সকলো নৰ্ডিক দেশৰ নেতা আৰু প্ৰতিনিধিসকল,
সংবাদ মাধ্যমৰ বন্ধুসকল,
আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনালো!
তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰি আজি মই অতি আনন্দিত হৈছো। সৰ্বপ্ৰথমে, এই সন্মিলন আয়োজন কৰাৰ বাবে মই নৰৱেৰ প্ৰধানমন্ত্ৰীক আন্তৰিক ধন্যবাদ জনাইছো। ইয়াত উপস্থিত সকলো নৰ্ডিক নেতাকো মই আন্তৰিকতাৰে আদৰণি জনাইছো।
গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।
বন্ধুসকল,
মই অতি আনন্দিত যে যোৱা কেইবছৰমানৰ ভিতৰত আমি আমাৰ সম্পৰ্কত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছো। যোৱা দহ বছৰত আমাৰ দ্বিপাক্ষিক বাণিজ্য প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে।
নৰ্ডিক দেশসমূহৰ বিনিয়োগ পুঁজিও ভাৰতৰ দ্ৰুত বিকাশৰ যাত্ৰাত গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছে। যোৱা দশকত নৰ্ডিক দেশসমূহৰ পৰা ভাৰতলৈ বিনিয়োগ প্ৰায় ২০০ শতাংশ বৃদ্ধি পাইছে।

দ্ৰুতগতিত বৃদ্ধি পোৱা বাণিজ্য আৰু বিনিয়োগে কেৱল ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা যোগোৱাই নহয়, বৰং নৰ্ডিক দেশসমূহৰ অৰ্থনীতিতো এক অত্যন্ত ইতিবাচক ভূমিকা পালন কৰিছে আৰু হাজাৰ হাজাৰ নতুন নিয়োগৰ সৃষ্টি কৰিছে। এই শক্তিশালী ভেটিৰ ওপৰত ভিত্তি কৰি আমি শেহতীয়াকৈ আমাৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছো।
বন্ধুসকল,
অক্টোবৰ ২০২৫ পৰা আমি নৰৱে, আইচলেণ্ড আৰু অন্যান্য ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ দেশসমূহৰ সৈতে বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি ৰূপায়ণ কৰিছো। আৰু মাত্ৰ কেইমাহমান পূৰ্বে আমি ভাৰত-ইউৰোপিয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তি সম্পন্ন কৰিছিলো, য’ত ডেনমাৰ্ক, ফিনলেণ্ড আৰু ছুইডেনো অংশীদাৰ। এই উচ্চাকাংক্ষী বাণিজ্যিক চুক্তিৰ জৰিয়তে আমি ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজৰ সম্পৰ্কত এক নতুন সোণালী যুগৰ সূচনা কৰিছো।
বন্ধুসকল,
আজি আমি ভাৰত-নৰ্ডিক সম্পৰ্কক সেউজ প্ৰযুক্তি আৰু উদ্ভাৱন কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছো। এই সেউজ প্ৰযুক্তি অংশীদাৰিত্বৰ জৰিয়তে আমি সমগ্ৰ বিশ্বৰ বাবে এক উন্নত ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে ভূ-তাপীয় শক্তি আৰু মীনপালনৰ ক্ষেত্ৰত আইচলেণ্ডৰ দক্ষতা, নীলা অৰ্থনীতি আৰু মেৰু অঞ্চলত নৰৱেৰ শক্তি আৰু ভাৰতৰ পৰিসৰৰ সৈতে সকলো নৰ্ডিক দেশৰ সামুদ্ৰিক আৰু বহনক্ষম দক্ষতাক একত্ৰিত কৰিম।
আৰু আমাৰ মাজত এই অনন্য কৌশলগত অংশীদাৰিত্ব গঠনৰ জৰিয়তে আমি বিশ্বৰ বাবে বিশ্বাসযোগ্য সমাধানৰ বিকাশ ঘটাবলৈ ছুইডেনৰ উন্নত উৎপাদন আৰু প্ৰতিৰক্ষা সামৰ্থ, টেলিযোগাযোগ আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত ফিনলেণ্ডৰ দক্ষতা আৰু ভাৰতৰ দক্ষ কৰ্মীৰ গোটৰ সৈতে চাইবাৰ সুৰক্ষা আৰু স্বাস্থ্য-প্ৰযুক্তিত ডেনমাৰ্কৰ শক্তিক একত্ৰিত কৰিম।
বন্ধুসকল,
ভাৰত-নৰ্ডিক অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে আমাৰ ব্যাপক গৱেষণা আৰু উদ্ভাৱন সম্পৰ্ক। এইবোৰ আৰু অধিক শক্তিশালী কৰিবলৈ আমি বিশ্ববিদ্যালয়, পৰীক্ষাগাৰ আৰু ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰৰ মাজত সংযোগ বৃদ্ধি কৰিবলৈ একেলগে কাম কৰিম। আমি মেৰু অঞ্চলৰ গৱেষণাৰ ক্ষেত্ৰত আমাৰ সহযোগিতা গভীৰ কৰিম। আমি ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজত দক্ষতা বিকাশ আৰু প্ৰতিভাৰ আদান-প্ৰদানৰ বাবে নতুন সুযোগ সৃষ্টি কৰিম।

বন্ধুসকল,
আজি আমি সকলোৱে বিশ্বজনীন বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিলো। গোলকীয় উত্তেজনা আৰু সংঘাতৰ এই সময়ছোৱাত ভাৰত আৰু নৰ্ডিক দেশসমূহে এক নিয়ম-আধাৰিত গোলকীয় ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি থাকিব। ইউক্ৰেইনেই হওক বা পশ্চিম এছিয়াই হওক, আমি সংঘাতৰ সোনকালে সমাপ্তি আৰু শান্তি পুনৰ স্থাপনৰ লক্ষ্যৰে লোৱা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিম।
আমি একমত যে বহু দিশযুক্ত প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ প্ৰয়োজনীয় আৰু জৰুৰী। আৰু সন্ত্ৰাসবাদৰ ক্ষেত্ৰতো আমাৰ স্থিতি স্পষ্ট আৰু ঐক্যবদ্ধ--কোনো আপোচ নহয় আৰু কোনো দ্বিচাৰিতা নাই।
মহোদয়সকল,
যদিও আমি সকলোৱে বিভিন্ন ভাষা কওঁ যদিও কেতিয়াবা এটা শব্দই আমাৰ স্বাভাৱিক অংশীদাৰিত্বক প্ৰতিফলিত কৰিবলৈ যথেষ্ট। আজি মই "সম্বন্ধ" শব্দটো কেইবাবাৰো ব্যৱহাৰ কৰিছিলো। বহুতো নৰ্ডিক ভাষাত "সম্বন্ধ" শব্দটোৱে সংযোগ, সম্পৰ্ক বা বান্ধোন বুজায়। হিন্দী ভাষাতো "সম্বন্ধ" শব্দই একেই অৰ্থ বুজায়।
এয়া কেৱল শব্দৰ সাদৃশ্য নহয়, ই আমাৰ চিন্তাধাৰাৰ ঘনিষ্ঠতাক প্ৰতিফলিত কৰে। আহক আমি প্ৰতিটো ক্ষেত্ৰতে আমাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰোঁ আৰু ভাৰত-নৰ্ডিক অংশীদাৰিত্বক উমৈহতীয়া সমৃদ্ধি, উদ্ভাৱন আৰু এক বহনক্ষম ভৱিষ্যতৰ আদৰ্শ হিচাপে গঢ়ি তোলো।
বহুত বহুত ধন্যবাদ
Democracy, rule of law और multilateralism के प्रति हमारी साझा प्रतिबद्धता, हमें natural partners बनाती हैं।
— PMO India (@PMOIndia) May 19, 2026
और technology और sustainability में हमारी shared priorities, हमारे संबंधों को अवसरों से भर देती है: PM @narendramodi
अक्टूबर 2025 से, नॉर्वे, आइसलैंड और अन्य EFTA देशों के साथ, हमने Trade and Economic Partnership Agreement लागू किया।
— PMO India (@PMOIndia) May 19, 2026
और कुछ ही महीने पहले, हमने भारत-यूरोपियन यूनियन Free Trade Agreement किया, जिसमें डेनमार्क, फिनलैंड और स्वीडन भी भागीदार हैं।
इन महत्वाकांक्षी trade agreements…
वैश्विक तनाव और संघर्ष के इस दौर में, भारत और नॉर्डिक देश साथ मिलकर, एक rules-based global order को बल देते रहेंगे।
— PMO India (@PMOIndia) May 19, 2026
और यूक्रेन हो या वेस्ट एशिया, हम संघर्ष की शीघ्र समाप्ति और शांति के प्रयासों का समर्थन करते रहेंगे: PM @narendramodi
हम इस बात पर सहमत हैं कि multilateral institutions का reform आवश्यक भी है और urgent भी।
— PMO India (@PMOIndia) May 19, 2026
और terrorism पर भी हमारा clear और
united stand है- No compromise. No double standards: PM @narendramodi
आज मैने कई बार, “संबंध” शब्द का प्रयोग किया।
— PMO India (@PMOIndia) May 19, 2026
कई नॉर्डिक भाषाओं में “संबंध” शब्द का अर्थ है, connection, relations, एक bond.
हिन्दी में भी “संबंध” का अर्थ यही है।
यह केवल शब्दों की समानता नहीं है।
यह हमारे विचारों की निकटता को दर्शाता है: PM @narendramodi


