আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
তামিল সংস্কৃতি হৈছে সমগ্ৰ ৰাষ্ট্ৰৰ এক উমৈহতীয়া ঐতিহ্যঃ প্ৰধানমন্ত্ৰী
তামিল সংস্কৃতিত কৃষকসকলক জীৱনৰ আধাৰ হিচাপে গণ্য কৰা হয়; তিৰুক্কুৰালে কৃষি আৰু কৃষকৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে কৈছেঃ প্ৰধানমন্ত্ৰী
পোংগলে আমাক প্ৰকৃতিৰ প্ৰতি সন্মানৰ মনোভাৱক জীৱনশৈলী হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছেঃ প্ৰধানমন্ত্ৰী
স্পন্দনশীল তামিল সংস্কৃতিক লৈ ভাৰতে অতিশয় গৌৰৱ কৰেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। তামিল ভাষাতে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে “আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে” বুলি উল্লেখেৰে কয় যে তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। তেওঁ আৰু কয় যে তেৱোঁ তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। তেওঁ ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনায়।

 

শ্ৰী মোদীয়ে কয় যে বিগত এটা বছৰত তামিল সংস্কৃতিৰ সৈতে জড়িত একাধিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ তেওঁৰ বাবে পৰম সন্তোষৰ কথা। তেওঁ উল্লেখ কৰে যে তেওঁ তামিলনাডুৰ হাজাৰ বছৰীয়া গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত প্ৰাৰ্থনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীত আয়োজিত কাশী তামিল সংগমমৰ সময়ত তেওঁ সাংস্কৃতিক ঐক্যৰ শক্তি অনুভৱ কৰিছিল আৰু ইয়াৰ সৈতে সংযুক্ত হৈ পৰিছিল। তেওঁ কয় যে তেওঁ পাম্বন সেতু উদ্বোধনৰ বাবে ৰামেশ্বৰমলৈ যাওতে তেওঁ পুনৰবাৰ তামিল ইতিহাসৰ মহত্ত্ব অনুভৱ কৰিছিল। তেওঁ তামিল সংস্কৃতিক সমগ্ৰ ৰাষ্ট্ৰ তথা মানৱ জাতিৰ এক উমৈহতীয়া ঐতিহ্য বুলি অভিহিত কৰি কয় যে তেওঁ সততে কোৱা এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক পোংগলৰ দৰে উৎসৱে অধিক সুদৃঢ় কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ প্ৰায় সকলো সভ্যতায়েই শস্যৰে সম্পৰ্কীয় উৎসৱ পালন কৰে। তেওঁ কয় যে তামিল সংস্কৃতিত কৃষকসকলক জীৱনৰ আধাৰ হিচাপে গণ্য কৰা হয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তিৰুক্কুৰালত কৃষি আৰু কৃষকসকলৰ সন্দৰ্ভত বিস্তৃত লেখা আছে। তেওঁ কয় যে কৃষকসকল হৈছে ৰাষ্ট্ৰ-নিৰ্মাণ প্ৰক্ৰিয়াৰ একো-একোজন শক্তিশালী অংশীদাৰ আৰু তেওঁলোকৰ প্ৰচেষ্টাই আত্ম-নিৰ্ভৰ ভাৰত অভিযানক পৰম শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰো কৃষকসকলক সবলীকৰণৰ অৰ্থে অবিৰতভাৱে কাম কৰিবলৈ অংগীকাৰবদ্ধ।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পোংগল উৎসৱে আমাক এই কথা নিশ্চিত কৰিবলৈ অনুপ্ৰাণিত কৰে যে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা কেৱল শব্দতে সীমাবদ্ধ নহয় বৰঞ্চ এয়া আমাৰ জীৱনশৈলীৰে এক অংশ। তেওঁ কয় যে ধৰিত্ৰীয়ে আমাক ইমানখিনি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। শ্ৰী মোদীয়ে কয় যে ভূমিৰ গুণাগুণ অক্ষুণ্ণ ৰখা, জল সংৰক্ষণ কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে সম্পদৰ সুষম ব্যৱহাৰ অতিশয় প্ৰয়োজনীয়। তেওঁ কয় যে মিছন লাইফ (Mission LiFE), এক পেড় মা কে নাম আৰু অমৃত সৰোবৰৰ দৰে অভিযানসমূহে এই মনোভাৱক আগুৱাই নিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে কৃষিক অধিক বহনক্ষম আৰু পৰিবেশ অনুকূল কৰি তুলিবলৈ অহৰহভাৱে কাম কৰি আছে। তেওঁ ‘প্ৰতি টোপাল, অধিক শস্য’ৰ আহ্বানক পুনৰবাৰ উল্লেখ কৰি অনাগত সময়ছোৱাত বহনক্ষম কৃষি পদ্ধতি, জল ব্যৱস্থাপনা, প্ৰাকৃতিক কৃষি, কৃষি প্ৰযুক্তি আৰু মূল্য সংযোজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সকলো ক্ষেত্ৰতে যুৱক-যুৱতীসকল নতুন ধাৰণাৰে আগবাঢ়িছে। তেওঁ কয় যে মাত্ৰ কেইমাহমান পূৰ্বে তেওঁ তামিলনাডুত অনুষ্ঠিত প্ৰাকৃতিক কৃষিকাৰ্য্যৰে সম্পৰ্কীয় এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল। ইয়াত তেওঁ তামিল যুৱক-যুৱতীসকলৰ উৎকৃষ্ট কাম-কাজ প্ৰত্যক্ষ কৰিছিল। তেওঁলোকে পেছাদাৰী জীৱনৰ ডাঙৰ দিশসমূহ এৰি পথাৰত কাম কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কৃষি কৰ্মত নিয়োজিত তেওঁৰ যুৱ তামিল বন্ধুসকলক বহনক্ষম কৃষিৰ ক্ষেত্ৰত এক বিপ্লৱ অনাৰ এই অভিযানক অধিক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে আমাৰ লক্ষ্য হ’ব লাগে যাতে আমাৰ প্লেট ভৰ্তি হৈ থাকে, আমাৰ পকেট ভৰি থাকে আৰু আমাৰ বিশ্বখন নিৰাপদ হৈ থাকে।

 

“তামিল সংস্কৃতি বিশ্বৰ অন্যতম প্ৰাচীন স্পন্দনশীল সভ্যতা”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে তামিল সংস্কৃতিয়ে শতিকাবোৰক একেলগে সংযোগ কৰিছে, ইতিহাসৰ পৰা শিকিছে আৰু বৰ্তমানক ভৱিষ্যতৰ দিশত পথ প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পৰা অনুপ্ৰাণিত হৈ আজিৰ ভাৰত নিজৰ শিপাৰ পৰা শক্তি আহৰণ কৰি নতুন সম্ভাৱনাৰ দিশে ধাৱমান হৈছে। তেওঁ কয় যে পোংগলৰ পবিত্ৰ উপলক্ষত আমি সেই বিশ্বাসকেই অনুভৱ কৰিছো যিয়ে ভাৰতক আগুৱাই নিছে। আজি ৰাষ্ট্ৰখন নিজৰ সংস্কৃতিৰে সংযুক্ত, ইয়াৰ ভূমিক সন্মান কৰে আৰু নিজৰ ভৱিষ্যতৰ প্ৰতি আত্মবিশ্বাসেৰে ভৰি পৰিছে। প্ৰধানমন্ত্ৰীয়ে তামিল ভাষাতে শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ ভাষণৰ সামৰণি মাৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament

Media Coverage

‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"