প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই আজি আম্মানত ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন কৰে। এই অনুষ্ঠানত মহামহিম ৰাজকুমাৰ হুচেইন আৰু জৰ্ডানৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰী আৰু বিনিয়োগ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। মহামহিম ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক বৃদ্ধিৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে উভয় পক্ষৰ উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকলক সম্ভাৱনা আৰু সুযোগসমূহক বিকাশ তথা সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। মহামহিম ৰজাই উল্লেখ কৰে যে জৰ্ডানৰ মুক্ত বাণিজ্য চুক্তি আৰু ভাৰতৰ অৰ্থনৈতিক শক্তিক একত্ৰিত কৰি দক্ষিণ এছিয়া তথা পশ্চিম এছিয়া আৰু ইয়াৰ বহিৰাঞ্চলৰ মাজত এক অৰ্থনৈতিক কৰিডৰ সৃষ্টি কৰিব পাৰি।


অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডান আৰু ভাৰতৰ মাজত এক প্ৰাণৱন্ত সমসাময়িক অংশীদাৰিত্ব আছে বুলি উল্লেখ কৰি কয় যে এই সম্পৰ্ক দেশ দুখনৰ ঘনিষ্ঠ সভ্যতাৰ সম্পৰ্কৰ শক্তিশালী ভেটিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ মহামহিম ৰজাৰ নেতৃত্বৰ প্ৰশংসা কৰি কয় যে তেওঁ নেতৃত্বত বজাৰ আৰু অঞ্চলসমূহক সংযোগ কৰাৰ ক্ষেত্ৰত জৰ্ডান এখন সেঁতু হৈ উঠাৰ লগতে ব্যৱসায় আৰু বিকাশ তৰান্বিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী ৫ বছৰত জৰ্ডানৰ সৈতে দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে। বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হোৱাৰ দিশে অগ্ৰগতি লাভ কৰা দ্ৰুততম বিকাশশীল আগশাৰীৰ অৰ্থনীতি হিচাপে ভাৰতৰ সফলতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে জৰ্ডান তথা গোলকীয় মিত্ৰদেশসমূহৰ বাবে অপৰিসীম ব্যৱসায়িক সুযোগ প্ৰদান কৰিছে। তেওঁ জৰ্ডানৰ প্ৰতিষ্ঠানসমূহক ভাৰতৰ মিত্ৰ হোৱাৰ লগতে দেশখনৰ ১.৪০ কোটি উপভোক্তা বজাৰ, ইয়াৰ শক্তিশালী উৎপাদন ভেটি তথা দেশখনৰ সুস্থিৰ, স্বচ্ছ আৰু পূৰ্বানুমানযোগ্য নীতি পৰিৱেশৰ সুবিধা লাভ কৰিবলৈ আমন্ত্ৰণ জনায়।  প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশে বিশ্বৰ বাবে বিশ্বস্ত যোগান শৃংখলৰ অংশীদাৰ হবলৈ পৰস্পৰক সহযোগ কৰিব পাৰে। ভাৰতীয় অৰ্থনীতিৰ ৮ শতাংশতকৈ অধিক বিকাশৰ কথা উল্লেখ কৰি তেওঁ কয় যে উৎপাদনশীলতা-চালিত প্ৰশাসন তথা উদ্ভাৱন-চালিত নীতিৰ জৰিয়তে এয়া সম্ভৱ হৈছে।


প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি, ফিনটেক, স্বাস্থ্য-প্ৰযুক্তি আৰু কৃষি-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত-জৰ্ডান ব্যৱসায়িক সহযোগিতাৰ সুযোগৰ ওপৰত আলোকপাত কৰি দুয়োখন দেশৰ ষ্টাৰ্ট-আপসমূহক এই ক্ষেত্ৰত সমন্বয়েৰে আগবাঢ়িবলৈ আমন্ত্ৰণ জনায়। তেওঁ উল্লেখ কৰে যে ভেষজ আৰু চিকিৎসা সঁজুলি খণ্ডত ভাৰতৰ শক্তি তথা জৰ্ডানৰ ভৌগোলিক সুবিধাই পৰস্পৰৰ পৰিপূৰক হৈ উঠিব পাৰে আৰু ইয়াৰ জৰিয়তে জৰ্ডান এই ক্ষেত্ৰসমূহত পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ বাবে এক নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে পৰিগণিত হব পাৰে। তেওঁ কৃষি, শীতল শৃংখল, খাদ্য উদ্যান, সাৰ, আন্তঃগাঁথনি, যান-বাহন, সেউজ গতিশীলতা আৰু ঐতিহ্য তথা সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰত দুয়ো পক্ষৰ বাবে ব্যৱসায়িক সুযোগৰ ওপৰতো আলোকপাত কৰে। ভাৰতৰ সেউজ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নৱীকৰণযোগ্য শক্তি, সেউজ বিত্তীয় যোগান, বিশুদ্ধিকৰণ আৰু পানীৰ পুনৰ্ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত-জৰ্ডানৰ মাজত অধিক ব্যৱসায়িক সহযোগিতাৰ পৰামৰ্শ দিয়ে।

এই অনুষ্ঠানত আন্তঃগাঁথনি, স্বাস্থ্য, ভেষজ, সাৰ, কৃষি, নৱীকৰণযোগ্য শক্তি, বস্ত্ৰ, ৰচদপাতি সৰবৰাহ, যান-বাহন, শক্তি, প্ৰতিৰক্ষা আৰু উৎপাদনৰ ক্ষেত্ৰত দুয়োখন দেশৰ ব্যৱসায়িক খণ্ডৰ কৰ্ণধাৰসকলে অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোত দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে এখন বুজাবুজিৰ চুক্তি থকা এফ. আই. চি. চি. আই. আৰু জৰ্ডান চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিনিধিসকলক অন্তৰ্ভুক্ত কৰা হয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”