীতি সিদ্ধান্তসমূহ গ্ৰহণ কৰি আছে। তেখেতে কয়, আজি, দেশখনত ইথানলৰ উৎপাদন আৰু ক্ৰয়ৰ অৰ্থে যাৱতীয় আন্তঃগাঁথনি গঢ়ি তোলাত বহু গুৰুত্ব আৰোপ কৰা হৈছে। চেনি উৎপাদন অধিক ৪-৫ ৰাজ্যতে গৰিষ্ঠসংখ্যক ইথানল উৎপাদন ইউনিট বিৰাজমান কিন্তু এতিয়া সমগ্ৰ দেশতে এয়া সম্প্ৰসাৰিত কৰিবলৈ খাদ্য শস্য নিৰ্ভৰ ভাঁটিখানা স্থাপন কৰা হৈছে। কৃষিজাত আৱৰ্জনাৰপৰা ইথানল প্ৰস্তুতৰ অৰ্থে আধুনিক প্ৰযুক্তি নিৰ্ভৰ প্লান্টো দেশখনত স্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত হৈছে জলবায়ু ন্যায়ৰ শক্তিশালী প্ৰবক্তা আৰু উচ্চ বৈশ্বিক দৃষ্টি আগত ৰাখি আগুৱাই গৈ আছে। সেইসমূহ হৈছেঃ ওৱান চান, ওৱান ৱৰ্ল্ড, ওৱান গ্ৰীড ৰ দৃষ্টি বাস্তৱায়িতকৰণৰ অৰ্থে ইন্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স স্থাপন আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি পদক্ষেপৰ অৰ্থে সংঘ। তেখেতে উল্লেখ কৰে, জলবায়ু পৰিৱৰ্তন পাৰদৰ্শিতা সূচকাংকত বিশ্বখনৰ শীৰ্ষ ১০ ৰাষ্ট্ৰত ভাৰত অন্তৰ্ভুক্ত হৈছে। তেখেতে লগতে কয় যে জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহক লৈ ভাৰত তদুপৰি সজাগ আৰু এই সন্দৰ্ভত সক্ৰিয়তাৰেও কাম কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তনেৰে যুঁজিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ সন্দৰ্ভত কয়। কঠোৰ পদক্ষেপ সন্দৰ্ভত, তেখেতে উল্লেখ কৰে যে যোৱা ৬-৭ বছৰত নবীকৰণযোগ্য শক্তিৰ অৰ্থে আমাৰ ক্ষমতা ২৫০ ৰোধিক শতাংশ বৃদ্ধি পাইছে। সংস্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতাৰ ক্ষেত্ৰত আজি ভাৰত হৈছে বিশ্বখনৰ শীৰ্ষ ৫ খন ৰাষ্ট্ৰৰ অন্যতম। বিশেষকৈ যোৱা ৬ বছৰত সৌৰ শক্তিৰ ক্ষমতা প্ৰায় ১৫ গুণ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণ পদক্ষেপ হিচাপেও দেশখনে ঐতিহাসিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। আজি দেশখনৰ সাধাৰণ লোকে পৰিবেশৰ-সপক্ষে অভিযানসমূহত যোগদান কৰিছে আৰু নেতৃত্ব প্ৰদান কৰিছে। যথাঃ এবাৰ ব্যৱহৃত প্লাষ্টিক পৰিহাৰ, সমুদ্ৰ তীৰ পৰিস্কাৰ বা স্বচ্ছ ভাৰত। তেখেতে লগতে কয় যে প্ৰদান কৰা ৩৭ কোটিৰো অধিক এলইডি বাল্ব আৰু ২৩ লাখৰো অধিক শক্তি কুশল ফেনৰ প্ৰভাৱ সন্দৰ্ভত প্ৰায়েই আলোচনা নহয়। তেখেতে আৰু কয়, কোটি-কোটি দৰিদ্ৰ লোকলৈ উজ্জ্বলা আঁচনিৰ অধীনত বিনামূলীয়া গেছ সংযোগ প্ৰদানৰ জৰিয়তে, সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ প্ৰদানৰ জৰিয়তে, খৰিৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে। প্ৰদূষণ হ্ৰাসৰ ওপৰিও, ই স্বাস্থ্যৰ উন্নতিত বহু পৰিমাণে সহায় কৰিছে আৰু পৰিবেশ সুৰক্ষা সুদৃঢ় কৰিছে। তেখেতে কয়, পৰিবেশ সুৰক্ষাৰ অৰ্থে উন্নয়ন ৰুদ্ধ কৰাটো যে প্ৰয়োজনীয় নহয়, সেই ক্ষেত্ৰত ভাৰতে বিশ্বখনৰ সন্মুখত দৃষ্টান্ত দাঙি ধৰিছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে ইকনমি আৰু ইকলজি উভয়ে একেলগে যাব পাৰে আৰু আগুৱাবলৈ সক্ষম। আৰু ভাৰতে বাছি লোৱা পথ এইটোৱেই। তেখেতে কয়, অৰ্থনীতি সুদৃঢ়কৰণৰ লগতে, যোৱা কেইটামান বছৰত আমাৰ বননিও ১৫ হাজাৰ বৰ্গ কিলোমিটাৰ বৃদ্ধি পাইছে। আমাৰ দেশৰ বাঘৰ সংখ্যা দুগুণ হৈ পৰিছে আৰু যোৱা কেইটামান বছৰত চিতাবাঘৰ সংখ্যাও প্ৰায় ৬০ শতাংশ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, স্বচ্ছ আৰু কুশল শক্তি প্ৰণালী, স্থিতিস্থাপক নগৰীয়া আন্তঃগাঁথনি আৰু পৰিকল্পিত পৰিবেশ-পুনৰুদ্ধাৰ হৈছে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এটা অতিশয় গুৰুত্বপূৰ্ণ অংশ। তেখেতে কয়, পৰিবেশ সম্পৰ্কীয় সকলো প্ৰচেষ্টা গ্ৰহণৰ পৰিপ্ৰেক্ষিতত, দেশখনত নতুন বিনিয়োগৰ সুযোগ সৃষ্টি হৈছে, লাখ-লাখ যুৱক-যুৱতীয়ে নিয়োগো লাভ কৰিছে। তেখেতে কয়, বায়ু প্ৰদূষণ ৰোধৰ অৰ্থে ভাৰতে নেশ্যনেল ক্লীন এয়াৰ প্লেনৰ জৰিয়তে এটা সমগ্ৰ দৃষ্টিকোণেৰে কাম কৰি আছে। তেখেতে কয়, জলমাৰ্গ আৰু মাল্টিমডেল যোগাযোগৰ কামে কেৱল সেউজ পৰিবহণৰ মিছনকে সুদৃঢ় নকৰে, বৰঞ্চ দেশখনৰ লজিষ্টিক কুশলতাৰ অগ্ৰগতি সাধন কৰিব। আজি, দেশখনত মেট্ৰ’ ৰেলৰ সেৱা ৫ চহৰৰপৰা ১৮ চহৰলৈ বৃদ্ধি কৰা হৈছে যিয়ে ব্যক্তিগত বাহনৰ ব্যৱহাৰ হ্ৰাসত সহায় কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি, দেশখনৰ ৰেলৱে নেটৱৰ্কৰ এক বৃহৎ অংশৰ বৈদ্যুতীকৰণ হৈছে। দেশখনৰ বিমানবন্দৰসমূহতো তীব্ৰ গতিৰে সৌৰ শক্তিৰপৰা বিদ্যুতৰ ব্যৱহাৰ কৰা হৈছে। তেখেতে উল্লেখ কৰে যে ২০১৪ ৰ পূৰ্বে, মাত্ৰ ৭ টা বিমানবন্দৰত সৌৰ শক্তিৰ ব্যৱস্থা আছিল, ইয়াৰ বিপৰীতে আজি এই সংখ্যা ৫০ ৰোধিকলৈ বৃদ্ধি পাইছে। ৮০ টাৰো অধিক বিমানবন্দৰত এলইডি লাইট সংস্থাপিত কৰা হৈছে যিয়ে শক্তিৰ কুশলতা বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ইলেকট্ৰিক বাহনৰ চহৰ হিচাপে কেভাদিয়াক গঢ়ি তুলিবলৈ অব্যাহত থকা প্ৰকল্প সন্দৰ্ভত কয়। তেখেতে কয়, ইয়াত যাৱতীয় আন্তঃগাঁথনি গঢ়ি তোলা হৈছে যাতে ভৱিষ্যতে কেভাদিয়াত কেৱল বেটাৰী চালিত বাছ, দু-চকীয়া বাহন, চাৰি-চকীয়া বাহন চলিব পাৰিব। তেখেতে কয়, ৱাটাৰ চাইকলৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু ৱাটাৰ চাইকলৰ ভাৰসাম্যহীনতাই জল সুৰক্ষাত পোনপটীয়াভাৱে প্ৰভাৱ বিস্তাৰ কৰিব। তেখেতে কয় যে জল জীৱন অভিযানৰ জৰিয়তে দেশখনৰ জল সম্পদসমূহ ব্যৱহাৰৰ অৰ্থে সৃষ্টি আৰু সুৰক্ষাৰ সমগ্ৰ দৃষ্টিকোণেৰে কাম সম্পন্ন কৰা হৈছে। এহাতেদি, সকলো গৃহস্থীক পাইপেৰে সংযোজিত কৰাৰ বিপৰীতে অন্যহাতেদি, অটল ভূজল যোজনা আৰু বৰষুণৰ পানী ধৰাৰ দৰে অভিযানৰ জৰিয়তে ভূ জলৰ স্তৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে চৰকাৰখনে এনে ১১ টা খণ্ড চিনাক্ত কৰি উলিয়াইছে যিয়ে সম্পদসমূহক আধুনিক প্ৰযুক্তিৰ দ্বাৰা ৰিচাইক্লিঙৰ জৰিয়তে ইয়াৰ সু ব্যৱহাৰ কৰিব পাৰে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে জলবায়ু সুৰক্ষিত কৰিবলৈ, পৰিবেশ সুৰক্ষিত কৰিবলৈ আমাৰ প্ৰচেষ্টা সংগঠিত কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। তেখেতে আহ্বান জনাই কয় যে আমি আহি থকা প্ৰজন্মসমূহক তেতিয়াহে এটা সুৰক্ষিত পৰিবেশ প্ৰদান কৰিবলৈ সক্ষম হ’ম, যেতিয়া দেশখনৰ প্ৰতিজন নাগৰিকে পানী, বায়ু আৰু মাটিৰ সন্তুলন বৰ্তাই ৰাখিবলৈ সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."