প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - "বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি"। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ম্যানমাৰ আৰু থাইলেণ্ডত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত প্ৰাণহানিৰ ঘটনাক লৈ শোক প্ৰকাশেৰে ভাষণৰ আৰম্ভণি কৰে। তেখেতে গ্ৰুপটোক সফলতাৰে পৰিচালনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী শিনাৱাত্ৰাক ধন্যবাদ জনায়। দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বিমষ্টেকক এক গুৰুত্বপূৰ্ণ সেতু হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ৰুপটো আঞ্চলিক সহযোগিতা, সমন্বয় আৰু প্ৰগতিৰ বাবে এক প্ৰভাৱশালী মঞ্চত পৰিণত হৈছে। এই সন্দৰ্ভত তেওঁ বিমষ্টেকৰ কাৰ্য্যসূচী আৰু সামৰ্থ্য অধিক বৃদ্ধি কৰাৰ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে বিমষ্টেকত প্ৰতিষ্ঠান আৰু সামৰ্থ্য বিকাশৰ দিশত ভাৰত-নেতৃত্বাধীন কেইবাটাও পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত দুৰ্য্যোগ ব্যৱস্থাপনা, বহনক্ষম সামুদ্ৰিক পৰিবহণ, পৰম্পৰাগত চিকিৎসা আৰু কৃষি গৱেষণা তথা প্ৰশিক্ষণ সন্দৰ্ভত ভাৰতত বিমষ্টেক চেন্টাৰ অৱ এক্সেলেন্স স্থাপন কৰা। তেওঁ যুৱক-যুৱতীসকলক দক্ষতা প্ৰদানৰ বাবে এক নতুন কাৰ্য্যসূচীও ঘোষণা কৰে। বোধি [BODHI-BIMSTEC for Organized Development of Human Resource Infrastructure] শীৰ্ষক কাৰ্য্যসূচীৰ অধীনত পেছাদাৰী, ছাত্ৰ-ছাত্ৰী, গৱেষক, কূটনীতিবিদ আৰু অন্যান্যসকলক প্ৰশিক্ষণ আৰু বৃত্তি প্ৰদান কৰা হ’ব। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ আঞ্চলিক প্ৰয়োজনীয়তাৰাজিৰ মূল্যায়নৰ বাবে ভাৰতৰ এক পাইলট অধ্যয়ন আৰু অঞ্চলটোত কৰ্কট ৰোগৰ যত্নৰ বাবে সামৰ্থ্য বিকাশ কাৰ্য্যসূচীৰো পোষকতা কৰা হয়। অধিক আঞ্চলিক অৰ্থনৈতিক সংহতিৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে বিমষ্টেক চেম্বাৰ অৱ কমাৰ্চ প্ৰতিষ্ঠাৰ লগতে ভাৰতত প্ৰতি বছৰে বিমষ্টেক বাণিজ্য সন্মিলন আয়োজনৰ প্ৰস্তাৱ আগবঢ়ায়।

 

অঞ্চলটোক একত্ৰিত কৰা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ মাজৰ সংযোগ অধিক গভীৰ কৰাৰ বাবে কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰে। ভাৰতে এই বছৰ বিমষ্টেক এথলেটিকছ মিট আৰু ২০২৭ত প্ৰথম বিমষ্টেক গেমছৰ আয়োজন কৰিব, যেতিয়া গ্ৰুপটোৱে ৩০ বছৰীয়া জয়ন্তী উদযাপন কৰিব। ইয়াৰ উপৰিও ইয়াত বিমষ্টেক পৰম্পৰাগত সংগীত মহোৎসৱ অনুষ্ঠিত হ’ব। অঞ্চলটোৰ যুৱক-যুৱতীসকলক ওচৰ চপাই আনিবলৈ প্ৰধানমন্ত্ৰীয়ে যুৱ নেতা সন্মিলন, হেকাথন আৰু যুৱ পেছাদাৰী ভিজিটৰ্ছ কাৰ্য্যসূচীৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পদক্ষেপৰাজিৰ সম্পূৰ্ণ তালিকা ইয়াত উপলব্ধ।

 

এই সন্মিলনত নিম্ন উল্লেখিত প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়ঃ

  1. সন্মিলনৰ ঘোষণা
  2. বিমষ্টেক বেংকক ভিজন ২০৩০ ডুকুমেন্ট, যিয়ে অঞ্চলটোৰ সামূহিক সমৃদ্ধিৰ বাবে ৰোড মেপ যুগুত কৰিছে।
  3. বিমষ্টেক সামুদ্ৰিক পৰিবহণ চুক্তিত স্বাক্ষৰ, যিয়ে জাহাজ, ক্ৰু আৰু কাৰ্গ’ক ৰাষ্ট্ৰীয় ট্ৰিটমেন্ট আৰু সহায়; প্ৰমাণপত্ৰ/ নথিপত্ৰৰ পাৰস্পৰিক স্বীকৃতি; যৌথ জাহাজ সমন্বয় কমিটি আৰু বিবাদ নিষ্পত্তি ব্যৱস্থা প্ৰশস্ত কৰিব।
  4. বিমষ্টেকৰ ভৱিষ্যতৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ গঠন কৰা বিমষ্টেক বিশিষ্ট ব্যক্তি গোটৰ প্ৰতিবেদন।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Surat, Gujarat
June 02, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep pain over the tragic mishap in Surat district, Gujarat. He extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. The Prime Minister noted that rescue operations are underway and authorities are providing all possible assistance at the accident site.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"Deeply pained to hear about a mishap in Surat district, Gujarat. My condolences to those who have lost their loved ones. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance at the accident site.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"