প্ৰধানমন্ত্ৰীয়ে আৰএছএছ-এ ৰাষ্ট্ৰলৈ আগবঢ়োৱা অৱদানক উজ্জ্বল কৰি বিশেষভাৱে ডিজাইন কৰা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি কৰে
এশ বছৰ পূৰ্বে আৰএছএছ-ৰ প্ৰতিষ্ঠা কাৰ্য্যই প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ জাগ্ৰত ৰাষ্ট্ৰীয় চেতনাৰ চিৰস্থায়ী মনোভাৱকে প্ৰতিফলিত কৰিছিলঃ প্ৰধানমন্ত্ৰী
মই পৰম পূজ্য ডাঃ হেডগেৱাৰ জীলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁঃ প্ৰধানমন্ত্ৰী
আৰএছএছ-ৰ স্বেচ্ছাসেৱকসকল ৰাষ্ট্ৰ সেৱা আৰু সমাজ সবলীকৰণৰ বাবে অক্লান্তভাৱে নিয়োজিত হৈ আহিছেঃ প্ৰধানমন্ত্ৰী
আজি মুকলি কৰা স্মাৰক ডাক টিকটটোৰ জৰিয়তে ১৯৬৩-ৰ গণৰাজ্য দিৱসৰ পেৰেডত গৌৰৱেৰে সমদল কৰা আৰএছএছ-ৰ স্বেচ্ছাসেৱকসকলক স্মৰণেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছেঃ প্ৰধানমন্ত্ৰী
প্ৰতিষ্ঠাৰ পৰাই আৰএছএছে ৰাষ্ট্ৰ-নিৰ্মাণত গুৰুত্ব আৰোপ কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
আৰএছএছ-ৰ শাখা হৈছে প্ৰেৰণাৰ আধাৰ, ইয়াৰ পৰাই ‘মই’ৰ পৰা ‘আমি’লৈ যাত্ৰা আৰম্ভ হৈছেঃ প্ৰধানমন্ত্ৰী
আৰএছএছ-ৰ এটা শতিকাজোৰা কামৰ ভেটি ৰাষ্ট্ৰ-নিৰ্মাণৰ লক্ষ্য, ব্যক্তিগত বিকাশৰ স্পষ্ট পথ আৰু শাখাৰ স্পন্দনশীল অভ্যাসৰ ওপৰত নিৰ্ভৰশীলঃ প্ৰধানমন্ত্ৰী
আৰএছএছে অগণন ত্যাগ কৰিছে যদিও ই ‘ৰাষ্ট্ৰ প্ৰথম’ আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ নীতিত প্ৰতিবদ্ধ হৈ আছেঃ প্ৰধানমন্ত্ৰী
সংঘৰ স্বেচ্ছাসেৱকসকলে সংবিধানৰ মূল্যবোধত বিশ্বাস ৰাখি সমাজ সেৱাত নিৰন্তৰ লগ লাগি আছেঃ প্ৰধানমন্ত্ৰী
সংঘ দেশপ্ৰেম আৰু সেৱাৰ প্রতীকঃ প্ৰধানমন্ত্ৰী
অন্যৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ নিজৰ সুবিধা বিসৰ্জন কৰা প্ৰতিটো সংঘ স্বেচ্ছাসেৱকৰ চিনাকীঃ প্ৰধানমন্ত্ৰী
সংঘে সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত আত্ম-গৌৰৱ আৰু সামাজিক সজাগতা জাগ্ৰত কৰিছেঃ প্ৰধানমন্ত্ৰী
‘পঞ্চ পৰিৱৰ্তন’ প্ৰত্যেক স্বেচ্ছাসেৱকক ৰাষ্ট্ৰৰ আগত থকা প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ অনুপ্ৰেৰণা দিয়ে আৰু সেইবোৰৰ ওপৰত জয়লাভ কৰিবলৈ উৎসাহিত কৰেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াত সমবেতসকলক সম্বোধন কৰে। শ্ৰী মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপনেৰে আজি মহানৱমী আৰু দেৱী সিদ্ধিদাত্ৰীৰ দিন বুলি উল্লেখ কৰে। তেখেতে কয় যে কাইলৈ ​​বিজয়া দশমী, যিয়ে ভাৰতীয় সংস্কৃতিৰ কালজয়ী ঘোষণাক অভিহিত কৰে— অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্য আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়। এনে এক পবিত্ৰ দিনত এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে এয়া আছিল হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নতুন ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটে। এই যুগত তেখেতে দৃঢ়তাৰে কয় যে সংঘ সেই চিৰন্তন ৰাষ্ট্ৰীয় চেতনাৰ এক ৰূপ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীৰ সাক্ষী হোৱাটো বৰ্তমান প্ৰজন্মৰ স্বয়ংসেৱকসকলৰ বাবে এক সৌভাগ্যৰ কথা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে ৰাষ্ট্ৰীয় সেৱাৰ সংকল্পৰ প্ৰতি উৎসৰ্গিত অগণন স্বয়ংসেৱকলৈ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সংঘৰ প্ৰতিষ্ঠাপক তথা শ্ৰদ্ধাৰ আদৰ্শ ডাঃ হেডগেৱাৰৰ চৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে কয় যে সংঘৰ গৌৰৱময় ১০০ বছৰীয়া যাত্ৰাৰ স্মৃতিত ভাৰত চৰকাৰে এক বিশেষ ডাক টিকট আৰু স্মাৰক মুদ্ৰা মুকলি কৰিছে। ১০০ টকাৰ মুদ্ৰাটোৰ এফালে ৰাষ্ট্ৰীয় প্ৰতীক আৰু আনফালে ভাৰত মাতাৰ মহিমামণ্ডিত প্ৰতিচ্ছবি আছে। শ্ৰী মোদীয়ে কয় যে স্বাধীন ভাৰতৰ ইতিহাসত সম্ভৱতঃ ভাৰত মাতাৰ ভাবমূৰ্তি ভাৰতীয় মুদ্ৰাত প্ৰথমবাৰৰ বাবে দেখা গৈছে। তেখেতে লগতে কয় যে এই মুদ্ৰাটোত সংঘৰ পথ প্ৰদৰ্শক মূলমন্ত্ৰও আছেঃ “ৰাষ্ট্ৰয়া স্বাহা, ইদাম ৰাষ্ট্ৰয়া, ইদম না মম।”

আজি মুকলি কৰা স্মাৰক ডাক টিকটৰ তাৎপৰ্য্যত আলোকপাতেৰে ইয়াৰ গভীৰ ঐতিহাসিক প্ৰাসংগিকতাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ পেৰেডৰ কথা স্মৰণ কৰে। তেখেতে কয় যে ১৯৬৩-ত আৰএছএছৰ স্বয়ংসেৱকসকলে দেশপ্ৰেমৰ মনোভাৱেৰে সমদল কৰি পেৰেডত পৰম গৌৰৱেৰে অংশগ্ৰহণ কৰিছিল। তেখেতে কয় যে ডাকটিকটখনে সেই ঐতিহাসিক মুহূৰ্তৰ স্মৃতিক ধৰি ৰাখিছে।

 

“স্মাৰক ডাক টিকটটোৱে ৰাষ্ট্ৰৰ সেৱা আৰু সমাজ সবলীকৰণ কৰি অহা আৰএছএছৰ স্বয়ংসেৱকসকলৰ অটল সমৰ্পণৰ মনোভাৱকো প্ৰতিফলিত কৰিছে”, এই স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলিৰ বাবে ভাৰতৰ নাগৰিকসকলক আন্তৰিক অভিনন্দন জ্ঞাপনেৰে শ্ৰী মোদীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেনেকৈ মহানদীয়ে ইয়াৰ পাৰত মানৱ সভ্যতাক লালন-পালন কৰে, ঠিক তেনেদৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো অগণন জীৱনক লালন-পালন আৰু সমৃদ্ধ কৰিছে। ভূমি, গাঁও আৰু অঞ্চলৰ মাজেৰে বৈ যোৱা এখন নদীয়ে প্ৰদান কৰা আশীৰ্বাদ আৰু ভাৰতীয় সমাজৰ প্ৰতিটো ক্ষেত্ৰ তথা ৰাষ্ট্ৰৰ প্ৰতিটো প্ৰান্ত স্পৰ্শ কৰা সংঘৰ মাজৰ সাদৃশ্যতা সম্পৰ্কে শ্ৰী মোদীয়ে কয় যে এয়া নিৰৱচ্ছিন্ন সমৰ্পণ আৰু এক গভীৰ ৰাষ্ট্ৰীয় স্ৰোতৰ ফলশ্ৰুতি।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু এখন নৈৰ উপনৈসমূহে ভিন্ন অঞ্চলক উপকৃত কৰা কাৰ্য্যৰ মাজৰ সাদৃশ্যতাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংঘৰ যাত্ৰাই ইয়াৰ প্ৰতিফলন ঘটায়, ইয়াৰ ভিন্ন সংযুক্ত সংগঠনসমূহ জীৱনৰ সকলো দিশতে ৰাষ্ট্ৰীয় সেৱাত জড়িত হৈ আছে— শিক্ষা, কৃষি, সমাজ কল্যাণ, জনজাতীয় উত্থান, মহিলা সবলীকৰণ, কলা আৰু বিজ্ঞান তথা শ্ৰম খণ্ড। শ্ৰী মোদীয়ে কয় যে সংঘৰ একাধিক ধাৰাত সম্প্ৰসাৰণ হোৱাৰ পিছতো তেওঁলোকৰ মাজত কেতিয়াও বিভাজন হোৱা নাই। “প্ৰতিটো ধাৰা, ভিন্ন ক্ষেত্ৰত কাম কৰা প্ৰতিটো সংস্থাৰ একক উদ্দেশ্য আৰু আৱেগ হৈছেঃ ৰাষ্ট্ৰ প্ৰথম”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

“ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আৰম্ভণিৰে পৰাই এক বৃহৎ উদ্দেশ্য— ৰাষ্ট্ৰ নিৰ্মাণ সাধন কৰি আহিছে”, শ্ৰী মোদীয়ে কয়। এই পথত ধাৰাবাহিকভাৱে আগবাঢ়ি যাবলৈ সংঘই এক অনুশাসিত কৰ্ম পদ্ধতি গ্ৰহণ কৰিছিলঃ দৈনিক আৰু নিয়মীয়াকৈ শাখাৰ পৰিচালনা।

 

“শ্ৰদ্ধাৰ ডাঃ হেডগেৱাৰে বুজি পাইছিল যে ৰাষ্ট্ৰখন সঁচাকৈয়ে তেতিয়াহে শক্তিশালী হ’ব, যেতিয়া প্ৰতিজন নাগৰিক ইয়াৰ প্ৰতি-নিজৰ দায়িত্বৰ প্ৰতি সচেতন হ’ব; ভাৰতৰ তেতিয়াহে উত্থান ঘটিব, যেতিয়া প্ৰতিজন নাগৰিকে ৰাষ্ট্ৰৰ বাবে জীয়াই থাকিবলৈ শিকিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে সেইবাবেই ডাঃ হেডগেৱাৰ ইয়াৰ প্ৰতি দায়বদ্ধ হৈ থাকিল, এক অনন্য পন্থা গ্ৰহণ কৰিলে। শ্ৰী মোদীয়ে ডাঃ হেডগেৱাৰৰ পথ-প্ৰদৰ্শক নীতিৰ উদ্ধৃতি দি কয়- “মানুহক যিদৰে আছে তেনেদৰেই গ্ৰহণ কৰক, যি হ’ব লাগে সেই ধৰণে গঢ় দিয়ক।” তেখেতে ডাঃ হেডগেৱাৰৰ জনসংযোগৰ পদ্ধতিক এজন মৃৎশিল্পীৰ সৈতে তুলনা কৰিছিল— সাধাৰণ মাটিৰ পৰা আৰম্ভ কৰি, ইয়াকে লৈ অধ্যৱসায়ীভাৱে কাম কৰি, ইয়াক আকৃতি প্ৰদান আৰু পুৰি তথা শেষত ইটাৰ ৰূপত এটা ভৱিষ্যৎ গঠন নিৰ্মাণ কৰা। একেদৰেই ডাঃ হেডগেৱাৰে সাধাৰণ ব্যক্তিক বাছনি কৰি প্ৰশিক্ষণ দিছিল, দৃষ্টিশক্তি প্ৰদান কৰিছিল আৰু ৰাষ্ট্ৰৰ বাবে নিষ্ঠাবান স্বয়ংসেৱক হিচাপে গঢ় দিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰণেই সংঘৰ বিষয়ে কোৱা হয় যে সাধাৰণ মানুহে একত্ৰিত হৈ অসাধাৰণ আৰু অভূতপূৰ্ব কাম সম্পন্ন কৰে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখাসমূহত ব্যক্তিগত বিকাশৰ উদাৰ প্ৰক্ৰিয়াটো যে অব্যাহত আছে, সেই কথাত আলোকপাতেৰে শ্ৰী মোদীয়ে শাখা ক্ষেত্ৰখনক প্ৰেৰণাৰ পবিত্ৰ স্থান বুলি অভিহিত কৰে, য’ত এজন স্বয়ংসেৱকে সামূহিক মনোভাৱক প্ৰতিনিধিত্ব কৰি “মই”ৰ পৰা “আমি”লৈ যাত্ৰা আৰম্ভ কৰে। তেখেতে কয় যে এই শাখাসমূহ হৈছে চৰিত্ৰ গঠনৰ বেদী, শাৰীৰিক, মানসিক আৰু সামাজিক বিকাশৰ ভূমি। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু বিশদভাৱে কয় যে শাখাসমূহত ৰাষ্ট্ৰীয় সেৱাৰ মনোভাৱ আৰু সাহস অনুৰণিত হয়, ত্যাগ আৰু নিষ্ঠাৰ মনোভাৱ স্বাভাৱিক হৈ পৰে, ব্যক্তিগত স্বাৰ্থৰ হেঁপাহ ম্লান হৈ পৰে আৰু স্বয়ংসেৱকে সামূহিক সিদ্ধান্ত গ্ৰহণ তথা দলীয় কামৰ প্ৰমূল্যবোধ গ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষীয় যাত্ৰা তিনিটা মূল স্তম্ভ আধাৰিত— ৰাষ্ট্ৰ নিৰ্মাণৰ এক বৃহৎ দৃষ্টিভংগী, ব্যক্তিগত বিকাশৰ এক স্পষ্ট পথ আৰু শাখাৰ ৰূপত এক সহজ অথচ গতিশীল কৰ্ম পদ্ধতি বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই স্তম্ভসমূহৰ ওপৰত থিয় হৈ সংঘই ভিন্ন ক্ষেত্ৰৰ মাজেৰে ৰাষ্ট্ৰখনক আগুৱাই নিয়া লাখ-লাখ স্বয়ংসেৱকক গঢ় দিছে। ইয়াত নিষ্ঠা, সেৱা আৰু ৰাষ্ট্ৰীয় উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিবদ্ধ সাধনা জড়িত হৈ আছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আৰম্ভণিৰে পৰাই নিজৰ অগ্ৰাধিকাৰসমূহ ৰাষ্ট্ৰৰ অগ্ৰাধিকাৰৰ সৈতে মিলাইছে বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে প্ৰতিটো যুগত সংঘই দেশে সন্মুখীন হোৱা ডাঙৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিছে। স্বাধীনতা সংগ্ৰামৰ কথা মনত পেলাই তেখেতে উল্লেখ কৰে যে শ্ৰদ্ধাৰ ডাঃ হেডগেৱাৰ আৰু আন একাধিক কৰ্মকৰ্তাই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল, আনকি ডাঃ হেডগেৱাৰে বহুবাৰ কাৰাদণ্ডৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংঘই অগণন স্বাধীনতা সংগ্ৰামীক সমৰ্থন কৰিছিল, তেওঁলোকৰ সৈতে হাতে-হাত ধৰি কাম কৰিছিল। তেখেতে ১৯৪২-ৰ চিমুৰ আন্দোলনৰ উদাহৰণ দাঙি ধৰে, ইয়াত বহু স্বয়ংসেৱকে ব্ৰিটিছৰ ভয়াৱহ অত্যাচাৰ সহ্য কৰিছিল। স্বাধীনতাৰ পিছতো তেখেতে কয় যে সংঘই নিজৰ ত্যাগ অব্যাহত ৰাখিছিল— হায়দৰাবাদত নিজামৰ অত্যাচাৰ প্ৰতিহত কৰাৰ পৰা আৰম্ভ কৰি গোৱা আৰু দাদৰা-নগৰ হাভেলীৰ মুক্তিত অৰিহণা যোগোৱালৈকে। গোটেই সময়ছোৱাত পথ প্ৰদৰ্শক আৱেগ “ৰাষ্ট্ৰ প্ৰথম” হৈয়েই থাকিল আৰু অদম্য লক্ষ্য আছিল “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত।”

 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাষ্ট্ৰীয় সেৱাৰ সমগ্ৰ যাত্ৰাত আক্ৰমণ আৰু ষড়যন্ত্ৰৰ সন্মুখীন হোৱা বুলি স্বীকাৰ কৰি শ্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছতো সংঘক দমন কৰি মূলসুঁতিত একত্ৰিত হোৱাত বাধা দিয়াৰ প্ৰয়াস কৰা হৈছিল। তেখেতে কয় যে পূজনীয় গুৰুজীক মিছাকৈ জড়িত কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। তথাপিও মুক্তি পোৱাৰ লগে-লগে গুৰুজীয়ে গভীৰ স্থিৰতাৰে উত্তৰ দি কৈছিল, “কেতিয়াবা জিভাখনক দাঁতে থেতেলিয়াই পেলায়। কিন্তু দাঁত ভাঙি নাযায়, কাৰণ দাঁত আৰু জিভা উভয়ে আমাৰেই।” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তীব্ৰ নিৰ্যাতন আৰু ভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰাৰ পিছতো গুৰুজীয়ে কোনো ক্ষোভ বা কু-ইচ্ছাক আশ্ৰয় নিদিলে। তেখেতে গুৰুজীৰ ঋষিসদৃশ ব্যক্তিত্ব আৰু মতাদৰ্শগত স্পষ্টতাই প্ৰতিজন স্বয়ংসেৱককে পথ-প্ৰদৰ্শন কৰি আহিছে বুলি উল্লেখেৰে কয় যে এই আদৰ্শই স্বয়ংসেৱকসকলৰ ঐক্য আৰু সমাজৰ প্ৰতি সহানুভূতিৰ প্ৰমূল্যবোধক গভীৰ কৰিছে। তেখেতে দৃঢ়তাৰে কয় যে নিষেধাজ্ঞা, ষড়যন্ত্ৰ বা মিছা গোচৰৰ সন্মুখীন হোৱাই হওঁক, স্বয়ংসেৱকে কেতিয়াও তিক্ততাক স্থান নিদিছিল, কাৰণ তেওঁলোকে বুজি পাইছিল যে তেওঁলোক সমাজৰ পৰা পৃথক নহয়— বৰঞ্চ সমাজখন তেওঁলোকেই গঠন কৰিছে। যি ভাল সেয়া তেওঁলোকৰ আৰু যি কম ভাল সেয়াও তেওঁলোকৰ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেতিয়াও তিক্ততাক প্ৰশ্ৰয় নিদিয়াৰ এটা মূল কাৰণ হ’ল গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতি প্ৰতিজন স্বয়ংসেৱকৰ অদম্য বিশ্বাস বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জৰুৰীকালীন সময়ত এই বিশ্বাসেই স্বয়ংসেৱকক শক্তিশালী কৰি তুলিছিল আৰু প্ৰতিৰোধৰ শক্তি প্ৰদান কৰিছিল। তেখেতে কয় যে এই দুটা মূল প্ৰমূল্যবোধ- সমাজৰ সৈতে একতা আৰু সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতি বিশ্বাসে স্বয়ংসেৱকসকলক প্ৰতিটো সংকটতে সংগঠিত আৰু সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল কৰি ৰাখিছে। সময়ৰ লগে-লগে অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও সংঘই এজোপা বিশাল বট গছৰ দৰে দৃঢ়তাৰে থিয় দিছে, অবিৰতভাৱে ৰাষ্ট্ৰ আৰু সমাজৰ সেৱা কৰি আছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰম্ভণিৰে পৰাই দেশপ্ৰেম আৰু সেৱাৰ সমাৰ্থক হৈ আহিছে। তেখেতে কয় যে বিভাজনৰ যন্ত্ৰণাদায়ক সময়ছোৱাত যেতিয়া লাখ-লাখ পৰিয়াল স্থানচ্যুত হৈছিল, তেতিয়া স্বয়ংসেৱকসকলে শৰণাৰ্থীসকলক সেৱা আগবঢ়াবলৈ সীমিত সম্পদেৰেই আগস্থানত থিয় দিছিল। তেখেতে কয় যে এয়া কেৱল সাহায্যৰ কাম নহয়— বৰঞ্চ এয়া ৰাষ্ট্ৰৰ আত্মাক শক্তিশালী কৰাৰ এক কাৰ্য্য।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ১৯৫৬-ত গুজৰাটৰ আঞ্জাৰত হোৱা ভয়াৱহ ভূমিকম্পৰ কথা উল্লেখেৰে ব্যাপক ধ্বংসলীলাৰ বৰ্ণনা কৰে। তেতিয়াও স্বয়ংসেৱকসকল সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে নিয়োজিত হৈছিল। তেখেতে উল্লেখ কৰে যে শ্ৰদ্ধাৰ গুৰুজীয়ে গুজৰাটৰ তেতিয়াৰ সংঘৰ মুৰব্বী বকিল চাহেবলৈ এখন পত্ৰ লিখি কৈছিল যে আনৰ দুখ-কষ্ট দূৰ কৰাৰ বাবে নিস্বাৰ্থভাৱে কষ্ট সহ্য কৰাই হৈছে বহল হৃদয়ৰ চিন।

“আনৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ কষ্ট স্বীকাৰেই হৈছে প্ৰতিজন স্বয়ংসেৱকৰ বৈশিষ্ট্য”, ১৯৬২-ৰ যুদ্ধৰ কথা মনত পেলাই শ্ৰী মোদীয়ে এইদৰে কয়। তেতিয়া আৰএছএছ-ৰ স্বয়ংসেৱকসকলে সশস্ত্ৰ বাহিনীক সহায় কৰিবলৈ অক্লান্তভাৱে থিয় দিছিল, তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছিল আৰু সীমান্তৰ ওচৰৰ গাঁওসমূহলৈ সাহায্য প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৭১-ৰ সংকটৰ ওপৰত আলোকপাতেৰে কয় যে তেতিয়া পূব-পাকিস্তানৰ পৰা লাখ-লাখ শৰণাৰ্থী আশ্ৰয় বা সম্পদ নোহোৱাকৈ ভাৰতত উপস্থিত হৈছিল। সেই কঠিন সময়ত স্বয়ংসেৱকসকলে খাদ্য বিতৰণ কৰিছিল, আশ্ৰয় দিছিল, স্বাস্থ্যসেৱা প্ৰদান কৰিছিল, চকুপানী মচিছিল আৰু তেওঁলোকৰ যন্ত্ৰণা সহ্য কৰিছিল। শ্ৰী মোদীয়ে লগতে কয় যে ১৯৮৪-ৰ দাঙ্গাৰ সময়তো স্বয়ংসেৱকসকলে বহু শিখক আশ্ৰয় দিছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ.পি.জে. আব্দুল কালাম চিত্ৰকূটৰ নানাজী দেশমুখৰ আশ্ৰমত প্ৰত্যক্ষ কৰা সেৱামূলক কাৰ্য্যকলাপত গভীৰভাৱে পুলকিত হৈছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী নাগপুৰ ভ্ৰমণৰ সময়ত সংঘৰ অনুশাসন আৰু সৰলতাক লৈ যথেষ্ট আপ্লুত হৈছিল।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিও পঞ্জাৱৰ বানপানী, হিমাচল আৰু উত্তৰাখণ্ডৰ দুৰ্য্যোগ, কেৰালাৰ ৱায়ানাদত হোৱা শোকাৱহ দুৰ্ঘটনাৰ দৰে দুৰ্য্যোগত স্বয়ংসেৱকসকল প্ৰথম সঁহাৰিদাতাসকলৰ অন্যতম। তেখেতে দৃঢ়তাৰে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বই সংঘৰ সাহস আৰু সেৱাৰ মনোভাৱ প্ৰত্যক্ষ কৰিছিল।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰীয়া যাত্ৰাত ইয়াৰ অন্যতম উল্লেখযোগ্য অৱদান হৈছে সমাজৰ ভিন্ন শ্ৰেণীৰ মাজত আত্মসচেতনতা আৰু গৌৰৱ জাগ্ৰত কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংঘই দেশৰ অতি দুৰ্গম আৰু দুৰ্গম অঞ্চলসমূহত বিশেষকৈ ভাৰতৰ প্ৰায় দহ কোটি জনজাতীয় ভাই-ভনীৰ মাজত ধাৰাবাহিকভাৱে কাম কৰি আহিছে। একেৰাহে পূৰ্বৰ চৰকাৰে এই সম্প্ৰদায়সমূহক প্ৰায়ে উপেক্ষা কৰিলেও সংঘই তেওঁলোকৰ সংস্কৃতি, উৎসৱ, ভাষা, পৰম্পৰাক অগ্ৰাধিকাৰ দিছিল। সেৱা ভাৰতী, বিদ্যা ভাৰতী আৰু বনবাসী কল্যাণ আশ্ৰমৰ দৰে সংগঠনে আদিবাসী সবলীকৰণৰ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আজি জনজাতীয় সমাজসমূহৰ মাজত বৃদ্ধি পোৱা আত্মবিশ্বাসে তেওঁলোকৰ জীৱনক ৰূপান্তৰিত কৰিছে।

ভাৰতৰ সুদূৰ প্ৰান্তত থকা জনজাতীয় সমাজৰ জীৱনযাত্ৰাৰ অগ্ৰগতি সাধনৰ বাবে অক্লান্তভাৱে কাম কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লাখ-লাখ স্বেচ্ছাসেৱকৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ নিষ্ঠাই ৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ঐতিহাসিকভাৱে জনজাতীয় অঞ্চলসমূহক লক্ষ্য কৰি লোৱা প্ৰত্যাহ্বান আৰু শোষণমূলক অভিযানসমূহৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংঘই নীৰৱে আৰু অটলভাৱে নিজৰ ত্যাগ আগবঢ়াইছে আৰু এনে সংকটৰ পৰা ৰাষ্ট্ৰখনক ৰক্ষা কৰাৰ বাবে দশক-দশক ধৰি নিজৰ কৰ্তব্য পালন কৰি আহিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জাতিভিত্তিক বৈষম্য আৰু পশ্চাদগামী প্ৰথাৰ দৰে গভীৰভাৱে শিপাই থকা সামাজিক ৰোগে দীৰ্ঘদিন ধৰি হিন্দু সমাজৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। তেখেতে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এই উদ্বেগ সমাধানৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। মহাত্মা গান্ধীয়ে ৱৰ্ধাৰ সংঘৰ এটা শিবিৰ ভ্ৰমণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গান্ধীজীয়ে সংঘৰ সমতা, মমতা আৰু সমন্বয়ৰ মনোভাৱক মুকলিকৈ প্ৰশংসা কৰিছিল। তেখেতে উল্লেখ কৰে যে ডাঃ হেডগেৱাৰৰ পৰা বৰ্তমানলৈকে সংঘৰ প্ৰতিজন বিশিষ্ট ব্যক্তি আৰু সৰসংঘচালকে বৈষম্য আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজি আহিছে। শ্ৰী মোদীয়ে কয় যে শ্ৰদ্ধাৰ গুৰুজীয়ে “না হিন্দু পতিতো ভৱেত”ৰ আৱেগক অহৰহ আগুৱাই লৈ গৈছিল, অৰ্থাৎ প্ৰতিজন হিন্দু এটা পৰিয়ালৰ অংশ আৰু কোনোৱেই নীচ বা পতিত নহয়। তেখেতে পূজ্য বালাচাহেব দেওৰাছৰ উদ্ধৃতি দি কয়, “অস্পৃশ্যতা যদি পাপ নহয়, তেন্তে পৃথিৱীৰ একোৱেই পাপ নহয়।” তেখেতে লগতে কয় যে তেওঁলোকৰ কাৰ্য্যকালত সৰসংঘচালক, পূজ্য ৰাজু ভাইয়া আৰু পূজ্য সুদৰ্শন জীয়েও এই আৱেগক আগুৱাই লৈ গৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমানৰ সৰসংঘচালক শ্ৰী মোহন ভাগৱত জীয়ে সমাজৰ সন্মুখত সামাজিক সম্প্ৰীতিৰ বাবে এক স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেখেতে দৃঢ়তাৰে কয় যে সংঘই এই বাৰ্তা দেশৰ প্ৰতিটো কোণলৈ লৈ গৈছে, বৈষম্য, বিভাজন, বিসংগতিমুক্ত এখন সমাজৰ প্ৰচাৰ কৰিছে। এয়াই হৈছে সম্প্ৰীতিৰ ভেটি আৰু সৰ্বাংগীন সমাজৰ সংকল্প, যাক সংঘই নৱীকৃত শক্তিৰে শক্তিশালী কৰি আহিছে বুলিও তেখেতে কয়।

 

শ্ৰী মোদীয়ে মন্তব্য কৰে যে এশ বছৰ পূৰ্বে যেতিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল তেতিয়া সেই সময়ৰ প্ৰয়োজন আৰু সংগ্ৰাম বেলেগ আছিল। যুগ যুগ ধৰি চলি অহা ৰাজনৈতিক বশৰ পৰা মুক্ত হ’বলৈ আৰু নিজৰ সাংস্কৃতিক মূল্যবোধক ৰক্ষা কৰিবলৈ ভাৰতে চেষ্টা চলাইছিল। তেওঁ কয় যে আজি ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশে আগবাঢ়ি যোৱাৰ লগতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ সাজু হোৱাৰ লগে লগে প্ৰত্যাহ্বানসমূহৰ বিকাশ ঘটিছে। জনসংখ্যাৰ এক বৃহৎ অংশই দৰিদ্ৰতা অতিক্ৰম কৰিছে, নতুন খণ্ডই যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টি কৰিছে, আৰু ভাৰতে বিশ্বজুৰি নিজৰ কণ্ঠস্বৰ দৃঢ় কৰি তুলিছে— কূটনীতিৰ পৰা জলবায়ু নীতিলৈকে। তেওঁ আলোকপাত কৰে যে আজিৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত আছে অন্য জাতিৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতা, জাতীয় ঐক্য বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ, জনগাঁথনিগত হেতালি খেলা। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ এই সমস্যাসমূহ চৰকাৰে দ্ৰুতগতিত সমাধান কৰি থকাত সন্তুষ্টি প্ৰকাশ কৰে। স্বয়ংসেৱক হিচাপে তেওঁ গৌৰৱ প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এই প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰাই নহয়, ইয়াৰ সন্মুখীন হ’বলৈ এক সুনিৰ্দিষ্ট ৰোডমেপও প্ৰস্তুত কৰিছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পাঁচটা পৰিৱৰ্তনশীল সংকল্প- আত্মসচেতনতা, সামাজিক সম্প্ৰীতি, পাৰিবাৰিক জ্ঞান, নাগৰিক অনুশাসন, আৰু পৰিৱেশ চেতনাক স্বয়ংসেৱকসকলৰ বাবে জাতিটোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ শক্তিশালী প্ৰেৰণা হিচাপে আলোকপাত কৰি শ্ৰী মোদীয়ে বিশদভাৱে কয় যে আত্মসচেতনতাৰ অৰ্থ হৈছে দাসত্বৰ মানসিকতাৰ পৰা মুক্তি আৰু নিজৰ প্ৰতি গৌৰৱ কৰা ঐতিহ্য আৰু থলুৱা ভাষা। তেওঁ জোৰ দি কয় যে আত্মসচেতনতাই স্বদেশীক আকোৱালি লোৱাটোও বুজায়। তেওঁ দৃঢ়তাৰে কয় যে আত্মনিৰ্ভৰশীলতা এতিয়া বিকল্প নহয় বৰঞ্চ এক প্ৰয়োজনীয়তা। প্ৰধানমন্ত্ৰীয়ে সমাজক স্বদেশী মন্ত্ৰক সামূহিক সংকল্প হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাই “ভকেল ফৰ লোকেল” অভিযানক সফল কৰাৰ দিশত সকলোকে নিজৰ সম্পূৰ্ণ শক্তি উৎসৰ্গা কৰিবলৈ আহ্বান জনায়।

“ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ধাৰাবাহিকভাৱে সামাজিক সম্প্ৰীতিক অগ্ৰাধিকাৰ দি আহিছে”, প্ৰধানমন্ত্ৰীয়ে সামাজিক সম্প্ৰীতিক প্ৰান্তীয়সকলক অগ্ৰাধিকাৰ দি সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা আৰু জাতীয় ঐক্য শক্তিশালী কৰা বুলি সংজ্ঞায়িত কৰি উচ্চাৰণ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে জাতিটোৱে আজি এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যিয়ে ইয়াৰ ঐক্য, সংস্কৃতি, আৰু নিৰাপত্তাক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি লয়— বিচ্ছিন্নতাবাদী মতাদৰ্শ আৰু আঞ্চলিকতাবাদৰ পৰা আৰম্ভ কৰি জাতি আৰু ভাষাক লৈ বিবাদ, আৰু বাহ্যিক শক্তিৰ দ্বাৰা উচটনি দিয়া বিভাজনমূলক প্ৰৱণতালৈকে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আত্মা সদায় “বৈচিত্ৰ্যত ঐক্য”ত শিপাই আছে বুলি দৃঢ়তাৰে কয় আৰু এই নীতি ভংগ হ’লে ভাৰতৰ শক্তি হ্ৰাস পাব বুলি সকীয়াই দিয়ে। সেয়েহে তেওঁ এই মৌলিক নীতি-নিয়মক অহৰহ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক সম্প্ৰীতি আজি জনগাঁথনিগত হেতালি খেলা আৰু অনুপ্ৰৱেশৰ পৰা এক ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যিয়ে আভ্যন্তৰীণ নিৰাপত্তা আৰু ভৱিষ্যতৰ শান্তিত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। তেওঁ জোৰ দি কয় যে এই চিন্তাৰ বাবেই তেওঁ লালকিল্লাৰ পৰা জনগাঁথনি অভিযান ঘোষণা কৰে। এই ভাবুকিৰ সন্মুখীন হ’বলৈ তেওঁ সতৰ্কতা আৰু দৃঢ় পদক্ষেপ ল’বলৈ আহ্বান জনায়।

 

শ্ৰী মোদীয়ে আৰু আলোকপাত কৰে যে পাৰিবাৰিক জ্ঞান-প্ৰকাশ হৈছে সময়ৰ প্ৰয়োজনীয়তা। ভাৰতীয় সভ্যতাৰ ভেটি গঠন কৰা আৰু ভাৰতীয় মূল্যবোধৰ পৰা অনুপ্ৰাণিত হোৱা পাৰিবাৰিক সংস্কৃতিক লালন-পালন কৰা বুলি তেওঁ সংজ্ঞায়িত কৰিছিল। তেওঁ পাৰিবাৰিক নীতি ৰক্ষা কৰা, বয়োজ্যেষ্ঠসকলক সন্মান কৰা, মহিলাসকলক সবলীকৰণ কৰা, যুৱক-যুৱতীসকলৰ মাজত মূল্যবোধৰ বীজ সিঁচা, নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই ক্ষেত্ৰত পৰিয়াল আৰু সমাজ উভয়ৰে সজাগতা বৃদ্ধিৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰতিটো যুগত অগ্ৰগতি লাভ কৰা জাতিসমূহে নাগৰিক অনুশাসনৰ সুদৃঢ় ভেটি লৈ সেই কাম কৰিছিল বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে নাগৰিক অনুশাসনৰ অৰ্থ হ’ল কৰ্তব্যবোধৰ কৰ্ষণ কৰা আৰু প্ৰতিজন নাগৰিক যাতে নিজৰ দায়িত্বৰ প্ৰতি সচেতন হয়। তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰিত কৰা, ৰাষ্ট্ৰীয় সম্পত্তিক সন্মান জনোৱা, আইন-কানুন পালনৰ আহ্বান জনায়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে নাগৰিকে নিজৰ কৰ্তব্য পালন কৰাটো সংবিধানৰ মনোভাৱ, আৰু এই সাংবিধানিক নীতি-নিয়মক নিৰন্তৰ শক্তিশালী কৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে আৰু আলোকপাত কৰে যে পৰিৱেশ সুৰক্ষা বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্ম উভয়ৰে বাবে অপৰিহাৰ্য, আৰু ই মানৱতাৰ ভৱিষ্যতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। তেওঁ কেৱল অৰ্থনীতিৰ ওপৰত নহয়, পৰিৱেশ বিজ্ঞানৰ ওপৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পানী সংৰক্ষণ, সেউজ শক্তি, আৰু স্বচ্ছ শক্তি আদি অভিযান এই দিশত অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।

“ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পাঁচটা পৰিৱৰ্তনশীল সংকল্প—আত্মসচেতনতা, সামাজিক সম্প্ৰীতি, পৰিয়ালৰ জ্ঞান, নাগৰিক অনুশাসন, আৰু পৰিৱেশ সচেতনতা—এই গুৰুত্বপূৰ্ণ আহিলা যিয়ে জাতিটোৰ শক্তি বৃদ্ধি কৰিব, ভাৰতক বৈচিত্ৰময় প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সহায় কৰিব, আৰু ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়াৰ বাবে মূল স্তম্ভ হিচাপে কাম কৰিব”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০৪৭ চনত ভাৰত দৰ্শন আৰু বিজ্ঞান, সেৱা আৰু সামাজিক সম্প্ৰীতিৰ দ্বাৰা গঠিত এক গৌৰৱময় জাতি হ’ব। তেওঁ দৃঢ়তাৰে কয় যে এয়াই হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৃষ্টিভংগী, সকলো স্বয়ংসেৱকৰ সামূহিক সাধনা, আৰু তেওঁলোকৰ গম্ভীৰ সংকল্প। তেওঁ জাতিটোক সোঁৱৰাই দিয়ে যে সংঘ জাতিৰ প্ৰতি অদম্য বিশ্বাসৰ ওপৰত নিৰ্মিত, সেৱাৰ গভীৰ মনোভাৱেৰে পৰিচালিত, মূল্যবোধ আৰু অনুশাসনৰ দ্বাৰা পৰিশোধিত, জাতীয় কৰ্তব্যক জীৱনৰ পৰম কৰ্তব্য বুলি গণ্য কৰি দৃঢ়তাৰে থিয় দিছে। তেওঁ লগতে কয় যে সংঘটো ভাৰত মাতাৰ সেৱাৰ ভৱিষ্যৎ সপোনৰ সৈতে অন্তৰ্নিহিতভাৱে জড়িত।

 

“সংঘৰ আদৰ্শ হৈছে ভাৰতীয় সংস্কৃতিৰ শিপা গভীৰ আৰু শক্তিশালী কৰা। ইয়াৰ প্ৰচেষ্টা হৈছে সমাজত আত্মবিশ্বাস আৰু গৌৰৱৰ বীজ সিঁচা। ইয়াৰ লক্ষ্য হৈছে প্ৰত্যেক হৃদয়ত জনসেৱাৰ শিখা জ্বলোৱা। ইয়াৰ দৃষ্টিভংগী হৈছে ভাৰতীয় সমাজখন সামাজিক ন্যায়ৰ প্ৰতীক হোৱা। ইয়াৰ লক্ষ্য হৈছে বিশ্বৰ মঞ্চত ভাৰতৰ কণ্ঠক বৃদ্ধি কৰা। ইয়াৰ সংকল্প হৈছে জাতিটোৰ বাবে এক সুৰক্ষিত আৰু উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰা”, শ্ৰী মোদীয়ে মন্তব্য কৰি এই ঐতিহাসিক অনুষ্ঠানত সকলোকে অভিনন্দন জ্ঞাপন কৰি সামৰণি মাৰে।

এই অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা, আৰএছএছৰ সৰকাৰ্য্যৱাহ (সাধাৰণ সম্পাদক) শ্ৰী দত্তাত্ৰেয় হোছাবালেকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

পটভূমি

এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰলৈ আৰএছএছ-এ আগবঢ়োৱা অৱদানক উজ্জ্বল কৰি বিশেষভাৱে ডিজাইন কৰা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি তথা সমবেতসকলক সম্বোধন কৰে।

 

১৯২৫-ত মহাৰাষ্ট্ৰৰ নাগপুৰত ডঃ কেশৱ বলিৰাম হেডগেৱাৰে প্ৰতিষ্ঠা কৰা স্বেচ্ছাসেৱক-ভিত্তিক সংস্থা আৰএছএছ-ৰ লক্ষ্য আছিল নাগৰিকসকলৰ মাজত সাংস্কৃতিক সচেতনতা, অনুশাসন, সেৱা আৰু সামাজিক দায়বদ্ধতা বৃদ্ধি কৰা।

 

আৰএছএছ হৈছে ৰাষ্ট্ৰীয় পুনৰ্গঠনৰ বাবে এক অনন্য জন-চালিত অভিযান। ইয়াৰ উত্থানে শতিকাজুৰি অব্যাহত বিদেশী শাসন কাৰ্য্যক প্ৰত্যাহ্বান জনায়। ইয়াৰ অবিৰত সম্প্ৰসাৰণে ধৰ্মৰে বদ্ধমূল ভাৰতৰ ৰাষ্ট্ৰীয় গৌৰৱৰ দৃষ্টিভংগীৰ আৱেগিক অনুৰণন ঘটায়।

 

সংঘৰ এক মূল গুৰুত্ব আৰোপৰ ক্ষেত্ৰ হৈছে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় চৰিত্ৰ গঠন। ইয়াৰ জৰিয়তে মাতৃভূমিৰ প্ৰতি ভক্তি, অনুশাসন, আত্ম-সংযম, সাহস আৰু বীৰত্বৰ অনুভূতি জগাই তোলাৰ প্ৰয়াস গ্ৰহণ কৰা হয়। সংঘৰ চূড়ান্ত লক্ষ্য হৈছে ভাৰতৰ “সৰ্বংগীন উন্নতি” সাধন, এই ক্ষেত্ৰত প্ৰতিজন স্বয়ংসেৱকে নিজকে উৎসৰ্গা কৰি আহিছে।

 

বিগত শতিকাটোত আৰএছএছে শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, দুৰ্য্যোগ সাহায্যৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। বানপানী, ভূমিকম্প, ঘূৰ্ণীবতাহকে প্ৰমুখ্য কৰি প্ৰাকৃতিক দুৰ্য্যোগ সমূহৰ সময়ত আৰএছএছৰ স্বেচ্ছাসেৱকসকলে সাহায্য আৰু পুনৰ্বাসন প্ৰচেষ্টাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। ইয়াৰ উপৰিও আৰএছএছৰ ভিন্ন ভ্ৰাতৃ-ভগ্নী সংগঠনে যুৱক-যুৱতী, মহিলা আৰু কৃষকসকলৰ সবলীকৰণ, জনসাধাৰণৰ অংশগ্ৰহণক প্ৰসাৰিতকৰণ আৰু স্থানীয় সমাজসমূহক সুদৃঢ়কৰণত অৰিহণা যোগাই আহিছে।

 

শতবাৰ্ষিকী উদযাপনৰ জৰিয়তে আৰএছএছৰ ঐতিহাসিক কৃতিত্বৰাজিক সন্মান জনোৱাই নহয়, বৰঞ্চ ভাৰতৰ সাংস্কৃতিক যাত্ৰাত ইয়াৰ চিৰস্থায়ী অৱদান আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তাকো উজ্জ্বল কৰি তোলা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: State Visit of President of Republic of Korea to India
April 20, 2026

Outcomes:

1. Joint Strategic Vision for the India-ROK Special Strategic Partnership

2. India-ROK Comprehensive Framework for Partnership in Shipbuilding, Shipping & Maritime Logistics

3. India-Republic of Korea Joint Statement on Cooperation in Field of Sustainability

4. India-Republic of Korea Joint Statement on Energy Resource Security

MOUs/ Frameworks

1. MOU on Cooperation in the Field of Ports

2. MOU on the Establishment of the Industrial Cooperation Committee

3. MOU on Cooperation in the Field of Technology and Trade for Steel Supply Chain

4. MOU on Cooperation in the Field of Small and Medium sized Enterprises

5. MoU for Cooperation in the Field of Maritime Heritage

6. Joint Declaration on Resuming the Negotiations to upgrade the Comprehensive Economic Partnership Agreement between India and ROK

7. MoU between IFSCA and FSS/FSC in relation to Mutual Cooperation

8. MOU between NPCI International Payments Limited and Korean Financial Telecommunications & Clearings Institute

9. MOU on Cooperation in the Field of Science & Technology

10. Framework for India-Korea Digital Bridge

11. MOU on on Cooperation in the Field of Climate and the Environment

12. MOU on the Cooperative Approach under Article 6.2 of the Paris Agreement

13. Cultural Exchange Programme between India and ROK for the Years 2026-2030

14. MOU on Cooperation in Cultural and Creative Industries

15. MOU on Cooperation in the Field of Sports

Announcements

1. Launch of Economic Security Dialogue

2. Establishment of Distinguished Visitors Programme (DVP)

3. Launch of dialogue between the two Foreign Ministries on Global Themes, including Climate Change, Arctic, and Maritime Cooperation.

4. ROK joining Indo Pacific Oceans Initiative

5. ROK joining International Solar Alliance and India joining Global Green Growth Institute (GGGI)

6. Commemoration of the Year 2028-29 as Year of India-ROK Friendship