ভাৰত উন্নত হ’বলৈ আগ্ৰহী, ভাৰত আত্মনিৰ্ভৰশীল হ’বলৈ আগ্ৰহী: প্ৰধানমন্ত্ৰী
ভাৰত কেৱল এখন উদীয়মান বজাৰ নহয়, ভাৰত এক উদীয়মান আৰ্হি : প্ৰধানমন্ত্ৰী
আজি বিশ্বই ভাৰতীয় বৃদ্ধিৰ আৰ্হিক আশাৰ আৰ্হি হিচাপে দেখিছে: প্ৰধানমন্ত্ৰী
আমি সম্পূৰ্ণ প্ৰাপ্তিৰ মিছনৰ বাবে ওপৰত অহৰহ কাম কৰি আছো; কোনো আঁচনিৰ সুবিধা লাভৰ পৰা এজনো হিতাধিকাৰীক আঁতৰাই ৰাখিব নালাগে: প্ৰধানমন্ত্ৰী
আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত আমি স্থানীয় ভাষাত শিক্ষাৰ বিষয়ত বিশেষ গুৰুত্ব দিছো: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্যোগত আয়োজিত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আজি আমি ভাৰতত গণতন্ত্ৰ, সাংবাদিকতা, প্ৰকাশভংগী, আৰু ৰাজহুৱা আন্দোলনৰ শক্তিক উন্নীত কৰা এজন বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ বাবে একত্ৰিত হৈছো। তেওঁ আলোকপাত কৰে যে শ্ৰী ৰামনাথ গোৱেংকা এজন দূৰদৰ্শী, এজন প্ৰতিষ্ঠান নিৰ্মাতা, এজন জাতীয়তাবাদী আৰু এজন সংবাদ মাধ্যমৰ নেতা হিচাপে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপে নহয়, ভাৰতৰ জনসাধাৰণৰ মাজত এক অভিযান হিচাপে প্ৰতিষ্ঠা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁ কয় যে একবিংশ শতিকাৰ এই যুগত ভাৰতে উন্নত হোৱাৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ লগে লগে শ্ৰী ৰামনাথ গোৱেংকাৰ দায়বদ্ধতা, প্ৰচেষ্টা, দৃষ্টিভংগীয়ে প্ৰেৰণাৰ এক বৃহৎ উৎস হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এই বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী ৰামনাথ গোৱেংকাই ভাগৱতৰ এটা শ্লোকৰ পৰা গভীৰ প্ৰেৰণা লাভ কৰা বুলি আলোকপাত কৰি মোদীয়ে  কয় যে এই শিক্ষা—আনন্দ-দুখ, লাভ-লোকচান, জয়-পৰাজয়ৰ প্ৰতি সমতাৰে নিজৰ কৰ্তব্য পালন কৰা- ৰামনাথ জীৰ জীৱন আৰু কৰ্মত গভীৰভাৱে নিহিত হৈ আছিল। শ্ৰী মোদীয়ে মন্তব্য কৰে যে শ্ৰী ৰামনাথ গোৱেংকাই কৰ্তব্যক সকলোতকৈ ওপৰত ৰাখি গোটেই জীৱন এই নীতি মানি চলিছিল। তেওঁ উল্লেখ কৰে যে ৰামনাথ জীয়ে স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছক সমৰ্থন কৰিছিল, পিছলৈ জনতা পাৰ্টিক সমৰ্থন কৰিছিল, আনকি জন সংঘৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। মতাদৰ্শ যিয়েই নহওক কিয়, তেওঁ সদায় জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰামনাথ জীৰ সৈতে বছৰ বছৰ ধৰি কাম কৰাসকলে প্ৰায়ে তেওঁ শ্বেয়াৰ কৰা অসংখ্য উপাখ্যান কয়। তেওঁ স্মৰণ কৰে   যে স্বাধীনতাৰ পিছত যেতিয়া হায়দৰাবাদত ৰাজকাৰসকলৰ অত্যাচাৰৰ বিষয়টো উত্থাপন হৈছিল, তেতিয়া ৰামনাথ জীয়ে চৰ্দাৰ পেটেলক কেনেকৈ সহায় কৰিছিল। সত্তৰৰ দশকত যেতিয়া বিহাৰৰ ছাত্ৰ আন্দোলনক নেতৃত্বৰ প্ৰয়োজন হৈছিল, তেতিয়া নানাজী দেশমুখৰ সৈতে ৰামনাথ জীয়ে শ্ৰী জয়প্ৰকাশ নাৰায়ণক আন্দোলনৰ নেতৃত্ব দিবলৈ বুজনি দিছিল। জৰুৰীকালীন সময়ত যেতিয়া তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ এজন ঘনিষ্ঠ মন্ত্ৰীয়ে ৰামনাথ জীক মাতি আনি কাৰাদণ্ডৰ ভাবুকি দিছিল, তেতিয়া তেওঁৰ সাহসী প্ৰতিক্ৰিয়া ইতিহাসত সন্নিবিষ্ট  অভিলেখৰ অংশ হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বিৱৰণীসমূহৰ কিছুমান ৰাজহুৱা আৰু আন কিছুমান অপ্ৰকাশিত হৈ আছে যদিও এই সকলোবোৰে ৰামনাথ জীয়ে সন্মুখীন হোৱা ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সত্যৰ প্ৰতি অটল দায়বদ্ধতা আৰু কৰ্তব্যৰ প্ৰতি তেওঁৰ অটল আনুগত্যক প্ৰতিফলিত কৰে।

 

শ্ৰী মোদীয়ে মন্তব্য কৰে  যে শ্ৰী ৰামনাথ গোৱেংকাক প্ৰায়ে অধৈৰ্য্য বুলি বৰ্ণনা কৰা হৈছিল—নেতিবাচক অৰ্থত নহয়, ইতিবাচক অৰ্থত। তেওঁ আলোকপাত কৰে যে সেই ধৰণৰ অধৈৰ্য্যতাই পৰিৱৰ্তনৰ বাবে সৰ্বোচ্চ পৰ্যায়ৰ প্ৰচেষ্টাক ধাৱমান কৰে, যি ধৰণৰ অধৈৰ্য্যতাই স্থিৰ পানীক গতিলৈ আলোড়িত কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমান্তৰালতা বাখ্যা কৰি  কয় যে “আজিৰ ভাৰতো অধৈৰ্য্য—উন্নত হ’বলৈ অধৈৰ্য্য, আত্মনিৰ্ভৰশীল হ’বলৈ অধৈৰ্য্য”। তেওঁ লক্ষ্য কৰিছিল যে একবিংশ শতিকাৰ প্ৰথম পঁচিশটা বছৰ দ্ৰুতগতিত পাৰ হৈ গৈছে, ইটোৰ পিছত সিটো প্ৰত্যাহ্বান আনিছে, তথাপিও কোনোটোৱেই ভাৰতৰ গতি ৰোধ কৰিব পৰা নাই।

বিগত চাৰি-পাঁচ বছৰ বিশ্বজনীন প্ৰত্যাহ্বানৰে ভৰি থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২০ চনত ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি বিঘ্নিত কৰি ব্যাপক অনিশ্চয়তাৰ সৃষ্টি কৰিছিল। বিশ্বৰ যোগান শৃংখলত গুৰুতৰ প্ৰভাৱ পৰিল, আৰু বিশ্বই হতাশাৰ দিশে আগবাঢ়িবলৈ ধৰিলে। পৰিস্থিতি সুস্থিৰ হ’বলৈ ধৰাৰ লগে লগে চুবুৰীয়া দেশসমূহত অস্থিৰতাৰ সৃষ্টি হ’ল। এই সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতিয়ে উচ্চ বৃদ্ধিৰ হাৰ লাভ কৰি স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছিল। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ২০২২ চনত ইউৰোপীয় সংকটে বিশ্বৰ যোগান শৃংখল আৰু শক্তি বজাৰত প্ৰভাৱ পেলাইছিল, যাৰ ফলত সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছিল। ইয়াৰ পিছতো ২০২২–২৩ চনলৈকে ভাৰতৰ অৰ্থনৈতিক বিকাশ শক্তিশালীভাৱে অব্যাহত আছিল। ২০২৩ চনত পশ্চিম এছিয়াত পৰিস্থিতিৰ অৱনতি ঘটাৰ সময়তো ভাৰতৰ বৃদ্ধিৰ হাৰ শক্তিশালী হৈয়েই আছিল। তেওঁ কয় যে এই বছৰতো বিশ্বৰ অস্থিৰতাৰ সন্মুখত ভাৰতৰ বৃদ্ধিৰ হাৰ প্ৰায় সাত শতাংশৰ ওচৰত  আছে।

“যি সময়ত বিশ্বই বিঘিনিৰ আশংকাত ভুগিছে, সেই সময়ত ভাৰতে আত্মবিশ্বাসেৰে উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়িছে”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত কেৱল এখন উদীয়মান বজাৰ নহয়, ই এক উদীয়মান আৰ্হিও”। তেওঁ আলোকপাত কৰে যে আজিৰ বিশ্বই ভাৰতীয় বৃদ্ধিৰ আৰ্হিক আশাৰ আৰ্হি হিচাপে লয়।

 

শক্তিশালী গণতন্ত্ৰ বহু পৰিমাপত পৰীক্ষা কৰা হয়, তাৰ ভিতৰত এটা উল্লেখযোগ্য হ’ল জনসাধাৰণৰ অংশগ্ৰহণ বুলি উল্লেখ কৰি  শ্ৰী মোদীয়ে কয় যে গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু আশাবাদৰ মাত্ৰা নিৰ্বাচনৰ সময়ত আটাইতকৈ বেছি দেখা যায়। ১৪ নৱেম্বৰত ঘোষণা কৰা নিৰ্বাচনী ফলাফলৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেইবোৰ ঐতিহাসিক, আৰু ইয়াৰ সমান্তৰালভাৱে এটা গুৰুত্বপূৰ্ণ দিশো আছে — কোনো গণতন্ত্ৰই নিজৰ নাগৰিকৰ বৰ্ধিত অংশগ্ৰহণক আওকাণ কৰিব নোৱাৰে। তেওঁ আঙুলিয়াই দিয়ে যে এইবাৰ বিহাৰত ইতিহাসত সৰ্বাধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে, মহিলাৰ ভোটদানৰ হাৰ পুৰুষতকৈ প্ৰায় ন শতাংশ বেছি। তেওঁ দৃঢ়তাৰে কয় যে এয়াও গণতন্ত্ৰৰ জয়।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে বিহাৰৰ ফলাফলে ভাৰতৰ জনসাধাৰণৰ উচ্চ আকাংক্ষা পুনৰবাৰ প্ৰদৰ্শন কৰিছে। তেওঁ উল্লেখ কৰে যে আজি নাগৰিকে সেই আকাংক্ষা পূৰণৰ বাবে আন্তৰিকতাৰে কাম কৰা আৰু উন্নয়নক অগ্ৰাধিকাৰ দিয়া ৰাজনৈতিক দলসমূহৰ ওপৰত আস্থা ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন ৰাজ্য চৰকাৰক  আহ্বান জনায়—মতাদৰ্শ নিৰ্বিশেষে, বাওঁ, সোঁ, কেন্দ্ৰ হওক—বিহাৰৰ ফলাফলৰ পৰা পাঠ  গ্ৰহণ কৰক: আজি যি ধৰণৰ শাসন ব্যৱস্থা প্ৰদান কৰা হ’ব, সেইটোৱেই আগন্তুক বছৰবোৰত ৰাজনৈতিক দলসমূহৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। তেওঁ আঙুলিয়াই দিয়ে যে বিৰোধীক বিহাৰৰ জনসাধাৰণে ১৫ বছৰৰ সময় দিছিল আৰু তেওঁলোকে ৰাজ্যখনৰ উন্নয়নত উল্লেখযোগ্য অৰিহণা যোগোৱাৰ সুযোগ পাইছিল যদিও তেওঁলোকে জংঘলৰাজৰ পথ বাছি লৈছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিহাৰৰ জনসাধাৰণে এই প্ৰতাৰণা কেতিয়াও পাহৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্যসমূহৰ বিভিন্ন দলৰ নেতৃত্বত গঠিত চৰকাৰেই হওক, সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব লাগিব উন্নয়ন—উন্নয়ন আৰু কেৱল উন্নয়ন। শ্ৰী মোদীয়ে সকলো ৰাজ্য চৰকাৰক উন্নত বিনিয়োগৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ, ব্যৱসায় কৰাত সহজতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিবলৈ  আৰু উন্নয়নৰ পৰিমাপসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিবলৈ আহ্বান জনায়। এনে প্ৰচেষ্টাই ৰাইজৰ আস্থা অৰ্জন কৰিব বুলিও তেওঁ উল্লেখ কৰে।

 

শ্ৰী মোদীয়ে মন্তব্য কৰে যে বিহাৰৰ নিৰ্বাচনী জয়ৰ পিছত একাংশ ব্যক্তিয়ে—তেওঁৰ প্ৰতি সহানুভূতিশীল কিছুমান সংবাদ মাধ্যমৰ ব্যক্তিত্বকে ধৰি—পুনৰবাৰ দাবী কৰিছে যে তেওঁলোকৰ দল আৰু তেওঁ নিজেই অহৰহ ২৪x৭ নিৰ্বাচনী ভাবনাৰে  কাম কৰিছে। তেওঁ  কয় যে নিৰ্বাচনত জয়ী হ’বলৈ নিৰ্বাচনী ভাবনাত মজি  থকাৰ প্ৰয়োজন নাই, বৰঞ্চ ২৪ ঘণ্টাই আবেগিক ভাবনাত থকাৰ দাবীহে তেওঁ কৰে। তেওঁ কয় যে যেতিয়া এক মিনিটো অপচয় নকৰিবলৈ, দুখীয়াৰ কষ্ট হ্ৰাস কৰিবলৈ, কৰ্মসংস্থাপন দিবলৈ, স্বাস্থ্যসেৱা নিশ্চিত কৰিবলৈ, আৰু মধ্যবিত্ত শ্ৰেণীৰ আকাংক্ষা পূৰণ কৰিবলৈ গৈ আভ্যন্তৰীণ অস্থিৰতা আহি পৰে, তেতিয়া নিৰন্তৰ কঠোৰ পৰিশ্ৰম হৈ পৰে চালিকা শক্তি। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে যেতিয়া  আবেগ আৰু দায়বদ্ধতাৰে শাসন ব্যৱস্থা চলোৱা হয়, তেতিয়া নিৰ্বাচনৰ দিনটোত ভাল ফলাফল দেখা যায়—যেনেকৈ শেহতীয়াকৈ সেয়া  বিহাৰত প্ৰত্যক্ষ কৰা হৈছে।

শ্ৰী ৰামনাথ গোৱেংকাই বিদিশাৰ পৰা জনসংঘৰ টিকট লাভ কৰাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে সেই সময়ত ৰামনাথ জী আৰু নানাজী দেশমুখকলৈ  আলোচনা হৈছিল। নানাজী দেশমুখে ৰামনাথ জীক কৈছিল যে তেওঁৰ মনোনয়ন দাখিলৰ বাবেহে আহিব লাগিব আৰু পিছত বিজয়ৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব। ইয়াৰ পিছতে নানাজীয়ে দলীয় কৰ্মীৰ জৰিয়তে প্ৰচাৰৰ নেতৃত্ব দি ৰামনাথ জীৰ জয় নিশ্চিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে এই কাহিনীটো শ্বেয়াৰ কৰাৰ তেওঁৰ উদ্দেশ্য হৈছে প্ৰাৰ্থীসকলে কেৱল মনোনয়ন দাখিল কৰিব লাগে বুলি কোৱা নহয়, বৰঞ্চ তেওঁলোকৰ দলৰ অগণন কৰ্মীৰ নিষ্ঠাক উজ্জ্বল কৰি তুলিব লাগে । তেওঁ কয় যে লাখ লাখ কৰ্মকৰ্তাই নিজৰ ঘামৰ দ্বাৰা নিজৰ দলৰ শিপাক লালন-পালন কৰিছে আৰু কৰিয়েই আছে। তেওঁ লগতে কয় যে কেৰালা, পশ্চিম বংগ, জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যত শ শ কৰ্মকৰ্তাই আনকি দলটোৰ বাবে নিজৰ  জীৱন  বলিদান দিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এনে দায়বদ্ধ কৰ্মী থকা দল এটাৰ বাবে লক্ষ্য কেৱল নিৰ্বাচনত জয়ী হোৱাই নহয়, নিৰন্তৰ সেৱাৰ জৰিয়তে জনসাধাৰণৰ হৃদয় জয় কৰাহে।

ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে ইয়াৰ সুফল সকলোৰে মাজলৈ যোৱাটো অতি প্ৰয়োজনীয় বুলি  উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰী আঁচনি যেতিয়া দলিতৰ ওচৰলৈ যায় তেতিয়া নিপীড়িত, শোষিত, বঞ্চিত, বঞ্চিতসকলৰ ওচৰত প্ৰকৃত সামাজিক ন্যায় নিশ্চিত হয়। তেওঁ লক্ষ্য কৰিছিল যে বিগত দশকবোৰত সামাজিক ন্যায়ৰ আৱৰণৰ নামত  কিছুমান বিশেষ দল আৰু পৰিয়ালে নিজৰ স্বাৰ্থৰ সাধনা কৰিছিল।

শ্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে যে আজি দেশত সামাজিক ন্যায়ক বাস্তৱত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ প্ৰকৃত সামাজিক ন্যায়ৰ অৰ্থ কি সেই বিষয়ে বিশদভাৱে কয়, ১২ কোটি শৌচাগাৰ নিৰ্মাণৰ উদাহৰণ দিয়ে,  যিয়ে মুকলি ঠাইত শৌচ কৰিবলৈ বাধ্য হোৱাসকলৰ বাবে মৰ্যাদা কঢ়িয়াই আনিছে। তেওঁ আলোকপাত কৰে যে ৫৭ কোটি জন ধন বেংক একাউণ্ট খোলা হৈছে,  যিসকলক পূৰ্বৰ চৰকাৰসমূহে বেংক একাউণ্টৰ যোগ্য বুলিও নাভাবিছিল তেওঁলোকৰ বাবে বিত্তীয় অন্তৰ্ভুক্তি সক্ষম কৰি তোলা হৈছে। তেওঁ লগতে কয় যে ৪ কোটি পকা ঘৰে দৰিদ্ৰ লোকসকলক নতুন সপোন দেখাৰ ক্ষমতা প্ৰদান কৰিছে ।

 

বিগত ১১ বছৰত সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত কৰা কামসমূহ উল্লেখযোগ্য বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজি প্ৰায় ৯৪ কোটি ভাৰতীয় সামাজিক সুৰক্ষাৰ জালৰ অধীনত সামৰি লোৱা হৈছে, যিটো এটা দশকৰ পূৰ্বে মাত্ৰ ২৫ কোটি ভাৰতীয় আছিল। তেওঁ জোৰ দি কয় যে পূৰ্বে চৰকাৰী সামাজিক সুৰক্ষা আঁচনিৰ দ্বাৰা মাত্ৰ ২৫ কোটি লোকহে লাভাৱান্বিত হৈছিল, আনহাতে এতিয়া সেই সংখ্যা ৯৪ কোটিলৈ বৃদ্ধি পাইছে—এয়াই প্ৰকৃত সামাজিক ন্যায় বুলি তেওঁ কয় । শ্ৰী মোদীয়ে লগতে কয় যে চৰকাৰে কেৱল সামাজিক সুৰক্ষাৰ জাল সম্প্ৰসাৰণ কৰাই নহয়, কোনো যোগ্য হিতাধিকাৰী যাতে বাহিৰত নাথাকে তাৰ বাবে সম্পূৰ্ণ প্ৰাপ্তিৰ মিছনক লৈও কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে যেতিয়া এখন চৰকাৰে প্ৰতিজন হিতাধিকাৰীৰ ওচৰলৈ যোৱাৰ লক্ষ্যৰে কাম কৰে তেতিয়া ই বৈষম্যৰ সকলো পৰিসৰ নাইকিয়া কৰে। এনে প্ৰচেষ্টাৰ ফলস্বৰূপে যোৱা ১১ বছৰত ২৫ কোটি লোকে দৰিদ্ৰতা অতিক্ৰম কৰিছে। তেওঁ মন্তব্য কৰে যে এই কাৰণেই আজি বিশ্বই স্বীকাৰ কৰিছে যে ‘গণতন্ত্ৰই ন্যায় দিয়ে’।

প্ৰধানমন্ত্ৰীয়ে আৰু আন এক উদাহৰণ হিচাপে আকাংক্ষিত জিলা কাৰ্যসূচীৰ উদাহৰণ দাঙি ধৰে। দেশৰ ১০০খনতকৈও অধিক জিলাক পূৰ্বে পিছপৰা বুলি লেবেল লগোৱা হৈছিল , সেইবোৰক পূৰ্বৰ চৰকাৰসমূহে অৱহেলা কৰা বুলি আঙুলিয়াই দি তেওঁ  তেনে লোকসকলক এই পদক্ষেপ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। এই জিলাসমূহৰ উন্নয়ন কৰাটো অতি কঠিন বুলি গণ্য কৰা হৈছিল আৰু তাত নিযুক্তি দিয়া বিষয়াসকলে প্ৰায়ে শাস্তি পোৱাৰ দৰে দেখা গৈছিল। তেওঁ প্ৰকাশ কৰে যে এই পিছপৰা জিলাসমূহত ২৫ কোটিতকৈ অধিক নাগৰিক বাস কৰে। তেওঁ তেনে জিলাস,মূহৰ  সৰ্বাংগীন উন্নয়ন আৰু সেইবোৰৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে যদি এই পিছপৰা জিলাসমূহ অনুন্নত হৈ থাকিলহেঁতেন তেন্তে অহা এশ বছৰতো ভাৰতে উন্নয়ন সাধন কৰিব নোৱাৰিলেহেঁতেন। তেওঁ কয় যে এই কাৰণেই চৰকাৰে নতুন কৌশল গ্ৰহণ কৰিছিল, ৰাজ্য চৰকাৰসমূহক বোৰ্ডত আনিছিল আৰু প্ৰতিখন জিলাই নিৰ্দিষ্ট উন্নয়নৰ পৰিমাপত কেনেদৰে পিছ পৰি আছে সেয়া  চিনাক্ত কৰিবলৈ বিশদ অধ্যয়ন চলাইছিল। এই অন্তৰ্দৃষ্টিৰ ভিত্তিত প্ৰতিখন জিলাৰ বাবে নিৰ্দিষ্ট কৌশল প্ৰণয়ন কৰা হৈছিল। শ্ৰী মোদীয়ে আলোকপাত কৰে যে দেশৰ শ্ৰেষ্ঠ বিষয়াসকল—যাৰ উজ্জ্বল আৰু উদ্ভাৱনী মন আছে—তেওঁলোকক এই অঞ্চলসমূহত নিয়োগ কৰা হৈছিল। এই জিলাসমূহক আৰু পিছপৰা বুলি দেখা নাযায় , বৰঞ্চ আকাংক্ষিত জিলা হিচাপে পুনৰ সংজ্ঞায়িত কৰা হ’ল। আজি এই জিলাসমূহৰ বহুতেই কেইবাটাও উন্নয়নৰ পৰিমাপত নিজ নিজ ৰাজ্যৰ আন জিলাক চেৰ পেলাইছে।

 

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে যদি এই পিছপৰা জিলাসমূহ অনুন্নত হৈ থাকিলহেঁতেন তেন্তে অহা এশ বছৰতো ভাৰতে উন্নয়ন সাধন কৰিব নোৱাৰিলেহেঁতেন। তেওঁ কয় যে এই কাৰণেই চৰকাৰে নতুন কৌশল গ্ৰহণ কৰিছিল, ৰাজ্য চৰকাৰসমূহক বোৰ্ডত আনিছিল আৰু প্ৰতিখন জিলাই নিৰ্দিষ্ট উন্নয়নৰ পৰিমাপত কেনেদৰে পিছ পৰি আছে সেয়া  চিনাক্ত কৰিবলৈ বিশদ অধ্যয়ন চলাইছিল। এই অন্তৰ্দৃষ্টিৰ ভিত্তিত প্ৰতিখন জিলাৰ বাবে নিৰ্দিষ্ট কৌশল প্ৰণয়ন কৰা হৈছিল। শ্ৰী মোদীয়ে আলোকপাত কৰে যে দেশৰ শ্ৰেষ্ঠ বিষয়াসকল—যাৰ উজ্জ্বল আৰু উদ্ভাৱনী মন আছে—তেওঁলোকক এই অঞ্চলসমূহত নিয়োগ কৰা হৈছিল। এই জিলাসমূহক আৰু পিছপৰা বুলি দেখা নাযায় , বৰঞ্চ আকাংক্ষিত জিলা হিচাপে পুনৰ সংজ্ঞায়িত কৰা হ’ল। আজি এই জিলাসমূহৰ বহুতেই কেইবাটাও উন্নয়নৰ পৰিমাপত নিজ নিজ ৰাজ্যৰ আন জিলাক চেৰ পেলাইছে।

চত্তীশগড়ৰ বাষ্টাৰক উল্লেখযোগ্য উদাহৰণ হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে স্মৰণ কৰে যে কেনেকৈ এসময়ত সাংবাদিকসকলক অঞ্চলটো ভ্ৰমণ কৰিবলৈ প্ৰশাসনতকৈ বেচৰকাৰী লোকৰ অনুমতিৰ অধিক প্ৰয়োজন হৈছিল। আজি সেই একেখন  বাষ্টাৰে উন্নয়নৰ পথত আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইণ্ডিয়ান এক্সপ্ৰেছে বাষ্টাৰ অলিম্পিকক কিমান কভাৰেজ দিছে সেয়া নিশ্চিত নহয়, কিন্তু তেওঁ লগতে   প্ৰকাশ কৰে যে বাষ্টাৰৰ যুৱক-যুৱতীসকলে বৰ্তমান বাষ্টাৰ অলিম্পিকৰ দৰে অনুষ্ঠান কেনেকৈ আয়োজন কৰিছে সেয়া দেখি শ্ৰী ৰামনাথ গোৱেংকাই অতি আনন্দিত হ’লহেঁতেন।

বাষ্টাৰৰ  বিষয়ে আলোচনা কৰাৰ সময়ত নক্সালবাদ বা মাওবাদী সন্ত্ৰাসবাদৰ বিষয়টোকো সমাধান  কৰাটো অতি প্ৰয়োজনীয় বুলি আঙুলিয়াই দি শ্ৰী মোদীয়ে উল্লেখ কৰে যে সমগ্ৰ দেশতে নক্সালবাদৰ প্ৰভাৱ কমি আহিছে যদিও বিৰোধী দলৰ ভিতৰত ই ক্ৰমান্বয়ে সক্ৰিয় হৈ আছে। তেওঁ উল্লেখ কৰে যে বিগত পাঁচ দশক ধৰি ভাৰতৰ প্ৰায় প্ৰতিখন ডাঙৰ ৰাজ্য মাওবাদী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱান্বিত  হৈছে। ভাৰতীয় সংবিধান নাকচ কৰা মাওবাদী সন্ত্ৰাসবাদক বিৰোধীয়ে লালন-পালন কৰি থকাত প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে তেওঁলোকে কেৱল দুৰ্গম বনাঞ্চলত নক্সালবাদক সমৰ্থন কৰাই নহয়, চহৰৰ কেন্দ্ৰসমূহতো ইয়াক শিপাই তোলাত সহায় কৰিছিল, আনকি প্ৰধান প্ৰতিষ্ঠানসমূহৰ ভিতৰতো।

এই কথা উল্লেখ কৰি যে ১০–১৫ বছৰ আগতে চহৰীয়া নক্সালসকলে ইতিমধ্যে বিৰোধীৰ ভিতৰতে নিজকে শিপাই লৈছিল ।  আজি তেওঁলোকে "মুছলিম লীগ–মাওবাদী কংগ্ৰেছ" (এমএমচি) ৰ সৃষ্টি কৰিছে।প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই এম এম চিয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে  জাতীয় স্বাৰ্থ পৰিত্যাগ কৰি দেশৰ ঐক্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকি হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতে উন্নত দেশ  হোৱাৰ দিশত নতুন যাত্ৰা আৰম্ভ কৰাৰ লগে লগে শ্ৰী ৰামনাথ গোৱেংকাৰ উত্তৰাধিকাৰ আৰু অধিক প্ৰাসংগিক হৈ পৰে। তেওঁৰ সম্পাদকীয়ৰ উদ্ধৃতি দি ৰামনাথজীয়ে কেনেকৈ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ তীব্ৰ প্ৰতিবাদ  কৰিছিল, সেই কথা এনেদৰে স্মৰণ কৰে : “মই ব্ৰিটিছৰ আদেশ মানি চলাতকৈ বাতৰি কাকতখন বন্ধ কৰি দিয়াটোৱেই ভাল পাম।” শ্ৰী মোদীয়ে উল্লেখ কৰে যে জৰুৰীকালীন সময়ত যেতিয়া দেশক  দাসত্বৰে বান্ধি পোলোৱাৰ আন এক প্ৰয়াস কৰা হৈছিল, তেতিয়া ৰামনাথ জীয়ে পুনৰবাৰ দৃঢ়তাৰে থিয় দিছিল। তেওঁ আলোকপাত কৰে যে এই বছৰ জৰুৰীকালীন অৱস্থাৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হ’ল, আৰু ইণ্ডিয়ান এক্সপ্ৰেছে তেতিয়া প্ৰমাণ কৰিছিল যে খালী সম্পাদকীয়ো  জনসাধাৰণক দাসত্বত ৰাখিব বিচৰা মানসিকতাক প্ৰত্যাহ্বান জনাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰতক দাসত্বৰ মানসিকতাৰ পৰা মুক্ত কৰাৰ বিষয়ত তেওঁ বিতংভাৱে ক’ব। তেওঁ কয় যে ইয়াৰ বাবে ১৯০ বছৰ, আনকি ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুদ্ধৰ আগলৈকে, ১৮৩৫ চনলৈ যোৱাটো প্ৰয়োজনীয়, যেতিয়া ব্ৰিটিছ সাংসদ থমাছ বেবিংটন মাকাউলেই ভাৰতক সাংস্কৃতিক ভেটিৰ পৰা উভালি পেলোৱাৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰিছিল। মাকাউলেই ভাৰতীয় দেখাব পৰা কিন্তু ইংৰাজৰ দৰে চিন্তা কৰিব পৰা ভাৰতীয় সৃষ্টি কৰাৰ উদ্দেশ্য ঘোষণা কৰিছিল। ইয়াক লাভ কৰিবলৈ তেওঁ কেৱল ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰা নাছিল—তেওঁ ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ উদ্ধৃতি দি কয় যে ভাৰতৰ প্ৰাচীন শিক্ষা ব্যৱস্থাটো উভালি পেলোৱা আৰু ধ্বংস কৰাৰ পন্থা আছিল সেয়া। 

 

ভাৰতৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাই নিজৰ সংস্কৃতিৰ প্ৰতি গৌৰৱৰ বীজ সিঁচিছিল আৰু শিক্ষণ আৰু দক্ষতা বিকাশ দুয়োটাতে সমান গুৰুত্ব আৰোপ কৰিছিল বুলি লক্ষ্য কৰি শ্ৰী মোদীয়ে কয় যে ঠিক এই কাৰণেই মাকাউলেই ইয়াক ভাঙি পেলাবলৈ চেষ্টা কৰিছিল—আৰু সফলো হৈছিল। সেই যুগত ব্ৰিটিছ ভাষা আৰু চিন্তাধাৰাক অধিক স্বীকৃতি দিয়াটো নিশ্চিত কৰিছিল মাকাউলে আৰু তাৰ পিছৰ শতিকাবোৰত ইয়াৰ মূল্য ভাৰতে ভৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মাকাউলেই ভাৰতৰ আত্মবিশ্বাস ভংগ কৰি হীনমন্যতাৰ ভাব জগাই তুলিছিল। এটা আঘাততে তেওঁ ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ জ্ঞান, বিজ্ঞান, শিল্প, সংস্কৃতি আৰু সমগ্ৰ জীৱনশৈলীক পেলাই দিলে।

বিদেশী পদ্ধতিৰেহে প্ৰগতি আৰু মহত্ত্ব লাভ কৰিব পৰা যায় বুলি বিশ্বাসৰ বাবে এই মুহূৰ্তত বীজ সিঁচা হৈছিল বুলি জোৰ দি শ্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পিছত এই মানসিকতা আৰু অধিক শিপাই গ’ল। ভাৰতৰ শিক্ষা, অৰ্থনীতি, সমাজৰ আকাংক্ষা বিদেশী আৰ্হিৰ সৈতে ক্ৰমান্বয়ে মিলি গ’ল। প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিলে যে থলুৱা ব্যৱস্থাৰ প্ৰতি গৌৰৱ কমি আহিল, আৰু মহাত্মা গান্ধীয়ে স্থাপন কৰা স্বদেশী ভেটি বহুলাংশে পাহৰি গ’ল। বিদেশত শাসনৰ আৰ্হি বিচৰা হ’ল, আৰু বিদেশী দেশত উদ্ভাৱনৰ সন্ধান কৰা হ’ল। এই মানসিকতাই আমদানিকৃত ধাৰণা, সামগ্ৰী আৰু সেৱাক উচ্চ বুলি গণ্য কৰাৰ সমাজত প্ৰৱণতা গঢ়ি তুলিছিল বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যেতিয়া কোনো দেশে নিজকে সন্মান জনোৱাত ব্যৰ্থ হয়, তেতিয়া শেষত মেড ইন ইণ্ডিয়া উৎপাদন কাঠামোকে ধৰি নিজৰ থলুৱা পৰিৱেশ তন্ত্ৰক নাকচ কৰে। তেওঁ পৰ্যটনক উদাহৰণ হিচাপে উল্লেখ কৰি পৰ্যটনক আগবাঢ়ি যোৱা  প্ৰতিখন দেশতে জনসাধাৰণে নিজৰ ঐতিহাসিক ঐতিহ্যক লৈ গৌৰৱ কৰে বুলি পৰ্যবেক্ষণ কৰে। ইয়াৰ বিপৰীতে তেওঁ লক্ষ্য কৰিছিল যে স্বাধীনতাৰ পিছৰ ভাৰতবৰ্ষই নিজৰ উত্তৰাধিকাৰক অস্বীকাৰ কৰাৰ প্ৰচেষ্টাৰ সাক্ষী হৈছিল। ঐতিহ্যৰ প্ৰতি গৌৰৱ অবিহনে ইয়াৰ সংৰক্ষণৰ কোনো প্ৰেৰণা নাথাকে আৰু সংৰক্ষণৰ অবিহনে এনে ঐতিহ্য কেৱল ইটা-শিলৰ ধ্বংসাৱশেষলৈ হ্ৰাস পায়। তেওঁ  কয় যে নিজৰ ঐতিহ্যৰ প্ৰতি গৌৰৱ পৰ্যটনৰ বৃদ্ধিৰ পূৰ্বচৰ্ত।

স্থানীয় ভাষাৰ বিষয়টোক আৰু অধিক গুৰুত্ব প্ৰদান  কৰি মোদীয়ে  কোনখন দেশে নিজৰ ভাষাক অসন্মান কৰে বুলি প্ৰশ্ন উত্থাপন কৰে।  প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে জাপান, চীন, দক্ষিণ কোৰিয়াৰ দৰে দেশসমূহে বহু  পশ্চিমীয়া পদ্ধতি গ্ৰহণ কৰিছিল যদিও নিজৰ মাতৃভাষাৰ সৈতে কেতিয়াও আপোচ কৰা নাছিল। তেওঁ উল্লেখ কৰে যে এই কাৰণেই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে স্থানীয় ভাষাৰ শিক্ষাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ  স্পষ্ট কৰি দিয়ে  যে চৰকাৰ ইংৰাজী ভাষাৰ বিৰোধী নহয়, কিন্তু  ভাৰতীয় ভাষাক দৃঢ়ভাৱে সমৰ্থন কৰে।

ভাৰতৰ সাংস্কৃতিক আৰু শৈক্ষিক ভেটিৰ বিৰুদ্ধে মাকাউলেই সংঘটিত কৰা অপৰাধে ২০৩৫ চনত ২০০ বছৰ সম্পূৰ্ণ কৰিব বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে  নাগৰিকসকলক আহ্বান জনায় যে অহা দহ বছৰৰ ভিতৰত মাকাউলেৰ   দাসত্বৰ মানসিকতাৰ পৰা নিজকে মুক্ত কৰাৰ প্ৰতিশ্ৰুতি ল’ব। তেওঁ কয় যে মাকাউলেই প্ৰৱৰ্তন কৰা দুষ্ট নীতি  আৰু সমাজৰ দুখ-কষ্ট অনাগত দশকত নিৰ্মূল কৰিব লাগিব।

বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দৰ্শকৰ অধিক সময় নল’ব বুলি কয়। তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক দেশৰ  প্ৰতিটো ৰূপান্তৰ আৰু বৃদ্ধিৰ কাহিনীৰ সাক্ষী হিচাপে স্বীকাৰ কৰে। ভাৰতে এখন উন্নত দেশ হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ এই যাত্ৰাত গোটটোৰ অবিৰত অংশগ্ৰহণক স্বীকৃতি দিয়ে। শ্ৰী ৰামনাথ গোৱেংকাৰ আদৰ্শ  জীয়াই ৰখাৰ  ক্ষেত্ৰত ইণ্ডিয়ান এক্সপ্ৰেছক অভিনন্দন জনোৱাৰ লগতে অনুষ্ঠানটোৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি সামৰণি মাৰে।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Make in India, production-linked incentives push industrial warehousing to record high

Media Coverage

Make in India, production-linked incentives push industrial warehousing to record high
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the power of determination and hard work
March 06, 2026

The Prime Minister, Shri Narendra Modi, said that the people of India, through their firm resolve, make even the most difficult tasks possible. He noted that with tireless effort in the right direction, they achieve even the biggest goals.

The Prime Minister shared a Sanskrit Subhashitam-

“यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम्। तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥”

The Subhashitam conveys that no matter how far, difficult, or out of reach a goal may seem, it can be achieved through firm determination and continuous hard work. Determination and patience are the forces that turn the impossible into possible.

The Prime Minister wrote on X;

“भारत के लोग अपने दृढ़ निश्चय से किसी भी कार्य को संभव बना देते हैं। सही दिशा में अपनी अथक मेहनत से वे बड़े से बड़े लक्ष्य को भी हासिल कर दिखाते हैं।

यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम्।

तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥”