প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত  ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ সভাত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম  চিৰিল ৰামাফোছাৰ আতিথ্যত আয়োজিত বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম  লুইজ ইনাচিঅ’ লুলা ডা ছিলভায়ো ভাগ লয় ।

 

এই বৈঠকক সময়োপযোগী বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আফ্ৰিকাৰ মাটিত অনুষ্ঠিত হোৱা প্ৰথমখন জি-২০ শীৰ্ষ সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে এই বৈঠক । লগতে   গ্ল’বেল চাউথ দেশসমূহে একেৰাহে চাৰিখন  জি-২০  সন্মিলনৰ সভাপতিত্ব কৰিছে, ইয়াৰে শেষৰ তিনিখন  আইবিএছএৰ সদস্যসকলে অনুষ্ঠিত কৰিছে। ইয়াৰ ফলত মানৱকেন্দ্ৰিক উন্নয়ন, বহুপক্ষীয় সংস্কাৰ আৰু বহনক্ষম বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আই বি এছ এ কেৱল তিনিখন দেশৰ গোট নহয় , বৰঞ্চ তিনিখন মহাদেশ, তিনিখন  প্ৰধান গণতান্ত্ৰিক ৰাষ্ট্ৰ  আৰু তিনিখন ডাঙৰ অৰ্থনীতিক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ মঞ্চ।

প্ৰধানমন্ত্ৰীয়ে  কয় যে বিশ্ব শাসন প্ৰতিষ্ঠানসমূহ একবিংশ শতিকাৰ বাস্তৱতাৰ পৰা বহু দূৰৈত। তেওঁ আই বি এছ এক বিশ্ব শাসনৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ এতিয়া বিকল্প নহয়, বৰঞ্চ এক আৱশ্যকীয় সংস্থা হিচাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ  আইবিএছএক  আহ্বান জনায়।

 

সন্ত্ৰাসবাদ বিৰোধী স্থিতি  সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ঘনিষ্ঠ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিওঁতে দ্বৈত মানৰ কোনো স্থান থাকিব  নালাগে বুলি কয় । মানৱকেন্দ্ৰিক উন্নয়ন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে তিনিওখন দেশৰ মাজত ইউপিআইৰ দৰে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কোউইনৰ  দৰে স্বাস্থ্য মঞ্চ, চাইবাৰ সুৰক্ষাৰ কাঠামো আৰু মহিলা নেতৃত্বাধীন টেক ইনিচিয়েটিভক সহজ কৰি তুলিবলৈ ‘আইবিএছএ ডিজিটেল ইনোভেচন এলায়েন্স’ স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়।

 

প্ৰধানমন্ত্ৰীয়ে আই বি এছ এ-ই  নিৰাপদ, বিশ্বাসযোগ্য আৰু মানৱকেন্দ্ৰিক এ আই নীতিৰ বিকাশত অৰিহণা যোগোৱাৰ সম্ভাৱনাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে। অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এ আই ইমপেক্ট ছামিটলৈ আই বি এছ এৰ নেতাসকলক আমন্ত্ৰণ জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আই বি এছ এ উভয়ে উভয়ৰ উন্নয়নৰ পৰিপূৰক আৰু বহনক্ষম বৃদ্ধিৰ বাবে এক আদৰ্শ হ’ব পাৰে। তেওঁ বাজৰা, প্ৰাকৃতিক কৃষি, দুৰ্যোগ স্থিতিস্থাপকতা, সেউজ শক্তি, পৰম্পৰাগত ঔষধ আৰু স্বাস্থ্য সুৰক্ষা আদি ক্ষেত্ৰসমূহত  সহযোগিতাৰ সুযোগৰ  বিষয়ত  আলোকপাত কৰে।

শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ আৰু সৌৰশক্তিৰ দৰে খণ্ডৰ চল্লিশখন দেশৰ প্ৰকল্পসমূহক সহায় কৰাৰ ক্ষেত্ৰত আই বি এছ এৰ  পুঁজিৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে দক্ষিণ-দক্ষিণ সহযোগিতাক আৰু অধিক আগুৱাই নিয়াৰ বাবে জলবায়ু স্থিতিস্থাপক কৃষিৰ অৰ্থে আই বি এছ এ পুঁজিৰ প্ৰস্তাৱ আগবঢ়ায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride