আজি আমি আমাৰ জাতিৰ গৌৰৱ, সাহসী চাহিবজাদাসকলক স্মৰণ কৰিছো, তেওঁলোকে ভাৰতৰ অদম্য সাহস আৰু শৌৰ্য্যৰ উচ্চতম আদৰ্শক মূৰ্ত কৰি তুলিছে: প্ৰধানমন্ত্ৰী
মাতা গুজৰি জী, শ্ৰী গুৰু গোবিন্দ সিং জী আৰু চাৰিজন চাহিবজাদাৰ সাহস আৰু আদৰ্শই প্ৰতিজন ভাৰতীয়ক শক্তি প্ৰদান কৰি আহিছে: প্ৰধানমন্ত্ৰী
ভাৰতে ঔপনিৱেশিক মানসিকতাৰ পৰা চিৰদিনৰ বাবে মুক্ত হোৱাৰ সংকল্প লৈছে: প্ৰধানমন্ত্ৰী
ভাৰতে ঔপনিৱেশিক মানসিকতাৰ পৰা নিজকে মুক্ত কৰাৰ লগে লগে ইয়াৰ ভাষিক বৈচিত্ৰ্যই শক্তিৰ উৎস হিচাপে আত্মপ্ৰকাশ কৰিছে: প্ৰধানমন্ত্ৰী
জেন জেড আৰু জেন আলফাই বিকশিত ভাৰতৰ মুৰব্বীৰ ভূমিকা গ্ৰহণ কৰিব: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আদৰণি জনাই উপস্থিত শিশুসকলক সম্বোধন কৰি মন্তব্য কৰে যে আজি দেশত বীৰ বাল দিৱস উদযাপন কৰা হৈছে। তেওঁ বন্দে মাতৰমৰ সুন্দৰ উপস্থাপনৰ ওপৰত আলোকপাত কৰি অভিনয় কৰা সকলৰ নিষ্ঠা আৰু প্ৰচেষ্টা স্পষ্টভাৱে দেখা পোৱা বুলি উল্লেখ কৰে।

আজিৰ দিনটোত ভাৰতৰ গৌৰৱ তথা অদম্য সাহস আৰু বীৰত্বৰ শিখৰক প্ৰতিনিধিত্ব কৰা বীৰ চাহিবজাদাসকলক জাতিটোৱে স্মৰণ কৰে বুলি প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে এই চাহিবজাদাসকলে বয়স আৰু পৰিস্থিতিৰ সীমা ভংগ কৰি নিষ্ঠুৰ মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে শিলৰ দৰে থিয় হৈ ধৰ্মীয় উন্মাদনা আৰু আতংকৰ অস্তিত্ব কঁপাই তুলিছিল। এনে গৌৰৱময় অতীত থকা, যাৰ নৱ প্ৰজন্মই এনে প্ৰেৰণাদায়ক উত্তৰাধিকাৰ লাভ কৰে, সেয়া যিকোনো সাধন কৰিবলৈ সক্ষম বুলি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে যেতিয়াই ২৬ ডিচেম্বৰৰ দিন আহি পৰে তেতিয়াই তেওঁ নিশ্চিতভাবে অনুভৱ কৰে যে চৰকাৰে চাহিবজাদাসকলৰ বীৰত্বৰ পৰা অনুপ্ৰাণিত হৈ বীৰ বাল দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ আলোকপাত কৰি কয় যে বিগত চাৰি বছৰত এই নতুন পৰম্পৰাই চাহিবজাদাৰ প্ৰেৰণা নৱপ্ৰজন্মৰ মাজলৈ লৈ গৈছে আৰু সাহসী তথা প্ৰতিভাশালী যুৱক-যুৱতী গঢ়ি তোলাৰ এখন মঞ্চৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰতি বছৰে জাতিটোৰ বাবে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা শিশুসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰে সন্মানিত কৰা হয় আৰু এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২০টা শিশুৱে এই বঁটা লাভ কৰিছে। তেওঁলোকৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি উল্লেখ কৰে যে কিছুমানে অসাধাৰণ সাহস প্ৰদৰ্শন কৰিছিল, কোনোৱে সমাজ সেৱা আৰু পৰিৱেশ সুৰক্ষাত প্ৰশংসনীয় অৰিহণা যোগাইছিল, কোনোৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্ভাৱন কৰিছিল, আনহাতে বহুতে ক্ৰীড়া, শিল্প, সংস্কৃতিত অৱদান আগবঢ়াইছিল। শ্ৰী মোদীয়ে বঁটা বিজয়ীসকলক এই সন্মান কেৱল তেওঁলোকৰ বাবেই নহয়, তেওঁলোকৰ পিতৃ-মাতৃ, শিক্ষক আৰু গুৰুসকলৰ বাবেও যিসকলৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া হৈছে, সেই কথা জনাই বিজয়ীসকল আৰু তেওঁলোকৰ পৰিয়াললৈ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায়।

 

বীৰ বাল দিৱস আৱেগ আৰু শ্ৰদ্ধাৰে ভৰা দিন বুলি আঁত ধৰি শ্ৰী মোদীয়ে চাহিবজাদা অজিত সিং জী, সাহিবজাদা জুঝাৰ সিং জী, চাহিবজাদা জোৰাৱাৰ সিং জী আৰু অতি কম বয়সতে নিজৰ সময়ৰ সৰ্ববৃহৎ শক্তিৰ সৈতে মুখামুখি হ’বলগীয়া হোৱা চাহিবজাদা ফাতেহ সিং জীক স্মৰণ কৰে। তেওঁ জোৰ দি কয় যে তেওঁলোকৰ সংগ্ৰাম ভাৰতৰ মৌলিক ধাৰণা আৰু ধৰ্মীয় উন্মাদনাৰ মাজত, সত্য আৰু মিছাৰ মাজত। এটা পক্ষৰ নেতৃত্বত দশম গুৰু শ্ৰী গুৰু গোবিন্দ সিং জী আৰু আনটো পক্ষত ঔৰংগজেবৰ নিষ্ঠুৰ শাসন। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যদিও চাহিবজাদসকল অতি কম বয়সীয়া আছিল, তথাপিও ঔৰংগজেবে ভাৰতীয়সকলৰ মনোবল ভাঙি ধৰ্মান্তৰকৰণ কৰিবলৈ বাধ্য কৰিছিল আৰু এইদৰে তেওঁলোকক লক্ষ্য কৰি লৈছিল। তেওঁ জোৰ দি কয় যে ঔৰংগজেব আৰু তেওঁৰ সেনাপতিসকলে পাহৰি গ’ল যে গুৰু গোবিন্দ সিংহ জী কোনো সাধাৰণ মানুহ নহয় বৰঞ্চ তপস্যা আৰু ত্যাগৰ মূৰ্তিহে আৰু এই উত্তৰাধিকাৰ চাহিবজাদসকলে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। তেওঁ ঘোষণা কৰিছিল যে সমগ্ৰ মোগল সাম্ৰাজ্যৰ শক্তি সত্ত্বেও চাৰিটা চাহিবজাদাৰ ভিতৰত এজনো দোদুল্যমান হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে চাহিবজাদা অজিত সিং জীৰ কথাৰ স্মৰণ কৰে, যিয়ে তেওঁৰ সাহসৰ প্ৰতিধ্বনি অব্যাহত ৰাখিছে।

মাত্ৰ কেইদিনমানৰ আগতে শ্ৰী গুৰু টেগ বাহাদুৰ জীক তেওঁৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসত কুৰুক্ষেত্ৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে জাতিটোৱে স্মৰণ কৰা বুলি সোঁৱৰণ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ বলিদানৰ পৰা প্ৰেৰণা লাভ কৰা চাহিবজাদাসকলে মোগলৰ অত্যাচাৰক ভয় কৰিব বুলি ভবাটো ভুল। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে মাতা গুজৰি, শ্ৰী গুৰু গোবিন্দ সিং জী, আৰু চাৰিজন চাহিবজাদাৰ সাহস আৰু আদৰ্শই প্ৰতিজন ভাৰতীয়ক শক্তি প্ৰদান কৰি আহিছে আৰু প্ৰেৰণাৰ উৎস হৈয়েই আছে। তেওঁ জোৰ দি কয় যে চাহিবজাদাসকলৰ বলিদানৰ কাহিনী প্ৰতিজন নাগৰিকৰ ওঁঠত থাকিব লাগিছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পিছতো ঔপনিৱেশিক মানসিকতাই প্ৰাধান্য লাভ কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে এই মানসিকতাৰ বীজ ১৮৩৫ চনত ব্ৰিটিছ ৰাজনীতিবিদ মাকাউলেই সিঁচিছিল আৰু স্বাধীনতাৰ পাছতো ইয়াক নিৰ্মূল কৰিবলৈ দিয়া হোৱা নাছিল, যাৰ ফলত এনে সত্যক দমন কৰাৰ বাবে দশক দশক ধৰি চেষ্টা চলিছিল। শ্ৰী মোদীয়ে ভাৰতীয় ত্যাগ আৰু বীৰত্বৰ স্মৃতি আৰু দমন কৰা নহ’ব আৰু জাতিৰ বীৰ-বীৰাংগণাসকলক আৰু একাষৰীয়া কৰা নহ’ব বুলি ঘোষণা কৰি ভাৰতে এতিয়া ঔপনিৱেশিক মানসিকতাৰ পৰা নিজকে মুক্ত কৰাৰ সংকল্প লৈছে বুলি দৃঢ়তাৰে কয়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই কাৰণেই বীৰ বাল দিৱস পূৰ্ণ ভক্তি আৰু মনোভাৱেৰে উদযাপন কৰা হৈছে। তেওঁ লগতে কয় যে ২০৩৫ চনত মাকাউলেৰ ষড়যন্ত্ৰৰ ২০০ বছৰ হ’ব বুলি উল্লেখ কৰি চৰকাৰখন ইয়াতেই ৰৈ যোৱা নাই আৰু ১০ বছৰ বাকী থকাৰ সময়ত ভাৰতে ঔপনিৱেশিক মানসিকতাৰ পৰা সম্পূৰ্ণ মুক্তি প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে জাতিটোৱে এই মানসিকতাৰ পৰা মুক্ত হ’লেই খিলঞ্জীয়া পৰম্পৰা অধিক গৌৰৱ কৰি আত্মনিৰ্ভৰশীলতাৰ পথত অধিক আগবাঢ়ি যাব।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ঔপনিৱেশিক মানসিকতাৰ পৰা জাতিটোক মুক্ত কৰাৰ অভিযানৰ আভাস শেহতীয়াকৈ সংসদত দেখা গৈছে, য’ত শীতকালীন অধিৱেশনৰ সময়ত সংসদৰ সদস্যসকলে হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ভাৰতীয় ভাষাত প্ৰায় ১৬০টা ভাষণ প্ৰদান কৰিছিল। তেওঁ আলোকপাত কৰি কয় যে প্ৰায় ৫০টা ভাষণ তামিল ভাষাত, ৪০টাতকৈ অধিক মাৰাঠী ভাষাত আৰু প্ৰায় ২৫টা বাংলা ভাষাত হৈছিল। এনে দৃশ্য বিশ্বৰ যিকোনো সংসদতে বিৰল আৰু সকলোৰে বাবে গৌৰৱৰ বিষয় বুলি তেওঁ কয়। তেওঁ জোৰ দি কয় যে মাকাউলেই ভাৰতৰ ভাষা বৈচিত্ৰ্যক দমন কৰাৰ চেষ্টা কৰিছিল যদিও এতিয়া দেশখনে ঔপনিৱেশিক মানসিকতাৰ পৰা নিজকে মুক্ত কৰাৰ লগে লগে ভাষিক বৈচিত্ৰ্য শক্তি হৈ পৰিছে।

যুৱ ভাৰত সংগঠনৰ পৰা উপস্থিত থকা যুৱক-যুৱতীসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকে জেন জেড আৰু জেন আলফাক প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকৰ প্ৰজন্মই ভাৰতক উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যলৈ লৈ যাব। তেওঁ কয় যে তেওঁ তেওঁলোকৰ দক্ষতা আৰু আত্মবিশ্বাস প্ৰত্যক্ষ কৰিছে আৰু বুজি পাইছে। সেয়েহে তেওঁলোকৰ ওপৰত তেওঁৰ আস্থা আছে। উক্তিটোৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে বুজাই দিয়ে যে শিশুৱে বুদ্ধিমানভাৱে কথা ক’লেও ইয়াক গ্ৰহণ কৰা উচিত, অৰ্থাৎ মহত্ত্ব বয়সৰ দ্বাৰা নহয়, কৰ্ম আৰু সাফল্যৰ দ্বাৰাহে সংজ্ঞায়িত হয়। তেওঁ আঙুলিয়াই দিয়ে যে যুৱক-যুৱতীসকলে আনক অনুপ্ৰাণিত কৰা কাম সম্পন্ন কৰিব পাৰে আৰু বহুতে ইতিমধ্যে এই কথা প্ৰদৰ্শন কৰিছে। কিন্তু তেওঁ জোৰ দি কয় যে এই কৃতিত্বসমূহক কেৱল আৰম্ভণি হিচাপেহে চাব লাগে, কিয়নো আকাশলৈ লৈ যোৱা সপোনৰ সৈতে আৰু বহুত আগবাঢ়িবলগীয়া আছে । এই প্ৰজন্ম সৌভাগ্যৱান বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি জাতিটো তেওঁলোকৰ প্ৰতিভাৰ সৈতে দৃঢ়তাৰে থিয় দিছে, পূৰ্বৰ সময়ৰ দৰে নহয় যেতিয়া যুৱক-যুৱতীসকলে হতাশাৰ পৰিৱেশৰ বাবে সপোন দেখিবলৈও ভয় কৰিছিল। তেওঁ মন্তব্য কৰে যে আজি দেশখনে প্ৰতিভা বিচাৰে, মঞ্চ প্ৰদান কৰে, ১৪০ কোটি নাগৰিকৰ শক্তিক তেওঁলোকৰ আকাংক্ষাৰ সৈতে মিলাই দিয়ে। তেওঁ আলোকপাত কৰে যে ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ লগে লগে যুৱক-যুৱতীসকলৰ হাতত ইণ্টাৰনেটৰ শক্তি আৰু শিক্ষণৰ বাবে সম্পদ আছে, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগীকৰণৰ বাবে ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ক্ৰীড়াত আগবাঢ়ি যোৱাসকলৰ বাবে খেলো ইণ্ডিয়াৰ দৰে অভিযান আছে। তেওঁ উল্লেখ কৰে যে মাত্ৰ দুদিন পূৰ্বে তেওঁ সংসদ খেল মহোৎসৱত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক মনোনিৱেশ কৰি থাকিবলৈ আহ্বান জনায়, হ্ৰস্বম্যাদী জনপ্ৰিয়তাৰ জিলিকনিত আবদ্ধ হৈ থকাৰ পৰা সতৰ্ক কৰি দিয়ে আৰু চিন্তা তথা নীতিৰ স্পষ্টতা অতি প্ৰয়োজনীয় বুলি জোৰ দিয়ে। তেওঁলোকক জাতিৰ আদৰ্শ আৰু মহান ব্যক্তিত্বৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনায়, আৰু তেওঁলোকৰ সফলতা যাতে নিজৰ মাজতে সীমাবদ্ধ নাথাকে বৰঞ্চ দেশৰ সফলতা হৈ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন নীতি প্ৰণয়ন কৰা হৈছে, যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ কেন্দ্ৰত স্থাপন কৰা হৈছে। তেওঁ আলোকপাত কৰে যে ‘মেৰা যুৱ ভাৰত’ৰ দৰে মঞ্চৰ জৰিয়তে যুৱক-যুৱতীসকলক সংযোগ, তেওঁলোকক সুযোগ প্ৰদান আৰু নেতৃত্বৰ দক্ষতা বিকাশৰ প্ৰচেষ্টা চলোৱা হৈছে। শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে সেয়া মহাকাশ অৰ্থনীতিৰ উন্নতি কৰাই হওক, ক্ৰীড়াক প্ৰসাৰ কৰাই হওক, ফিনটেক আৰু উৎপাদন খণ্ড সম্প্ৰসাৰণ কৰাই হওক বা দক্ষতা বিকাশ আৰু ইন্টাৰ্ণশ্বিপৰ সুযোগ সৃষ্টি কৰাই হওক, যুৱক-যুৱতীসকল প্ৰতিটো পদক্ষেপৰ মূলতে থাকে। তেওঁ আৰু আঙুলিয়াই দিয়ে যে প্ৰতিটো খণ্ডতে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ মুকলি হৈছে।

ভাৰত আজি অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছে, বিশ্বৰ নৱতম দেশসমূহৰ ভিতৰত ভাৰত এখন বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে অনাগত ২৫ বছৰে জাতিটোৰ দিশ নিৰ্ধাৰণ কৰিব আৰু স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতৰ সামৰ্থ্য, আকাংক্ষা আৰু বিশ্বৰ আশা-আকাংক্ষা একত্ৰিত হৈছে। তেওঁ মন্তব্য কৰে যে আজিৰ যুৱক-যুৱতীসকলে পূৰ্বতকৈ অধিক সুযোগেৰে ডাঙৰ-দীঘল হৈছে আৰু চৰকাৰে তেওঁলোকৰ প্ৰতিভা, আত্মবিশ্বাস, নেতৃত্বক ব্যৱহাৰ কৰাৰ বাবে উন্নত সুযোগ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

যুৱক-যুৱতীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে শিক্ষা নীতিৰ উল্লেখযোগ্য সংস্কাৰৰ জৰিয়তে উন্নত ভাৰতৰ বাবে সুদৃঢ় ভেটি স্থাপন কৰা হৈছে। তেওঁ ব্যাখ্যা কৰে যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত একবিংশ শতিকাৰ আধুনিক শিক্ষণ পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, ব্যৱহাৰিক শিক্ষণত গুৰুত্ব দিয়া হৈছে, শিশুসকলক মুখস্থ কৰাতকৈ চিন্তা কৰিবলৈ উৎসাহিত কৰা হৈছে, প্ৰশ্ন সোধাৰ সাহস জগাই তোলা হৈছে, সমস্যা সমাধানৰ দক্ষতা গঢ়ি তোলা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে এই দিশত অৰ্থপূৰ্ণ প্ৰচেষ্টা চলোৱা হৈছে, বহুবিষয়ক অধ্যয়ন, দক্ষতাভিত্তিক শিক্ষণ, ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰযুক্তিৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে সমগ্ৰ দেশতে অটল টিংকাৰিং লেবৰ জৰিয়তে লাখ লাখ শিশুৱে উদ্ভাৱন আৰু গৱেষণাত লিপ্ত হৈছে, আনকি বিদ্যালয় পৰ্যায়তো ছাত্ৰ-ছাত্ৰীসকলক ৰবটিক্স, কৃত্তিম বুদ্ধিমত্তা, বহনক্ষমতা আৰু ডিজাইন চিন্তাৰ সৈতে পৰিচয় কৰাই দিয়া হৈছে। তেওঁ লগতে কয় যে এই প্ৰচেষ্টাসমূহৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে মাতৃভাষাত পঢ়া-শুনা কৰাৰ বিকল্প প্ৰদান কৰিছে, শিক্ষণ সহজ কৰি তুলিছে আৰু শিশুসকলক বিষয়সমূহ ভালদৰে বুজিবলৈ সহায় কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সাহসী চাহিবজাদাসকলে পথটো কিমান কঠিন সেই কথা চোৱা নাছিল, বাটটো সঠিক আছিল নে নাই সেয়াও চোৱা নাছিল আৰু আজিও একে মনোভাৱৰ প্ৰয়োজন। ভাৰতৰ যুৱক-যুৱতীসকলৰ পৰা তেওঁ আশা প্ৰকাশ কৰে যে তেওঁলোকে ডাঙৰ সপোন দেখিব, কঠোৰ পৰিশ্ৰম কৰিব আৰু কেতিয়াও তেওঁলোকৰ আত্মবিশ্বাস দুৰ্বল হ’বলৈ নিদিয়ে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ভাৰতৰ ভৱিষ্যত ইয়াৰ শিশু আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ মাজেৰে উজ্জ্বল হ’ব, যাৰ সাহস, প্ৰতিভা আৰু নিষ্ঠাই জাতিটোৰ অগ্ৰগতিৰ পথ প্ৰদৰ্শক হ’ব। প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰি কয় যে এই বিশ্বাস, দায়িত্ব আৰু অবিৰত গতিৰে ভাৰতে নিজৰ ভৱিষ্যতৰ দিশত আগবাঢ়ি যাব। তেওঁ পুনৰবাৰ চাহিবজাদাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সকলো বঁটা বিজয়ী যুৱক-যুৱতীক অভিনন্দন জনাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

 

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী, শ্ৰীমতী সাবিত্ৰী ঠাকুৰ, শ্ৰী ৰৱনীত সিং, শ্ৰী হৰ্ষ মালহোত্ৰাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

বীৰ বাল দিৱস উপলক্ষে ভাৰত চৰকাৰে দেশজুৰি অংশগ্ৰহণমূলক কাৰ্যসূচীৰ আয়োজন কৰিছে, যাৰ উদ্দেশ্য হৈছে নাগৰিকসকলক চাহিবজাদসকলৰ অসাধাৰণ সাহস আৰু পৰম ত্যাগৰ বিষয়ে অৱগত কৰা আৰু শিক্ষিত কৰাৰ লগতে ভাৰতৰ ইতিহাসৰ যুৱ বীৰসকলৰ অদম্য সাহস, ত্যাগ, আৰু শৌৰ্য্যক সন্মান আৰু স্মৰণ কৰা। এই কাৰ্যসূচীত গল্প কোৱাৰ অধিবেশন, আবৃত্তি, পোষ্টাৰ নিৰ্মাণ আৰু ৰচনা লিখা প্ৰতিযোগিতা আদি অনুষ্ঠিত হ’ব। এইবোৰ বিদ্যালয়, শিশু যত্ন প্ৰতিষ্ঠান, অংগনবাড়ী কেন্দ্ৰ আৰু অন্যান্য শৈক্ষিক মঞ্চৰ লগতে মাই গভ আৰু মাই ভাৰত পৰ্টেলত অনলাইন কাৰ্যসূচীৰ জৰিয়তে অনুষ্ঠিত হ’ব।

২০২২ চনৰ ৯ জানুৱাৰীত শ্ৰীগুৰু গোবিন্দ সিং জীৰ প্ৰকাশ পূৰব উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ২৬ ডিচেম্বৰৰ দিনটো ‘বীৰ বাল দিৱস’ হিচাপে পালন কৰা হ’ব, যাৰ অতুলনীয় বলিদান শ্ৰীগুৰু গোবিন্দ সিং জীৰ পুত্ৰ বাবা জোৰাৱাৰ সিং জী আৰু বাবা ফাতেহ সিং জীৰ শ্বহীদ হোৱাৰ স্মৃতিত প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ অব্যাহত আছে।

কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ(পিএমআৰবিপি)ৰ বঁটাপ্ৰাপকসকলো উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM

Media Coverage

Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"