আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
তামিল সংস্কৃতি হৈছে সমগ্ৰ ৰাষ্ট্ৰৰ এক উমৈহতীয়া ঐতিহ্যঃ প্ৰধানমন্ত্ৰী
তামিল সংস্কৃতিত কৃষকসকলক জীৱনৰ আধাৰ হিচাপে গণ্য কৰা হয়; তিৰুক্কুৰালে কৃষি আৰু কৃষকৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে কৈছেঃ প্ৰধানমন্ত্ৰী
পোংগলে আমাক প্ৰকৃতিৰ প্ৰতি সন্মানৰ মনোভাৱক জীৱনশৈলী হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছেঃ প্ৰধানমন্ত্ৰী
স্পন্দনশীল তামিল সংস্কৃতিক লৈ ভাৰতে অতিশয় গৌৰৱ কৰেঃ প্ৰধানমন্ত্ৰী

বণক্কম!

ইনিয়া পোংগল নলভাঃট্টুক্কা! পোংগলৰ এই আনন্দময় উপলক্ষৰ শুভেচ্ছা জনালো!

আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে। তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। ময়ো তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। মই ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনালো।

 

বন্ধুসকল,

বিগত এটা বছৰত তামিল সংস্কৃতিৰ সৈতে জড়িত একাধিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ মোৰ বাবে পৰম সন্তোষৰ কথা। মই তামিলনাডুৰ হাজাৰ বছৰীয়া গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত প্ৰাৰ্থনা কৰিছো। বাৰাণসীত আয়োজিত কাশী তামিল সংগমমৰ সময়ত মই সাংস্কৃতিক ঐক্যৰ শক্তি অনুভৱ কৰিছিলো আৰু ইয়াৰ সৈতে সংযুক্ত হৈ পৰিছিলো। মই পাম্বন সেতু উদ্বোধনৰ বাবে ৰামেশ্বৰমলৈ যাওতে মই পুনৰবাৰ তামিল ইতিহাসৰ মহত্ত্ব অনুভৱ কৰিছিলো। মই তামিল সংস্কৃতিক সমগ্ৰ ৰাষ্ট্ৰ তথা মানৱ জাতিৰ এক উমৈহতীয়া ঐতিহ্য বুলি গণ্য কৰো। মই সততে কোৱা এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক পোংগলৰ দৰে উৎসৱে অধিক সুদৃঢ় কৰিছে।

 

বন্ধুসকল,

বিশ্বৰ প্ৰায় সকলো সভ্যতায়েই শস্যৰে সম্পৰ্কীয় উৎসৱ পালন কৰে। তামিল সংস্কৃতিত কৃষকসকলক জীৱনৰ আধাৰ হিচাপে গণ্য কৰা হয়। তিৰুক্কুৰালত কৃষি আৰু কৃষকসকলৰ সন্দৰ্ভত বিস্তৃত লেখা আছে। কৃষকসকল হৈছে ৰাষ্ট্ৰ-নিৰ্মাণ প্ৰক্ৰিয়াৰ একো-একোজন শক্তিশালী অংশীদাৰ আৰু তেওঁলোকৰ প্ৰচেষ্টাই আত্ম-নিৰ্ভৰ ভাৰত অভিযানক পৰম শক্তি প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰো কৃষকসকলক সবলীকৰণৰ অৰ্থে অবিৰতভাৱে কাম কৰিবলৈ অংগীকাৰবদ্ধ।

 

বন্ধুসকল,

পোংগল উৎসৱে আমাক এই কথা নিশ্চিত কৰিবলৈ অনুপ্ৰাণিত কৰে যে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা কেৱল শব্দতে সীমাবদ্ধ নহয় বৰঞ্চ এয়া আমাৰ জীৱনশৈলীৰে এক অংশ। ধৰিত্ৰীয়ে আমাক ইমানখিনি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। ভূমিৰ গুণাগুণ অক্ষুণ্ণ ৰখা, জল সংৰক্ষণ কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে সম্পদৰ সুষম ব্যৱহাৰ অতিশয় প্ৰয়োজনীয়। মিছন লাইফ (Mission LiFE), এক পেড় মা কে নাম আৰু অমৃত সৰোবৰৰ দৰে অভিযানসমূহে এই মনোভাৱক আগুৱাই নিছে। চৰকাৰে কৃষিক অধিক বহনক্ষম আৰু পৰিবেশ অনুকূল কৰি তুলিবলৈ অহৰহভাৱে কাম কৰি আছে। মই ‘প্ৰতি টোপাল, অধিক শস্য’ৰ আহ্বানক পুনৰবাৰ উল্লেখ কৰিব খুজিছো। অনাগত সময়ছোৱাত বহনক্ষম কৃষি পদ্ধতি, জল ব্যৱস্থাপনা, প্ৰাকৃতিক কৃষি, কৃষি প্ৰযুক্তি আৰু মূল্য সংযোজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই সকলো ক্ষেত্ৰতে যুৱক-যুৱতীসকল নতুন ধাৰণাৰে আগবাঢ়িছে। মাত্ৰ কেইমাহমান পূৰ্বে মই তামিলনাডুত অনুষ্ঠিত প্ৰাকৃতিক কৃষিকাৰ্য্যৰে সম্পৰ্কীয় এখন সন্মিলনত অংশগ্ৰহণ কৰিছিলো। ইয়াত মই তামিল যুৱক-যুৱতীসকলৰ উৎকৃষ্ট কাম-কাজ প্ৰত্যক্ষ কৰিছিলো। তেওঁলোকে পেছাদাৰী জীৱনৰ ডাঙৰ দিশসমূহ এৰি পথাৰত কাম কৰিছে। মই এইদৰে কৃষি কৰ্মত নিয়োজিত মোৰ যুৱ তামিল বন্ধুসকলক বহনক্ষম কৃষিৰ ক্ষেত্ৰত এক বিপ্লৱ অনাৰ এই অভিযানক অধিক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনালো। আমাৰ লক্ষ্য হ’ব লাগে যাতে আমাৰ প্লেট ভৰ্তি হৈ থাকে, আমাৰ পকেট ভৰি থাকে আৰু আমাৰ বিশ্বখন নিৰাপদ হৈ থাকে।

 

বন্ধুসকল,

তামিল সংস্কৃতি বিশ্বৰ অন্যতম প্ৰাচীন স্পন্দনশীল সভ্যতা। তামিল সংস্কৃতিয়ে শতিকাবোৰক একেলগে সংযোগ কৰিছে, ইতিহাসৰ পৰা শিকিছে আৰু বৰ্তমানক ভৱিষ্যতৰ দিশত পথ প্ৰদৰ্শন কৰিছে। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ আজিৰ ভাৰত নিজৰ শিপাৰ পৰা শক্তি আহৰণ কৰি নতুন সম্ভাৱনাৰ দিশে ধাৱমান হৈছে। পোংগলৰ পবিত্ৰ উপলক্ষত আমি সেই বিশ্বাসকেই অনুভৱ কৰিছো যিয়ে ভাৰতক আগুৱাই নিছে। আজি ৰাষ্ট্ৰখন নিজৰ সংস্কৃতিৰে সংযুক্ত, ইয়াৰ ভূমিক সন্মান কৰে আৰু নিজৰ ভৱিষ্যতৰ প্ৰতি আত্মবিশ্বাসেৰে ভৰি পৰিছে।

ইনিয়া পোংগল নলভাঃট্টুক্কা! ভল্গা তামিল, ভল্গা ভাৰতম! মই পুনৰবাৰ আপোনালোক সকলোকে পোংগলৰ আন্তৰিক শুভেচ্ছা জনালো। আপোনাসৱক অশেষ ধন্যবাদ জনালো।

বণক্কম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India, Australia clinched Uranium deal

Media Coverage

How India, Australia clinched Uranium deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives due to boat capsizing in South 24 Parganas district of West Bengal
July 13, 2026
Prime Minister announces ex-gratia

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal is deeply painful. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”