প্ৰধানমন্ত্ৰীয়ে আৰএছএছ-এ ৰাষ্ট্ৰলৈ আগবঢ়োৱা অৱদানক উজ্জ্বল কৰি বিশেষভাৱে ডিজাইন কৰা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি কৰে
এশ বছৰ পূৰ্বে আৰএছএছ-ৰ প্ৰতিষ্ঠা কাৰ্য্যই প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ জাগ্ৰত ৰাষ্ট্ৰীয় চেতনাৰ চিৰস্থায়ী মনোভাৱকে প্ৰতিফলিত কৰিছিলঃ প্ৰধানমন্ত্ৰী
মই পৰম পূজ্য ডাঃ হেডগেৱাৰ জীলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁঃ প্ৰধানমন্ত্ৰী
আৰএছএছ-ৰ স্বেচ্ছাসেৱকসকল ৰাষ্ট্ৰ সেৱা আৰু সমাজ সবলীকৰণৰ বাবে অক্লান্তভাৱে নিয়োজিত হৈ আহিছেঃ প্ৰধানমন্ত্ৰী
আজি মুকলি কৰা স্মাৰক ডাক টিকটটোৰ জৰিয়তে ১৯৬৩-ৰ গণৰাজ্য দিৱসৰ পেৰেডত গৌৰৱেৰে সমদল কৰা আৰএছএছ-ৰ স্বেচ্ছাসেৱকসকলক স্মৰণেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছেঃ প্ৰধানমন্ত্ৰী
প্ৰতিষ্ঠাৰ পৰাই আৰএছএছে ৰাষ্ট্ৰ-নিৰ্মাণত গুৰুত্ব আৰোপ কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
আৰএছএছ-ৰ শাখা হৈছে প্ৰেৰণাৰ আধাৰ, ইয়াৰ পৰাই ‘মই’ৰ পৰা ‘আমি’লৈ যাত্ৰা আৰম্ভ হৈছেঃ প্ৰধানমন্ত্ৰী
আৰএছএছ-ৰ এটা শতিকাজোৰা কামৰ ভেটি ৰাষ্ট্ৰ-নিৰ্মাণৰ লক্ষ্য, ব্যক্তিগত বিকাশৰ স্পষ্ট পথ আৰু শাখাৰ স্পন্দনশীল অভ্যাসৰ ওপৰত নিৰ্ভৰশীলঃ প্ৰধানমন্ত্ৰী
আৰএছএছে অগণন ত্যাগ কৰিছে যদিও ই ‘ৰাষ্ট্ৰ প্ৰথম’ আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ নীতিত প্ৰতিবদ্ধ হৈ আছেঃ প্ৰধানমন্ত্ৰী
সংঘৰ স্বেচ্ছাসেৱকসকলে সংবিধানৰ মূল্যবোধত বিশ্বাস ৰাখি সমাজ সেৱাত নিৰন্তৰ লগ লাগি আছেঃ প্ৰধানমন্ত্ৰী
সংঘ দেশপ্ৰেম আৰু সেৱাৰ প্রতীকঃ প্ৰধানমন্ত্ৰী
অন্যৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ নিজৰ সুবিধা বিসৰ্জন কৰা প্ৰতিটো সংঘ স্বেচ্ছাসেৱকৰ চিনাকীঃ প্ৰধানমন্ত্ৰী
সংঘে সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত আত্ম-গৌৰৱ আৰু সামাজিক সজাগতা জাগ্ৰত কৰিছেঃ প্ৰধানমন্ত্ৰী
‘পঞ্চ পৰিৱৰ্তন’ প্ৰত্যেক স্বেচ্ছাসেৱকক ৰাষ্ট্ৰৰ আগত থকা প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ অনুপ্ৰেৰণা দিয়ে আৰু সেইবোৰৰ ওপৰত জয়লাভ কৰিবলৈ উৎসাহিত কৰেঃ প্ৰধানমন্ত্ৰী

মঞ্চত উপবিষ্ট  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰকাৰ্যবাহ, শ্ৰী দত্তত্ৰেয় হোছাবালে জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ শেখাৱত জী, দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বেচ্ছাসেৱক, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু ভদ্ৰ মহোদয়গণ!

 

কালি আমি হেৰুৱালোঁ আমাৰ দীৰ্ঘদিনীয়া স্বেচ্ছাসেৱক বিজয় কুমাৰ মালহোত্ৰা জীক, যিয়ে সংঘৰ যাত্ৰাৰ প্ৰতিটো  ক্ষেত্ৰতে সদায় গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। প্ৰথমে তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

 

আজি মহানৱমী। সিদ্ধিদাত্ৰী দেৱীৰ দিন। নৱৰাত্ৰি উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাইলৈ ​​বিজয়দশমীৰ মহান উৎসৱ, যিটো হৈছে অন্যায়ৰ ওপৰত ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্যৰ, আন্ধাৰৰ ওপৰত পোহৰৰ জয়। ভাৰতীয় সংস্কৃতিৰ এই চিন্তা আৰু বিশ্বাসৰ চিৰন্তন ঘোষণা বিজয়দশমী। এশ বছৰৰ আগতে এনে এক শুভ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হোৱাটো কোনো কাকতালীয়া কথা নাছিল। ই আছিল এক প্ৰাচীন পৰম্পৰাৰ পুনৰুজ্জীৱন, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ জাতিৰ চেতনাই সময়ে সময়ে নতুন ৰূপত প্ৰকাশ পায়। সংঘ এই যুগত সেই চিৰন্তন জাতীয় চেতনাৰ এক পবিত্ৰ অৱতাৰ।

 

বন্ধুসকল,

 

আমাৰ প্ৰজন্মৰ স্বেচ্ছাসেৱকৰ সৌভাগ্য যে আমি সংঘৰ শতবাৰ্ষিকীৰ দৰে এক অনুষ্ঠানৰ সাক্ষী হৈ আছো। এই উপলক্ষে জাতিৰ সেৱাৰ সংকল্পৰ প্ৰতি উৎসৰ্গিত অগণন স্বেচ্ছাসেৱকলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে সংঘৰ শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক তথা আমাৰ আদৰ্শ ডাক্তৰ হেজেৱাৰ জীৰ চৰণত শ্ৰদ্ধাঞ্জলি জনাই প্ৰণাম জনাইছো।

 

বন্ধুসকল,

 

সংঘৰ ১০০ বছৰীয়া এই গৌৰৱময় যাত্ৰাৰ স্মৃতিত আজি ভাৰত চৰকাৰে বিশেষ ডাক টিকট আৰু স্মাৰক মুদ্ৰা জাৰি কৰিছে। ১০০ টকীয়া মুদ্ৰাটোত এফালে জাতীয় প্ৰতীক আৰু আনফালে সিংহৰ সৈতে আশীৰ্বাদৰ ভংগীমাত থকা ভাৰত মাতাৰ  প্ৰতিমূৰ্তি তথা ভক্তিৰে তেওঁৰ সন্মুখত প্ৰণাম কৰিছে স্বেচ্ছাসেৱকসকলে।  হয়তো স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত মাতাৰ ছবিখন ভাৰতীয় মুদ্ৰাত প্ৰকাশ পাইছে। এই মুদ্ৰাটোত সংঘৰ মূলমন্ত্ৰও আছে: “राष्ट्राय स्वाहा, इदं राष्ट्राय इदं न मम”!(মই দেশৰ বাবে যি উৎসৰ্গা কৰিছো, এয়া দেশৰ বাবে, মোৰ বাবে নহয়)।

 

বন্ধুসকল,

 

আজি মুকলি কৰা বিশেষ স্মাৰক ডাক ডাকটিকটটোৱেও নিজস্ব তাৎপৰ্য বহন কৰিছে। ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পেৰেডৰ গুৰুত্ব আমি সকলোৱে জানো। ১৯৬৩ চনত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলেও সেই ৰাষ্ট্ৰীয় পেৰেডত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে দেশপ্ৰেমেৰে উদ্বুদ্ধ  হৈ গৌৰৱেৰে সমদল উলিয়াইছিল। এই ডাকটিকটটোৱে সেই ঐতিহাসিক মুহূৰ্তটোক স্মৰণ কৰে।

 

বন্ধুসকল,

 

জাতিৰ সেৱা আৰু সমাজৰ সবলীকৰণত অহৰহ নিয়োজিত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলকো এই স্মাৰক ডাক টিকটত চিত্ৰিত কৰা হৈছে। এই স্মাৰক মুদ্ৰা আৰু ডাক টিকটৰ বাবে দেশবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

 

মহানদীয়ে যেনেকৈ নিজৰ পাৰত মানৱ সভ্যতাক লালন-পালন কৰে, ঠিক তেনেদৰে সংঘৰ পাৰত আৰু ইয়াৰ সোঁতৰ লগে লগে  অগণন জীৱন ফুলি উঠিছে। নদীয়ে যেনেকৈ ভূমি, গাঁও, আৰু ইয়াৰ মাজেৰে বৈ যোৱা অঞ্চলবোৰক সমৃদ্ধ কৰি নিজৰ পানীৰে উৰ্বৰ আৰু সমৃদ্ধিশালী কৰি তোলে, ঠিক সেইদৰে সংঘই এই  দেশৰ  প্ৰতিটো অংশ, সমাজৰ প্ৰতিটো মাত্ৰা স্পৰ্শ কৰিছে। এয়া নিৰন্তৰ তপস্যাৰ ফল আৰু এয়া জাতীয় মনোভাৱৰ প্ৰবল প্ৰবাহ।

 

বন্ধুসকল,

 

যেনেকৈ নদী এখনে বহু ধাৰাত প্ৰকাশ পায়, প্ৰত্যেকেই বেলেগ বেলেগ অঞ্চলক পুষ্টি প্ৰদান কৰে, তেনেকৈয়ে সংঘৰ যাত্ৰাও চলি  আহিছে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ সৈতে সংযুক্ত ইয়াৰ বহুতো সংযুক্ত সংগঠনে শিক্ষা, কৃষি, সমাজ কল্যাণ, জনজাতীয় কল্যাণ, মহিলা সবলীকৰণ, কলা আৰু বিজ্ঞান, বা আমাৰ শ্ৰমিক ভাই-ভনীসকলক সহায় কৰাত নিজৰ নিজৰ ধৰণেৰে দেশ খনৰ সেৱা কৰিছে। সামাজিক জীৱনৰ অগণন ক্ষেত্ৰত সংঘই অবিৰতভাৱে কাম কৰি আহিছে। এই যাত্ৰাৰ এটা বিশেষ বৈশিষ্ট্য হৈছে যে, এটা ধাৰা বহু ৰূপত বৃদ্ধি পালেও ইটোৱে সিটোৰ লগত কেতিয়াও সংঘৰ্ষত লিপ্ত  হোৱা নাছিল, কেতিয়াও বিভাজন সৃষ্টি কৰা নাছিল। কাৰণ প্ৰতিটো ধাৰাৰ উদ্দেশ্য, বিভিন্ন ক্ষেত্ৰত কাম কৰা প্ৰতিটো সংগঠনৰ মনোভাৱ, একেই হৈ আহিছে: ‘ৰাষ্ট্ৰ প্ৰথম’, নেচন ফাৰ্ষ্ট!

 

বন্ধুসকল,

 

আৰম্ভণিৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এক বৃহৎ উদ্দেশ্য বহন কৰি আহিছে আৰু সেয়াই হৈছে দেশ নিৰ্মাণৰ মিছন। এই মিছন পূৰণৰ বাবে ই বাছি লোৱা পথটো আছিল ব্যক্তিগত চৰিত্ৰ নিৰ্মাণৰ জৰিয়তে দেশ  গঠন  আৰু ই গ্ৰহণ কৰা পদ্ধতি আছিল শাখাৰ দৈনন্দিন, অনুশাসিত অভ্যাস।

 

বন্ধুসকল,

 

শ্ৰদ্ধাৰ ডাক্তৰ হেডগেৱাৰ জীয়ে ভালদৰেই জানিছিল যে আমাৰ দেশ খন  তেতিয়াহে শক্তিশালী হ’ব যেতিয়া প্ৰতিজন নাগৰিকে দেশৰ  প্ৰতি নিজৰ কৰ্তব্যৰ প্ৰতি জাগ্ৰত হ’ব। আমাৰ জাতিটো তেতিয়াহে উত্থান হ’লহেঁতেন যেতিয়া প্ৰতিজন ভাৰতীয়ই দেশৰ বাবে জীয়াই থাকিবলৈ শিকিব। সেইবাবেই তেওঁ ব্যক্তিগত চৰিত্ৰ নিৰ্মাণৰ বাবে নিজকে অহৰহ উৎসৰ্গা কৰিছিল আৰু তেওঁৰ পদ্ধতি আছিল অনন্য। আমি প্ৰায়ে ডাক্তৰ হেডগেৱাৰ জীয়ে কোৱা শুনিছো: “বস্তুবোৰ যিদৰে আছে তেনেকৈয়ে গ্ৰহণ কৰক আৰু সেইবোৰক যি হ’ব লাগে সেই ধৰণে গঢ় দিয়ক।” মানুহক সংগঠিত কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী বুজিবলৈ হ’লে এজন মৃৎশিল্পীৰ কামৰ কথা মনত পেলাব পাৰি। মৃৎশিল্পীয়ে ইটা পোৰে, সেয়া  সাধাৰণ মাটিৰে আৰম্ভ কৰে।মাটি  সংগ্ৰহ কৰে, কাম কৰে, আকৃতি দিয়ে,  জুই জ্বলায় আৰু তেনে কৰি থাকোঁতে নিজেও একুৰা  জুইৰ তাপ  সহ্য কৰে। মাটিৰ লগতে তেঁৱো নিজেই দহন সহ্য  কৰে। তাৰ পিছত সেই ইটাবোৰ গোটাই লৈ তেওঁ এটা বিশাল গঠন নিৰ্মাণ কৰে। একেদৰে ডাক্তৰ চাহাবে সম্পূৰ্ণ সাধাৰণ মানুহক বাছি লৈ প্ৰশিক্ষণ দিছিল, দৃষ্টিশক্তি দিছিল, গঢ় দিছিল আৰু এইদৰে দেশৰ সেৱাৰ বাবে নিষ্ঠাবান স্বেচ্ছাসেৱক প্ৰস্তুত কৰিছিল। সেইবাবেই সংঘৰ বিষয়ে কোৱা হয় যে ইয়াত সাধাৰণ মানুহে একত্ৰিত হৈ অসাধাৰণ, অভূতপূৰ্ব কাম সম্পন্ন কৰে।

 

বন্ধুসকল,

 

চৰিত্র-নির্মাণৰ এই সুন্দৰ প্রক্রিয়াটো আজিও সংঘৰ শাখা  সমূহত দেখা যায়৷ সংঘৰ শাখা এখনৰ ভূমি প্ৰেৰণাৰ পবিত্ৰ ভূমি, য’ৰ পৰাই এজন স্বেচ্ছাসেৱকৰ যাত্ৰা আৰম্ভ হয় “মই”ৰ পৰা “আমি”লৈ। শাখাবোৰ হৈছে চৰিত্ৰ নিৰ্মাণৰ বাবে যজ্ঞবেদী। এই শাখাবোৰত ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক বিকাশ ঘটে। স্বেচ্ছাসেৱকৰ মনৰ ভিতৰত দিনক দিনে জাতি সেৱাৰ মনোভাৱ আৰু সাহস বাঢ়ি যায়। তেওঁলোকৰ বাবে ত্যাগ আৰু নিষ্ঠা স্বাভাৱিক হৈ পৰে, ব্যক্তিগত কৃতিত্বৰ বাবে প্ৰতিযোগিতাৰ ভাৱ নোহোৱা হৈ যায় আৰু তেওঁলোকে সামূহিক সিদ্ধান্ত গ্ৰহণ তথা  সামূহিক কাৰ্য্যৰ সংস্কৃতি আহৰণ কৰে।

 

বন্ধুসকল,

 

দেশ নিৰ্মাণৰ মহান লক্ষ্য, চৰিত্ৰ নিৰ্মাণৰ স্বচ্ছ পথ, শাখাৰ সহজ অথচ গতিশীল পদ্ধতিয়েই হৈছে সংঘৰ শতবৰ্ষজোৰা যাত্ৰাৰ ভেটি। এই স্তম্ভবোৰত দৃঢ়তাৰে থিয় দি সংঘই লাখ লাখ স্বেচ্ছাসেৱকক গঢ় দিছে, যিসকলে বিভিন্ন ক্ষেত্ৰত দেশখনক নিজৰ সৰ্বোত্তমখিনি আগবঢ়াইছে, সমৰ্পণৰ জৰিয়তে, সেৱাৰ জৰিয়তে আৰু জাতীয় প্ৰগতিৰ সাধনাৰ জৰিয়তে দেশখনক আগুৱাই নিয়াৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে!

 

বন্ধুসকল,

 

আৰম্ভণিৰ সময়ৰ পৰাই সংঘৰ অগ্ৰাধিকাৰ সদায় দেশখনৰ অগ্ৰাধিকাৰ হৈ আহিছে। সেইবাবেই প্ৰতিটো যুগত যেতিয়া দেশখনে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, তেতিয়া সংঘই সেই সংগ্ৰামত নিজকে নিয়োজিত কৰি  ৰাখিছিল, তাৰ সৈতে মুখামুখিকৈ ​​যুঁজিছিল। স্বাধীনতা আন্দোলনৰ সময়লৈ উভতি চালে দেখা যায় যে স্বাধীনতা সংগ্ৰামত পূজনীয় ডাক্তৰ হেডগেৱাৰ জী আৰু সংঘৰ বহু কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। ডাক্তৰ চাহাব একাধিকবাৰ জেললৈ গৈছিল। সংঘই বহু স্বাধীনতা সংগ্ৰামীক সমৰ্থন আৰু সুৰক্ষা প্ৰদান কৰিছিল, তেওঁলোকৰ লগত কান্ধত কান্ধ মিলাই কাম কৰিছিল। ১৯৪২ চনত চিমুৰত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ সময়ত বহু স্বেচ্ছাসেৱকে ব্ৰিটিছৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিছিল। স্বাধীনতাৰ পিছতো সংঘই অগণন ত্যাগ কৰিছিল সেয়া হায়দৰাবাদৰ নিজামৰ অত্যাচাৰৰ বিৰুদ্ধে সংগ্ৰামেই হওক, গোৱাৰ স্বাধীনতা আন্দোলনেই হওক, বা দাদৰা আৰু নগৰ হাভেলীৰ মুক্তিয়েই হওক। কিন্তু এই সকলোবোৰৰ মাজেৰে আত্মা  একেই থাকিল: দেশ প্ৰথম। লক্ষ্য এটা হৈয়েই থাকিল- ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ (এক ভাৰত, এক সৰ্বোচ্চ ভাৰত)।

বন্ধুসকল,

 

ৰাষ্ট্ৰীয় সেৱাৰ পথত  এনে নহয় যে সংঘই কেতিয়াও আক্ৰমণ বা ষড়যন্ত্ৰৰ সন্মুখীন হোৱা নাছিল। স্বাধীনতাৰ পাছতো সংঘক কেনেদৰে থেতেলিয়াই পেলোৱাৰ প্ৰয়াস কৰা হৈছিল আমি দেখিছোঁ। ইয়াক মূলসুঁতিত প্ৰৱেশ কৰাত বাধা দিবলৈ অগণন ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। পূজনীয় গুৰু জী (এম.এছ. গোলৱালকাৰ)ক মিছাকৈ গোচৰত জড়িত কৰি আনকি জে'ললৈও পঠিওৱা হৈছিল। কিন্তু গুৰুজী যেতিয়া কাৰাগাৰৰ পৰা ওলাই আহিল, তেতিয়া তেওঁ উল্লেখযোগ্য সৰলতাৰে কথা ক’লে — যিবোৰ শব্দ ইতিহাসৰ এক বৃহৎ প্ৰেৰণাৰ উৎস হৈয়েই আছে। গুৰুজীয়ে ক’লে, “কেতিয়াবা জিভাখন দাঁতৰ তলত ধৰা পৰি থেতেলিয়াই পেলায়, কিন্তু আমি আমাৰ দাঁত ভাঙি নাযায়।কাৰণ দাঁতবোৰ আমাৰ, জিভাও আমাৰ।” কল্পনা কৰকচোন কাৰাগাৰত এনে অত্যাচাৰ সহ্য কৰাৰ পিছত, ইমানবোৰ অত্যাচাৰৰ সন্মুখীন হোৱাৰ পিছত গুৰুজীৰ হৃদয়ত কোনো খং, কোনো বেয়া মনোভাৱ নাছিল। এইটোৱেই আছিল তেওঁৰ ঋষি সদৃশ ব্যক্তিত্ব। তেওঁৰ চিন্তাৰ স্পষ্টতাই প্ৰতিজন সংঘৰ স্বেচ্ছাসেৱকৰ জীৱনৰ পথ প্ৰদৰ্শক পোহৰ হৈ পৰিছিল। সমাজৰ প্ৰতি একতা আৰু মৰমৰ মূল্যবোধক শক্তিশালী কৰি তুলিছিল। সেইবাবেই, সংঘই নিষেধাজ্ঞা, ষড়যন্ত্ৰ, মিছা গোচৰৰ সন্মুখীন হওক, ইয়াৰ স্বেচ্ছাসেৱকসকলে কেতিয়াও তিক্ততা তেওঁলোকৰ হৃদয়ত প্ৰৱেশ কৰিবলৈ নিদিলে। কাৰণ তেওঁলোকে জানিছিল যে সংঘ সমাজৰ পৰা পৃথক নহয়। সমাজ আমাৰ সকলোকে লৈ গঠিত। ইয়াত যি ভাল, সেয়া আমাৰ  আৰু ইয়াত যিটো কম ভাল, সেয়াও আমাৰ।

 

বন্ধুসকল,

সংঘত কেতিয়াও তিক্ততাই শিপাই নোযোৱাৰ দ্বিতীয়টো কাৰণ হ’ল প্ৰতিজন স্বেচ্ছাসেৱকৰ গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতি থকা অদম্য বিশ্বাস। দেশৰ ওপৰত যেতিয়া জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল, তেতিয়া এই বিশ্বাসেই প্ৰতিজন স্বেচ্ছাসেৱকক শক্তি প্ৰদান কৰিছিল, যিয়ে তেওঁলোকক সংগ্ৰাম কৰাৰ ক্ষমতা দিছিল। সমাজৰ সৈতে একতা আৰু সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতি বিশ্বাস এই দুটা মূল্যবোধে সংঘৰ স্বেচ্ছাসেৱকসকলক প্ৰতিটো সংকটতে সমতাত ৰাখিছিল আৰু সমাজৰ প্ৰতি সংবেদনশীল কৰি ৰাখিছিল। সেইবাবেই, সমাজৰ অগণন আঘাত সহ্য কৰিও, অহৰহ জাতি-সমাজৰ সেৱাত নিয়োজিত হৈ আজি সংঘই এক শক্তিশালী বান গছৰ দৰে দৃঢ়তাৰে থিয় দিছে। মাত্ৰ এতিয়াই আমাৰ ইয়াত থকা এজন স্বেচ্ছাসেৱকে এনে এটা সুন্দৰ উপহাৰ দিলে: আৱেদ से एक शतकना, किसी मनीना भारती जय-विजय हो, ले हृदय में, कर रहे वार साधना, मातृ-भूराध। ইয়াৰ শিক্ষা আছিল আমি আমাৰ জাতিটোক ঈশ্বৰ বুলি গণ্য কৰিছো আৰু আমি নিজৰ শৰীৰক লেম্পলৈ ৰূপান্তৰিত কৰিবলৈ শিকিছো,  সেয়া সেৱাৰ বাবে  জ্বলি আছে। সঁচাকৈয়ে, ই আছিল উল্লেখযোগ্য।

 

বন্ধুসকল,

 

আৰম্ভণিৰে পৰা সংঘৰ দেশপ্ৰেম আৰু সেৱাৰ সমাৰ্থক হৈ আহিছে। যেতিয়া দেশ বিভাজনৰ ট্ৰেজেডীয়ে লাখ লাখ পৰিয়ালক গৃহহীন কৰি পেলালে, তেতিয়া স্বেচ্ছাসেৱকসকলে শৰণাৰ্থীসকলক সেৱা আগবঢ়াইছিল। সীমিত সম্পদৰ লৈয়েই  সংঘৰ স্বেচ্ছাসেৱকসকলে প্ৰথমে আগশাৰীত  থিয় দিছিল। ই কেৱল সাহায্যৰ কাম নাছিল। দেশৰ  আত্মাক শক্তি প্ৰদানৰ প্ৰয়াস আছিল।

 

বন্ধুসকল,

 

১৯৫৬ চনত গুজৰাটৰ কুচ্চৰ অঞ্জাৰত এক ভয়াৱহ ভূমিকম্প হৈছিল। ধ্বংস অপৰিসীম আছিল, সকলোতে ধ্বংসৰ দৃশ্য। সেই সময়তো সংঘৰ স্বেচ্ছাসেৱকসকলে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছিল। সেই মুহূৰ্ততে পূজনীয় গুৰু জীয়ে গুজৰাটৰ কাম চম্ভালি থকা গুজৰাটৰ জ্যেষ্ঠ প্ৰচাৰক বকিল চাহেবলৈ এখন চিঠি লিখিছিল। তেওঁ এইদৰে লিখিছিল: “অন্যৰ বেদনা লাঘৱ কৰিবলৈ নিস্বাৰ্থভাৱে আনৰ   দুখ-কষ্ট মূৰ পাতি লোৱাটো এক উদাৰ হৃদয়ৰ চিন।”

 

বন্ধুসকল,

 

আনৰ দুখ দূৰ কৰিবলৈ নিজে কষ্ট মূৰ পাতি  লোৱাটোৱেই প্ৰতিজন স্বেচ্ছাসেৱকৰ প্ৰকৃত পৰিচয়। ১৯৬২ চনৰ যুদ্ধৰ দিনবোৰলৈ মনত পেলাওক। সংঘৰ স্বেচ্ছাসেৱকসকলে সেনাবাহিনীক সহায় কৰিবলৈ, তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ, সীমান্তৰ কাষৰীয়া গাঁওসমূহক সহায় কৰিবলৈ দিনে নিশাই কাম কৰিছিল। ১৯৭১ চনত যেতিয়া পূব পাকিস্তানৰ পৰা লাখ লাখ শৰণাৰ্থী ভাৰতলৈ আহিছিল  তেতিয়া তেওঁলোকৰ ঘৰ নাছিল, সম্পদ নাছিল। সেই কঠিন সময়ত সংঘৰ স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ বাবে খাদ্য গোটাইছিল, আশ্ৰয় দিছিল, স্বাস্থ্য সেৱা আগবঢ়াইছিল,  তেওঁলোকৰ দুখৰ  সমভাগী হৈছিল।

 

বন্ধুসকল,

 

আমি এয়াও ভালদৰে জানো যে ১৯৮৪ চনত শিখ নিধনৰ   সময়ত বহু শিখ পৰিয়ালে সংঘৰ স্বেচ্ছাসেৱকৰ ঘৰত আশ্ৰয় লৈছিল। স্বেচ্ছাসেৱকৰ স্বাভাৱিক প্ৰবৃত্তি সদায়েই এনে হৈ আহিছে।

 

বন্ধুসকল,

 

এবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ.পি.জে. আব্দুল কালামে চিত্ৰকূট ভ্ৰমণ কৰিছিল। তাতে তেওঁ  আশ্ৰমত নানাজী দেশমুখ জীয়ে কৰি থকা কামবোৰ দেখিলে। তাত চলি থকা সেৱাৰ কাম-কাজ পৰ্যবেক্ষণ কৰি ডাঃ কালাম আচৰিত হৈ পৰিছিল। একেদৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী জীয়ে নাগপুৰ ভ্ৰমণৰ সময়ত সংঘৰ অনুশাসন আৰু সৰলতাৰ বিষয়কলৈ  গভীৰভাৱে আপ্লুত হৈছিল।

বন্ধুসকল,

 

আজিও আপোনালোকে দেখিব যে পঞ্জাৱৰ বানপানীত, হিমাচল আৰু উত্তৰাখণ্ডৰ দুৰ্যোগত, কেৰালাৰ ৱায়ানাদৰ ট্ৰেজেডীত স্বেচ্ছাসেৱকসকল সদায় প্ৰথমে সহায়ৰ  হাত আগবঢ়োৱা সকলৰ ভিতৰত আছে। কোভিড কালত সমগ্ৰ বিশ্বই প্ৰত্যক্ষভাৱে লক্ষ্য কৰিছিল সংঘৰ সাহস আৰু সেৱাৰ মনোভাৱ।

 

বন্ধুসকল,

 

এই ১০০ বছৰীয়া যাত্ৰাত সংঘৰ অন্যতম মহান কাম হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত আত্মসচেতনতা আৰু আত্মসন্মান জাগ্ৰত কৰা। ইয়াৰ বাবে সংঘই আনকি দেশৰ যিবোৰ অঞ্চল আটাইতকৈ দুৰ্গম, আটাইতকৈ কঠিনভাৱে যাব পৰা  অঞ্চলবোৰতো কাম কৰিছে। আমাৰ দেশত প্ৰায় ১০ কোটি জনজাতীয় ভাই-ভনী আছে, সংঘই তেওঁলোকৰ কল্যাণৰ বাবে অহৰহ চেষ্টা কৰি আহিছে। দীৰ্ঘদিন ধৰি চৰকাৰে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া নাছিল যদিও সংঘই তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ উৎসৱ, তেওঁলোকৰ উদযাপন, তেওঁলোকৰ ভাষা, তেওঁলোকৰ পৰম্পৰাক সৰ্বোচ্চ গুৰুত্ব দিছিল। সেৱা ভাৰতী, বিদ্যা ভাৰতী, একল বিদ্যালয় আৰু বনবাসী কল্যাণ আশ্ৰমৰ দৰে সংগঠন আদিবাসী সমাজৰ সৱলীকৰণৰ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি আমাৰ জনজাতীয় ভাই-ভনীসকলৰ মাজত যি আত্মবিশ্বাসৰ সৃষ্টি হৈছে, সেইটোৱে তেওঁলোকৰ জীৱনক ৰূপান্তৰিত কৰিছে।

 

বন্ধুসকল,

 

দশক দশক ধৰি সংঘই জনজাতীয় পৰম্পৰা, ৰীতি-নীতি, মূল্যবোধৰ সংৰক্ষণ আৰু লালন-পালনৰ বাবে উৎসৰ্গিত হৈ আহিছে। এই ক্ষেত্ৰত ই নিজৰ কৰ্তব্য পালন কৰিছে, আৰু ভাৰতৰ সাংস্কৃতিক পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ ভক্তিই মুখ্য ভূমিকা পালন কৰিছে। লগতে আমাৰ জনজাতীয় ভাই-ভনীসকলৰ জীৱন সহজ কৰি তোলাৰ বাবে দেশৰ চুকে-কোণে অক্লান্তভাৱে কাম কৰি থকা সংঘৰ অগণন স্বেচ্ছাসেৱকসকলকো শলাগ লৈছো।

 

বন্ধুসকল,

 

যুগ যুগ ধৰি সমাজত শিপাই থকা কুসংস্কাৰৰ মনোভাব, শ্ৰেষ্ঠত্ব আৰু হীনমন্যতাৰ অনুভূতি, কু-অভ্যাস, অস্পৃশ্যতা  হিন্দু সমাজৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। এয়া এক গুৰুতৰ উদ্বেগৰ বিষয়,  যিবোৰৰ বিষয়ত  সংঘই অহৰহ কাম কৰি আহিছে। মহাত্মা গান্ধীয়ে এবাৰ ৱৰ্ধাত সংঘৰ শিবিৰ পৰিদৰ্শন কৰিছিল। লগতে তেওঁ সংঘত যি দেখিলে - সমতা, প্ৰেম, সমন্বয়, সমতা, মৰম, সেই কথাও মুকলিকৈ প্ৰশংসা কৰিছিল আৰু আপোনালোকে দেখিছে, ডাক্তৰ চাহেবৰ পৰা আজিলৈকে সংঘৰ প্ৰতিজন মহান ব্যক্তিত্ব, প্ৰতিজন সৰসংঘচালকে বৈষম্য আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজিছে। পৰম পূজ্য গুৰুজীয়ে ধাৰাবাহিকভাৱে “‘न हिन्दू पतितो भवेत्’,”ৰ আৱেগক প্ৰচাৰ কৰিছিল, অৰ্থাৎ প্ৰতিজন হিন্দু এটা পৰিয়ালৰে। কোনো হিন্দু কেতিয়াও অৱনমিত বা নিম্ন হ’ব নোৱাৰে। পূজ্য বালা চাহেব দেওৰস জীৰ কথা আমি সকলোৱে মনত পেলাইছো, তেওঁ কৈছিল – অস্পৃশ্যতা যদি পাপ নহয়, তেন্তে পৃথিৱীত কোনো পাপ নাই! সৰসংঘচালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত পূজ্য ৰজ্জু ভাইয়া জী আৰু পূজ্য সুদৰ্শন জীয়েও এই মনোভাৱক আগুৱাই লৈ গৈছিল। বৰ্তমানৰ সৰসংঘচালক, সন্মানীয় মোহন ভাগৱত জীয়েও সমাজৰ  সম্প্ৰীতিৰ বাবে এক স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি প্ৰতিখন গাঁৱতে ইয়াৰ বাৰ্তা বিয়পাই দিছে। সেয়া  কি? তেওঁ কয়,সকলোৰে বাবে  "এটাই কুঁৱা, এটাই মন্দিৰ আৰু এখনেই শ্মশান— সংঘই এই বাৰ্তা লৈ দেশৰ চুকে-কোণে গৈছে। কোনো বৈষম্য, কোনো পাৰ্থক্য, কোনো বিসংগতি নাই—এইটোৱেই হৈছে সমন্বয়ৰ ভিত্তি, এয়াই হৈছে এখন সৰ্বাংগীন সমাজৰ প্ৰতিজ্ঞা আৰু সংঘই ইয়াক অহৰহ নতুন শক্তি প্ৰদান কৰি আছে।"

 

বন্ধুসকল,

 

১০০ বছৰ আগতে যেতিয়া সংঘ গঠন হৈছিল তেতিয়া সেই সময়ৰ প্ৰয়োজন আৰু সংগ্ৰাম বেলেগ আছিল। আমি শতিকাজুৰি চলি অহা ৰাজনৈতিক দাসত্বৰ পৰা নিজকে মুক্ত কৰি নিজৰ সাংস্কৃতিক মূল্যবোধক ৰক্ষা কৰিব লাগিছিল। কিন্তু আজি ১০০ বছৰৰ পাছত যেতিয়া ভাৰত উন্নয়নৰ দিশে আগবাঢ়িছে, যেতিয়া ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ সাজু হৈছে, যেতিয়া দেশ আৰু ইয়াৰ বিশাল সংখ্যক দৰিদ্ৰ শ্ৰেণীৰ লোকে উত্থানৰ মুখ দেখিছে, দৰিদ্ৰতাক অতিক্ৰম কৰিছে, যেতিয়া আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন খণ্ডত নতুন সুযোগৰ উন্মেষ ঘটিছে, আৰু যেতিয়া ভাৰতে বিশ্বত মাত মাতিছে, বিশ্ব কূটনীতিৰ পৰা জলবায়ু নীতিলৈকে, আজিৰ প্ৰত্যাহ্বানসমূহ বেলেগ, আৰু সংগ্ৰামবোৰো তেনেকুৱাই।

 

আন দেশৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতা, আমাৰ ঐক্য ভংগ কৰাৰ ষড়যন্ত্ৰ, আমাৰ জনগাঁথনি সলনি কৰাৰ চক্ৰান্তৰ বিষয়ত প্ৰধানমন্ত্ৰী হিচাপে মই বিনম্ৰভাৱে কওঁ যে আমাৰ চৰকাৰে এই প্ৰত্যাহ্বানসমূহ দ্ৰুতগতিত মোকাবিলা কৰাত মই অতি সন্তুষ্ট। স্বেচ্ছাসেৱক হিচাপে মই এইটোও সুখী যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এই প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰাই নহয়, এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ এক সুনিৰ্দিষ্ট ৰোডমেপো প্ৰস্তুত কৰিছে। মাননীয় দত্তত্ৰেয় জীয়ে উল্লেখ কৰা কথাবোৰ আকৌ এবাৰ মোৰ নিজৰ ধৰণেৰে উল্লেখ কৰিব বিচাৰিছো।

 

বন্ধুসকল,

 

সংঘৰ পাঁচটা পৰিৱৰ্তন, আত্মসচেতনতা, সামাজিক সম্প্ৰীতি, পাৰিবাৰিক জ্ঞান, নাগৰিক শিষ্টাচাৰ আৰু পৰিৱেশ, এই সংকল্পসমূহ প্ৰতিজন স্বেচ্ছাসেৱকৰ বাবে দেশৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ এক বৃহৎ প্ৰেৰণা।

 

বন্ধুসকল,

 

আত্ম উপলব্ধি মানে আত্মসচেতনতা, আত্ম উপলব্ধি মানে দাসত্বৰ মানসিকতাৰ পৰা মুক্ত হৈ নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰা, নিজৰ ভাষাক লৈ গৌৰৱ কৰা, আত্ম উপলব্ধি মানে স্বদেশী, আত্মনিৰ্ভৰশীল হোৱা আৰু মোৰ দেশবাসী, এই কথা বুজি লওক, আত্মনিৰ্ভৰশীলতা কোনো বিকল্প নহয়, ই এক প্ৰয়োজনীয়তা। স্বদেশীৰ আমাৰ মূল মন্ত্ৰক আমি সমাজৰ প্ৰতিশ্ৰুতি হিচাপে গঢ়ি তুলিব লাগিব। ভ’কেল ফৰ লোকেল অভিযানৰ সফলতাৰ বাবে ভ’কেল ফৰ লোকেল আমাৰ অহৰহ মূলমন্ত্ৰ আৰু প্ৰচেষ্টা হ’ব লাগিব, ইয়াক নৱীকৃত শক্তি প্ৰদান কৰিব লাগিব।

 

বন্ধুসকল,

সংঘই সদায় সামাজিক সম্প্ৰীতিক অগ্ৰাধিকাৰ হিচাপে ৰাখিছে। সামাজিক সম্প্ৰীতিৰ অৰ্থ হ’ল অভাৱগ্ৰস্তসকলক অগ্ৰাধিকাৰ দি সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা আৰু জাতীয় ঐক্যক প্ৰসাৰিত কৰা। আজি দেশ  এনে সংকটৰ সন্মুখীন হৈছে যিয়ে আমাৰ ঐক্য, আমাৰ সংস্কৃতি আৰু আমাৰ নিৰাপত্তাক পোনপটীয়াকৈ আক্ৰমণ কৰিছে। বিচ্ছিন্নতাবাদী চিন্তাধাৰা, কেতিয়াবা জাতিক লৈ, কেতিয়াবা ভাষাক লৈ বিবাদ, কেতিয়াবা বাহ্যিক শক্তিৰ দ্বাৰা উচটনি দিয়া বিভাজনমূলক প্ৰৱণতা, এই সকলোবোৰ অগণন প্ৰত্যাহ্বান আমাৰ সন্মুখত থিয় দিছে। ভাৰতৰ আত্মা সদায় বৈচিত্ৰ্যৰ মাজত  ঐক্যত নিহিত আছে। এই সূত্ৰ ভাঙিলে ভাৰতৰ শক্তিও দুৰ্বল হৈ পৰিব। সেইবাবেই আমি অহৰহ এই সূত্ৰৰ আধাৰত  জীয়াই থাকিব লাগিব আৰু ইয়াক শক্তিশালী কৰিব লাগিব।

 

বন্ধুসকল,

 

আজি জনগাঁথনি সলনি কৰাৰ ষড়যন্ত্ৰৰ পৰাও সামাজিক সম্প্ৰীতিৰ প্ৰতি আহি পৰিছে অধিক প্ৰত্যাহ্বান, আনকি অনুপ্ৰৱেশকাৰীৰ পৰাও এনে প্ৰত্যাহিবান আহিছে। আমাৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু ভৱিষ্যতৰ শান্তিৰ সৈতেও জড়িত এই প্ৰশ্ন। আৰু সেইবাবেই মই লালকিল্লাৰ পৰা ডেম’গ্ৰাফী মিছনৰ কথা ঘোষণা কৰিছো। এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি সজাগ হৈ থাকিব লাগিব আৰু সাহসেৰে ইয়াৰ সন্মুখীন হ’ব লাগিব।

 

বন্ধুসকল,

 

যুগ যুগ ধৰি  সমাজবিজ্ঞানৰ পণ্ডিতসকলৰ কথা  হ’ল পাৰিবাৰিক জ্ঞান-প্ৰকাশ (कुटुम्ब प्रबोधन) ৰ প্ৰয়োজনীয়তা। তেওঁলোকে কয় যে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জীৱনী শক্তিৰ আঁৰৰ এটা কাৰণ হ’ল ইয়াৰ পাৰিবাৰিক প্ৰতিষ্ঠান। ভাৰতীয় সামাজিক ব্যৱস্থাৰ যদি একক, সবল একক আছে, সেয়া হ’ল ভাৰতীয় সমাজৰ ভিতৰত বিকশিত হোৱা মজবুত পৰিয়াল ব্যৱস্থা। পাৰিবাৰিক জ্ঞানলাভৰ অৰ্থ হ’ল ভাৰতীয় সভ্যতাৰ ভেটি, ভাৰতীয় সংস্কৃতিৰ পৰা অনুপ্ৰাণিত, আমাৰ শিপাৰ সৈতে সংযুক্ত পৰিয়াল সংস্কৃতিক লালন-পালন কৰা। পাৰিবাৰিক মূল্যবোধ, বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান, মহিলাৰ প্ৰতি সন্মান, যুৱক-যুৱতীসকলৰ মাজত মূল্যবোধৰ বীজ সিঁচা, নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব পালন, সেইবোৰ বুজি পোৱা, পৰিয়াল আৰু সমাজত এই দিশত সজাগতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়।

 

বন্ধুসকল,

 

বিভিন্ন সময়ত প্ৰতিখন দেশৰ প্ৰগতিৰ ক্ষেত্ৰত নাগৰিক শিষ্টাচাৰে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। নাগৰিক শিষ্টাচাৰ মানে কৰ্তব্যবোধ, প্ৰতিজন নাগৰিকৰ মাজত নাগৰিক কৰ্তব্যবোধ থাকিব লাগে, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসাৰ, দেশৰ সম্পত্তিৰ প্ৰতি সন্মান, নিয়ম-আইনৰ প্ৰতি সন্মান, আমি ইয়াৰ সৈতে আগবাঢ়িব লাগিব। আমাৰ সংবিধানৰ মনোভাৱ হ’ল নাগৰিকে নিজৰ কৰ্তব্য পালন কৰিব লাগে। সংবিধানৰ এই মনোভাৱ আমি অহৰহ শক্তিশালী কৰিব লাগিব।

 

বন্ধুসকল,

বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ। এয়া সমগ্ৰ মানৱতাৰ ভৱিষ্যতৰ সৈতে জড়িত বিষয়। আমি অৰ্থনীতিৰ লগতে পৰিৱেশকো ৰক্ষা  কৰিব লাগিব। জল সংৰক্ষণ, সেউজ শক্তি, স্বচ্ছ শক্তি, এই সকলোবোৰ অভিযান এই দিশত আগুৱাই নিব লাগিব।

 

বন্ধুসকল,

 

সংঘৰ এই পাঁচটা পৰিৱৰ্তনকামী নীতিয়ে দেশৰ শক্তি বৃদ্ধি কৰিব, যিয়ে দেশক বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব, যিটো ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়াৰ ভিত্তি হ’ব।

 

বন্ধুসকল,

 

২০৪৭ চনৰ ভাৰত এখন গৌৰৱময় ভাৰত হওক, জ্ঞান আৰু বিজ্ঞান, সেৱা আৰু সমন্বয়ৰ সাৰমৰ্মৰ পৰা গঢ় লৈ উঠা। এয়া সংঘৰ দৰ্শন; এইটো আমাৰ সকলো স্বেচ্ছাসেৱকৰ অভ্যাস আৰু এইটোৱেই আমাৰ সংকল্প।

 

বন্ধুসকল,

 

আমি সদায় মনত ৰাখিব লাগিব যে দেশৰ  প্ৰতি অদম্য বিশ্বাসৰ পৰাই সংঘ গঠন হৈছিল। সংঘক জাতিৰ প্ৰতি গভীৰ সেৱাৰ ভাৱনাই পৰিচালিত কৰিছে। ত্যাগ আৰু তপস্যাৰ জুইত সংঘক  পোৰা হৈছে। সংস্কৃতি আৰু ভক্তিৰ সংগমেৰে সংঘই ফুলি উঠিছে। জাতীয়তাবাদক জীৱনৰ চূড়ান্ত ধৰ্ম বুলি বিশ্বাস কৰি সংঘ দৃঢ়তাৰে থিয় দিছে। ভাৰত মাতৃৰ সেৱাৰ ভৱিষ্যৎ সপোনৰ সৈতে সংঘ জড়িত।

 

বন্ধুসকল,

 

সংঘৰ আদৰ্শ হ’ল- সংস্কৃতিৰ শিপা গভীৰ আৰু শক্তিশালী হ’ব লাগে। সংঘৰ প্ৰচেষ্টা হৈছে সমাজত আত্মবিশ্বাস আৰু আত্মসন্মান জগাই তোলা। সংঘৰ লক্ষ্য হৈছে প্ৰতিটো হৃদয়ত জনসেৱাৰ পোহৰ বিলাই  দিয়া। সংঘৰ দৃষ্টিভংগী হ’ল ভাৰতীয় সমাজ সামাজিক ন্যায়ৰ প্ৰতীক হ’ব লাগে। সংঘৰ লক্ষ্য হৈছে বিশ্ব মঞ্চত ভাৰতৰ কণ্ঠক আৰু অধিক ফলপ্ৰসূ কৰি তোলা। সংঘই ভাৰতৰ ভৱিষ্যত সুৰক্ষিত আৰু উজ্জ্বল কৰি তুলিবলৈ দৃঢ়প্ৰতিজ্ঞ। এই ঐতিহাসিক উপলক্ষে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো। কাইলৈ ​​বিজয়দশমীৰ পবিত্ৰ উৎসৱ। আমাৰ সকলোৰে জীৱনতে বিজয়দশমীৰ এক বিশেষ তাৎপৰ্য আছে। সেই উপলক্ষৰ বাবেও আপোনালোকক শুভেচ্ছা জনাই মোৰ ভাষণৰ সামৰণি মাৰিছো। আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India sees record surge in new company and LLP registrations amid strong investor confidence

Media Coverage

India sees record surge in new company and LLP registrations amid strong investor confidence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The government places great emphasis on bringing a 'technology culture' to agriculture: PM Modi
March 06, 2026
This year’s Union Budget gives a strong push to agriculture and rural transformation : PM
Government has continuously strengthened the agriculture sector ,major efforts have reduced the risks for farmers and provided them with basic economic security: PM
If we scale high-value agriculture together, it will transform agriculture into a globally competitive sector: PM
As export-oriented production increases, employment will be created in rural areas through processing and value addition: PM
Fisheries can become a major platform for export growth, a high-value, high-impact sector of rural prosperity: PM
The government is developing digital public infrastructure for agriculture through AgriStack: PM
Technology delivers results when systems adopt it, institutions integrate it, and entrepreneurs build innovations on it: PM

Prime Minister Shri Narendra Modi addressed the third post Budget Webinar today, focusing on " Agriculture and Rural Transformation ". Reflecting on the previous sessions regarding technology and economic growth, the Prime Minister noted that stakeholders had provided valuable cooperation during the budget formulation. "Now, after the budget, it is equally important that the country reaps the benefits of its full potential, and your suggestions in this direction and this webinar is thus important ", Shri Modi emphasised.

The Prime Minister highlighted that agriculture remains the mainstay of the Indian economy and a strategic pillar for the nation's long-term developmental journey. Shri Modi emphasized several programs, such as the ‘PM Kisan Samman Nidhi’, and ‘Minimum Support Price (MSP)’ reforms that provide farmers with 1.5 times returns. " Our government has continuously strengthened the agriculture sector”, Shri Modi remarked.

Providing data on the success of existing schemes, the Prime Minister noted that 10 crore farmers have received over ₹4 lakh crore as PM Kisan Samman Nidhi, and nearly ₹2 lakh crore in insurance claims have been settled under ‘PM Fasal Bima Yojana’. Siri Modi also noted that the institutional credit coverage has become more than 75%. "Such numerous efforts have reduced the risks for farmers and provided them with basic economic security," Shri Modi affirmed.

On record production in food grains and pulses, the Prime Minister called for infusing the sector with new energy as the 21st century's second quarter begins. Highlighting that renewed efforts have been made in this direction in this year’s Union Budget, Shri Modi expressed confidence that the webinar's deliberations would fast-track the implementation of budget provisions. "I am confident that the discussion among you in this webinar and the resulting suggestions will help in implementing the budget provisions on the ground as quickly as possible", Shri Modi asserted.

The Prime Minister highlighted the shifting global demand and the necessity of making Indian agriculture export-oriented. He urged the full utilization of India's diverse climate to increase productivity and export strength. "In this webinar, it is essential to have maximum discussion on making our farming export-oriented.", Shri Modi remarked,

Focusing on high-value agriculture, the Prime Minister detailed budget proposals for region-specific promotion of crops like cocoa, cashew, and sandalwood. Shri Modi also highlighted the budget proposal of promotion of Agarwood in the North East,and Temperate Nut crops in the Himalayan states.The Prime Minister noted that export oriented production would lead to rural employment through processing and value addition. "If we scale high-value agriculture together, it will transform agriculture into a globally competitive sector",Shri Modi asserted.

The Prime Minister called for a unified approach involving experts, industry, and farmers to meet global branding and quality standards. He stressed the importance of setting clear goals to connect local farmers with global markets. "Discussions on all these topics will further enhance the importance of this webinar.", Shri Modi remarked.

Turning to the fisheries sector, the Prime Minister stated that India is the world's second-largest fish producer. Shri Modi further highlighted that while approximately 4.5 lakh tonnes of fish are currently produced in our various reservoirs and ponds, there exists a potential for an additional 20 lakh tonnes of production. "Fisheries can become a major platform for export growth.”, Shri Modi remarked.

The Prime Minister emphasized the need for new business models in hatcheries, feed, and logistics to realize the potential of the Blue Economy. He encouraged strong coordination between the fisheries department and local communities. "This can become a high-value, high-impact sector for rural prosperity, and you must deliberate on this together.", Shri Modi emphasised.

The Prime Minister stated that India is the world's largest milk producer today and ranks second in egg production. He highlighted that to take this further, the focus must be on breeding quality, disease prevention, and scientific management. Shri Modi further emphasized that the health of livestock is a crucial subject, noting, "When I speak of 'One Earth, One Health,' it includes the health of livestock."

Highlighting India's self-reliance in vaccine production, the Prime Minister noted the expansion of technology under the National Gokul Mission and the availability of Kisan Credit Cards for animal husbandry farmers. The Prime Minister stated that more than 125 crore doses have already been administered to protect animals from Foot and Mouth Disease. "To encourage private investment, the Animal Husbandry Infrastructure Development Fund has also been started," the Prime Minister added.

To mitigate risks, the Prime Minister advocated for crop diversification over single-crop dependency. He cited missions for edible oils, pulses, and natural farming as tools to boost the sector's strength. Shri Modi emphasized, "Therefore, we are focusing on crop diversification."

The Prime Minister reminded participants that since agriculture is a state subject, states must be inspired to fulfill their budgetary responsibilities. He called for strengthening budget provisions at the district level for maximum impact.

The Prime Minister spoke extensively on the "technology culture" in agriculture, referencing e-NAM and the development of digital public infrastructure. He noted the creation of Kisan IDs and digital land surveys as transformative steps. Shri Modi asserted, "The government places great emphasis on bringing a 'technology culture' to agriculture."

Highlighting the role of AI-based platforms and digital surveys, the Prime Minister stated that technology only yields results when it is integrated by institutions and entrepreneurs. He called for suggestions on how to effectively merge technology with traditional systems. The Prime Minister remarked, "The suggestions emerging from this webinar will play a major role in how we correctly integrate technology."

The Prime Minister reiterated the government's commitment to rural prosperity through schemes like PM Awas Yojana and PM Gram Sadak Yojana. He specifically noted the impact of Self-Help Groups on the rural economy. Shri Modi affirmed, "Our government is committed to building rural prosperity."

Discussing the 'Lakhpati Didi' campaign, the Prime Minister set a target of creating 3 crore more such successful women entrepreneurs by 2029. He sought suggestions on how to achieve this goal with greater speed. The PM stressed, "Your suggestions on how to achieve this goal even faster will be significant."

Closing his address, the Prime Minister pointed to the massive storage campaign and the need for innovation in agri-fintech and supply chains. He urged entrepreneurs to increase investment in these critical areas to energize the rural landscape. The Prime Minister concluded, "I am confident that the nectar emerging from your deliberations today will provide new energy to the rural economy."